জ্যোতি প্ৰসাদ আগৰৱালা স্মৃতি বিজৰিত ঐতিয্যমন্দিত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত অসম চাহ নিগম চমুকৈ ATC ৰ অধীনত নিৰ্মাণ কৰি থকা গৃহত ব্যাপক আনিয়মৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ভোক্তভোগী ৰাইজে ।উত্থা অভিযোগ মৰ্মে বাগিচাখনত ATC ৰ অধীনত অনুমোদিত ৯০ তা ঘৰৰ প্ৰথম পৰ্য্যায়ত ৪৫ টা ঘৰৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। কিন্তু অতি গুৰুত্বপূৰ্ণ বিষয় হ’ল যে যি ৪৫ টা গৃহ নিৰ্মাণ কৰি থকা হৈছে আৰু তাত ব্যৱহৃত ইটা,বালি আৰু চিমেণ্ট একেবাৰে নিম্নমানদণ্ডৰ।জনৈক দিহিঙীয়া উপিধীধাৰিৰ নেতৃত্বত চলাই অহা গৃহ নিৰ্মাণৰ তিনি-চাৰি দিনৰ পিছতে ঘৰৰ দেৱাল খহি পৰা পৰিলক্ষিত হৈছে।সম্প্ৰতি স্থানীয় ভোক্তভুগী ৰাইজে গৃহ নিৰ্মাণত জড়িত জনৈক দিহিঙীয়া নামৰ ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে । স্থানীয় ৰাইজে ইয়াৰ এটা উচ্চ পয্যায়ৰ তদন্তৰ দাবী জনাইছে ।
বৰডুমচাৰ পৰা নিখোজ বিবাহিতা মহিলা
অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তি এলেকা চাংলাং জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসমৰ গুজুৰ পৰা এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰিছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ গুজু গাঁৱৰ ডুমাই মাঞ্জে নামৰ লোক জনৰ পত্মী তথা দুটি সন্তানৰ মাতৃ ফেন্নগাম লাংচিং নামৰ ২৪ বছৰীয়া মহিলা গৰাকী যোৱা ২৭ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি উক্ত দিনা মহিলা গৰাকীয়ে দিনৰ ভাগত ঘৰৰ পৰা দোকানলৈ যাও বুলি যোৱাৰে পৰা নিখোজ হৈ আছে ।মহিলা গৰাকীৰ স্বামী তথা পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত বিভিন্ন অঞ্চলত অনুসন্ধান অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে মহিলা গৰাকী সন্ধানহীন সন্দৰ্ভত স্বামী ডুমাই মাঞ্জে অৰুণাচলৰ বৰডুমচা আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছে। ঘৰৰ পৰিয়ালে কোনো লোকে সন্ধান পালে ৮৪৮৬৫ ৪৪৪১৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি হিচাপে গনেশ চন্দ্ৰ শৰ্মাৰ দায়িত্ব ভাৰ গ্ৰহন
৩ ডিচেম্বৰত ওদালগুৰি জিলাৰ গেলাবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ নতুন সভাপতি হিচাপে গেলাবিলৰ বাসিন্দা গনেশ চন্দ্ৰ শৰ্মাই দায়িত্ব ভাৰ গ্ৰহণ কাৰে ৷।বৃহত্তৰ গেলাবিল অঞ্চলৰ ভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্রীয়ে অধ্যয়ন কৰা এই পবিত্ৰ অনুষ্ঠানটিৰ সভাপতিৰ দৰে এটি অতি গুৰুত্বপূৰ্ণ দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰে । আগন্তুক দিনত বিদ্যালয় খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সকলোৰে গঠনমূলক সহায় সহযোগিতা কামনা কৰিলো বুলি গনেশ চন্দ্ৰ শৰ্মাই দায়িত্ব গ্ৰহন কৰা সভাত এইদৰে কয় ৷বিদ্যালয়ৰনতুন পৰিচালনা সমিতিৰ নাম সমূহ ২২নৱেম্বৰত এক নিৰ্দেশনা জাৰি কৰা সমিতিখন ৩ ডিচেম্বৰ ত দায়িত্ব অৰ্পণ কৰে। ৩নবেম্বৰৰ সভাত বিদ্যালয় খনৰ সভাপতি : গণেশ চন্দ্ৰ শৰ্মা,সম্পাদক প্রদীপ কুমাৰ দে,উপ সভাপতি হিচাপে সুব্ৰত শীল আদিক লৈ ১৩জনীয়া সমিতিখনে দায়িত্ব গ্ৰহন কৰে ৷৩নবেম্বৰৰ সভাত সভাপতি : গণেশ চন্দ্ৰ শৰ্মা,সম্পাদক প্রদীপ কুমাৰ দে,উপ সভাপতি হিচাপে সুব্ৰত শীল আদিক লৈ ১৩ জনীয়া সমিতিখনে দায়িত্ব গ্ৰহন কৰে ৷
নাজিৰাত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন
