Home Blog Page 2677

কোভিড টিকাকৰণ সম্পৰ্কে বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰিবাসীক অনুপ্ৰাণিত কৰে

মাননীয় অধ্যক্ষ শ্ৰী বিশ্বজিৎ দৈমাৰীয়ে ২/১২/২০২১ তাৰিখে ওদালগুৰি জিলাৰ খোইৰাবাৰী বিপিএইচচিৰ অধীনত গীতিবাৰী এইচডব্লিউচি পৰিদৰ্শন কৰে আৰু কোভিড টিকাকৰণ সম্পৰ্কে লোকসকলক অনুপ্ৰাণিত কৰে। মাননীয় অধ্যক্ষই স্বাস্থ্য কৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাকো ধন্যবাদ জনাই।

আই.এ.এছ শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীৰ ঘৰে ঘৰে হৰ ঘৰ দস্তক কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো দ্ৰুত গতিত  চলিছে স্বাস্থ্য বিভাগৰ হৰ ঘৰ দস্তক অভিযানৰ কাম।আইএএছৰ শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ঘৰে ঘৰে হৰ ঘৰ দস্তক কাৰ্যসূচীৰ অধীনত চৰাইদেউ জিলাৰ ডোমোৰডোলং আৰু মৰাণ অঞ্চলত অতি অনিচ্ছুক ব্যক্তিসকলক ভেকচিন লবলৈ অনুপ্ৰাণিত কৰে।

গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পই মোহিত কৰিছে শত – সহস্ৰ লোকক

