Home Blog Page 2674

অনিমেষ ভূঞাৰ গৃহত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিনিধি

মোৰ সন্তানৰ মৃত্যুত মোক যিদৰে দুখ দিছে ,নীৰজ দাসৰ  মাকেও একে দুখ পাইছে। এনেকুৱা দুখ যাতে কোনো মাতৃয়ে পাব নেলাগে। দোষী সকলৰ হ’ব লাগে কঠোৰ শাস্তি। এই কথা নীৰজ ওৰফে ক’লা ল’ৰাৰ গুণ্ডা বাহিনীৰ আক্ৰমনত নিহত হোৱা অনিমেষ ভূঞাৰ মাতৃৰ।

শনিবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তই দেৰগাঁৱৰ এক নং খকন্দগুৰি গাঁৱৰ মৃত অনিমেষ ভূঞাৰ গৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপনৰ লগতে এক শোক প্ৰস্তাবো প্ৰদান কৰে।ৰাজ্যিক সভাপতি গৰাকীয়ে প্ৰয়াত গৰাকীৰ পৰিয়ালৰ লোকক উপযুক্ত সংস্থাপন দিবলৈও চৰকাৰক আহ্বান জনায়। সাংবাদিক প্ৰতিনিধিৰ দলটোৱে যোৰহাট কাণ্ডত গুৰুতৰ ভাৱে আহত  সাংবাদিক মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ ঘৰলৈ গৈয়ো দেখা কৰে।

দিল্লীত অমিক্ৰণ ভেৰিয়েণ্টৰ প্ৰথমজন ৰোগী, ভাৰতত পঞ্চম

দেওবাৰে, দিল্লীৰ স্বাস্থ্য মন্ত্ৰী নিশ্চিতেন্দ্ৰ জৈনে দিল্লীত কৰোনা ভাইৰাছৰ অমিক্ৰণ প্ৰকাৰৰ প্ৰথমটো ঘটনা নিশ্চিত কৰে।যাৰ ফলত ভাৰতত নিশ্চিত হোৱা অমিক্ৰণ ৰোগীৰ মুঠ সংখ্যা পাঁচ জনলৈ বৃদ্ধি।

তাঞ্জানিয়াৰ পৰা উভতি অহা ৰোগীজনক লোক নায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। য’ত অমিক্ৰণ ৰোগীসকলৰ বাবে এটা পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে।সকলো ৰোগীকে সম্পূৰ্ণ টিকাকৰণ কৰা হৈছে।

এতিয়ালৈকে, কোভিড-১৯ পৰীক্ষা কৰা ১৭ জন লোকক এলএনজেপি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে বাৰটা নমুনাৰ বাবে জিনোম অনুক্ৰম কৰা হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, বাৰটা নমুনাৰ ভিতৰত এটাত অমিক্ৰণৰ প্ৰকাৰ আছিল। এই ৰোগীজনক পৃথকে ৰখা হৈছে। এই কথা সদৰি কৰে সঁচান্দৰ জৈনে।

শিখা শৰ্মা মুৰ্দাবাদ ধ্বনিত উত্তাল গোৱালপাৰা চহৰ

যোৱা ৩ ডিচেম্বৰত ধুবুৰী জিলাৰ ঐতিহাসিক পানবাৰী মছজিদৰ বাকৰিত থিয় হৈ অপ্ৰাসংগিক ভাৱে সামাজিক মাধ্যমৰ চৰ্চিত ব্যক্তি, শিখা শৰ্মাই দেশী জনগোষ্ঠী সম্পৰ্কে কৰা মন্তব্যৰ বিৰুদ্ধে যোৱা কালিৰে পৰা পশ্চিম অসমৰ বিভিন্ন জিলাত দেশী জনগোষ্ঠীয় মঞ্চৰ লগতে গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লোকসকলে জাঙুৰ খাই উঠে।

সমান্তৰাল ভাৱে আজি গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চ, আৰু গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে যৌথ ভাৱে গোৱালপাৰা চহৰৰ মাজমজিয়াত  বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে শিখা শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ উত্তাল কৰি তোলে। সংগঠন দুটাই গোৱালপাৰা আৰক্ষী থানাত লেখিকা শিখা শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত শিখা শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসমত শান্তি শৃংখলা অটুট ৰখাৰ বাবে  দাবী জনায়।

গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ছাইদুল ইছলামে কয় যে, ইতিহাস সম্পৰ্কে জ্ঞান নথকা শিখা শৰ্মাই দেশী জনগোষ্ঠীৰ ইতিহাস নজনাৰ কাৰণে অইন জনগোষ্ঠীক সন্তষ্ট কৰিবলৈ আৰু প্ৰিয় হবলৈ গৈ গৰীয়া মৰীয়া আৰু দেশী সকলৰ অস্তিত্বক নস্যাৎ কৰিবলৈ কৰা মন্তব্য নিশ্চয় কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় । সকলো মুছলমানক একাকাৰ কৰি দেশী, গৰিয়া, মৰিয়া, জোলহাৰ অস্তিত্বক নস্যাৎ কৰি যি মন্তব্য কৰিছে, সেইটো তেওঁৰ অজ্ঞতাৰ বাহিৰে আন একো নহয় বুলি কটূ সমালোচনা কৰে লেখিকা শিখা শৰ্মাক।

ইপিনে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সহিদুল ইছলামে কয় শিখা শৰ্মাই ৰাজহুৱা ভাৱে ক্ষমা খুজিব লাগিব অন্যথা আন্দোলন তীব্ৰ কৰি তোলা হব। প্ৰতিবাদী কাৰ্যসূচীত দেশী জনগোষ্ঠীয় মঞ্চ গোৱালপাৰা জিলা সমিতিৰ সভাপতি নুৰবকত সেখ, যুৱ ছাত্ৰ মঞ্চৰ সভাপতি মফিয়াল ৰহমান, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক আহ্বায়ক মেহবুবা আলম, উপদেষ্টা আবু আল কাসেম আদিৰ উপৰিও মঞ্চৰ শীৰ্ষ পৰ্যায়ৰ নেতৃবৰ্গ উপস্থিত থাকি কাৰ্যসূচীত ভাগ লয়।

পানীখাইতিত বন বিভাগৰ অভিযানঃ জব্দ কাঠফলা মিল

নগৰবেৰাৰ পশ্চিম কামৰূপ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ তৎপৰতা। অতৰ্কিতে ৰবিবাৰে সোণতলীৰ পানীখাইতিত অঞ্চলত গোপন সূত্ৰৰ পম খেদি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ পানীখাইতিৰ পৰা জব্দ কৰে অবৈধ কাঠফলা মিল।

জনৈক আলিমুদ্দিন নামৰ এজনে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত চলাই আছিল অবৈধ কাঠৰ কাৰবাৰ। আলিমুদ্দিনৰ অবৈধ কাঠফলা মিলটো বন বিভাগে জব্দ কৰে যদিও কোনো কাঠৰ বা কাঠৰ ব্যৱসায়ীৰ সন্ধান উলিয়াব পৰা নাই বুলি জানিবলৈ দিয়ে বন কৰ্মচাৰীয়ে। আনহাতে একেদৰে অঞ্চলটোৰ চাকলা পাৰঘাটৰ পৰা বালি বোজাই দি থকা অৱস্থাত জব্দ কৰে বালি কঢ়িওৱা নাঁও এখন।

বন বিভাগৰ অভিযানকাৰী দলটিয়ে জব্দকৃত কাঠমিল আৰু নাঁও খন নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায়। বন বিভাগৰ এনে তৎপৰতাৰ শলাগ লোৱাৰ উপৰি আগলৈও সক্ৰিয় হৈ থকাৰ আহ্বান জনাইছে প্ৰকৃতি প্ৰেমী ৰাইজৰ।

হেণ্ডচ ফাউণ্ডেচনে আগবঢ়ালে ৯ খনকৈ টাটা যোদ্ধা অত্যাধুনিক বাহন

চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত দুখীয়া ৰাইজক সহায়ৰ হাত আগবঢ়াই অহা আন্তৰাষ্ট্ৰীয় সংস্থা হেণ্ডচ ফাউণ্ডেচনে ৰাইজৰ সুবিধাৰ্থে আগবঢ়ালে ৯ খনকৈ টাটা যোদ্ধা অত্যাধুনিক বাহন।