বিশ্ব প্ৰতিবন্ধী দিৱস উপলক্ষে ৩ ডিচেম্বৰত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা স্বাস্থ্য বিভাগৰ সহযোগত নাজিৰা আৱৰ্ত ভৱনৰ প্ৰাংগনত বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এক স্বাস্থ্য পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। শিৱিৰটোৰ শুভ উদ্বোধন কৰে অতিৰিক্তি উপায়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে। ইয়াৰ লগতে নাজিৰা মহকুমা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি নাজিৰা নিৰ্বাচনী জিলা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিশেষ ভাৱে সক্ষম ব্যক্তিসকলৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মহকুমাটোৰ প্ৰায় ৫০ গৰাকী বিশেষ ভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দেৱাশীষ ফুকন (মেজেংগা), দ্বিতীয় স্থান কাশীনাথ ঘাটোৱাৰ (মেকীপুৰ), তৃতীয় স্থান ফিলিপ তাক্ৰী (বামুন পুখুৰী) আৰু উদগণি মূলক বঁটা লাভ কৰে চুনীতা কায়স্থ (বামুনপুখুৰী)য়ে। উক্ত কাৰ্যসূচীৰ পিছতে নাজিৰা বিকলাংগ কল্যাণ সমিতিৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ কল্যাণৰ হকে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত নাজিৰা ১০৪ নং বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই বিশেষ ভাৱে সক্ষম ব্যক্তি সকলক উৎসাহ দিয়াৰ লগতে তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে প্ৰশাসনৰ লগত আলোচনা কৰিবলৈ কয়। একেটি অনুষ্ঠানতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে বিশেষ ভাৱে সক্ষম লোকসকলক শুভেচ্ছা জনাই আৰু বিভিন্ন চৰকাৰী আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। লগতে যিসকল বিশেষ ভাৱে সক্ষম লোকে এতিয়াও চৰকাৰী আঁচনি সমূহৰ সুবিধা লাভ কৰা নাই, তেওঁলোকক অতি সোনকালে চৰকাৰী আঁচনিৰ আওঁতালৈ অনাৰ আশ্বাস দিয়ে। মত-বিনিময় অনুষ্ঠানৰ অন্তত, উপস্থিত সকলো ব্যক্তিকে সমিতিৰ ফালৰ পৰা একোখনকৈ গামোচাৰে আদৰণি জনোৱা হয়। তদুপৰি স্থানীয় কেইবাগৰাকী শিল্পীয়ে প্ৰতিবন্ধী সকলক লৈ কবিতা পাঠ কৰাৰ লগতে গীত পৰিৱেশন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত, নাজিৰা নিৰ্বাচনী বিষয়া, মহকুমা তথ্য ও জনসংযোগ বিষয়া, চিকিৎসা বিষয়া ডা: স্নিগ্ধা হাজৰিকা, ফাৰ্মাচিষ্ট হামিদুল হক, এ.এন.এম বিনা চুতীয়া, এছ.আই অজিৎ শৰ্মা,নাজিৰা সংহত শিশু প্ৰকল্প বিভাগৰ বিষয়া কৰ্মচাৰী সকল, নাজিৰা হিউমেন ৱেলফেয়াৰ চছাইটিৰ সদস্যসকলৰ লগতে নাজিৰা পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকল।
আজিও অৱহেলিত শতবৰ্ষ গৰকা দেশৰ ক্ষুদ্ৰতম নগাঁৱৰ “শেনচোৱা জংছন”
১৯২১ চনত ব্ৰিটিছ চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰাক ঐতিহাসিক যুগৰ এখনি অতিকৈ গুৰুত্বপূৰ্ণ ঠাই শিলঘাট টাউনত স্থাপন কৰিছিল এটা গুৰুত্বপূৰ্ণ ৰেল ষ্টেচন। তেতিয়াৰ পৰাই আৰম্ভ কৰিছিল শিলঘাট-চাপৰমুখ মিটাৰ গজ্ ৰেল সেৱাৰ। শিলঘাট,জখলাবন্ধা, শালনা,চামগুৰি, পুৰণিগুদাম,নগাওঁ টাউন, শেনচোৱা জংছন, বেবেজীয়া,ফুলগুৰি,ৰহা আৰু চাপৰমুখ জংছন এই দহটা ৰেল ষ্টেচন আৰু দুটাকৈ জংছনক সামৰি শিলঘাট-চাপৰমুখ মিটাৰ গজ্ ৰেল সেৱা আৰম্ভ হৈছিল ৷ ১৯২১ চনৰ পৰা ১৯৯২ চনৰ এপ্ৰিল মাহলৈকে এই ৰেল সেৱা ধাৰাবাহিক ভাৱেই চলাচল কৰি আহিছিল ৷ কিন্ত, সেইবৰ্ষৰে এপ্ৰিলৰ শেষৰ সপ্তাহত ৰেল বিভাগে বৃহৎ লোকচান ভৰাৰ অজুহাতত শিলঘাট-নগাঁও-চাপৰমুখৰেল সেৱা সম্পূৰ্ণ ৰূপে তথা চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে সেই মধুৰ স্মৃতিৰে ভৰা মিটাৰ গজ্ ৰেল সেৱা ৷ সেই সময়ছোৱাত নিতৌ পুৱা ৬.