অসম মন্ত্ৰীসভাৰ দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যেন এক ইতিহাস গঢ়াৰ শুভ চিন্তাৰে গৰুখুঁটিৰ ধলপুৰৰ শিৱমন্দিৰত উপস্থিত হৈ সেৱা গ্ৰহন কৰি অসম আৰু অসমীয়াক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলি প্ৰগতিৰ পথত আগুৱাই নিয়াৰ ইতিবাচক চিন্তাৰে গ্ৰহন কৰিছিল বিশেষ পদক্ষেপ।যাৰ পিছত ‘গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প ‘ নামৰ এক প্ৰকল্প ৰূপায়ণ কৰাৰ লক্ষ্যৰে বাজেটত ৯.৬০ কোটি টকা ধাৰ্য কৰিছিল। কৃষি প্ৰকল্পটোৰ কাম কাজ আগবঢ়াই নিয়াৰ বাবে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী,মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, কৃষি সঞ্চালক বিনোদ ছেচানক সদস্য হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছিল।যিখন সমিতিয়ে দায়িত্ব গ্ৰহন কৰিয়েই দিনে নিশাই প্ৰকল্প ৰূপায়ণৰ কামত আত্মনিয়োগ কৰে।ধলপুৰ চাপৰিত দিনৰ ভাগতে মানুহ যাবলৈ ভয় লগা যাতায়াত শূণ্য ঠাইত যে কৃষি প্ৰকল্প গঢ়ি উঠিব  ই সপোনৰো অগোচৰ আছিল সকলোৰে বাবে। কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাহস, লক্ষ্য,  ইতিবাচক চিন্তা আৰু দৃঢ় পদক্ষেপে ধলপুৰত দৰে  চৰ চাপৰিৰ দুৰ্গম ঠাইত আজি কৃষি প্ৰকল্প উৎপাদিত বয়-বস্তুই চৌদিশে জাতিষ্কাৰ হৈ উঠিছে।যি ফালে চোৱা যায় সেইফালেই কৃষিজাত সামগ্ৰী দেখা যায়। প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই নিজে ট্ৰেক্টৰ চলাই হালবাই মাটি চহাই কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰি এক গতি প্ৰদান কৰিছিল।যি মাটিৰ ২৭২১ বিঘা ভূমিত সিঁচা সৰিয়হে জাতিষ্কাৰ হৈ উঠিছে।সৰিয়হৰ হালধীয়া ৰঙৰ সুবাসত ধলপুৰ চাপৰি সুশোভিত হৈ পৰিছে।৬১০ বিঘা ভূমিত কৰা মাটি মাহে ফল ধৰিছে।যি যায় সিয়ে মাহৰ ফল মুখত দি সোৱাদ লৈছে।৫০ বিঘা মাটিৰ ৰঙালাউ খেতিয়ে ফলধৰি প্ৰকল্প বাকৰিক সোণত সুৱগা কৰি তুলিছে।১০৩ বিঘা মাটিৰ মূলা,কবি,লাই,পালেঙকে ধৰি বিভিন্ন প্ৰজাতিৰ শাক-পাচলি লহপহকৈ বাঢ়ি সেউজীয়া হৈ উঠিছে।২০০ বিঘা মাটিত কৰা তিল খেতিও ফল ধৰিছে। তদুপৰি অসমখনক গুজৰাটৰ লগত ফেৰ মাৰিব পৰাকৈ ১০৮ টা গীৰ গাই প্ৰকল্পলৈ আনি ১৫ গৰাকী যুৱকক গুজৰাটৰ পৰা বিশেষ ভাবে প্ৰশিক্ষণ দি আনিছে।যি সকলে গীৰ গাই সমূহক চোৱা-চিতা চিতা কৰি আছে।প্ৰতিদিনে ১৪/১৬ লিটাৰকৈ গাখীৰ দিয়াৰ আশা কৰা হৈছে।এই গাখীৰেৰে ৰাজ্য খনত গাখীৰৰ চাহিদা পূৰণ কৰিব বিচৰা হৈছে। শুভ লক্ষণ যে ইয়াৰে তিনিওজনী গায়ে ইতিমধ্যে পোৱালি জন্ম দিয়াত গৰুৰ সংখ্যা বৃদ্ধি পাইছে।স্বাৱলম্বনৰ বাবে  এক উন্নত জাতৰ  গাহৰিও প্ৰকল্পলৈ আনা হৈছে।মীন পালনৰ পুখুৰীত সৌন্দৰ্য্যৱদ্ধনৰ বাবে কন্যকাৰ পৰা ৩৪ টা  উন্নত জাতৰ ৰাজহাঁহ আনি মেলি দিয়া হৈছে। য’ত স্থানীয় মহিলা সকলৰ সংস্থাপনৰ আশা কৰা হৈছে। আনহাতে ধলপুৰত ঐতিহাসিক শিৱ মন্দিৰ নিৰ্মাণৰ নামত নামত ১০ কোটি, ভাগৱত মন্দিৰৰ নামত ১ কোটি টকা মুখ্যমন্ত্ৰী ঘোষনা কৰিছে। মন্দিৰ দুটা সম্পুৰ্ণ হ’লে পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী হৈ পৰিব নিশ্চয়।লক্ষণীয় নিশা কি দিনতে শিয়াল, হেপাৰ মাত শুনিবলৈ পোৱা ঠাইত এতিয়া শুনিব পোৱা যায় শিপিনী সকলৰ সুনিপুন হাতেৰে তাঁতশালত বোৱা মাকোৰ খট-খট শব্দ। য’ত ৫০০ খন তাঁতশাল বহুৱাই বয়ণ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইফালে জুয়ে পোৰা ‘৮৩ ত ধলপুৰ চাপৰিত সন্দেহযুক্ত লোকৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱা ২৯ গৰাকী শ্বহীদৰ স্মৃতিত ৫ বিঘা মাটিত ‘শ্বহীদ স্তম্ভ’ নিৰ্মাণ কৰি শ্বহীদ বাগৰি সুন্দৰ ৰূপত সজাই তোলাৰ পৰিকল্পনা কৰা হৈছে।গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পলৈ আত্মসংস্থাপনৰ বাবে শ-শ শিক্ষিত যুৱক যুৱতী আগবাঢ়ি আহি হাতে কামে লাগি পৰিছে। প্ৰকল্পটোত প্ৰায় ৭০০ গৰাকী যুৱক যুৱতীক প্ৰশিক্ষণ দি কামত লগোৱা হৈছে। কৃষি প্ৰকল্পত প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ‘দ্যৌৰঙ্ক মেলা’ অনুষ্ঠিত কৰি তাত উৎপাদিত বস্তুৰ বিনিময়,ক্ৰীড়াৰ উৎকৰ্য সাধন,থলুৱা খাদ্যৰ বিপনী , ভাষা সাহিত্যৰ আলোচনা চক্ৰ আৰু দৰঙৰ লোক কৃষ্টি প্ৰদৰ্শন কৰাৰ বিষয়ে চিন্তা কৰা হৈছে। আনপিনে প্ৰকল্প স্থলীত এখন মৌ-মাখিৰ উদ্যানৰ কথাও ভবা হৈছে। য’ত এতিয়া ধলপুৰ পাহাৰৰ শিলাখণ্ডৰ ফাকে ফাকে ১৫০ খনমান মৌচাক আছে।  ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণৰ কাম চলাই আছে।ক’বলৈ গ’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গৰুখঁটি বহুমুখী কৃষি প্ৰকল্পকলৈ যি সপোন দেখিছিল সেয়া যেন বাস্তৱ হোৱাৰ দিশে তীব্ৰ বেগে দৌৰিছে।এই একেই আশা আগত ৰাখি প্ৰকল্পক গতি দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে পদ্ম হাজৰিকা নেতৃত্বাধীন সমিতিখনে।অহা তিনি মাহত গৰুখুঁটি কৃষি প্ৰকল্পই পূৰ্ণতা লাভ কৰাৰ আশা কৰা হৈছে।

