Breaking

আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

0 2,280

 চাহ জনগোষ্ঠী লোকসকলক বহুজাতিক কোম্পানীয়ে কৰা শোষণ আৰু প্ৰৱঞ্চনাৰ প্ৰতিবাদত আৰু বহুকেইটা সমস্যা সমাধানৰ দাবীত আজি আমগুৰিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে বৰবাম চাহ বাগিচা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।বিশুদ্ধ খোৱাপানী , অনাময়ৰ সুব্যৱস্থা , আবাস গৃহৰ মেৰামতি, স্কুল বাছৰ সু ব্যৱস্থা, খেলপথাৰৰ সুব্যৱস্হা  ক্ৰেচ হাউচ খোলাৰ ব্যৱস্থা অদি বিভিন্ন সমস্যা সমাধানৰ দাবীত আটছাই পুৱা ৭ বজাৰ পৰা দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰ বৰবাম চাহ বাগিচা  প্ৰাথমিক গোটে আমগুৰিৰ বৰবাম চাহবাগিচাৰ মুখ্য কাৰ্য্যালয়ত  প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰি শীঘ্ৰে সমস্যা সমাধানৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে সমস্যা সমুহ ১৫ দিনৰ ভিতৰত সামধানৰ ব্যৱস্থা কৰাৰ নকৰিলে কাৰ্য্যালয় ঘেৰাও দৰে কাৰ্য্যসূচীৰ হুংকাৰ দিয়ে ।

Leave A Reply