৩০ বজাত শিলঘাটৰ পৰা শিলঘাট-নগাঁও-চাপৰমুখ যাত্ৰীবাহী ৰেল গাড়ীখনে যাত্ৰা আৰম্ভ কৰি পুৱা ৯ বজাত নগাওঁ ৰেল ষ্টেচনত উপস্থিত হৈছিল। তাৰ পাছত একেৰাহে চাপৰমুখলৈ যাত্ৰা আৰম্ভ কৰিছিল। বিয়লি পুনৰ চাপৰমুখৰ পৰা যাত্ৰা আৰম্ভ সন্ধিয়া ৬ বজাত নগাওঁ ৰেল ষ্টেচন পোৱাৰ পাছত নিশা ৯ বজাত শিলঘাট টাউন ৰেল ষ্টেচনত উপস্থিত হৈছিল।এই ৰেলযাত্ৰা আছিল তাহানিৰ “মাৰ্টিন এণ্ড বাৰ্ণ কোম্পানী”ৰ ৰেলযাত্ৰা ৷অৱশ্যে সেই ৰেলগাড়ীৰ গতিবেগ আজিৰ দৰে ইমান দ্ৰুতগতি নাছিল ৷ বহু লেহেমীয়া আছিল ৷ সেই সময়ত কলিয়াবৰৰ ৰঙাগৰাঁৰ ওচৰৰ পৰা শিলঘাটলৈকে এক বিস্তৃত এলেকাৰ ৰেল আলিৰ দুয়োকাষে ব্ৰিটিছ চৰকাৰৰ চাহাৱ সকলে চাহ বাগিচা স্থাপন কৰিছিল। মূলতঃ চাহ ব্যৱসায় সুচল কৰি তুলিবৰ বাবেই ব্ৰিটিছ চৰকাৰে অতি তৎপৰতাৰে এই মিটাৰ গজ্ ৰেল সেৱা আৰম্ভ কৰিছিল। এই ৰেল সেৱাৰ ফলত নগাঁও জিলাৰ এক বৃহৎ অংশৰ লোক উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থসামাজিক বিকাশৰ ক্ষেত্ৰটো এই ৰেল সেৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত বৃহত্তৰ শিলঘাট,জখলাবন্ধাকে ধৰি কলিয়াবৰ,শালনা,চামগুৰি, পুৰণিগুদাম,বঢ়মপুৰ,নগাঁও,বৃহত্তৰ বেবেজীয়া,ফুলগুৰি,ৰহা,চাপৰমুখ আদি অঞ্চলৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, চৰকাৰী চাকৰিয়াল আৰু উচ্চ শিক্ষা গ্ৰহণৰ বাবে অহা ছাত্র-ছাত্ৰী সকল এই ৰেল গাড়ীৰে দৈনিক অহা- যোৱা কৰিছিল। ছাত্ৰ-ছাত্ৰী সকলে একেলগে ৰেলত বহি অতি আনন্দময় পৰিবেশৰ মাজেৰে অহা- যোৱা কৰিছিল। এতিয়াও সেইকথা মাজে মাজে বহুতৰে মুখে-মুখে উচ্চাৰিত হয় ৷ দুর্ভাগ্যবশত এই ৰেল সেৱা ১৯৯২ চনৰ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত বন্ধ হৈ পৰিছিল বিভিন্ন কাৰণত ৷ লগে লগে শিলঘাটকে ধৰি নগাওঁ জিলাৰ বৃহৎ অংশৰ আৰ্থসামাজিক উন্নয়নৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছিল। তেতিয়াৰ পৰাই শিলঘাটকে ধৰি কলিয়াবৰ,শালনা,পুৰনিগুদাম,বঢ়মপুৰ, নগাঁও,দক্ষিণপাট,বেবেজীয়া,জাজৰি,হাতীচোং,ফুলগুৰি,ৰহা,চাপৰমুখৰ বৃহৎ সংখ্যাক ৰাইজে এই ৰেল সেৱা পুনৰ আৰম্ভ কৰিবৰ বাবে ৰেল বিভাগৰ ওচৰত বহু দাবী জনাই আহিছিল। অৱশেষত বিভিন্ন দাবী তথা উজৰ আপত্তিত সুদীৰ্ঘ ১৯ বছৰৰ মূৰত শিলঘাট-চাপৰমুখ মিটাৰগজ্ ৰেল লাইন ব্ৰড গজ্লৈ উন্নীত কৰি ২০০৯ চনৰ ১৫ এপ্ৰিলৰ পৰা শিলঘাট-নগাওঁ-চাপৰমুখ হৈ গুৱাহাটীলৈ এই ৰেল সেৱা পুনৰ আৰম্ভ হয়। তদুপৰি ২০১২ চনৰ পৰা পৰ্যায়ক্ৰমে শিলঘাট-ধুবুৰী ৰাজ্যৰাণী এক্সপ্ৰেছ আৰু শিলঘাট-চাপৰমুখ যাত্ৰীবাহী ৰেলৰ চলাচল আৰম্ভ হয়। অৱশ্যে শিলঘাট-চাপৰমুখ যাত্ৰীবাহী ৰেলৰ চালচল কিছুদিন চলাৰ পিছতে বন্ধ হৈ পৰে আৰু শিলঘাট-নগাঁও-চাপৰমুখ-গুৱাহাটী লৈ ৰেল সেৱাৰ চলাচল আৰম্ভ হয় ৷ ইফালে, ২০১৮ চনত সেইসময়ৰ ১০নং নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ তথা কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিশেষ তৎপৰতাত শিলঘাট-কলকাতা আৰু শিলঘাট-টাম্বাৰাম (চেন্নাই) লৈ দুখন দুৰনিবতীয়া ৰেল গাড়ী চলাচল কৰাবলৈও সক্ষম হয় ৷ কিন্তু বিশ্বব্যাপী সৃষ্টি হোবা ক’ভিড জনিত পৰিস্থিতিৰ বাবে ২০২০ বৰ্ষৰ মাৰ্চৰ পৰা এই দুখন ৰেলৰ চলাচল বন্ধ হৈ পৰিছিল যদিও বৰ্তমান পুনৰ আৰম্ভ হৈছে ৷ দৈনিক এই