Breaking

বঙাইগাঁৱত মধ্যাহ্ন ভোজন কৰ্মীৰ প্ৰতিবাদ

0 40

মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণ ৰোধ , ৰন্ধন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা, চৰকাৰী স্বীকৃতি আৰু  মাননী নিয়মীতভাৱে আদায় দিয়াৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ বঙাইগাঁও জিলা সমিতিয়ে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰন্ধন কৰ্মীৰ ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে চিটুৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীৰ জৰিয়তে ৰন্ধন কৰ্মীসকলে মধ্যাহ্ন ভোজন আঁচনি পুনৰ এনজিঅক দিয়াৰ চক্ৰান্তৰ বিৰোধিতা কৰাৰ লগতে বকেয়া মাননী শীঘ্ৰে আদায় দিয়া তথা অন্যান্য দাবী জনায় l কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ কাৰ্যসূচীত জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সভানেত্ৰী, সম্পাদিকাসহ ৰন্ধন কৰ্মীসকলৰ লগতে চিটুৰ কৰ্মী উপস্থিত থাকে।

Leave A Reply