Home Blog Page 2678

অইটছাৰ উদ্যোগত ভেৰগাঁ‌ৱত হাগ্ৰামা মহিলাৰীক ”ভীমবৰ দেউৰী ২০২১ বঁ‌টা” প্ৰদান

সৰ্বভাৰতীয় জনজাতী ছাত্ৰ সন্থা অসম চমুকৈ (AITSAA) অইটছাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভেৰগাঁ‌ও বড়োলেণ্ড গেছ হাউছত প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী দেৱক এই বঁ‌টা প্ৰদান কৰা হয়।উল্লেখ যে জননেতা ভীমবৰ দেউৰীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান জননেতা জনৰ আদৰ্শৰ অনুসৰণে ৰাজনৈতিক প্ৰেক্ষাপথত আগুৱাই যোৱা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰী দেৱৰ সৱল নেতৃত্বক আৰু সমাজসেৱাৰ মহানুভৱতাক সন্মান জনাই সৰ্বভাৰতীয়  জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছায়ে (AITSAA) আজি ভেৰগাঁ‌ৱত জননেতা ভীমবৰ দেউৰী বঁ‌টাৰে মহিলাৰী দেৱক অভিভূত কৰে আৰু লগতে মহিলাৰি দেৱেও উক্ত বটাঁ গ্ৰহণ কৰি সংগঠনটোৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত বিভিন্ন জনগোষ্ঠীৰ লগতে  জনজাতীয় লোকৰ সমস্যা সমাধানৰ হকে সমিল মিলৰে ক্ষিপ্ৰ গতিত একে লগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাকলৈ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে

মহানগৰীত চালক -আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ে।আজিৰে পৰা গুৱাহাটী মহানগৰীত বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। চালক- আৰোহী উভয়ে হেলমেট পৰিধান নকৰাৰ ফলত মুঠ ২৭৭ টা গোচৰ ৰুজু কৰা হয়। হেলমেট পৰিধান নকৰা চালক -আৰোহীৰ পৰা প্ৰায় ৪৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰে।যান- বাহন আইন অনুসৰি ১২৯ ধাৰাৰ অধীনত দুচকীয়া চালক -আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামুলক।

শোকস্তব্ধ ৰৌতা : অনিমেষৰ স্মৃতিত বন্তি প্ৰজ্বলন

যোৰহাট  চহৰৰ মাজমজিয়াত ২৯ নৱেম্বৰৰ দিনা দিন – দূপৰীয়া এদল নৰপিশাচে  তিনিগৰাকীকৈ নিৰ্দোষী লোকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলাই গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰৌতা অঞ্চলটোত থকা সকলো দল সংগঠনে । এই নিৰ্লজ্য নৰপিশাচৰ জঘন্য ঘটনাটোৰ বাবে তেওঁ বৃহত্তৰ ৰৌতা অঞ্চলটোৰ সকলো সন্থা, সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলে শোকস্তব্ধ হৈ পৰাত ১ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত ৰৌতা চাৰিআলিৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত এখন শোক পালনৰ সভা অনুষ্ঠিত হৈ যায় । ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথ আৰু সাধাৰণ সম্পাদক অভিলাষ দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাত ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপৰিও ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ , ৰৌতা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ , ৰৌতা আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰৌতা আঞ্চলিক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আদিকে ধৰি সকলো দল সংগঠনৰ বিষয়ববীয়া সকলে উপস্থিত থাকি অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে । তদুপৰি সভাত উপস্থিত থকা সকলো ৰাইজে একেমুখে দোষীসকলক অতিশীঘ্ৰে কঠোৰৰো কঠোৰ শাস্তি বিহিবলৈ যাতে চৰকাৰে অৱহেলা নকৰে ,তাৰ কাৰণেও তেওঁলোকে দাবী জনায় পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত আৰু আহতক  ক্ষতিপূৰণ দিবলৈও দাবী জনায় ।

দ’ পুখুৰীত আৱদ্ধ পাঁচটা বনৰীয়া হাতী

গোৱালপাৰাৰ লখিপুৰত বুধবাৰে নিশা দূৰ্ভাগ্যক্ৰমে পোৱালীৰ সৈতে পাঁচটা বনৰীয়া হাতী দ’ পুখুৰীত পৰে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ। কিন্তু এতিয়াও হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ।

