Home Blog Page 2675

ঝাৰগাওঁত আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ত  ৩ ডিচেম্বৰত আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উদযাপন কৰা হয়। সৰ্বশিক্ষা অভিযান মিছন  ,ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ উদ্যোগত আয়োজিত কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে ১ নং ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সোনেশ্বৰী চহৰীয়াই ।

১ নং  ঝাৰগাওঁ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক ভৱতুষ দাসে ৯ ৩০ বজাত বৃক্ষৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে বিভিন্ন ঠাইত মূল্যবান গছ পুলি ৰোপন কৰা হয় । এই দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি খেল ধেমালি,চিত্ৰাংকন  প্ৰতিযোগিতা  অনুষ্ঠিত কৰা হয় ।

আবেলি ১ বজাৰ পৰা  আৰম্ভ হোৱা মুকলি তথা বঁটা বিতৰনী সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ওদালগুৰি জিলা আচঁনি বিষয়া ডালিমী বৰুৱাই বিশ্ব প্ৰতিবন্ধী বিষয়ৰ সন্দৰ্ভত বক্তব্য আগবাঢ়াই ।আনহাতে নিদিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি ৩ নং ধনশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক খজেন ডেকাই বিশেষভাৱে  সক্ষম লোক সকল দেশৰ বাবে বোজা  নহয়। বৰঞ্চ দেশৰ অমূল্য  সম্পদ বুলি শিক্ষক ডেকাই তেওঁৰ ভাষন প্ৰসংগত উল্লেখ কৰে ।

যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদৰ কাৰ্যালয় উদ্বোধন

আহোম ৰজাঘৰৰ বিশ্বাসভাজন চাউদাংসকলৰ আজিৰ প্ৰজন্মৰ একাংশ জাতিপ্ৰেমীয়ে চাউদাং জনগোষ্ঠীক যুগ সাপেক্ষভাৱে আগুৱাই নিবলৈ আগবাঢ়ি আহিছে। যোৰহাট মহকুমা চাউদাং জাতীয় পৰিষদৰ নেতৃবৃন্দৰ উদ্যোগত যোৱা ০২ ডিচেম্বৰত ছ্যুকাফা তথা অসম দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা আৰু মহকুমা সমিতিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন হৈ যায়।

ক্ষেত্ৰভূমিৰ প্ৰৱেশদ্বাৰ চাউদাং জাতীয় পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুৰজিৎ গগৈয়ে মুকলি কৰে। ভূমিদাতা পৰিয়ালৰ মণ্টু গগৈয়ে কাৰ্যালয় উদ্বোধন কৰাৰ পাছতেই ভূমিৰ পূৰ্বগৰাকী ৰুষেশ্বৰ মইনা গগৈ আৰু ৰংদৈ গগৈৰ স্মৃতিত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জিতুল গগৈ আৰু মহকুমা সমিতিৰ আইন উপদেষ্টা পতুল গগৈয়ে বন্তি প্ৰজ্বলন কৰে। দক্ষিণ যোৰহাটৰ চিনামৰা চৰ্দাৰ আলি কেবাং গাঁৱত কাৰ্যালয় শুভাৰম্ভ হোৱাৰ লগে লগেই অসম দিৱস উপলক্ষে আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসম গঢ়ি যোৱা স্বৰ্গদেউ ছ্যুকাফালৈ সকলোৱে তৰ্পণ উচৰ্গে।

প্ৰতিচ্ছবিত প্ৰদীপ আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অমিয় কুমাৰ বৰুৱাই। অনুষ্ঠানৰ আঁত ধৰে সক্ৰিয় সাংগঠনিক সম্পাদক ৰূপক গগৈয়ে। মহকুমা সমিতিৰ সম্পাদক জিতেন গগৈয়ে কাৰ্যসূচীৰ পাতনি মেলে। সভাপতি ছায়াপ্ৰকাশ শেনচোৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ আইন উপদেষ্টা মলেন কুমাৰ গগৈ আৰু মহকুমা সমিতিৰ বিশেষ প্ৰতিষ্ঠাপক উপদেষ্টা লাটু গগৈয়ে ছ্যুকাফাৰ আদৰ্শ আৰু পৰিষদৰ লক্ষ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। বিভিন্ন দিশত থানেশ্বৰ বৰুৱা, সোমেশ্বৰ বৰা, গীতিকা শইকীয়াকে ধৰি ভালেকেইগৰাকী বিশিষ্টই মতামত আগবঢ়ায়।

