Breaking

ৰঙিয়াত চিআইটিইউৰ সহযোগত ৰন্ধন কৰ্মীৰ বিক্ষোভ

0 31

সমগ্ৰ অসমৰ লগতে শুক্ৰবাৰে ৰঙিয়াতো চিআইটিইউৰ সহযোগত সদৌ অসম কামৰূপ জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ‘ৰন্ধন কৰ্মীৰ ৰাজ্যজোৰা বিক্ষোভ’ কাৰ্য্যসূচী ৰূপায়ন কৰে।

তেওঁলোকে এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ ওচৰত মধ্যাহ্ন ভোজন আঁচনি পুনৰ এনজিঅ’ক দিয়াৰ চক্ৰান্ত বন্ধ কৰাৰ লগতে,বকেয়া মাননি শীঘ্ৰে আদায় দিয়া, ৰন্ধন কৰ্মীৰ কামৰ নিৰপত্তা প্ৰদান কৰা,আচনি কৰ্মীক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া আদি বিভিন্ন দাবী জনাই পৰিবেশ উত্তাল কৰি তোলে।

পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰঙিয়া ৰাজহচক্ৰ বিষয়াৰ দ্বাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Leave A Reply