Breaking

আলোপতিত চৰ চাপৰি কৃষক সমাৰোহ সম্পন্ন

0 2,287

 বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিত  ছচিঅ ইকন’মিক এন্ড ৰুৰেল ডেভেলপমেন্ট এচোছিয়েশ্যন উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত ৩, ৪ আৰু ৫ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম আলোপতি আঞ্চলিক বজাৰ ফকিৰপাৰা প্ৰাংগণত চৰ চাপৰি কৃষক সমাৰোহৰ কালি সামৰণি পৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ছেৰডাৰ সভাপতি  আদম আলীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।ইয়াৰ পিছত বৃক্ষৰোপন, দোৱায়ে মাগফিৰাৎ আৰু সমাজ সেৱা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। দ্বিতীয় দিনা এক বজাৰ পৰা চৰাঞ্চলত পথাৰ শস্যৰ বৈজ্ঞানিক উৎপাদন আৰু চৰাঞ্চলৰ মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা গুণৰ ব্যৱস্থাপনাৰ ওপৰত চৰ চাপৰিৰ কৃষক সকলক প্ৰশিক্ষণ দিয়া হয়। আব্দুল জলিল মণ্ডলে পৰিচালনা কৰা প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাবে উপস্থিত থাকি প্ৰশিক্ষণ দিয়ে আলোপতি মাজৰচৰ কৃষি মহকুমা কাৰ্যালয়ৰ কৃষি বিষয়া পৰীক্ষিত চন্দ্ৰ বায়ন, বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিশেষজ্ঞ, ডঃ পিংকু বৰ্মণ, গোৱাপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিশেষজ্ঞ ড০ হৰিচৰণ কলিতা আৰু গোৱালপাৰা জিলাৰ শস্য সুৰক্ষা বিশেষজ্ঞ উৎপল কুমাৰ ভট্ৰাচাৰ্যই চৰ চাপৰি কৃষক সকলক উন্নত মানৰ শষ্য উৎপাদন প্ৰণালী ,মাটিৰ উৰ্বৰতা শক্তিৰ প্ৰণালী  আদি বিভিন্ন বিষয়ে পৰামৰ্শ   প্ৰদান কৰে । অনুষ্ঠানটোত আলোপতি চৰৰ কৃষক সকল উপস্হিত থাকে। আবেলি তিনি বজাত চৰ চাপৰি কৃষক সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এটি সম্বৰ্ধনা সভ অনুষ্ঠিত হয়। চৰ জ্যোতি শিশু নিকেতনৰ অধ্যক্ষ আলাউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্টিত হোৱা সভাখনত মূখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে পৰীক্ষিত বায়নে । স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকা সভাত ২০ গৰাকী আদৰ্শ কৃষকক ফুলাম গামোচা আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।শেষৰ দিনা দুপৰীয়াত বৃহত্তৰ চৰ চাপৰি অঞ্চলত জৈৱিক কৃষি উৎপাদন শীৰ্ষক আলোচনাচক্ৰ এটি অনুষ্ঠিত হয়। লুইতপৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে সঞ্চালনা কৰা আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নগৰবেৰা বিপিছি কলেজৰ অধ্যাপক আমজাদ হুছেইন, লুইতপৰীয়া কলেজৰ অধ্যাপক ছামচুল আলম ছৰৱাৰ্দী আৰু আব্দুল ওৱাহাব চৌধুৰীয়ে । আবেলি তিনি বজাত ছেৰডাৰ সভাপতি  আদম আলীৰ সভাপতিত্ব মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ইনছাইড এন ইৰ প্ৰতিষ্ঠাপক মূখ্য সম্পাদক আফ্ৰিদা হুছেইনে । ভাষণ প্ৰসংগত মূখ্য অতিথি গৰাকীয়ে কয় যে  ৰাজনৈতিক নেতা সকলে আজি চৰাঞ্চলত বসবাস কৰা লোক সকলক লৈ বিভিন্ন সময়ত কটু মন্তব্য কৰা দেখা যায়। যেতিয়া চৰাঞ্চলৰ লোক সকলে শিক্ষিত হব তেতিয়া এই অপবাদৰ পৰা ৰক্ষা পৰিব। যেতিয়ালৈকে মাতৃ এগৰাকী শিক্ষিত নহয় তেতিয়ালৈকে সমাজ এখন উন্নত নহব। চৰাঞ্চলৰ মহিলা সকলক শিক্ষিত কৰি তুলিবলৈ জনসাধাৰণলৈ আহ্বান জনায় । চৰাঞ্চলত শৈক্ষিক বিপ্লৱ আৰু কৃষি বিপ্লৱ গঢ়ি তুলিব লাগিব বুলি মূখ্য অতিথি গৰাকীয়ে ভাষণত উল্লেখ কৰে ।সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, লুইতপৰীয়া পৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদ, খাৰুপেটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নাজিৰ হুছেইন সৰকাৰ, অভিযন্তা আব্দুল আজিজ, আলোপতি মাজৰচৰ গাওঁ পঞ্চায়তৰ সভাপতি সিৰাজুল হক, আৰু আঞ্চলিক সদস্য সোণাউল্লাহ মণ্ডল প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে । সভাত বিশ্বৰ শীৰ্ষ পদাৰ্থ বিজ্ঞানী ড০ ফাইজুদ্দিন আহমেদক অসম চৰ জ্যোতি বটা প্ৰদান কৰা হয়। বটাঁ গ্ৰহণ বিশিষ্ট বিজ্ঞানী জনে কয় যে আমি মোবাইলৰ সৎ ব্যৱহাৰ কৰিব লাগিব। আমাৰ অভিভাৱক সকলে যদি উদাসীন হয় তেতিয়া হলে আমাৰ ক্ষতি হব, গতিকে আমাৰ অভিভাৱক সকলে সচেতন হব লাগিব । উল্লেখ্য যে সভাত ছেৰডাৰ উদ্যোগত প্ৰকাশ কৰা ফচল নামৰ আলোচনী খন উন্মোচন কৰে বিশিষ্ট সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে। 

Leave A Reply