আইঅচি, গুৱাহাটীৰ ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ

শনিবাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅচি) ৰ গুৱাহাটীস্থ বেটকুচি বাছ টাৰ্মিনেলত তেলবাহী বাছৰ চালক আৰু কৰ্মীসকলৰ বাবে অসম স্বাস্থ্য সেৱা সমবায়ে এক্সেলকেয়াৰ হস্পিটালৰ সহযোগত এটা ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। ১১০ গৰাকীৰো অধিক লোকৰ পৰীক্ষা কৰা হয় এই শিবিৰত। এইক্ষেত্ৰত আইঅচি কতৃপক্ষই সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ায়। সকলো চালকক সাঙুৰি ল’ব পৰাকৈ নিয়মীয়াকৈ এনে শিবিৰ অনুষ্ঠিত কৰিবলৈ সাজু আইঅচি কৰ্তৃপক্ষ।

১৯৮০ চনৰ ১০৮ নিযুতৰ পৰা ২০১৪ চনত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪২২ নিযুতলৈ বাঢ়িছিল। বৰ্তমান বিশ্বৰ ৯.৩% প্ৰাপ্তবয়স্কৰ এই ৰোগ আছে। ভাৰতৰ দৰে দেশত এই সংখ্যা তুলনামুলকভাৱে বহু বেছি।‌‌ ডায়েবেটিছৰ জটিলতাত কিডনি বিকল‌ হ’ব পাৰে। ইয়াৰ পৰিণতিত অন্ধত্ব,‌‌ হাৰ্ট এটাক,‌‌ ভৰি কাটি পেলাবলগীয়া হোৱা আদি হ’ব পাৰে। ডায়েবেটিছ এটা ভয়াবহ কিন্তু ‌‌প্ৰতিৰোধ কৰিব পৰা বেমাৰ। প্ৰী-ডায়েবেটিক অৱস্থাত ইয়াক ধৰা পেলাব পাৰিলে উত্তম। প্ৰী-ডায়েবেটিকসকলৰ বুজন সংখ্যকৰেই ডায়েবেটিছ হয়। ভয়াবহ কথা যে‌ প্ৰতি ৬জন ভাৰতীয়ৰ ১জন প্ৰী-ডায়েবেটিছ অৱস্থাত আছে। মেদবহুলতা ইয়াৰ অন্যতম কাৰণ।

জন্ম লগ্নৰ পৰা বিগত ৪টা বছৰত অসম স্বাস্থ্য সেৱা সমবায়ে ৰোগ‌ প্ৰতিৰোধ চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছে।ৰাইজে নিজৰ স্বাস্থ্যৰ দায়িত্ব নিজে ল’ব লাগিব। এই আদৰ্শ মানি সমবায়খন গঠিত হৈছিল। সেৱাৰ মনোভাৱেই ইয়াৰ চালিকা শক্তি।‌‌ বহু সম্ভাৱনা বাস্তৱায়িত হোৱা নাই যদিও সমবায়ৰ ভুমিকা এইক্ষেত্ৰত অগ্ৰণী। এই ধাৰণাটোৰ অন্তৰ্নিহিত শক্তিৰ দ্বাৰা সমবায় খন আঙুলিৰ মূৰত গণিব পৰা কেইজনমান কৰ্মীক লৈ আগবাঢ়িছে।‌‌

শেহতীয়াকৈ সমবায়ে ৰক্তপৰীক্ষাৰ বাবে এটা কেন্দ্ৰ গুৱাহাটী ক্লাবত আৰম্ভ কৰিছে। ইয়াত প্ৰায় চাৰিশৰো অধিক পৰীক্ষা উপলব্ধ। থাইৰ’কেয়াৰ নামৰ প্ৰতিষ্ঠিত সৰ্বভাৰতীয় ডাইগনেষ্টিক কোম্পানীটোৰ ই এক অনুমোদিত কেন্দ্ৰ। ইয়াৰ জৰিয়তে আন আন পৰীক্ষাগাৰতকৈ অতি কম হাৰত সমবায়ৰ কেন্দ্ৰটোত ৰোগীয়ে পৰীক্ষা কৰোৱাব পাৰে। তদুপৰি স্বাস্থ্য-পৰীক্ষাৰ জৰিয়তে আগতীয়া ৰোগ নিৰ্ধাৰণৰ কাৰণেও সমবায়ে অতিৰিক্ত ৰেহাই দি থাইৰ’কেয়াৰৰ একাধিক ‘আৰোগ্যম’ পেকেজ নাগৰিকৰ কাৰণে উপলব্ধ কৰিছে। সমবায়ৰ হিতাধিকাৰীয়ে সৰ্বাধিক ৰেহাই পায়। কিন্তু সদস্য নহ’লেও বুজন পৰিমাণৰ ৰেহাই দিয়া হৈছে।