চিকিৎসা ব্যবস্থাৰ পৰা বঞ্চিত হোৱা পিছপৰা অঞ্চল অসম নাগালেণ্ডৰ সীমা মুৰীয়া জিলাৰ সাধাৰন জনতাক ভ্ৰাম্যমান চিকিৎসা সেৱা দিয়াৰ বাবে টাটা যোদ্ধা বাহন অত্যাধুনিক ভাবে সজাই তোলাৰ কাম হাতত লৈছে । হেণ্ডচ ফাউণ্ডেচনে উত্তৰ পুৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্যৰ উন্নতিৰ লগতে অসমৰ চিকিৎসা আৰু শিক্ষা ব্যবস্থা উন্নয়নৰ বাবে বহু কেইটা সংস্কাৰ মুখী পদক্ষেপ হাতত লৈছে।

এই কথা সদৰি কৰে হেণ্ডচ ফাউণ্ডেচনৰ প্ৰবন্ধক কল্যান বৰুৱাই। বিপিএন টাটা মটৰছে যোদ্ধা বাহন ৯ খন অত্যাধুনিক ভাবে ভ্ৰাম্যমান হস্পিতাল হিচাপে নিৰ্মান কৰাৰ দ্বায়িত্ব লয়। বাহন সমুহৰ চাবি দিয়া সময়ত উপস্থিত থাকে টাটা ডিলাৰৰ উত্তৰ পুৰ্বাঞ্চলৰ কেইবাগৰাকীও ব্যক্তি ।

তিনিচুকীয়াত টাই নৱবৰ্ষ উদযাপনঃ পয় পি মাও ২১১৬ বৰ্ষৰ সফল উদযাপন

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত নিঙ্গাম কালচাৰ এণ্ড লিটাৰেচী চচাইটিৰ উদ্যোগত  ৩ আৰু ৪ ডিচেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় টাই ভাষিক জনগোষ্ঠীৰ লোক সকলৰ নৱবৰ্ষ আদৰণি পয় পি মাও ২১১৬ উৎসৱ।

অঞ্চলটোত বসবাস কৰা টাই ফাঁকে, টাই তুৰুং, টাই খাময়াঙ,টাই খামতী,টাই আয়তন, টাই আহোম আদি জনগোষ্ঠীৰ লোক সকলে অতি উলহ মালহেৰে এই নৱবৰ্ষ পালন কৰা দেখা যায়। দুয়োটা দিনৰ কাৰ্যসূচীত সমন্বয় কলা কৃষ্টি প্ৰদৰ্শন,থাইলেণ্ডৰ পৰা আমন্ত্ৰণ কৰি অনা টাই সাংস্কৃতিক দল,অৰুণাচল প্ৰদেশৰ খুনচাৰ পৰা অহা টাই খামতী হেৰীতেজ কালচাৰ চচাইতি আৰু জাগুন নামফাইৰ টাই আহোম সাংস্কৃতিক দলৰ  কলা কৃষ্টি প্ৰদৰ্শন আছিল অন্যতম।

এই উৎসৱত আমন্ত্ৰণ জনোৱা অতিথি সকলক লাহি চাউলেৰে বনোৱা টাই ফাঁকে জনগোষ্ঠীৰ পৰম্পৰাগত টং টেপ নামৰ এবিধ পিঠা আৰু চাহেৰে আপ্যায়ন কৰা হয় আৰু শেষত পৰম্পৰাগত সুস্বাদু খাদ্যসম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা দেখা।

কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ক শিক্ষা সংসদৰ প্ৰশংসা

ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ ওৰাঙত অৱস্থিত জিলাখনৰ অন্যতম মহাবিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠান হ’ল ওৰাং কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়। উক্ত মহাবিদ্যালয়খন যোৱা ১৯৮৮ চনতে ওৰাংবাসী ৰাইজৰ আপ্রাণ চেষ্টা, ৰাইজৰ অৰ্থ- শ্ৰম দানৰ ফলত প্ৰাণ পাই উঠা তথা ওদালগুৰি জিলাৰ লগতে পার্শ্ববর্তী শোণিতপুৰ জিলাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই অহা একমাত্র মহাবিদ্যালয় হিচাপে পৰিচিত এই ওৰাঙত অৱস্থিত কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়খনে বহু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

