Breaking

তেজপুৰত কেন্দ্ৰীয় চ্যুকাফা দিৱস উদযাপন

0 2,223

টাই আহোম য়ুথ ফ’ৰাম ৰ উদ্যোগত আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতি , তেজপুৰৰ সহযোগত ১ আৰু ২ ডিচেম্বৰ , ত দুদিনীয়া কাৰ্য্যসূচীৰে কেন্দ্ৰীয় চুকাফা দিৱস তেজপুৰ চুকাফা ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। ১ ডিচেম্বৰত বানফি অনুষ্ঠান অনুষ্ঠিত হয়। ২ ডিচেম্বৰ ত পুৱা পতাকা উত্তোলনৰে কার্যসূচী আৰম্ভ হয়। টাই আহোম য়ুথ ফ’ৰাম ৰ পতাকা উত্তোলন কৰে ফ’ৰাম ৰ কেন্দ্ৰীয় সভাপতি চাও বিশ্বজিৎ গগৈয়ে।

উদযাপন সমিতি আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে চাও লীলা বৰুৱা আৰু চাও ভুবন গগৈযে। মৈদাম তৰ্পণ কৰে ফ’ৰামৰ কেন্দ্ৰিয় উপদেষ্টা চাও মিন্টু গগৈ আৰু সংস্কৃতি বিকাশ সমিতিৰ সাধাৰণ সম্পাদক চাও বলীন গগৈয়ে। ইয়াৰ পিছতে নৱনির্মিত চুকাফা প্ৰতিমূৰ্তি উন্মোচন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানচাও পৃথিৰাজ ৰাভাই। ইয়াৰ পিছতে ফ’ৰামৰ সভাপতি চাও বিশ্বজিৎ গগৈৰ পৰিচালনা ত অনুষ্ঠিত থাম-টাং-লে’ত ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানচাও ভূপেছ চন্দ্ৰ দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক মানচাও ধানঞ্জয় গনাৱাত আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মানচাও বলীন কোঁৱৰ।

নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে দৰং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক কংকন ডেকাই। প্ৰয়াত ভূতত্ববিড দামচাও সাগৰ চন্দ্ৰ লাহণৰ স্মৃতিত আয়োজিত কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মানচাও নিতুল বৰাই। তেওঁৰ লগতে উপস্থিত থাকে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানচাও অভিজিত নাথ আৰু তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মানচাও অৰুপ তালুজদাৰে। কুইজ পৰিচালনা কৰে মানচাও নৱজ্যোতি ভৰালীয়ে। কুইজ প্ৰতিযোগিতা ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে। অনুষ্ঠান টাই আহোম সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে তাই আহোম য়ুথ ফ’ৰামৰ ধনশ্রীৰী জিলা সমিতিৰ সাংস্কৃতিক দলে আৰ দলৰ দলপতি মাননাং ভাগ্যজ্যোতি গগৈ ।দিৱসৰ লগত সংগতি ৰাখি চাও শিশুৰঞ্জন গগৈৰ সম্পাদনাত “সলাল” নামৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় বুলি টাই আহোম য়ুৰ্থ ফ’ৰাম ৰ কেন্দীয় সমিতিৰ কাৰ্যকৰী সভাপতি গণেশ গগৈয়ে জানিবলৈ দিয়ে

Leave A Reply