অসম চৰকাৰৰ তিনিটাকৈ অসামৰিক সন্মানঃ ১৯ গৰাকী লোকলৈ প্ৰদান এই বঁটা

ৰাজ্যখনৰ বাবে বিশেষ অৱদান দিয়া লোকক অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা এইবাৰ ১৯ গৰাকী লোকক দিয়া হ’ব। ২ ডিচেম্বৰৰ আগতে ক্ষেত্ৰভিত্তিক অভিযান চলোৱা হ’ব। পৰ্টেল খোলা হ’ব। পেপাৰতো বিজ্ঞাপন দিয়া হ’ব। সেই পৰ্টেলত সকলোৱে নাম আগবঢ়াব পাৰিব। অহা বছৰৰ পৰা অনুষ্ঠানসমূহো এই তালিকাত অন্তৰ্ভুক্ত হ’ব।

সৰ্বোচ্ছ সন্মান “অসম বৈভৱ”-অসমৰ ৰাজ্যিক গছ, হলং গছৰ পাতৰ ওপৰত জাপিৰে এই বঁটাতো তৈয়াৰ কৰা হৈছে। অসম বৈভৱ বঁটাত ৫ লাখ টকা থাকিব আৰু সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।দ্বিতীয় অসামৰিক বঁটা “অসম সৌৰভ”-প্ৰত্যেক বছৰে তিনিগৰাকী লোকক দিয়া হ’ব এই বঁটা। অসমৰ শৰাই খনক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৪ লাখ টকা দিয়া হ’ব পুৰস্কাৰ হিচাপে। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে। তৃতীয় টো বঁটা-“অসম গৌৰৱ”-অসমৰ সত্ৰীয়া সংস্কৃতিক লৈ এই বঁটা তৈয়াৰ কৰা হৈছে। ৩ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। লগতে বছৰি ৩ লাখ কৈ টকাৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

প্ৰত্যেক বছৰে অসম দিৱসৰ দিনা অৰ্থাৎ ২ ডিচেম্বৰৰ দিনা এই বঁটা দিয়া হ’ব।এই বছৰৰ বঁটা সমূহ ২৪ জানুৱাৰীত দিয়া হ’ব।যিসকল ব্যক্তিৰ অৱদানে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেনে ব্যক্তিকহে দিয়া হ’ব এই বঁটা। এই বঁটা কোনো ব্যক্তিগত প্ৰতিভাৰ বাবে দিয়া নহয়।বঁটা প্ৰাপক সকলক সকলো চৰকাৰী অনুষ্ঠান তে নিমন্ত্ৰণ কৰা হ’ব আৰু তেওঁলোকে অসম ভৱনত বিনামূলীয়া কৈ থাকিব পাৰিব।

এইবাৰৰ ১৯ গৰাকী লোক হ’ল….

“অসম বৈভৱ”:- ১)ৰতন টাটা (অসমবাসীৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা তেওঁক দিয়া হৈছে।)


“অসম সৌৰভ”- ১) প্ৰফেছাৰ কমলেণ্ড দেৱ কৌৰী (বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আনিছে তেওঁ।)
২) এনএইচচেমৰ সঞ্চালক লক্ষ্মণন এচ (কভিড সময়ত আগবঢ়োৱা বৰঙণিৰ বাবে)
৩) প্ৰফেছাৰ ড০ দীপক ছান্দ জৈন
৪)লাভলীনা বৰগোঁহাই
৫)শ্ৰী নিলপৱন বৰুৱা