গহপুৰ বড়িগাঁৱৰ হৃদয়া শইকীয়ালৈ বছৰৰ সৰ্বশ্ৰেষ্ঠ নামঘৰীয়া বঁটা

গহপুৰ মহকুমাৰ বড়িগাঁৱৰ নিৱাসী তথা এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি হৃদয়া শইকীয়াই লাভ কৰিলে ২০২১ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নামঘৰীয়া বঁটা। গহপুৰ নগৰ এলেকাৰ ২৭ ভাগকৈ নামঘৰ পৰিচালনাৰ দ্বায়িত্বত থকা ২৭গৰাকী নামঘৰীয়াৰ মাজৰ পৰা বড়িগাঁৱৰ হৃদয়া শইকীয়াক উক্ত বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। গহপুৰ নগৰৰ চতিয়াচুকৰ সংস্কৃতিবান ব্যক্তি দ্বীপন দিহিঙীয়াৰ পৰিয়াল বৰ্গই মহিম দিহিঙীয়া সোঁৱৰণত প্ৰদান কৰা উক্ত বঁটাটোৰ জৰিয়তে নামঘৰীয়া হৃদয়া শইকীয়াক এখন মান পত্ৰ, এখন চেলেং আৰু নগদ ধনৰ উপৰিও এটা চলন্ত ট্ৰফী প্ৰদান কৰা হৈছে। গহপুৰ নগৰত থকা ২৭ভাগ নামঘৰৰ নামঘৰীয়া সকলৰ ধৰ্মীয় কাম-কাজৰ নিপুৰ্নতা, স্বচ্ছতা, আধ্যাত্মিকতা আদি দিশৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ভাবে উদগনি জনাবলৈকে দ্বীপন দিহিঙীয়াৰ পৰিয়াল বৰ্গই প্ৰয়াত পিতৃৰ সোঁৱৰণত উক্ত বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে উক্ত নামঘৰীয়া বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ তৰফৰ হৈ দ্বীপন দিহিঙীয়াই জানিবলৈ দিয়ে। ধৰ্মীয় মাৰ্গ দৰ্শনেৰে একনিষ্ঠ ভাবে নামঘৰ পৰিচালনা কৰি উক্ত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বৰ্ষীয়ান ধৰ্মপ্ৰাণ ব্যক্তি হৃদয়া শইকীয়া যথেষ্ট উৎফুল্লিত হৈছে। এটি নামঘৰ পৰিচালনাৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হোৱা নামঘৰীয়া সকলক এনেদৰে সামাজিক ভাবে স্বীকৃতি প্ৰদানৰ যি পদক্ষেপ দ্বীপন দিহিঙীয়াৰ পৰিয়ালবৰ্গই গ্ৰহণ কৰিছে তাৰ শলাগ লৈছে ধৰ্মপ্ৰাণ লোকসকলে।

