Breaking

বিন্নাকান্দী আঞ্চলিক ঈদগাহত এনৰেগাৰ আঁচনিত ব্যাপক দুৰ্নীতি!

0 2,243

বিন্নাকান্দী আঞ্চলিক ঈদগাহত earth filling ৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। প্রাপ্ত তথ্য অনুসৰি বিন্নাকান্দী উন্নয়ন খণ্ডৰ অন্তৰ্গত চার্লক গাঁও পঞ্চায়তৰ বিন্নাকান্দী আঞ্চলিক ঈদগাহত তদানীন্তন পঞ্চায়ত সভাপতিৰ কাৰ্যকালৰ ২০১৬-১৭ ভিত্তীয় বর্ষৰ ১৯ লাখ টকীয়া এটি এমজি এনৰেগাৰ আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। একাং‌শ সংবাদ মাধ্যম এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে ঈদগাহ পৰিচালনা সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি মশাইদ আলী আৰু সম্পাদক হবিবুৰ ৰহমানে স্থানীয় ৰাইজৰ উপস্থিতিত সম্বোধন কৰা সংবাদ মেলত কয়- এটা দুষ্ট চক্ৰই আঁচনিৰ ধনৰ পৰা কমিচন নোপোৱাত সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰিছে। লগতে এগৰাকী শিক্ষকৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। যাক লৈ উদ্বগিন্নতা প্ৰকাশ কৰে ঈদ গাহ পৰিচালনা সমিতিয়ে। লগতে কয় -১৯ লাখ টকীয়া আচনিটোৰ ১৩ লাখ টকা বিভাগে মোকলাই দিয়ে । এই ১৩ লাখ টকাত দুৰ্নীতি সম্পৰ্কে যি বাতৰি প্ৰকাশ পাইছে সেইটো সম্পূৰ্ণ মিছা! এনেধৰণৰ দুৰ্নীতি আমাৰ ঈদগাহত হোৱা নাই। ব্লকে দিয়া টকাৰে জৱকার্ডৰ দ্বাৰা সম্পূৰ্ণ কাম কৰা হৈছে । এই কামটো প্রায় চাৰি বছৰ পূর্বৰ। আমি বৰ দুখৰে জনাব বিচাৰো যে- দুষ্ট চক্রই সংবাদ মাধ্যমক ভুল তথ্য যোগান ধৰি শিক্ষক হিলাল উদ্দিন লস্কৰে এই আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰি সমাজত তেখেতক হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা চলোৱাত আমি ঈদগাহ পৰিচালনা সমিতিয়ে গৰিহনা দিছো। এজন সমাজ সেৱক, শিক্ষক হিলাল উদ্দিন লস্কৰ,সমাজ সেৱক হিলাল আহমেদ লস্কৰ আৰু আব্দুছ ছুবুৰ চৌধুৰীৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত ঈদগাহ কমিটিৰ পৰামৰ্শ মতে ঈদগাহৰ উন্নতিৰ পথ আগুৱাই গৈ আছে । তেনে স্থলত ৩ ডিচেম্বৰত প্রকাশি বাতৰিটো সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু গৰিহণাযোগ্য। এনেধৰণৰ ভুল তথ্যৰে প্রকাশিত বাতৰিয়ে আমাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মনত কষ্ট দিছে।  আগলৈ এনে ধৰণৰ বাতৰি প্ৰচাৰ কৰাৰ পূর্বে ঈদ গাহ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক সকলৰ লগত যোগাযোগ কৰি সঠিক তথ্যৰে বাতৰি পৰিবেশন কৰিবলৈ অনুৰোধ জনালো।উল্লেখ্য যে,যমুনামুখ সমষ্টিৰ বিন্নাকান্দী ব্লকৰ চার্লক গাঁও পঞ্চায়তৰ বিন্নাকান্দী আঞ্চলিক ঈদগাহৰ বাবে চাৰি বছৰৰ মান পূৰ্বে এমজি এনৰেগাৰ অধীনত আঁচনিটো আৱন্টন হৈছিল।এটা পক্ষই পৰিচালনা সমিতিৰ সৈতে মিলি কামটো সম্পুৰ্ণ কৰাত আন এটা চক্ৰই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷উল্লেখযোগ্য যে- পুৰ্বৰ তদানীন্তন খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদৰ কাৰ্যকালত বিন্নাকান্দি উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত এম জি এনৰেগা,চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

Leave A Reply