Breaking

বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল আন এক অধ্যায়

0 2,252

এজন ভাস্কৰ্য শিল্পী। অসমৰ আগশাৰীৰ ভাস্কৰ্য শিল্পী শিৱ প্ৰসাদ মাৰাৰ আগবাঢ়ি আহিছে বিশ্বানাথৰ পৰ্যটন ক্ষেত্রক নতুন মাত্ৰা দিয়াৰ বাবে। শিল্পী জনে তেওঁৰ জন্মভূমি বিশ্বনাথৰ বৰকুৰা গাঁৱত আৰম্ভ কৰিছে গ্ৰাম্য পৰ্যটনৰ আখৰা। প্ৰায় ৫বিঘা মাটি সামৰি শিল্পী জনে   আৰম্ভ কৰা এই প্ৰকল্পৰ অন্যতম বিষয় হব- ভাস্কৰ্য শিল্প। তাৰ বাবে তেওঁ আৰম্ভ কৰিছে এক বিশেষ পৰিকল্পনা। প্ৰকল্পৰ সমুখ ভাগত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে এটা অডিটেৰীয়াম। লগত এটা আৰ্ট গেলাৰী। ইয়াত প্ৰদৰ্শিত হব শিল্পী গৰাকীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি উলিয়া ভাস্কৰ্য শিল্প। আৰ্ট গেলাৰীত শিশু সকলৰ বাবে গ্ৰহণ কৰা হব বহু কাৰ্যসূচী। ইয়াত শিক্ষাৰ্থীয়ে  লাভ কৰিব পাৰিব ভাস্কৰ্য শিল্পৰ জ্ঞান। শিশু সকলৰ বাবে মুকলি কৰা হব এখন সৰু উদ্যান। শিৱ প্ৰসাদ মাৰাৰৰ পৰিকল্পনা মতে এখন ফল ফল মূলৰ বাগিচাও থাকিব ইয়াত। ইয়াত থাকিব পৰ্যটকৰ থাকিব পৰা ঘৰৰ ব্যৱস্থা। এটা চাং ঘৰ আৰু বহু আকৰ্ষণীয় সমলৰে ৰিজৰ্ট ৰ আৰ্হিত নিৰ্মাণ কৰিব এই প্ৰকল্পত।ইতিমধ্যে গছ পুলি ৰোপন কে ধৰি বহু কাম আগ বঢ়াইছে শিল্পী জনে।শিল্পী জনে আশা কৰা মতে ইয়ালৈ বহু বিদেশী পৰ্যটকৰ আগমন ঘটিব।ইয়াৰ মাধ্যমেদি বিশ্বনাথৰ বিশ্বনাথৰ অন্যান্য পৰ্যটন ক্ষেত্ৰৰ লগতে বিশ্বনাথৰ চাহ পৰ্যটন ক সুদৃঢ় কৰাৰ প্ৰয়াস চলাব বুলি জানিবলৈ দিয়ে শিৱ প্ৰসাদ মাৰাৰে।

Leave A Reply