Home Blog Page 2673

নাগালেণ্ডৰ ঘটনাক লৈ গৃহমন্ত্ৰীৰ লোকসভাত শোক প্ৰকাশ

নাগালেণ্ডৰ হিংসাকাণ্ড সোমবাৰে সংসদত উত্থাপিত কৰা হয়। তাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ মন জিলাত ১৪ জন নাগৰিকৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰে।একে সময়তে, তেওঁ সকলো সদস্যক আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। বিষয়টো চোৱা-চিতা কৰিবলৈ এটা বিশেষ অনুসন্ধান দলও গঠন কৰা হৈছে।

আলোপতিত চৰ চাপৰি কৃষক সমাৰোহ সম্পন্ন

 বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত  ছচিঅ ইকন’মিক এন্ড ৰুৰেল ডেভেলপমেন্ট এচোছিয়েশ্যন উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৩, ৪ আৰু ৫ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম আলোপতি আঞ্চলিক বজাৰ ফকিৰপাৰা প্ৰাংগণত চৰ চাপৰি কৃষক সমাৰোহৰ কালি সামৰণি পৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ছেৰডাৰ সভাপতি  আদম আলীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।ইয়াৰ পিছত বৃক্ষৰোপন, দোৱায়ে মাগফিৰাৎ আৰু সমাজ সেৱা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। দ্বিতীয় দিনা এক বজাৰ পৰা চৰাঞ্চলত পথাৰ শস্যৰ বৈজ্ঞানিক উৎপাদন আৰু চৰাঞ্চলৰ মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা গুণৰ ব্যৱস্থাপনাৰ ওপৰত চৰ চাপৰিৰ কৃষক সকলক প্ৰশিক্ষণ দিয়া হয়। আব্দুল জলিল মণ্ডলে পৰিচালনা কৰা প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ দিয়ে আলোপতি মাজৰচৰ কৃষি মহকুমা কাৰ্যালয়ৰ কৃষি বিষয়া পৰীক্ষিত চন্দ্ৰ বায়ন, বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিশেষজ্ঞ, ডঃ পিংকু বৰ্মণ, গোৱাপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিশেষজ্ঞ ড০ হৰিচৰণ কলিতা আৰু গোৱালপাৰা জিলাৰ শস্য সুৰক্ষা বিশেষজ্ঞ উৎপল কুমাৰ ভট্ৰাচাৰ্যই চৰ চাপৰি কৃষক সকলক উন্নত মানৰ শষ্য উৎপাদন প্ৰণালী ,মাটিৰ উৰ্বৰতা শক্তিৰ প্ৰণালী  আদি বিভিন্ন বিষয়ে পৰামৰ্শ   প্ৰদান কৰে । অনুষ্ঠানটোত আলোপতি চৰৰ কৃষক সকল উপস্হিত থাকে। আবেলি তিনি বজাত চৰ চাপৰি কৃষক সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এটি সম্বৰ্ধনা সভ অনুষ্ঠিত হয়। চৰ জ্যোতি শিশু নিকেতনৰ অধ্যক্ষ আলাউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্টিত হোৱা সভাখনত মূখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পৰীক্ষিত বায়নে । স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকা সভাত ২০ গৰাকী আদৰ্শ কৃষকক ফুলাম গামোচা আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।শেষৰ দিনা দুপৰীয়াত বৃহত্তৰ চৰ চাপৰি অঞ্চলত জৈৱিক কৃষি উৎপাদন শীৰ্ষক আলোচনাচক্ৰ এটি অনুষ্ঠিত হয়। লুইতপৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে সঞ্চালনা কৰা আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নগৰবেৰা বিপিছি কলেজৰ অধ্যাপক আমজাদ হুছেইন, লুইতপৰীয়া কলেজৰ অধ্যাপক ছামচুল আলম ছৰৱাৰ্দী আৰু আব্দুল ওৱাহাব চৌধুৰীয়ে । আবেলি তিনি বজাত ছেৰডাৰ সভাপতি  আদম আলীৰ সভাপতিত্ব মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ইনছাইড এন ইৰ প্ৰতিষ্ঠাপক মূখ্য সম্পাদক আফ্ৰিদা হুছেইনে । ভাষণ প্ৰসংগত মূখ্য অতিথি গৰাকীয়ে কয় যে  ৰাজনৈতিক নেতা সকলে আজি চৰাঞ্চলত বসবাস কৰা লোক সকলক লৈ বিভিন্ন সময়ত কটু মন্তব্য কৰা দেখা যায়। যেতিয়া চৰাঞ্চলৰ লোক সকলে শিক্ষিত হব তেতিয়া এই অপবাদৰ পৰা ৰক্ষা পৰিব। যেতিয়ালৈকে মাতৃ এগৰাকী শিক্ষিত নহয় তেতিয়ালৈকে সমাজ এখন উন্নত নহব। চৰাঞ্চলৰ মহিলা সকলক শিক্ষিত কৰি তুলিবলৈ জনসাধাৰণলৈ আহ্বান জনায় । চৰাঞ্চলত শৈক্ষিক বিপ্লৱ আৰু কৃষি বিপ্লৱ গঢ়ি তুলিব লাগিব বুলি মূখ্য অতিথি গৰাকীয়ে ভাষণত উল্লেখ কৰে ।সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, লুইতপৰীয়া পৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদ, খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নাজিৰ হুছেইন সৰকাৰ, অভিযন্তা আব্দুল আজিজ, আলোপতি মাজৰচৰ গাওঁ পঞ্চায়তৰ সভাপতি সিৰাজুল হক, আৰু আঞ্চলিক সদস্য সোণাউল্লাহ মণ্ডল প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । সভাত বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানী ড০ ফাইজুদ্দিন আহমেদক অসম চৰ জ্যোতি বটা প্ৰদান কৰা হয়। বটাঁ গ্ৰহণ বিশিষ্ট বিজ্ঞানী জনে কয় যে আমি মোবাইলৰ সৎ ব্যৱহাৰ কৰিব লাগিব। আমাৰ অভিভাৱক সকলে যদি উদাসীন হয় তেতিয়া হলে আমাৰ ক্ষতি হব, গতিকে আমাৰ অভিভাৱক সকলে সচেতন হব লাগিব । উল্লেখ্য যে সভাত ছেৰডাৰ উদ্যোগত প্ৰকাশ কৰা ফচল নামৰ আলোচনী খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে। 

আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

 চাহ জনগোষ্ঠী লোকসকলক বহুজাতিক কোম্পানীয়ে কৰা শোষণ আৰু প্ৰৱঞ্চনাৰ প্ৰতিবাদত আৰু বহুকেইটা সমস্যা সমাধানৰ দাবীত আজি আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে বৰবাম চাহ বাগিচা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিশুদ্ধ খোৱাপানী , অনাময়ৰ সুব্যৱস্থা , আবাস গৃহৰ মেৰামতি, স্কুল বাছৰ সু ব্যৱস্থা, খেলপথাৰৰ সুব্যৱস্হা  ক্ৰেচ হাউচ খোলাৰ ব্যৱস্থা অদি বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাই পুৱা ৭ বজাৰ পৰা দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ বৰবাম চাহ বাগিচা  প্ৰাথমিক গোটে আমগুৰিৰ বৰবাম চাহবাগিচাৰ মুখ্য কাৰ্য্যালয়ত  প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰি শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে সমস্যা সমুহ ১৫ দিনৰ ভিতৰত সামধানৰ ব্যৱস্থা কৰাৰ নকৰিলে কাৰ্য্যালয় ঘেৰাও দৰে কাৰ্য্যসূচীৰ হুংকাৰ দিয়ে ।

মৰিগাঁৱত উদযাপন কৰা হয় ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৬ তম মৃতু্ তিথি

 দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ মৰিগাঁও ডঃ বি  আৰ আম্বেদকাৰ ভৱনত সোমবাৰে অনুষ্ঠিত হয় ৬৬ সংখ্যক মৃত্যু তিথি। এই উপলক্ষে আয়োজিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৌৰহিত্য কৰে অনুসূচীত জাতিৰ উন্নয়ন বৰ্ডৰ  অধ্যক্ষ সুকুমাৰ সৰকাৰে। বিৰিঞ্চি কুমাৰ শৰ্মা, হেমন্ত কুমাৰ দাস,প্ৰতাপ হাজৰিকাই ভাৰতীয় সংবিধান প্ৰণেতা গৰাকীৰ জীৱন দৰ্শনৰ বিষয়ত বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

লাহৰীঘাটৰ বৈধ গাঁও ৰক্ষী বাহিনীৰ বিৰুদ্ধে ভুৱা অপপ্রচাৰ

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত আৰু বৰচলা আৰক্ষী চকীৰ অধীনস্থ উদকাটি গাঁৱৰ গাঁও ৰক্ষী বাহিনীৰ কমিটিখন যোৱা ৩ জুলাই ২০২১ তাৰিখে উদকাটি গাঁৱত চৰকাৰী CO B.D.O আৰু বৰচলা আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ উপস্থিতিত গঠন কৰি ৪ জুলাইত গৃহীত কৰা হয়।স্হানীয় ৰাইজে জনোৱা মতে উক্ত গাঁও ৰক্ষী বাহিনীৰ দ্বাৰা উদকাটি গাঁৱৰ সামাজিক দিশত বহু উন্নতি হৈ আছে।বিশেষকৈ বাল্য বিবাহ, জুৱা খেল আৰু দুষ্প্রাপ্য পক্ষী নিধন কাৰ্য্য আদিত বাধা প্রদান কৰি জনহিতকৰ কাম কৰি আছে।এই সুকাৰ্য বোৰ একাংশ দুষ্ট চক্রৰ সহ্য নোহোৱাত দুষ্ট চক্রই পাৱত গজা একাংশ পৰ্টেলত বৈধ কমিটিৰ বিৰুদ্ধে ভুৱা বাতৰি তথা অপপ্ৰচাৰ লিপ্ত হয়। উদকাটি গাঁৱৰ গাঁও ৰক্ষী বাহিনী সমিতিৰ সম্পাদক আৰু প্ৰাক্তন জেষ্ঠ সম্পাদক তথা স্হানীয় ৰাইজে ভূৱা অপ্ৰচাৰ  পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়। উল্লেখ্য যে উদকাটি গাঁও ধিং সমষ্টিৰ অন্তৰ্গত নহয় লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত, এনে ধৰণৰ ভুৱা বাতৰিৰ দ্বাৰা ৰাইজৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰি সচেতন মহলক লজ্জানত নকৰিবলৈ আহ্বান জনায় স্হানীয় ৰাইজে।

ৰৌতাত একলৰ পূৰ্ণাংগ সমিতি গঠন

বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিত ৬ ডিচেম্বৰৰ দিনা একল অভিযান ৰৌতা সঞ্চ সমিতিখনৰ  পূৰ্ণাংগ সমিতিখন গঠন কৰা হয় । সমাজকৰ্মী কুলেন বৰাক সভাপতি আৰু মুনীন্দ্ৰ বসুমতাৰীক  সম্পাদক হিচাপে ৰাখি ২৫ জনীয়াকৈ পূৰ্ণাংগ ভাৱে সমিতিখন গঠন কৰা হয় । সভাখনত ওদালগুৰি জিলা অভিযান প্ৰমুখ প্ৰীতম ৰাভা , একল অভিযান ওদালগুৰি জিলা সমিতিখনৰ সহকাৰী সম্পাদক পুষ্প ঢকাল আৰু ৰৌতা সঞ্চ প্ৰমুখ নৰেন দৈমাৰী আদিকে ধৰি বিজেপিৰ কেইবাগৰাকী একলৰ বিষয় ববীয়াই উপস্থিত  একলৰ কাম – কাছৰ বিষয়ে দুৱাষাৰ বক্তব্য আগবঢ়ায় ।