যোৱা ৩ডিচেম্বৰত বৃহত্তৰ ওৰাং অঞ্চলৰ অগ্ৰণী  শিক্ষানুষ্ঠান কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্য  শিক্ষা সংসদৰ উপ পৰীক্ষা নিয়ন্ত্ৰক ডঃ লৱ ঠাকুৰীয়া  মহাবিদ্যালয় খনত  উপস্থিত  হয় ৷ পৰিদৰ্শনৰ সময়ত পৰীক্ষা নিয়ন্ত্ৰক গৰাকী পৰীক্ষা কেন্দ্ৰৰ বাবে মহাবিদ্যালয় খনত থাকিব লগীয়া পৰ্যাপ্ত সা সুবিধা সমূহ দেখি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰি শলাগ লৈছে ৷ ইয়াৰ উপৰিও পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ  মামলু ৰাম ডেকাক লগত লৈ ওদালগুৰি জিলাৰ  অন্য স্থানৰ  পৰীক্ষা কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰিবলৈ যায়।

উক্ত পৰিদৰ্শন কালত কিছু সংখ্যক পৰীক্ষা কেন্দ্ৰৰ দূৰ্দশা দেখি ডঃ লৱ ঠাকুৰীয়াই যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰে ৷আৰু  কিছু সংখ্যক পৰীক্ষা কেন্দ্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷একে সময়তে কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয়ৰ যোগাত্মক পৰিবেশ আৰু সুদক্ষ অধক্ষৰ লগতে প্ৰবক্তাসমূহ আৰু কৰ্মচাৰী সকলৰ সহযোগিতা দেখি পৰীক্ষা নিয়ন্ত্ৰক গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।

পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ ভীৰ

লাহে লাহে ভাল দিন আহিছে মায়ঙৰ পবিতৰা অভয়াৰণ্যলৈ৷ক’ভিডৰ দ্বিতীয় ঢৌৰ আৰু বানপানীৰ পাছত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মায়ঙৰ পবিতৰা অভয়াৰণ্য যোৱা ১৫ অক্টোবৰত পুনৰ মুকলি কৰি দিয়া হৈছে পৰ্যটকৰ বাবে৷ ইয়াৰ পাছতে লাহে লাহে পৰ্যটকৰ সোত বৈছে অভয়াৰণ্যখনলৈ৷

পূৰ্বতকৈ অধিক পৰ্যটক আহিব ধৰিছে অভয়াৰণ্যখনলৈ।বৰ্তমানলৈ কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ৪০০০ হাজাৰতকৈয়ো অধিক।ইয়ৰে ১৬ জন বিদেশী নাগৰিক।বৰ্ত্তমানে অভয়াৰণ্য খনত কৰ সংগ্ৰহ হৈছে প্ৰায় ৯ লাখ টকা। সাধাৰণতে ডিচেম্বৰ আৰু জানুৱাৰী মাহতে অধিক পৰ্যটকে দৰ্শন কৰে পবিতৰা অভয়াৰণ্য।

কিন্তু এইবাৰ অক্টোবৰ মাহৰ মাজভাগতে ৪০০০ হাজাৰৰো অধিক পৰ্যটকে পবিতৰা অভয়াৰণ্য দৰ্শন কৰিলে যি নিশ্চয়কৈ এক আশাৰ বতৰা পবিতৰা পৰ্যাটন ক্ষেত্ৰত।উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় ঢৌৰ আৰু বানপানীৰ পিছত পৰ্যটকৰ এনে সহাৰিয়ে পবিতৰা পৰ্যটন উদ্যোগক অধিক টনকীয়াল কৰিব বুলি আশাবাদী পবিতৰা বন বিষয়া নয়ন জ্যোতি দাস।