ৰেলদুখনৰ জড়িয়তে সহস্ৰাধিক লোকে নিজৰ জীৱন জীবিকাৰ লগতে চৰকাৰী চাকৰিয়াল সকলে নিতৌ অহা-যোৱা কৰি আহিছে ৷ ক্ষুদ্ৰ ব্যৱসায়ী সকলেও ৰেলৰ ভিতৰতে নিজাকৈ চলাই গৈছে সৰু সৰু ব্যৱসায় ৷ এইসকলো ক্ষেত্ৰতে ঠিকে থাকিলেও আজি এশ বছৰ অতিক্ৰমী বেবেজীয়া-ফুলগুৰি-ৰহা ৰেল ষ্টেচন কেইটাৰ বিশেষ কোনো উন্নতি নহল ৷ ৰেল ষ্টেচন কেইটাত যাত্ৰী সকলৰ সুবিধা হোবাকৈ নাই দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিবলৈ তথা বহিব পৰাকৈ এটাও অপেক্ষা গৃহ,নাই ৰেলষ্টেচনত বিশুদ্ধ খোবা পানীৰ ব্যৱস্থা,ৰ’দ বৰষুণ ধুমুহা আদিৰ পৰা যাত্ৰী সকলক সুৰক্ষা দিব পৰা নাই কোনো সুদুৰপসাৰী ব্যৱস্থা ৷ তৎস্বত্বেও তাহানিৰ সেই ৰে’লযাত্ৰা আজিও হৈ আছে বহুতৰে বাবে মধুৰ নষ্টালজিয়া ৷ আজি শতবৰ্ষ গৰাকী গুৰুত্বপূৰ্ণ এই ৰেলষ্টেচন কেইটাৰ সেই তাহানিৰ ১৯২১ চনতে নিৰ্মিত হোবা টিকত ঘৰ কেইটাৰো আজিকোপতি কোনো উন্নয়ন হোবা দেখিবলৈ পোবা নগল ৷ কোনো পোহৰৰ ব্যৱস্থা নথকা ষ্টেচন কেইটাত নিশাৰ আন্ধাৰত দূৰনিবতীয়া বা অচিনাকি যাত্ৰী বা অকলশৰীয়া যুৱতী-মহিলা সকলৰ বাবে বহু সমস্যাই দেখা দিয়ে যেতিয়া ৰেলগাড়ী কেইখন আহি এইকেইটা ৰেলষ্টেচনত উপস্থিত হোবাৰ পিছত ষ্টেচন ভৰি দি যাত্ৰী সকলে সমগ্ৰ পৰিবেশটো অন্ধকাৰচন্ন হৈ থকা দেখা পায় ৷ ইয়াৰ ওপৰি আন্ধাৰৰ সুজোগ গ্ৰহণ কৰি ৰেলযাত্ৰী সকলৰ বহুতৰে নানা সময়ত টকাৰ তুপোলা বিভিন্ন বয়বস্তু আদিও হৰলুকি হোবাৰ ঘটনা সংঘটিত হৈছে ৷ পূৰ্বতে বহু কেইটা দল-সংগঠন, স্থানীয় ৰাইজ তথা ৰেলযাত্ৰী সকলৰ প্ৰবল দাবীত বেবেজীয়া-ফুলগুৰি-ৰহা এই গুৰুত্বপূৰ্ণ ৰেলষ্টেচন কেইটাৰ প্লেটফৰ্ম কেইটা যাত্ৰী সকলৰ উঠা-নমাত সুবিধা হোবাকৈ আজি কেইবছৰ মান পূৰ্বে ওখকৈ নিৰ্মাণ কৰা হ’ল যদিও বাকী সমূহ অসুবিধা তথা অভাবলৈ আজি পৰ্যন্ত ৰেল বিভাগে কোনো গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই ৰেল যাত্ৰীয়ে ৷ সেইয়ে এই শতবৰ্ষ অতিক্ৰম কৰাৰ মুহুত্বত বিভিন্ন দল-সংগঠন,স্থানীয় ৰাইজ তথা ৰেলযাত্ৰী সকলৰ দাবী এইযে বেবেজীয়া-ফুলগুৰি-ৰহা ৰেল ষ্টেচন কেইটা আধুনিক প্ৰযুক্তিৰে ৰাইজৰ সুবিধা হোবাকৈ নিৰ্মাণ কৰিলে ৰেলযাত্ৰী সকলৰ লগতে এইদুখন ৰেলৰ ওপৰতে নিৰ্ভৰশীল হৈ নিজৰ ক্ষুদ্ৰ ব্যৱসায় চলাই পৰিয়াল পৰিচালনা কৰি থকা ব্যৱসায়ী সকলৰ বহু উপকাৰ সাধন হব ৷ এইক্ষেত্ৰত ৰেলবিভাগক শীঘ্ৰে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ আনহাতে,দেশৰ ভিতৰতে অতি ক্ষুদ্ৰতম ৰেল জংছন ৰূপে পৰিচিত নগাঁও জিলাৰ শেনচোৱা ৰেল জংছনটোও আজি এশ বছৰৰ পাছতো কোনো বিশেষ উন্নয়ন সাধন নহল ৷ দেশৰ বিভিন্ন প্ৰান্তত তীৰ্থ যাত্ৰী সকলৰ লগতে অন্যান্য যাত্ৰী সকল দুৰদুৰনিৰ পৰা শিলঘাট অশোকাষ্টমী মেলা,শিলঘাটৰ মা কামাখ্যা মন্দিৰ,পৰ্যটনস্থলি ত্ৰীশুলধাৰী,হাতীমুৰা পাহাৰ,কুকুৰাকটা পাহাৰ,শিলঘাট মৰাপাট কল,মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ওপৰি অন্যান্য তীৰ্থস্থান তথা পৰ্যটন স্থলি সমূহলৈ অহাযোৱা কৰে ৷ তৎস্বত্বেও ৰেল বিভাগে আজি কোপতি দেশৰ আটাইতকৈ ক্ষুদ্ৰ ৰেল জংছনটোৰ বিশেষ কোনো উন্নয়ন হোবা দেখা নগল ৷ ৰেল জংছনটোত যাত্ৰী সকলৰ সুবিধা হোবাকৈ নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা,নাই কোনো আহলবহল বিশ্ৰাম গৃহ,যাত্ৰী সকলৰ বাবে বিশেষ কোনো শৌচালয়-প্ৰচাৱখানা,ৰেল জংছনত নাই কোনো উচ্চ ক্ষমতাসম্পন্ন পোহৰৰ ব্যৱস্থাৰ ওপৰি বহুকেইটা সমস্যা ৷ বৰ্তমানেও শেনচোৱা ৰেল জংছনত নাই দুৰদুৰনিৰ ৰেল যাত্ৰীৰ টিকত সংৰক্ষণৰ ব্যৱস্থা ৷ যাৰ পৰিপেক্ষিতত শেনচোৱা,বেবেজীয়া,জাজৰি,হাতীচোং,দক্ষিণপাট,বৰক’লা,ঘাহী,বৰজহা,ডাকৰঘাট,মহমৰীয়া,শিয়ালমাৰী,জাগিয়াল আদি বৃহত্তৰ এলেকাৰ ৰেল যাত্ৰী সকলে ৰাজ্যৰ বাহিৰলৈ চিকিৎসা জনিত কাৰনেই হওঁক বা আন বিভিন্ন কাৰনত ৰেলযোগে যাত্ৰা কৰিব লগা হলে জোখতকৈ অধিক মূল্য দি ব্যক্তিগত টিকত এজেঞ্চিৰ পৰা টিকত ক্ৰয় কৰিব লগা হয় ৷ আনকি ইয়াৰ ফলত কেতিয়াবা কেতিয়াবা এই ব্যক্তিগত ৰেল টিকত এজেঞ্চি সমূহৰ পৰা ক্ৰয় কৰি দুৰদুৰনিলৈ ৰেল যাত্ৰা কৰাৰ ফলত বহু যাত্ৰীয়ে বিভিন্ন আহুকালৰ সন্মুখীন হব লগাত পৰে আৰু যাত্ৰাৰ সময়ত ৰেলৰ টিকত পৰিক্ষকৰ লগত বিভিন্ন তৰ্কত লিপ্ত হোবাৰ ওপৰি পুনৰ টিকত পৰিক্ষকক বৃহৎ পৰিমানৰ মূল্য ভৰিব লগা ঘটনাও সংঘটিত হৈ আহিছে ৷ অৱশ্যে আজি প্ৰায় ডেৰ মাহৰ পৰা উত্তৰ পূৱ ৰেলৱে মুখ্য কাৰ্যালয়ৰ লামডিং সংমণ্ডলৰ অধীনত ৰেল লাইনৰ যি ইলেক্ট্ৰনিক ইঞ্জিন সংযোগেৰে ব্যৱস্থাৰে নতুনত্ব আনিব বিচৰা হৈছে সেই কামৰ কিছু শতাংশ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও আৰু এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে ৷ ইফালে, জংছনটো প্লেটফৰ্মটো ইমান চাপৰ যে ৰেল যাত্ৰী সকলৰ বাবে ৰেলত উঠা-নমা কৰাত ভিষন সমস্যাৰো সৃষ্টি হৈ আহিছে ৷ সেইয়ে ৰেলযাত্ৰী সকলে ৰেল বিভাগৰ ওচৰত দেশৰ এই ক্ষুদ্ৰ ৰেল জংছনটো প্লেটফৰ্মটো যাত্ৰী সকলৰ সুবিধা হব পৰাকৈ শীৰ্ঘে ওখ কৰি নিৰ্মাণ কৰিবলৈ দাৱী জনাইছে ৷
পুৱতি নিশা নাজিৰা আৰক্ষীৰ অভিযান
সম্প্ৰতি নাজিৰা মহকুমাৰ অলিয়ে – গলিয়ে অব্যাহত আছে অবৈধ চুলাই মদ আৰু লালিগুৰৰ ৰমৰমীয়া ব্যৱসায় । নাজিৰা মহকুমা আৱকাৰী , আৰক্ষী – প্ৰশাসনৰ একাংশ বিষয়াৰ সৈতে গোপন বুজা – বুজি কৰি ব্যৱসায়ীয়ে অনায়াসে চলাই গৈছে এই বৰবিহ চুলাই মদ আৰু লালিগুৰৰ ব্যৱসায় । এই ব্যৱসায়ীয়ে একাংশ সংগঠনৰ নেতা – পালিনেতা আৰু বছা বছা সাংবাদিককো যোগান ধৰে মাহিলি কমিছন । যি সকল ব্যৱসায়ীয়ে আৰক্ষী – আৱকাৰী তথা কমিছনভোগী সকলক ধন দিয়া পলম হলেই আৰক্ষী অথবা আৱকাৰী বিভাগে অভিযান চলাই চুলাই মদ , চুলাই তৈয়াৰ কৰা পাছ তথা অন্যান্য সামগ্ৰী আৰু লালিগুৰ জব্দ কৰি তেনে ব্যৱসায়ীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰে বুলি উঠা অভিযোগ নুই কৰিব নোৱাৰি । আজি পুৱতি নিশা নাজিৰা আদৰ্শ আৰক্ষী থান নাজিৰা লক্ষ্মীজান খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপৰ ৰামেশ্বৰ গগৈ নামৰ ব্যক্তি জনে এ এছ ০৪ – বি চি – ০৬২৪ নম্বৰৰ বলেৰ’ পিকাপ খনৰ পৰা লালিগুৰ নমাই নিজা ঘৰত মজুত কৰি থকা অৱস্থাত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খগেশ্বৰ ৰাভাই গোপন সূত্ৰে জানিব পাৰি অভিযান চলাই ৩১.৮০ কুইণ্টল অবৈধ লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয় । নাজিৰাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি লালিগুৰৰ ব্যৱসায়ী ৰামেশ্বৰ গগৈক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ।
ওৰাঙৰ সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা-সৈনিক স্বাস্থ্য কৰ্মী নীতা দেৱী কভিডত আক্ৰান্ত