নলবাৰীত ‘হৰ ঘৰ দস্তক’ কাৰ্যসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ সফল সমাপ্তি

 সমগ্ৰ দেশতে ক’ভিড-১৯ টিকাকৰণৰ গতি অধিক ক্ষিপ্ৰতৰ কৰাৰ উদ্দেশ্যেৰে চৰকাৰৰ তৰফৰ পৰা যোৱা নৱেম্বৰ মাহৰ ৯ তাৰিখৰ পৰা “হৰ ঘৰ দস্তক” কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে টীকা প্ৰদান (Door to Door Vaccination) অভিযান আৰম্ভ কৰা হৈছিল আৰু এই অভিযানৰ ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ সফল সমাপ্তিৰ অন্তত আজি নলবাৰী জিলাই  ৯৯.৯% যোগ্য ব্যক্তিৰ প্ৰথম পালি টিকাকৰণ সুনিশ্চিত কৰিবলৈ সক্ষম হৈছে।কালি  এই কৰ্য্যসূচীৰ সফল সামৰনিৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত বিয়লি ৪:৩০ বজাত এই টীকাকৰন অভিযানৰ সৈতে জড়িত বিভিন্ন দিশ তথা পৰৱৰ্তী সময়ত দ্বিতীয় পালি টীকা প্ৰদান ক্ষেত্ৰত দেখা দিব পৰা সাম্ভাব্য প্ৰত্যাহ্বান আদিৰ বিষয়ে আলোচনাৰ উদ্দেশ্যে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকন আৰু নলবাৰী জিলালৈ Vaccination Observer হিচাবে অহা অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰীৰ উপস্থিতিত এই অভিযানৰ সৈতে জড়িত চক্ৰ বিষয়াসকল, বি. এল. অ. সকল তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে অন্যান্য সংশ্লীষ্ট সকলৰ সৈতে এখন সভা অনুষ্ঠিত হৈ যায়। যোৱা ২৯ নৱেম্বৰত ‘হৰ ঘৰ দস্তক’ অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ কৰাৰ দিনটোত নলবাৰী জিলাত প্ৰথম পালি ক’ভিড টীকা গ্ৰহণ কৰিবলৈ বাকী থকা মুঠ যোগ্য ব্যক্তিৰ সংখ্যা আছিল ৭,১৭৫ গৰাকী আৰু আজিৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তত আজিৰ তাৰিখত নলবাৰী জিলাৰ ৭,১৪০ গৰাকীক প্ৰথম পালি টীকা দিয়া সম্পূৰ্ণ কৰা হৈছে। এতিয়া কেৱল ৩৫ গৰাকী যোগ্য ব্যক্তিক প্ৰথম পালি দিবলৈ বাকী আছে অৰ্থাৎ নলবাৰীৰ ৯৯.৯% যোগ্য ব্যক্তিৰেই প্ৰথম পালি প্ৰতিষেধক প্ৰদান সুকলমে সম্পূৰ্ণ হৈছে। উল্লেখ্য যে-জনসংখ্যা ভিত্তিত চৰকাৰী ভাৱে নলবাৰী জিলাৰ টীকাকৰণৰ মুঠ লক্ষ আছিল ৫,৫১,৯০৯।এই অভিযানৰ সৈতে জড়িত প্ৰতি গৰাকী বিষয়া কৰ্মচাৰীৰ বিশেষকৈ আশা কৰ্মী সকলৰ পৰিশ্ৰম আৰু কৰ্তব্যপৰায়নতাৰ শলাগ লয় জিলা উপায়ুক্তই। Vaccination Observer বিজয়া চৌধুৰীয়েও এই অভিযানৰ সৈতে জড়িত প্ৰতি গৰাকী বিষয়া- কৰ্মচাৰীৰ নিজৰ কৰ্তব্যৰ প্ৰতি থকা দায়িত্ববোধৰ শলাগ লয় আৰু  নলবাৰী জিলাৰ এই অভিযান সঁচা অৰ্থত সফল হৈছে বুলি মন্তব্য কৰে। জিলা উপায়ুক্ত গীতিমনি ফুকনে সভাত উপস্থিত সকলোকে দ্বিতীয় পালি টীকা প্ৰদানৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ দক্ষতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক সম্বৰ্ধনা