কিছুমান লোকে কিয় ১০০ বছৰলৈ জীয়াই থাকে

এজন ৩৫ বছৰীয়া ব্যক্তিৰ পৰৱৰ্তী দহ বছৰত মৃত্যুহোৱাৰ সম্ভাৱনা মাত্ৰ ১.৫ শতাংশ। কিন্তু ৭৫ বছৰ বয়সৰ একেজন মানুহৰ ৮৫ বছৰ হোৱাৰ আগতে মৃত্যুহোৱাৰ সম্ভাৱনা ৪৫ শতাংশ। শতবাৰ্ষিকীসকলে অস্বাভাৱিক আনুবংশিক প্ৰকাৰ বহন কৰিব পাৰে যি জীৱনকাল বৃদ্ধি কৰে, বা তাৰ পৰিৱৰ্তে, তেওঁলোকৰ সাধাৰণ প্ৰকাৰৰ অভাৱ হ’ব পাৰে যাৰ ফলত জীৱনৰ শেষৰ ফালে ৰোগ আৰু দুৰ্বলতা হ’ব পাৰে।৬০ শতাংশতকৈও অধিক শতবাৰ্ষিকীৰ আনুবংশিক পৰিৱৰ্তন আছে যিয়ে জিন সলনি কৰে যি প্ৰাৰম্ভিক জীৱনত বিকাশ নিয়ন্ত্ৰণ কৰে।

হেলমেট পৰিধান নকৰা চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে টীয়ক আৰক্ষী

ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা অনুযায়ী যি সকল লোকে দুচকীয়া বাহনত যাত্ৰা কৰিলে বাইকৰ চালকৰ সমান্তৰালকৈ আৰোহীয়েও হেলমেট পৰিধান কৰাৰ লগতে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক কৰিছে । ইতিমধ্যে যি সকল বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰাকৈয়ে বাইক চলাইছে সেই সকল লোকৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ লগতে ১০০০ টকাকৈ জৰিমনা বিহিছে। ৰাজ্য চৰকাৰৰ সেই নিৰ্দেশনা অনুশৰি আজি টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হেলমেট পৰিধান নকৰা আৰু অনুজ্ঞাপত্ৰ নথকাকৈ আৰোহীৰ  লোকৰ অভিযানত নামি পৰিল টীয়ক আৰক্ষী।যিসকল লোকে হেলমেট পৰিধান কৰা নাই আৰু অনুজ্ঞাপত্ৰৰ অবিহনে দুচকীয়া বাহন চলাইছে সেই সকলৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ইতিমধ্যে আজিৰ দিনটোত প্ৰায় ১০০ৰো অধিক দুচকীয়া বাহনৰ চালক আৰু আৰোহী অনুজ্ঞাপত্ৰৰ লগতে হেলমেট পৰিধানৰ নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ চৰকাৰে বান্ধি দিয়া নিৰিখ অনুযায়ী ১০০০ টকাকৈ জৰিমণা বিহিছে। এই অভিযানৰ জৰিয়তে দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পোৱাৰ লগতে ভৱিষ্যতৰ  দায়িত্বশীল কৰি তুলিব সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