সমগ্ৰ ৰাজ্যতেই দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাত জিলাখনত আতংক, শংকাৰ পৰিস্থিতি সৃষ্টি হৈ আহিছে ৷ ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিডৰ দ্বিতীয় পৰ্য্যায়ত ৩০নবেম্বৰলৈ ৰেপিড এন্টিজেন টেষ্ট ৭২৩৮১পৰীক্ষা কৰাৰ অন্ততঃ ১৫০৫ গৰাকীক ইতিমধ্যে কভিড পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে ৷যোৱা নবেম্বৰ মাহতে ২০ গৰাকী কভিভ ৰোগী চিনাক্ত কৰা হৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা,পাউৰীপোটা,গেৰুৱা বজাৰ,ধনশ্ৰীঘাট আদি কেন্দ্ৰ আৰু চিকিৎসালয় সমুহৰ অন্তৰ্গত ভেকচিনেশ্যন কেন্দ্ৰবোৰত ৩০ নবেম্বৰলৈ ২০৩১৯৪ হিতাধিকাৰীক ভেকচিন প্ৰদান কৰা হয় ৷ইয়াৰে ভিতৰত প্ৰথম পালি ১৪৬৮৯৬ আৰু দ্বিতীয় পালি ৫৬২৯৮হিতাধিকাৰীক ভেকচিন ইতিমধ্যে প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ পৰা জনাইছে ৷ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৩০ নবেম্বৰলৈ মুঠ ২০৩১৯৪ হিতাধিকাৰীক কভিড ভেকচিন দিয়া কাৰ্য সুচাৰুৰূপে সম্পন্ন হৈছে । প্ৰথম অৱস্থাত ভেকচিন দিবলৈ ৰাইজৰ ঘৰে ঘৰে অনুৰোধ কৰিব লগীয়াৰ দৰে ভয়াবহ পৰিস্হিতিৰ উদ্ভৱ হৈছিল যদিও ক্ৰমান্বয়ে এই সংখ্যা দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ পৰা জানিব পৰা মতে আগৰ তুলনাত কেইবাদিন ধৰি বহু লোক ভেকচিন লবলৈ ওলাই অহাত দৈনিক নিৰ্ধাৰণ কৰা প্ৰত্যেক ভেকচিন চেণ্টাৰৰ টাৰ্গেট সম্পূৰ্ণ হোৱাৰ উপৰিও উভতি যাব বিচৰা লোক সকলকো মাতি ভেকচিন প্ৰদান কৰি অহা অহা হৈছে ভেকচিন লবলৈ ওলাই অহা ৰাইজক ক’ভিড ১৯ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে বিভিন্ন দল সংগঠনে আহ্বান জনায় অহাৰ লগতে ওৰাং,মাজবাট,ৰৌতা আদি অঞ্চলৰ সচেতন নাগৰিক সমিতি আদি সংগঠন আদিয়েও আহ্বান জনাইছে ৷যদিও এতিয়া ৯৯ শতাংশহে মাস্ক পৰিধান নকৰি ,কভিড প্ৰ’টকল দলিয়াই মুকলিভাৱেই ঘুৰি ফুৰাটো দেখিবলৈ পোৱা গৈছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত যোৱা নবেম্বৰ মাহতে ২০ গৰাকীক ইতিমধ্যে কভিড চিনাক্ত কৰা হৈছে ৷চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী ভেকচিন নললে প্ৰবেশ কৰিবলৈ নিদিয়া,চৰকাৰী সা সুবিধা আদিৰ পৰা বঞ্চিত আদি কৰা কথা প্ৰচাৰ হোৱাৰ বাবেই দিনক দিনে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কভিড ভেকচিন লোৱাৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ৰ সেৱক সেবিকা সকলৰ তাৎপৰাতত অইন জিলাৰ সমান্তৰকৈ বৃহৎ ওৰাং খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অধীনস্থ একেকাক সাঙুৰি সফলতাৰে জনগণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰি ভেকচিন প্ৰদান কৰাত ওৰাং স্বাস্থ্য কেন্দ্ৰৰ সমূহ কৰ্মচাৰীক মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই ধন্যবাদ দিয়াৰ লগতে তেওঁলোকৰ কৰ্ম স্পৃহাক সন্মান জনাইছে ।ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাটত আদি অঞ্চল,এলেকা সমুহত সৰ্বাধিক কভিড ভেকচিন প্ৰদান কৰি এক বিশেষ নজিৰ বিহীন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷নীতা দেৱীয়ে আৰু কভিড টেষ্ট কৰা নিষ্ঠাবান,সৰ্বশ্ৰেষ্ঠ কভিড যোদ্ধা হিচাপে পৰিচিত হৈ পৰিছিল ৷অবশেষত ৩০নবেম্বৰ ২০২১ ত কভিড পজিটিভত আক্ৰান্ত হবলগীয়া হ’ল ৷ইতিমধ্যে ওৰাং সাংবাদিক সংস্থাৰ পৰা নীতা দেৱীৰ আশু আৰোগ্য কামনা কৰিছে ৷ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া আৰু বিপিএম পংকজ কুমাৰ সভাপণ্ডিতৰ উদ্যোগত পৰিচালনা হোৱা কভিড ভেকচিন আৰু কভিড পৰীক্ষা আদিবোৰ সুচাৰুৰূপে পৰিচালনা কৰা কাৰ্যক ওৰাং সাংবাদিক সংস্থা,ওদালগুৰি জিলা সচেতন নাগৰিক সমিতি আদিয়ে প্ৰশংসা কৰি শলাগ লৈ প্ৰতিগৰাকী কভিড যোদ্ধা,সৈনিক স্বাস্থ্য কৰ্মী সকলক আন্তৰিক অভিনন্দন জনাইছে ৷