“অসম গৌৰৱ”-প্ৰত্যেক বছৰে ১৫ জনক দিয়া হ’ব
১) মুনিন্দ্ৰ নাথ নাটে, সঞ্চালক. স্বাস্থ্য সেৱা
২) বসন্ত হাজৰিকা, অধ্যাপক, গুৱাহাটী চিকিতসা মহাবিদ্যালয়
৩) আকাশ জ্যোতি গগৈ (যোৰহাটত বাহুবলি এটা কণীৰ ব্ৰেণ্ড আকাশ জ্যোতিয়ে গঢ়ি তুলিছে। য’ত বহু ল’ৰা-ছোৱালী জড়িত হৈ পৰিছে।)
৪)মনোজ কুমাৰ বসুমতাৰী (আত্মনির্ভৰশীল হোৱাত প্ৰেৰণা যোগাইছে।)
৫) খৰসিং তেৰণ
৬)শ্ৰীমতী ববী হাজৰিকা (তিনিচুকীয়া জিলাৰ মিলিজুলি আত্মসহায়ক গোটৰ সদস্য।)
৭)হেমপ্ৰভা চুতীয়া (গুণমালা,কীৰ্তন সকলো গামোছাত অংকন কৰিব পাৰে)
৮)নমিতা কলিতা( অসম চৰকাৰৰ স্বাস্থ্য বিভাগত কাম কৰে। ১ লাখ লোকক তেওঁ অকলেই ভেকচিন দিছে। হাটীগাঁও ৰ নিবাসী)
৯)বনীতা মমিন (ভেকচিন দিয়াৰ অভিযান সফল কৰিছে।শোণিতপুৰৰ নিবাসী)
১০)ধৰণীধৰ বড়ো
১১)কৌশিক বৰুৱা(স্বাৱলম্বী তাৰ পথ দেখুৱাইছে)
১২)কল্পনা বড়ো, ওদালগুৰিৰ অংগনৱাড়ী কৰ্মী
১৩) আছিফ ইকবাল (কেন্সাৰ বেমাৰীৰ বাবে বন মেৰু ত্ৰান্সপ্লান কৰি মানুহক উপকৃত কৰিছে)

দৰঙত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা

দৰঙত পৰিবেশ্য কলা ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা সৃষ্টিৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ।জিলা মানসিক স্বাস্থ্য অভিযান , জিলা স্বাস্থ্য সমিতি, দৰংৰ উদ্যোগত আৰু মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ তৰফৰ পৰা ২৫ ,২৬ নবেম্বৰত মানসিক ৰোগৰ  সজাগতাৰ বাবে দৰঙৰ  বিভিন্ন অঞ্চলত সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰা হয়।ভেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাথৰিঘাট সাপ্তাহিক হাট ,গণকপাৰা, ডাঁহী আদিত  স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ  মাজত দৰঙৰ বিশিষ্ট ওজাপালি প্ৰনৱ শৰ্মা আৰু সংগীবৃন্দৰ দ্বাৰা সুকনান্নী ওজাপালিৰ জৰিয়তে মানসিক ৰোগৰ সজাগতা মূলক অনুষ্ঠান  প্ৰদৰ্শন কৰে । যত প্ৰত্যক ঠাইতেই শতাধিক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীযে ওজাপালি উপভোগ কৰে । বিভিন্ন মানসিক ৰোগৰ বিষয়ে ওজা প্ৰনৱ শৰ্মাই ৰচিত কৰা কথাৰে ওজাপালি প্ৰদৰ্শন কৰে লগতে সেই পদৰ মাজে মাজে পালিৰ লগত  বেমাৰবোৰৰ বিষয়ে ভাঙনি কৈ যায় ।  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা আৰু মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াই  ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত  মানসিক ৰোগৰ ক্ষেত্ৰত লবলগা সজাগতাৰ বিষয়ে কয় – বিশেষকৈ ৰোগ সম্পৰ্কে গুৰুত্ব নিদি বৈজ্ঞানিক ভাৱে চিকিৎসা নকৰা ,নহলে অন্ধবিশ্বাসৰ বলি হৈ ভুত -প্ৰেতে ধৰা বুলি বেজ কবিৰাজৰ দ্বাৰা জৰা ফুকা কৰা । মানসিক ৰোগ মানেই ‘পগলা’ হিচাপে  বিবেচিত কৰি লুকাই ৰখা । বেমাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰা । ৰোগীক আতংকিত নকৰি নিয়মিত ঔষধ সেৱনৰ লগতে নিয়মিতভাৱে চিকিৎসা আগবঢ়োৱা  আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মোৱাইল ফোনৰ অত্যাধিক ব্যৱহাৰ ফলত হব পৰা মানসিক ক্ষতিৰ বিষয়ে অৱগত কৰে  । শেষত মনোৰোগ বিভাগৰ সহায়কাৰী জয়ন্ত দেৱ শৰ্মাই সকলোৰে মাজত মানসিক ৰোগৰ বিভিন্ন প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰে ।