লামডিঙত আৰম্ভ হৈছে হৰ ঘৰ দস্তক কাৰ্য্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙত দ্ৰুত গতিত  চলিছে স্বাস্থ্য বিভাগৰ হৰ ঘৰ দস্তক অভিযানৰ কাম। বৃহস্পতিবাৰ দিনাই হোজাই জিলা উপায়ুক্তৰ ভেকচিন দিয়াৰ নতুন পদ্ধতি, ভেকচিন নললে বিদ্যুৎ  সেবা কৰ্তন কৰি দিয়াৰ নিৰ্দ্দেশ।কভিদ ভেকচিনেশ্বনৰ বাবে হৰ ঘৰ দস্তক কাৰ্যসূচী  জিলা উপায়ুক্তৰ। হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ জয়েন্ট ডাইৰেক্টৰ,লামডিঙ  F R U চিকিৎসক, নাৰ্চ,আশা কৰ্মী আৰু স্থানীয় বিধায়ক শিবু মিশ্ৰৰ উপস্থিতি লামডিংৰ বিভিন্ন প্ৰান্তত থকা যোনে যোনে ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি লোৱা নাই তেওঁলোকৰ ঘৰত গৈ  ভেকচিন প্ৰদান কৰা হয়।

‘অসম দিৱস’ৰ দিনাই কণ্ঠশিল্পী কুসুম কৈলাশক ‘লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি

‘অসম দিৱস’ৰ দিনাই লাংকুৰি দেওশালত কণ্ঠশিল্পী কুসুম কৈলাশক ‘চৰাইদেউ আমাৰ গৌৰৱ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে৷’চৰাইদেউ আমাৰ গৌৰৱ’, টাই আহোম যুৱ পৰিষদ, তাও ইষ্ট ফাউণ্ডেচন অফ ইণ্ডিজেনাচ পিপল’চ অৱ মুং-ডুন-চুন-খাম, বীৰ লাচিত সেনা আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে চৰাইদেউৰ দ’লবাগান লাংকুৰি দেওশাল প্ৰাংগণত অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চুকাফাক স্মৰণ কৰি দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ‘চুক্যাফা দিৱস’।

