Breaking

নাথ জাতিক অপমান কৰা সহ্য কৰা নহ’ব !

0 45

গহপুৰ মহকুমা তথা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সংযোগী চাৰিলেনযুক্ত পথত  নাথগাঁও হিচাপে স্থাপন কৰা ফলকত কোনো অচিনাক্ত দূবৃত্তই নাথগাঁওৰ ফলকখন কলা ৰঙেৰে মচি উক্ত ঠাইত লিখিলে ঘগৰা বস্তি । ইয়াকেলৈ এতিয়া জাঙুৰখাই উঠিছে নাথ সম্প্ৰদায়ৰ বৃহত্তৰ ৰাইজ ।

এইলৈ আজি সম্প্ৰদায়টোৰ শতাধিকলোক ৰাজপথলৈ ওলাই আহি এনে দুষ্কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নাথজাতিক অপমান কৰা সহ্য কৰা নহব, দূষিক উপযুক্ত শাস্তি প্ৰদান কৰক আদি শ্লগানেৰে পৰিস্থিতি উতপ্ত কৰি তোলাৰ লগতে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

Leave A Reply