ৰাষ্ট্ৰীয় দৌৰবিদ- ট্ৰাইথলন ঈশ্বৰ চন্দ্ৰ নাথৰ জীৱন দুৰ্দশা

এগৰাকী ৰাষ্ট্ৰীয়,ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সুদক্ষ সফলতম খেলুৱৈ ঈশ্বৰ চন্দ্ৰ নাথৰ জীৱন দুৰ্দশাৰ খবৰ এটা ল’বলৈ যে কাৰোৰে আহৰি নাই কিম্বা মনত নপৰে। দৰং জিলাৰ ছিপাঝাৰৰ লাউজান পাটগিৰি চুৱাত ১৯৬৮ চনতে লাভ কৰি স্থানীয় পাটগিৰি চুৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰি ১৯৭৯ চনত পশ্চিম লোক্ৰাই এম ভি স্কুলত নাম ভৰ্তি কৰে।১৯৮৬ চনত পকাদলি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা জীৱন সাময়িক ভাবে স্থগিত ৰাখে।পাছত ১৯৯৩ চনত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ মঙলদৈ কলেজত নাম ভৰ্তি কৰে যদিও আৰ্থিক অসুবিধাৰ বাবে স্নাতক ডিগ্ৰী লাভ নকৰাকৈয়ে বাদ দিবলগীয়া হয়।যাৰ পাছত ঘৰুৱা অৱস্থা একেবাৰে বেয়া হোৱাৰ বাবে কৰিব বিচৰা কাম কৰিব গৈয়ো কৰিব পৰা নাছিল।খেল- ধেমালিত আছিল সৰুৰে পৰাই অতি ৰাপ।১৯৮৭ চনত দুমুনিচকী ঈদোৎসৱ উপলক্ষে উদযাপন সমিতিয়ে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি মনত পুহি ৰখা  খেলুৱৈ জীৱনৰ  প্ৰেৰণা লাভ কৰে।যি প্ৰেৰণাই ঈশ্বৰ চন্দ্ৰ নাথক পিচৰ ফালে চাবলৈ সময় দিয়া নাছিল। ইয়াৰ পিছত ১৯৯৪ চনত তিনিচুকীয়া আৰু কুমাৰীকাটাত অনুষ্ঠিত মাৰাথন প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।১৯৯৫ চনত অসম অলিম্পিক সন্থাৰ ৰাজ্যিক মাৰাথন দৌৰ প্ৰতিযোগিতাত তৃতীয়, গুৱাহাটী বিশ্ববিদ্যালয়ে আয়োজন কৰা ‘প্ৰসন্ন নাৰায়ণ চৌধুৰী’ উত্তৰ-পূব পূৰ্বাঞ্চল মাৰাথন দৌৰ প্ৰতিযোগিতাত দ্বিতীয়, শিৱসাগৰ ‘এলপাইন এডভেন্সাৰ কেন্দ্ৰ’ই অসম ভিত্তিত অনুষ্ঠিত কৰা মাৰাথন দৌৰত তৃতীয় স্থান লাভ কৰে।১৯৯৬ চনত লক্ষীমপুৰ ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰা মাৰাথন প্ৰতিযোগিতাত তৃতীয়, শিৱসাগৰত অনুষ্ঠিত আজানপীৰ দৰগাহ কমিটী আৰু গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত ৫৫ কি:মি: মাৰাথনত ৩ ঘন্টা ১০ মিনিট সময় লৈ প্ৰথম স্থান লাভ কৰি এক ইতিহাস গঢ়ে।১৯৯৭ চনত অসম মাৰাথন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিৰ লগতে স্বৰ্ণ ফদকো লাভ কৰে।১৯৯৬-১৯৯৯ লৈ ক্ৰমাগত ভাবে  মহাৰাষ্ট্ৰৰ থানেত অনুষ্ঠিত মাৰাথন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।১৯৯৪ চনত শিৱসাগৰৰ নাজিৰাত অনুষ্ঠিত ৰাজ্যিক ক্ৰীড়া সমাৰোহৰ মাৰাথনত অসমৰ নতুন ৰেকৰ্ড হিচাপে ২ ঘন্টা ৩১ মিনিট ৩৩ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰি আন এক ইতিহাস ৰচনা কৰে। ২০০০ চনত যোৰহাট ক্ৰীড়া সন্থাই আয়োজন কৰা যোৰহাট ক্লাৱৰ সোণালী জয়ন্তী উদযাপনত দ্বিতীয় স্থান,২০০৪ চনত ডিব্ৰুগড় মদাৰখাট আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজিত প্ৰতিযোগিতাত দ্বিতীয় স্থান, ২০১০ চনত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি লায়নছ ক্লাৱ ইন্টাৰনেছনেলৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় মাৰাথন দৌৰত প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।আনহাতে ট্ৰাইথলনত ২০০৩ চনত ডিব্ৰুগড় উদয় এডভেঞ্চাৰ চেন্টাৰ আৰু সদৌ অসম ট্ৰাইথলন সন্থাৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে যোগদান কৰি দ্বিতীয় স্থান,২০১০ চনত মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাষ্ট্ৰীয় প্ৰতিদ্বন্দ্বী সকলৰ সৈতে প্ৰতিযোগিতাত ভাগ লৈ ১০ নম্বৰ স্থান, ২০১১ চনত ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিহাৰ, ঝাৰখণ্ডত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে।   এনে এগৰাকী প্ৰতিভাধৰ ক্ৰীড়া বিদে আৰ্থিক দৈন্যতাত জৰ্জৰিত হৈ পাঁচটা পৰিয়ালে সৈতে উৰুসা‌ঁ পঁজাত বাস কৰি আছে।চৰকাৰৰ পৰা সাহায্য লাভ নকৰাত এই গৰাকী অসম সন্তানে দেশৰ বিভিন্ন ঠাইলৈ খেল খেলিবলৈ গ’লে পোহনীয়া হাঁহ-কুকুৰা,ধান, শাক-পাচলি বিক্ৰী কৰি পোৱা ধনেৰে যাব লগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্য জনক।পৰিতাপৰ কথা যে ঈশ্বৰ চন্দ্ৰ নাথে জীৱনৰ ৩০ বছৰৰো অধিক কালত খেল খেলি লাভ কৰা পৰস্কাৰ সমূহ থবলৈ এটা ভাল ঘৰ নাই।পত্নীৰ পূৰ্ণ সহযোগিতাই মনত উৎসাহ যোগাই অহা ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ গৰাকীয়ে আজিও অব্যাহত ৰাখিছে ক্ৰীড়াৰ অনুশীলন।চৰকাৰ- বিভাগৰ সুদৃষ্টি পাৰিবনে ?