ৰাভা লোক কৃষ্টিৰ কৰ্মশালাক লৈ ভেৰগাঁ‌ও দোংপাৰাত ব্যাপক প্ৰস্তুতি

ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ৰাভা সংগঠন সমূহৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কাৰ্যসূচীৰে ভেৰগাঁ‌ও দোংপাৰাত চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব যাক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।উল্লেখ্য যে ৰাভা লোক কৃষ্টিৰ ওজা প্ৰয়াত ৰাজেন পামৰ সোঁ‌ৱৰণীত বিগত তিনিটা বছৰে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সহযোগত ৰাভা সকলৰ লোক কৃষ্টিৰ কৰ্মশালা আয়োজন কৰি আহিছে ইয়াৰ পৰিপেক্ষিতত এইবেলিও ৰাভা লোক কৃষ্টি সমূহ জীয়াই ৰখাৰ লগতে  বিশ্বৰ দৰবাৰত ৰাভা সকল যে কলা, সাংকৃষ্টিৰ ক্ষ্যত্ৰত কনো গুণে কম নহয় সেয়া নৱ প্ৰজন্মক অৱগত কৰোৱাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰিছে। অহাঁ‌ ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কৰ্মশালাৰ কাৰ্যসূচী মৰ্মে  ৮ তাৰিখ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাতঃ থাকিব  পতাকা উদুঙি অৰ্থাৎ পতাকা উত্তোলন, মুখ্য উত্তোলক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি ৰিতুপৰ্ণ ৰাভা, আনহাতে চতুৰ্থ বাৰ্ষিক কৰ্মশালাৰ চাৰিখন পতাকা উত্তোলন কৰিব ক্ৰমে মদন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক সদৌ ৰাভা জাতীয় পৰিষদ ARNC ৰ সভাপতিমনোৰঞ্জন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম চমুকৈ BRKRৰ সভাপতিলক্ষ্মী ৰাভা ভেৰগাঁ‌ও আঞ্চলিক সদৌ ৰাভা মহিলা পৰিষদ ARWCৰ সভানেত্ৰীজীৱন ৰাভা ভেৰগাঁ‌ও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ARSUৰ সভাপতি থাকিব আনহাতে দ্বিতীয় কাৰ্যসূচী মৰ্মে ৮ বজাতঃ ৰাভা কৃষ্টিৰ ওজাঁ‌ প্ৰয়াত ৰাজেন পামৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ মাল্যাৰ্পক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ ৰাভাই। পিছৰ কাৰ্যসূচী মৰ্মে ৯ বজাত কৰ্মশালাৰ উদ্ধোধন কৰিব বিটিআৰ   মনোনীত সদস্য হেমন্ত ৰাভাই আৰু থিক ১০ বজাৰ পৰা পাঁ‌চ দিনিয়া কৰ্মশালাৰ সুভাৰম্ভ হ’ব আবেলি ৪-৩০ বজাত দৈনিক কৰ্মশালা সামৰণি লগতে নিতৌ সন্ধিয়া ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব। আনহাতে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাৰ পৰা  আৰদিচিনি বা ভক্তিমূলক প্ৰাৰ্থনা আৰু, ৯ বজাত কৰ্মশালা আৰম্ভ হৈ আবেলি ৪-৩০ বজাত কৰ্মশালা সামৰণি আৰু সন্ধিয়া থিক ৬ বজাত চাতি তীপাককায়  বা বন্তি প্ৰজ্বলন থাকিব এনেদৰে নিৰন্তৰ ১১ ডিচেম্বৰ চতুৰ্থ দিনৰ কৰ্মশালালৈ একেধৰণৰ কাৰ্যসূচী থাকিব। কিন্তু অন্তিম দিনা ১২ ডিচেম্বৰ তাৰিখে কাৰ্যসূচী মৰ্মে থাকিব পুৱা ৭-৩০ বজাত আৰদিচিনি, আৰু ৯ বজাত কৰ্মশালা আৰম্ভ হৈ ৪-৩০ বজাত সামৰণি হৈ ৫ বজাত বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজলক হিচাপে থাকিব ৰাভা হাচং স্বায়ত্ত শাসিদ পৰিষদৰ কাৰ্যবাহী  টংকেশ্বৰ ৰাভা  আৰু লগত প্ৰজ্বলক হিচাপে থাকিব কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই। পৰৱৰ্তি কাৰ্যসূচী মৰ্মে সন্ধিয়া ৬ বজাত সম্বৰ্ধনা ও সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব মিছন বিৰুৱালাৰ অধ্যক্ষ তথা পদ্মশ্ৰী বঁ‌টাৰে অভিভূত বিৰুৱালা ৰাভাই। আনহাতে বিশিষ্ট অতিথিৰ আসন অলংকৃতি কৰিব  সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভা সহ মিষ্টাৰ ৱৰ্ড গোলাপ ৰাভা, অন্তৰাষ্ট্ৰীয় খেলুৱৈ বলেন ৰাভাৰ লগতে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা সহ প্ৰদিপ ৰাভা আৰু দ্বিপজ্যতি ৰাভা থাকিব লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ওদালগুৰি জিলা আৰছুৰ সভাপতি হেমেন ৰাভাওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহল্যা ৰাভাৰ লগতে ওদালগুৰি জিলা বাইখৌ সমিতিৰ সম্পাদক লহিত মেজেমব্ৰাই লগতে প্ৰসন্ন ৰাভা,।অন্তিম কাৰ্যসূচী মৰ্মে ১২ তাৰিখৰ সন্ধিয়া ৭ বজাৰ পৰা থাকিব সাংস্কৃতিক সন্ধিয়া, “উদ্ধোধন কৰিব কৌতুক অভিনেতা বিপুল ৰাভাই আৰু আমন্ত্ৰিত শিল্পী হিচাপে থাকিব ‘বিবি ৰাভা আৰু জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াইসেয়েহে অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁ‌চ দিনিয়া কৰ্মশালাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু অধিক ৰেঙনি কৰি তুলিবলৈ  উদ্যোগতা সকলে  সকলোৰে উপস্থিতিতি কামনা কৰিছে।