ক’ভিড ভেকচিনক লৈ অপপ্ৰচাৰ দুষ্টচক্ৰৰ
মাৰাত্মক ক’ভিড-১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ধনশ্ৰী চাহ বাগিচা কৰ্তিপক্ষ ক্ৰমে প্ৰধান পৰিচালক প্ৰদীপ ফুকন, সহকাৰী পৰিচালক প্ৰাঞ্জল হাজৰিকা , সহকাৰী পৰিচালক Parosh Jyoti Maut, সহকাৰী পৰিচালক প্ৰাঞ্জল প্ৰতীম বৰা আৰু ছাত্ৰ সংগঠন সমূহে স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্রদান কৰিবলৈ অহৰহ সহাই সহযোগ কৰি অহা দেখা গৈছে। ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্যকর্মীসকল ক্ৰমে হীৰা মনী দৈমাৰী GNM, কেৰলিন Mochahari ANM, হীৰা দৈমাৰী ANM, ভৱেশ শৰ্মা Laboratori Technician, যশোদা পাইক আশা কৰ্মী, অঞ্জু চাচনি আশা কৰ্মী, ৰিংকো সনাতন আশা কৰ্মী, নিছা কলটা আশা কৰ্মী লগতে গাওঁবুঢ়া বিহু কিছান , BLO louish Lakra অংগণবাদি কৰ্মী ক্ৰমে তাচিয়া কেৰকে তা, এলিনা তান্তি, দীপালী কছলা, জিদান টিৰো সহ হৰ ঘৰ দস্তক কায্যসূচী ৰ অনুযায়ী গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্রাণ চেষ্টা চলাই আহিছে। তেনে সময়তে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ মাজবাত ধনশ্ৰী চাহ বাগিচাৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ মাজত উৰাবাতৰিৰ প্রভাবে স্বাস্থ্যকমী সকলক বাৰুকৈ শ’লঠেকত পেলাইছে। ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ মজবাত ধনশ্ৰী চাহ বাগিচাৰ অন্তৰ্গত বাইধৰ লাইন নামৰ এটা লাইনৰ মতি দাস বাগঃ নামৰ এজন লোকে ভেকাচিন গ্ৰহণ কৰাত’ বাৰম্বাৰ মানা কৰি অহাৰ বাবে উক্ত লোকজনৰ বাসগৃহত গৈ বাগিচা খনৰ স্বাস্থ্যকেন্দ্ৰৰ লেৱৰতৰি টেকনিচিয়ান ভৱেশ শৰ্মা , BLO লুইচ লাক্রা, ANM হীৰা দৈমাৰী, অংগনবাদী কৰ্মী আৰু আশা কৰ্মী সহ কেই বাজনো স্বাস্থ্যকর্মী উপস্থিত হয়। স্বাস্থ্যকর্মীসকলে উক্ত গাঁৱৰ লোকজনক ভেকচিন ল’বলৈ আহ্বান জনোৱাত উক্ত লোকজনে স্বাস্থ্যকর্মীসকলক কয় যে ভেকচিন ললে মানুহ মৰে, মাথা বেয়া হয়, মাথা ঘূৰাই , ভেকচিন লোৱা সকলো মানুহৰে কিবা কিবি ডাক্তৰে চিনী নোপোৱা বেমাৰ হয় বুলি কয়। এটা দুষ্টচক্ৰই প্ৰচাৰ চলাইছে যে ক’ভিডৰ পৰা মুক্ত পোৱা ভেকচিন হেনো স্বাস্থ্য কৰ্মী সকলে কমিছনৰ আশাত হে ক’ভিড ভেকচিন প্ৰদান কৰি আহিছে। ক’ভিড ভেকচিন সম্পর্কে অপপ্ৰচাৰ, উৰাবাতৰি আদি প্ৰচাৰ কৰা এই চক্ৰটোৰ বিৰুদ্ধে বাগান কৰ্তী পক্ষ্য আৰু ছাত্ৰ সংগঠন সমূহৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে কিছু সেই বাগানৰ সচেতন লোকে দাবী জনাইছে।
টাই আহোম য়ুথ ফ’ৰাম ৰ উদ্যোগত কেন্দ্ৰীয় চুকাফা দিৱস পালন কৰা হয়
টাই আহোম য়ুথ ফ’ৰাম ৰ উদ্যোগত আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতি , তেজপুৰৰ সহযোগত ১ আৰু ২ ডিচেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে কেন্দ্ৰীয় চুকাফা দিৱস তেজপুৰ চুকাফা ভৱন প্ৰাঙ্গনত অনুষ্ঠিত হৈ যায়। ১ ডিচেম্বৰত বানফি অনুষ্ঠান অনুষ্ঠিত হয়। ২ ডিচেম্বৰ ত পুৱা পতাকা উত্তোলনৰে কার্যসূচী আৰম্ভ হয়। টাই আহোম য়ুথ ফ’ৰাম ৰ পতাকা উত্তোলন কৰে ফ’ৰাম ৰ কেন্দ্ৰীয় সভাপতি চাও বিশ্বজিৎ গগৈয়ে। উদযাপন সমিতি আৰু টাই আহোম সংস্কৃতি বিকাশ সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে চাও লীলা বৰুৱা আৰু চাও ভুবন গগৈযে। মৈদাম তৰ্পণ কৰে ফ’ৰামৰ কেন্দ্ৰিয় উপদেষ্টা চাও মিন্টু গগৈ আৰু সংস্কৃতি বিকাশ সমিতিৰ সাধাৰণ সম্পাদক চাও বলীন গগৈয়ে। ইয়াৰ পিছতে নৱনির্মিত চুকাফা প্ৰতিমূৰ্তি উন্মোচন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানচাও পৃথিৰাজ ৰাভাই। ইয়াৰ পিছতে ফ’ৰামৰ সভাপতি চাও বিশ্বজিৎ গগৈৰ পৰিচালনা ত প্ৰতিযোগিতা ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানচাও ভূপেছ চন্দ্ৰ দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক মানচাও ধানঞ্জয় গনাৱাত আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য মানচাও বলীন কোঁৱৰ। নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে দৰং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক কংকন ডেকাই। প্ৰয়াত ভূতত্ববিড দামচাও সাগৰ চন্দ্ৰ লাহণৰ স্মৃতিত আয়োজিত কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক মানচাও নিতুল বৰাই। তেওঁৰ লগতে উপস্থিত থাকে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানচাও অভিজিত নাথ আৰু তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মানচাও অৰুপ তালুজদাৰে। কুইজ পৰিচালনা কৰে মানচাও নৱজ্যোতি ভৰালীয়ে। কুইজ প্ৰতিযোগিতা ত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰে ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে। অনুষ্ঠান টাই আহোম সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে তাই আহোম য়ুথ ফ’ৰামৰ ধনশ্রী জিলা সমিতিৰ সাংস্কৃতিক দলে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।
বিহালীৰ কবি প্ৰেম বৈষ্ণৱলৈ ৰাষ্ট্ৰীয় বঁটা
গুৱাহাটী মহানগৰীৰ ইতিহাস প্ৰসিদ্ধ জ্যোতি চিত্ৰবনত নেবক’ছৰ উদ্যোগত যোৱা ২৮ নৱেম্বৰ তাৰিখে, বিয়লি তিনি বজাৰ পৰা, “ভাৰতৰত্ন ড° ভূপেন হাজৰিকা নেচ্নেল্ এৱাৰ্ড ২০২১ “ৰ বঁটা প্ৰদান অনুষ্ঠানটিত, অসমৰ কেওগৰাকী বৰেণ্য ব্যক্তিক, জীৱন জোৰা খিতাপ প্ৰদান কৰা হয় । প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক তথা আপোচবিহীন জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াক “অতন্দ্ৰ প্ৰহৰী “, অপূৰ্ব বেজবৰুৱাক “সংগীত সম্ৰাট” , মাধুৰিমা চৌধুৰীক “নৃত্য মহীয়সী”, দিনেশ দাস “সংগীত ৰত্ন”, মৃদুল ভুঞা ” “অভিনয় মহাৰথী”, কিৰণ দাস “প্ৰতিষ্ঠিত কৃতী শিক্ষক “, মামণি কলিতা “কাব্য সাধনা ” ধনেশ্বৰ মালাকাৰ “সাহিত্য জ্যোতি ” দীপলিনা ডেকা “কণ্ঠ নন্দিনী” দিক্ষু শৰ্মা “কণ্ঠ সুধাকৰ” অৰুন্ধুতি বেজবৰুৱা “কণ্ঠ নন্দিনী”, বীনা দেবী “সাহিত্য কস্তুৰী “, তীৰ্থ নাথ মজুমদাৰ “সাহিত্য সুৰভি” জুৰি দেৱী ” সাহিত্য সাধনা”, বিভামনি দাস “সাহিত্য ৰত্ন” লুকুমনি বৰুৱা “সাহিত্য প্ৰেৰণা” মিন্টু দাস “সাহিত্য জেউতি” আদি বৰেণ্য ব্যক্তি সফলক, “ভাৰতৰত্ন ড° ভূপেন হাজৰিকা নেচ্নেল্ এৱাৰ্ড ২০২১ ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ লগতে বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম বৈষ্ণৱক, জীৱন জোৰা “সাহিত্য সৌৰভ” ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় । নেবক’ছ উপদেষ্টা, বিশিষ্ট কন্ঠশিল্পী তথা অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা সংগীত পৰিচালকৰ বিশেষ সন্মান অৰ্জন কৰা, মনিষা হাজৰিকা ডাঙৰীয়াণীৰ হাতৰ পৰা “সাহিত্য সৌৰভ” বঁটাটি গ্ৰহন কৰি প্ৰেম বৈষ্ণৱে নিজকে বৰ সৌভাগ্যৱান বুলি মন্তব্য কৰে আৰু নেবক’ছৰ পৰিয়াল বৰ্গলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।