মৰাণত কিশোৰী ধৰ্ষণকাৰী দুই অভিযুক্তক গ্ৰেপ্তাৰ

টাই আহোম যুৱ পৰিষদ অসম (টাইপা)ৰ উদ্যোগত মৰাণ তিলৈ গ্ৰাম্যবজাৰ প্ৰেক্ষাগৃহত ১ আৰু ২ ডিচেম্বৰত অনুষ্ঠিত সপ্তম বাৰ্ষিক কেন্দ্ৰীয় ছ্যুকাফা দিৱস তথা অসম দিৱসৰ ২ ডিচেম্বৰত নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ অহা এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে । কিশোৰী গৰাকীৰ পৰিয়ালৰলোকে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে ক ২৪৩/২০২১ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬(D)IPC pocso Act 2012 ধাৰাত  ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীননাথ মিলিৰ তৎপৰতাত দুই অভিযুক্ত ক্ৰমে মৰাণ ফটিকাছোৱা বৰবাম গাঁৱৰ মৃত জয়ৰাম সিং ৰাজপুত পুত্ৰ পংকজ সিং ৰাজপুত (২৮) গোপাল তাঁতীৰ পুত্ৰ বিধান তাঁতী (২৭) ক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে, নাবালিকাগৰাকীক চাইল্ড লাইনৰ সহযোগত আদালত হাজিৰ কৰে ।

‘কৌন বনেগা ক্রোড়পতি’ত জিলিকিল অসমৰ কিশোৰী

জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা ক্রোড়পতি’ত জিলিকিল অসমৰ কিশোৰী ৰাজনন্দিনী কলিতা।কৌন বনেগা ক্রোড়পতি’ৰ ১৩ সংখ্যক চিজনত অংশগ্ৰহণ কৰি গুৱাহাটীৰ কিশোৰী ৰাজনন্দিনী কলিতাই ৫০ লাখ টকা জিকিবলৈ সক্ষম হয়।গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰী ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাৰ অনুপ্ৰেৰণামূলক ভাষণক অমিতাভ বচ্চনৰ প্ৰশংসা।ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন দেখা ৰাজনন্দিনীৰ ভাষণ দিয়াৰ প্ৰতি থকা আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি মেগাষ্টাৰ অমিতাভ বচ্চনে অনুষ্ঠান চলি থকাৰ মাজতেই উপস্থিত সকলক সাংসদ বুলি কল্পনা কৰি ভাষণ দিবলৈ কৈছিল।ৰাজনন্দিনীয়ে ভাষণত দেশত শিক্ষাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখে।কোনো খোকোজা নলগাকৈ সুন্দৰকৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে ৰাজনন্দিনী কলিতাই দৰ্শকৰ বিপুল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।ৰাজনন্দিনীৰ অনুপ্ৰেৰণামূলক ভাষণক অমিতাভ বচ্চনে ভূয়সী প্ৰশংসা কৰে।ডাঙৰ ডাঙৰ নেতাসকলেও এনে ভাষণ দিব নোৱাৰে বুলি ৰাজনন্দিনীক মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰেৰণা দিয়ে।

গহপুৰৰ ভোলাগুৰিত চৰকাৰী গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি বিজৰিত ঐতিয্যমন্দিত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত অসম চাহ নিগম চমুকৈ ATC ৰ অধীনত নিৰ্মাণ কৰি থকা গৃহত ব্যাপক আনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ভোক্তভোগী ৰাইজে ।উত্থা অভিযোগ মৰ্মে বাগিচাখনত ATC ৰ অধীনত অনুমোদিত ৯০ তা ঘৰৰ প্ৰথম পৰ্য্যায়ত ৪৫ টা ঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল যে যি ৪৫ টা গৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু তাত ব্যৱহৃত ইটা,বালি আৰু চিমেণ্ট একেবাৰে নিম্নমানদণ্ডৰ।জনৈক দিহিঙীয়া উপিধীধাৰিৰ নেতৃত্বত  চলাই অহা গৃহ নিৰ্মাণৰ তিনি-চাৰি দিনৰ  পিছতে ঘৰৰ দেৱাল খহি পৰা পৰিলক্ষিত হৈছে।সম্প্ৰতি স্থানীয় ভোক্তভুগী ৰাইজে গৃহ নিৰ্মাণত জড়িত জনৈক দিহিঙীয়া নামৰ  ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে  । স্থানীয় ৰাইজে ইয়াৰ এটা  উচ্চ পয্যায়ৰ তদন্তৰ দাবী জনাইছে ।

বৰডুমচাৰ পৰা নিখোজ বিবাহিতা মহিলা

অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তি এলেকা চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসমৰ গুজুৰ পৰা এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ গুজু গাঁ‌ৱৰ ডুমাই মাঞ্জে নামৰ লোক জনৰ পত্মী তথা দুটি সন্তানৰ মাতৃ ফেন্নগাম লাংচিং নামৰ ২৪ বছৰীয়া মহিলা গৰাকী যোৱা ২৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি উক্ত দিনা মহিলা গৰাকীয়ে দিনৰ ভাগত ঘৰৰ পৰা দোকানলৈ যাও বুলি যোৱাৰে পৰা নিখোজ হৈ আছে ।মহিলা গৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত বিভিন্ন অঞ্চলত অনুসন্ধান অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে মহিলা গৰাকী সন্ধানহীন সন্দৰ্ভত স্বামী ডুমাই মাঞ্জে অৰুণাচলৰ বৰডুমচা আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছে। ঘৰৰ পৰিয়ালে  কোনো লোকে সন্ধান পালে ৮৪৮৬৫ ৪৪৪১৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।