তেজপুৰত কেন্দ্ৰীয় চ্যুকাফা দিৱস উদযাপন

টাই আহোম য়ুথ ফ’ৰাম ৰ উদ্যোগত আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতি , তেজপুৰৰ সহযোগত ১ আৰু ২ ডিচেম্বৰ , ত দুদিনীয়া কাৰ্য্যসূচীৰে কেন্দ্ৰীয় চুকাফা দিৱস তেজপুৰ চুকাফা ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। ১ ডিচেম্বৰত বানফি অনুষ্ঠান অনুষ্ঠিত হয়। ২ ডিচেম্বৰ ত পুৱা পতাকা উত্তোলনৰে কার্যসূচী আৰম্ভ হয়। টাই আহোম য়ুথ ফ’ৰাম ৰ পতাকা উত্তোলন কৰে ফ’ৰাম ৰ কেন্দ্ৰীয় সভাপতি চাও বিশ্বজিৎ গগৈয়ে।

উদযাপন সমিতি আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে চাও লীলা বৰুৱা আৰু চাও ভুবন গগৈযে। মৈদাম তৰ্পণ কৰে ফ’ৰামৰ কেন্দ্ৰিয় উপদেষ্টা চাও মিন্টু গগৈ আৰু সংস্কৃতি বিকাশ সমিতিৰ সাধাৰণ সম্পাদক চাও বলীন গগৈয়ে। ইয়াৰ পিছতে নৱনির্মিত চুকাফা প্ৰতিমূৰ্তি উন্মোচন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানচাও পৃথিৰাজ ৰাভাই। ইয়াৰ পিছতে ফ’ৰামৰ সভাপতি চাও বিশ্বজিৎ গগৈৰ পৰিচালনা ত অনুষ্ঠিত থাম-টাং-লে’ত ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানচাও ভূপেছ চন্দ্ৰ দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক মানচাও ধানঞ্জয় গনাৱাত আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মানচাও বলীন কোঁৱৰ।

নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে দৰং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক কংকন ডেকাই। প্ৰয়াত ভূতত্ববিড দামচাও সাগৰ চন্দ্ৰ লাহণৰ স্মৃতিত আয়োজিত কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মানচাও নিতুল বৰাই। তেওঁৰ লগতে উপস্থিত থাকে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানচাও অভিজিত নাথ আৰু তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মানচাও অৰুপ তালুজদাৰে। কুইজ পৰিচালনা কৰে মানচাও নৱজ্যোতি ভৰালীয়ে। কুইজ প্ৰতিযোগিতা ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে। অনুষ্ঠান টাই আহোম সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে তাই আহোম য়ুথ ফ’ৰামৰ ধনশ্রীৰী জিলা সমিতিৰ সাংস্কৃতিক দলে আৰ দলৰ দলপতি মাননাং ভাগ্যজ্যোতি গগৈ ।দিৱসৰ লগত সংগতি ৰাখি চাও শিশুৰঞ্জন গগৈৰ সম্পাদনাত “সলাল” নামৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় বুলি টাই আহোম য়ুৰ্থ ফ’ৰাম ৰ কেন্দীয় সমিতিৰ কাৰ্যকৰী সভাপতি গণেশ গগৈয়ে জানিবলৈ দিয়ে

নাগালেণ্ডত নিৰাপত্তাবাহিনীৰ দ্বাৰা ১৩ জন সাধাৰণ লোক নিহত হোৱাৰ অভিযোগ

শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ ওটিং অঞ্চলত নিৰাপত্তাৰক্ষীয়ে প্ৰায় ১৩ জন সাধাৰণ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, নিৰাপত্তাৰক্ষীয়ে এখন পিক-আপ বাহনত থকা শ্ৰমিকৰ এটা দলক হত্যা কৰিছিল।

ঘটনাটোৰ পিছত, ক্ষুব্ধ স্থানীয় লোকে পেৰা কমাণ্ডোসকলৰ এখন জীপ জ্বলাই দিয়ে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয়, “অটিংত অসামৰিক লোকৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনা, মন অত্যন্ত নিন্দনীয়। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্য বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। উচ্চ স্তৰৰ এছ.আই.টি.-য়ে দেশৰ আইন অনুসৰি তদন্ত কৰিব আৰু ন্যায় প্ৰদান কৰিব। সকলো শ্ৰেণীৰ পৰা শান্তিৰ বাবে আবেদন মুখ্যমন্ত্ৰীৰ।”

ঘটনাটোৰ অনুসন্ধানৰ বাবে উচ্চ-স্তৰৰ এছ.আই.টি. গঠন কৰা হ’ব।