Breaking

নাগালেণ্ডত নিৰাপত্তাবাহিনীৰ দ্বাৰা ১৩ জন সাধাৰণ লোক নিহত হোৱাৰ অভিযোগ

0 35

শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাৰ ওটিং অঞ্চলত নিৰাপত্তাৰক্ষীয়ে প্ৰায় ১৩ জন সাধাৰণ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, নিৰাপত্তাৰক্ষীয়ে এখন পিক-আপ বাহনত থকা শ্ৰমিকৰ এটা দলক হত্যা কৰিছিল।

ঘটনাটোৰ পিছত, ক্ষুব্ধ স্থানীয় লোকে পেৰা কমাণ্ডোসকলৰ এখন জীপ জ্বলাই দিয়ে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰি কয়, “অটিংত অসামৰিক লোকৰ মৃত্যুৰ দুৰ্ভাগ্যজনক ঘটনা, মন অত্যন্ত নিন্দনীয়। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা আৰু আহতসকলৰ দ্ৰুত আৰোগ্য বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। উচ্চ স্তৰৰ এছ.আই.টি.-য়ে দেশৰ আইন অনুসৰি তদন্ত কৰিব আৰু ন্যায় প্ৰদান কৰিব। সকলো শ্ৰেণীৰ পৰা শান্তিৰ বাবে আবেদন মুখ্যমন্ত্ৰীৰ।”

ঘটনাটোৰ অনুসন্ধানৰ বাবে উচ্চ-স্তৰৰ এছ.আই.টি. গঠন কৰা হ’ব।

Leave A Reply