প্ৰদূষণৰ বাবে দিল্লীৰ বিদ্যালয়সমূহ আকৌ বন্ধ

মহানগৰখনত বৰ্তমান বায়ু প্ৰদূষণৰ স্তৰৰ বাবে দিল্লীৰ সকলো বিদ্যালয় শুক্ৰবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশলৈকে বন্ধ থাকিব বুলি পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ে বায়ুৰ মানদণ্ডৰ অৱনতিৰ মাজত শিশুসকলৰ বাবে শাৰীৰিক শ্ৰেণী পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তক লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ ওপৰত তীব্ৰ সমালোচনা কৰাৰ পিছত এইটো সিদ্ধান্ত লোৱা হৈছে। উচ্চতম ন্যায়ালয়ে বুধবাৰে সুধিছিল যে- ‘প্ৰাপ্তবয়স্কসকলৰ বাবে ঘৰৰ পৰা কাম কাৰ্যকৰী কৰা হ’লে শিশুসকলক কিয় বিদ্যালয়লৈ যাবলৈ বাধ্য কৰা হৈছে?’ শীৰ্ষ ন্যায়ালয়ে এইটোও দৃঢ়তাৰে কৈছিল যে চহৰখনে যোৱা কেইসপ্তাহমানত বায়ুৰ মানদণ্ডত কোনো গুৰুত্বপূৰ্ণ উন্নতি হোৱা নাই।

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কৰ’ণাৰ আতংক

 সাতদিনলৈ বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়। কেৱল বন্ধ কৰাই নহয়, মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে , এই ঘোষণা মহানগৰ প্ৰশাসনৰ।৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খন বন্ধ থাকিব সন্দিকৈ ছোৱালী মহাবিদ্যালয়।সন্দিকৈ ছোৱালী মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

গোলাঘাটত চাওলুং চ্যুকাফাৰ স্থায়ী সমিতিৰ উদ্যোগত চ্যুকাফা দিৱস পালন

 আজি চ্যুকাফা দিবস l সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো  আজি নগৰ খনৰ  মাজমজিয়াত অৱস্থিত  চ্যুকাফা ক্ষেত্ৰত চ্যুকাফা দিৱসট  পালন কৰে । চাওলুং চ্যুকাফা দিৱসৰ স্থায়ী আয়োজক সমিতিৰ উদ্যোগত ,অনুষ্ঠিত হোৱা  এই দিৱসটি  পুৱা পতাকা উত্তোলন কৰি চ্যুকাফাৰ  প্ৰতিমূৰ্তিত বন্তি জ্বলাই তথা মাল্যাৰ্পনে কৰে গোলাঘাট জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই  । ইয়াৰপিছতে প্ৰতিমূৰ্তিৰ সমীপত চ্যুকাফাৰ স্মৃতিত পূজা-অৰ্চনা অনুষ্ঠিত কৰা হয়। ১২২৮ খৃষ্টাব্দৰ  আজিৰ দিনটোতেই মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন ৰজা চাওলুং চ্যুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল।ইয়াৰপিছতে  অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ১২৫৩ খৃষ্টাব্দত চৰাইদেউত অসমৰ প্ৰথমখন ৰাজধানী প্ৰতিষ্ঠা কৰে।প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম ৰাজত্বই এই সুদীৰ্ঘ সময়ছোৱাত বিভিন্ন জাতি-উপজাতিক একত্ৰিত কৰি ৰখাত অভূতপূৰ্ব আগবঢ়াই গৈছে।বৰ অসম গঢ়াত অসম তথা বৃহৎ অসমীয়া জাতি গঢ়াত চ্যুকাফাৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা

ৰঙিয়াৰ বনগাঁওস্থিত অন্যতম শিক্ষানুষ্ঠান পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ বিজ্ঞান শিক্ষক চৈয়দ খোৰচান আলীক তেখেতৰ শিক্ষকতা জীৱনৰ অন্তিম ক্ষণত বিদ্যালয় খনৰ পৰিয়ালবৰ্গই মঙ্গলবাৰে এখন সভা অনুষ্ঠিত কৰি এখন মানপত্ৰ,গামোচা,জাপি আৰু শৰাই আগবঢ়াই বিদায় সম্বৰ্দ্ধনা জনাই। উল্লেখ্যযে ৰঙিয়া কাছাৰী শৌলমাৰীত জন্মগ্ৰহণ কৰা খোৰচান আলী সৰুৰে পৰাই অতি মেধাসম্পন্ন আছিল যাৰ প্ৰমাণ তেওঁ নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পালনেৰে দাঙি ধৰিছিল। ১৯৬১চনৰ ১নৱেম্বৰত জন্মগ্ৰহণ কৰা আলী প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰিও পৰ্যায়ক্ৰমে নলবাৰী কলেজৰ পৰা ১৯৮১চনত বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজুলী নগৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে।শিক্ষকতা জীৱনৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আলীয়ে কেবা বছৰ পৰীক্ষা পৰিষদৰ সহ:সম্পাদক হিচাবে দায়িত্ব পালন কৰাৰ ওপৰিও একেৰাহে দুটাকৈ কাৰ্য্যকালৰ বাবে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰীসন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰু দ্বায়িত্বও পালন কৰিছিল। বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী চৈয়দ খোৰচান আলীৰ বিদায় মুহুৰ্তত আৱেগিক হৈ পৰা দেখা যায়।

নগাঁৱত জাল নোট সহ এজন গ্ৰেপ্তাৰ

নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী মধুপুৰত আজি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই এটা ভাড়াঘৰৰ পৰা জাল নোট সহ এজন লোকক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে পাঁচশ টকীয়া জাল নোটৰ লগতে জাল নোট বনোৱা মেচিন,  কাগজকে ধৰি কেতবোৰ সামগ্ৰীও জব্দ কৰে । জাল নোট ব্যৱসায়ৰে জড়িত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন হৈছে ফাৰুক হুছেইন (৪৫)। ধৃত লোকজনৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত আলিচিঙাত।ফাৰুকে মধুপুৰৰ চাইজুল আৰু আব্দুল কালাম নামৰ লোক দুজনৰ ঘৰ  ভাড়াত লৈ  জাল নোট প্ৰস্ত্তত কৰি  মানুহক প্ৰৱঞ্চনা কৰি আহিছিল । আনহাতে ভাড়াঘৰৰ দুই গৰাকী সম্প্ৰতি  পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে । এই জালনোটৰ চক্ৰটোৱে কৌশেলেৰে মানুহক প্ৰৱঞ্চনা  কৰি অহা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে নগাঁও জিলাত সক্ৰিয় হৈ থকা জালনোটৰ চক্ৰটোৱে ক্ষুদ্ৰ ক্ষুদ্ৰ গোট তৈয়াৰ কৰি তেজপুৰ আৰু লখিমপুৰ জিলাত জালনোটৰ ব্যৱসায় চলাই অহা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।

শ্ৰীমন্ত শংকৰ মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিষয়াৰ  কাৰ্যালয়ৰ অন্তৰ্গত ভাতকুছিস্থিত শ্ৰীমন্ত শংকৰ-মাধৱ কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আৰু শৈক্ষিক পৰিৱেশ সম্পৰ্কীয় সভাখন আজি পূৱা ১০ বজাত অতি  অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈ যায়। উক্ত  শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ ছাদেক আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত নৱাগত আদৰণি সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰ্থনীতি বিভাগৰ প্ৰৱক্তা শিৰাজুল হকে। বিদ্যালয় খনৰ শিক্ষা বিভাগৰ মুৰব্বী প্ৰৱক্তা ৰুমী দাসে ছাত্ৰ-ছাত্ৰীক জীৱনৰ লক্ষ্য, উদ্দেশ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উপদেশ মূলক বক্তব্য আগবঢ়ায়। একেদৰে ইতিহাস বিভাগৰ মুৰব্বী প্ৰবক্তা সামেজ উদ্দিন আহমেদ, ইংৰাজী বিভাগৰ মুৰব্বী প্ৰবক্তা আব্দুল হক আদিয়ে ছাত্ৰ-ছাত্ৰীক আত্মসংযম ৰক্ষা কৰি নিজৰ কৰ্তব্য পালন কৰি সমাজত এজন সুপ্ৰতিষ্ঠিত ব্যাক্তি হিচাপে নিজকে গঢ়াৰ বাবে কৰণীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মূল্যবান ভাষণ আগবঢ়ায়। অনুষ্ঠানটিত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী সকলে গীত- মাত,কবিতা আবৃত্তিৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানৰ শেষত প্ৰীতি চাহমেলৰ আয়োজন কৰা হয় বুলি জানিব পৰা গৈছে।