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলত শান্তি-শৃংখলা অটুট ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক আজি হিন্দু জাগৰণ মঞ্চ অসম, নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা  বিদায় সম্বৰ্ধনা জনোৱা হয়।উল্লেখ‍্য যে এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ভাস্কৰ মল্ল পাটোৱাৰীৰ ইন্সপেক্টৰ পদলৈ পদোন্নতি সহকাৰে ৰঙিয়া সদৰ থানালৈ বদলি হৈছে৷সেয়েহে বৃহত্তৰ অঞ্চলটো বিভিন্ন দল-সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠায়ে বিগত দিনত আৰক্ষী বিষয়াগৰাকীক বিদায় সম্বৰ্ধনা জনাই অহাৰ সময়তে  কালি  নলবাৰী জিলা হিন্দু জাগৰণ মঞ্চৰ সভাপতি উৎপল কলিতা,সাধাৰণ সম্পাদক ভক্ত চেত্ৰী,সম্পাদক মানস প্ৰতিম কলিতাসহ এটি সজাঁটি দলে ঘগ্ৰাপাৰ থানাত উপস্থিত হৈ আৰক্ষী বিষয়া পাটোৱাৰীক সম্বৰ্ধনা জনায়।

ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ বন্ধ নকৰি খোলাৰ ব্যৱস্থা কৰক

নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন ৪ আৰু ৫ ডিচেম্বৰৰ দুদিনীয়া কাৰ্য্যসূচীৰে  নাজিৰা নাট্য মন্দিৰত সফলতাৰে সম্পন্ন হয় । আৰম্ভণিৰ দিনা পুৱা পতাকা উত্তোলণ কৰে সন্মিলনীৰ নাজিৰা সমিতিৰ সভাপতি প্ৰকাশ কুমাৰ নাথে । স্মৃতি তৰ্পণ কৰে প্ৰাক্তন ৰাজ্যিক সদস্য গিৰিণ বুঢ়াগোহাঁয়ে । দুপৰীয়া মুকলি সভা উদ্বোধন কৰে শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া ড’ শুভালক্ষ্মী ৰাজকুমাৰীয়ে । । শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয় সমূহক স্থায়ী আৰু যুগমীয়া  কৰি ৰাখিবলৈ শিক্ষক শিক্ষয়িত্ৰী সকলক ছাত্ৰ আৰু অভিভাৱকৰ আস্থাৰ প্ৰতীক হৈ কাম কৰাৰ আহ্বান জনায় । প্ৰকাশ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণিী ভাষণ দিয়ে সাধাৰণ সম্পাদক শৈলেন্দ্ৰ কলিতাই। নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে সন্মানীয় অতিথি হিচাপে শিক্ষক সকলক নিজৰ সন্তানক নিজে শিক্ষকতা কৰা বিদ্যালয়ৰ শ্ৰেণীত নামভৰ্ত্তি কৰি বিদ্যালয়ৰ ভেটি সবল কৰিবলৈ আহ্বান জনায়  । সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে সম্প্ৰতি শিক্ষক সকলক বিষয়াই দাসৰ দৰে ব্যৱহাৰ আগবঢ়োৱাৰ দিশত আগবাঢ়িছে  । শিক্ষক ছাত্ৰ আৰু বিষয়া একেটা পৰিয়ালৰ সদস্য হ’লেহে শিক্ষাদান প্ৰক্ৰিয়া সফল হ’ ব । নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সফল কৰিবলৈ শিক্ষক সকলেই ৰূপায়নৰ গুৰিৰ ব্যক্তি হ’লেও এতিয়ালৈকে চৰকাৰে শিক্ষকসকলৰ সৈতে আলোচনাই কৰা নাই । নেতিবাচক এই দিশ সমূহ স্পষ্টভাৱে আঙুলিয়াই দি সম্পাদকজনে কয়  “বিদ্যালয় সংলগ্নীকৰণ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ বাবে বিদ্যালয় বন্ধ কৰা অব্যাহত ৰাখি ২০২৫ চনৰ ভিতৰত সকলো শিশুক বিদ্যালয়লৈ অনাৰ পৰিকল্পনা কৰি চৰকাৰে নিজেই স্ব-বিৰোধী স্থিতি গ্ৰহণ কৰিছে ।” চৰকাৰক সেয়েহে বন্ধ হোৱা বিদ্যালয় সমূহ খোলাৰ দাবী জনাই শিক্ষক শিক্ষয়িত্ৰী সকলক তেনে তৎপৰতাৰে শিক্ষাদান কৰিবলৈও আহ্বান জনায় ৰাজ্যিক সম্পাদকজনে  । আনহাতে ব্যক্তিগত মোবাইল ফোনেৰে উপস্থিতিৰ সাক্ষ্য দিয়াত তীব্ৰ আপত্তি দৰ্শাই  “ৰিমজএপ”ত ব্যক্তিগত তথ্য কেতিয়াও শিক্ষকে দিব নোৱাৰে বুলি প্ৰকাশ কৰে । ইয়াৰ স্থানত চৰকাৰে নিজে সৰঞ্জাম যোগাই শিক্ষকৰ উপস্থিতৰ তথ্য লবলৈ আহ্বান জনায় । সভাত গৌতম কোঁচ সম্পাদিত স্মৃতিগ্ৰন্থ “উন্মীলন” উন্মোচন কৰে নাজিৰা আৰু খেলুৱা দুই প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া দ্বয় দেৱজ্যোতি গগৈ আৰু প্ৰণৱ গগৈয়ে । নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ তৰফৰপৰা প্ৰাক্তন শিক্ষক ফটিক বৰুৱা আৰু বিদ্যা কোঁৱৰলৈ  “শিক্ষক ৰত্ন” বঁটা আগবঢ়োৱাৰ লগতে জীৱন জোৰা নিয়মানুৱৰ্ত্তিতা বঁটা প্ৰদান কৰা হয় শিক্ষক ৰূবায়ৎ আলীক । জাতীয় সংগীত পৰিৱেশনেৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সামৰণি পৰে । 

এমএচিৰ সভাকক্ষৰ আধাৰশিলা স্থাপন শিক্ষামন্ত্ৰীৰ

অসম ভৈয়াম জনজাতি কল্যান পৰিষদৰ পূঁজিৰে এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগা এমএচিৰ ধেমাজি জিলাৰ গোগামুখস্থিত বহুমুখী প্ৰকল্পৰ সভাগৃহৰ আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰী তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ আধাৰশিলা স্থাপন কৰি তেওঁ কয়- এমএচিৰ বহুমুখী প্ৰকল্পত বিভিন্ন পোহনীয়া জীৱ-জন্তু, মীন পালনৰ সুবিধা কৰা হৈছে ৷ প্ৰকল্পটোত যুৱক-যুৱতী সকলৰ কাৰীকৰি উন্নয়নৰ বাবে একোখনকৈ ল’ৰা আৰু ছোৱালীৰ আৱাস নিৰ্মাণ কৰা হৈছে৷

ব’হাগ বিহুৰ পূৰ্বে আৱাস দুটাৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব ৷ প্ৰকল্পটোত সকলোধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিব পৰাকৈ আজি এখন সভাগৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷ ইয়াত এক কোটি টকা ব্যয় হ’ব আৰু সভাগৃহ অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হ’ব ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়া, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, ধেমাজি জিলা পৰিষদৰ সদস্য মোহন গগৈ, গোগামুখ গাঁও পঞ্চায়তৰ সভাপতি মাধৱ চেতিয়া উপস্থিত থাকে ৷ উল্লেখনীয় যে, এম এ চিৰ এই বহুমুখী প্ৰকল্পত এখন অত্যাধুনিক অতিথিশালাও আছে আৰু উক্ত অতিথিশালা উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