সদৌ অসম চেমা ছাত্ৰ সন্থাৰ দাবী

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ে জুৱেল আলি নামৰ পুঁজিপতি ব্যৱসায়ীজনক পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১৬৬ হেক্টৰ ভূমি বেদখল কৰি ৰখাৰ সন্দৰ্ভত যোৱা ২৪ নৱেম্বৰ তাৰিখে ১৫দিনৰ সময়সীমাৰে এখন উচ্ছেদ জাননী প্ৰেৰণ কৰিছিল।উক্ত জাননী সন্দৰ্ভত পাহাৰপুৰ গাঁৱৰ চেমা নগা জনগোষ্ঠীৰ লোকসকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন বিভাগৰ এই জাননী সন্দৰ্ভত সদৌ অসম চেমা ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃত্তি যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।কিয়নো জুৱেল আলি নামৰ ব্যক্তি জনৰ পাহাৰপুৰ অঞ্চলত ব্যক্তিগত ভাৱে মাটি নাই আৰু তেখেতে যি ভূখণ্ডত চাহ বাগিচা স্থাপন কৰিছে উক্ত ভূখণ্ড প্ৰকৃততে  পাহাৰপুৰ অঞ্চলত বসবাস কৰি অহা চেমা নগা লোক সকলৰ পূৰ্বপুৰুষ সকলে জুম খেতি কৰা ভূখণ্ডহে। কেইবাবছৰো জুম খেতি কৰাৰ বাবে এই ভূখণ্ডৰ উৰ্বৰতা হ্ৰাস পোৱাত প্ৰায় ২৫/৩০বছৰ পূৰ্বে উক্ত ভূখণ্ড জুৱেল আলিক লীজ হিচাপেহে চাহ বাগিচা স্থাপন কৰিবলৈ দিয়া হৈছিল কিয়নো সেই সময়ত চেমা নগা লোক সকল চাহ খেতি কৰিব পৰাকৈ আৰ্থিক ভাৱে সক্ষম নাছিল। বৰ্তমান জুৱেল আলিৰ লগত লীজৰ সময়সীমাৰ যি ম্যাদ সেই লীজৰ ম্যাদ শেষ হোৱা বুলিও জানিবলৈ দিয়ে চেমা সকলে। তেখেত সকলে দাবী কৰা অনুযায়ী বন বিভাগে চেমা নগা লোকসকলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ উক্ত ভূখণ্ড জুৱেল আলিৰ দখলীকৃত সংৰক্ষিত বনাঞ্চলৰ  মাটি বুলি জাননী জাৰি কৰাটো ভিত্তিহীন বুলিহে কব বিচাৰে।কিয়নো অসম বন আইন প্ৰণয়ন হোৱাৰ বহু পূৰ্বৰে পৰা এই ভূখণ্ডত চেমা নগা লোক সকলে জুম খেতি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। সেয়েহে বন বিভাগৰ তৰফৰ পৰা জাৰি কৰা জাননী খন অতি সোনকালে প্ৰত্যাহাৰ কৰি উক্ত ভূখণ্ডত উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে। ইয়াৰোপৰি উক্ত ১৬৬ হেক্টৰ মাটিকালিৰে পৰিবেষ্টিত চাহ বাগিচাখন উচ্ছেদ কৰি উক্ত ঠাইত দধিয়া বাসীক সংস্থাপিত কৰাৰ এক ষড়যন্ত্ৰ বুলিহে সন্দেহ ব্যক্ত কৰিছে চেমা লোকসকলে। এই ক্ষেত্ৰত চেমা লোকসকলৰ দধিয়া বাসীৰ প্ৰতি সম্পূৰ্ণ সহানুভূতি আছে যদিও চৰকাৰে এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ দখলীকৃত ভূখণ্ডত আন এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ লোকক সংস্থাপিত কৰি ভাতৃঘাটি সংঘাতৰ সূত্ৰপাত ঘটোৱাৰহে চেষ্টা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।চৰকাৰে যদি এনে ধৰণৰ চিন্তা কৰিছে তেন্তে তাক পৰিহাৰ কৰি এক অবিবাদীত ভূখণ্ডত দধিয়া বাসীক সংস্থাপিত কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ সংগঠনটোৱে এই সমগ্ৰ বিষয়টো সন্নিৱিষ্ট কৰি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি কেইবাঠাইটো স্মাৰক পত্ৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে।