Breaking

ভাষাৰ ওজাৰ ওপজা দিনত অন্ধবিশ্বাস-কুসংস্কাৰ বিৰোধী দিৱস

0 91

ইলোৰা বিজ্ঞান মঞ্চ ডুমডুমা শাখাৰ উদ্যোগত আৰু বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক জন্ম দিৱস উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন। হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সমূখত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।

ছহিদ দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ আয়োজনত অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সমূখত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অমৰজিত শইকীয়াই । তাৰ পিছতে অধ্যক্ষ ড০ শইকীয়াৰ পৌৰোহিত্যত আলোচনা সভা অনুষ্ঠিত হয়। আমন্ত্ৰিত বিশিষ্ট আলোচক তথা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ প্ৰণীতা নেওগে হেমচন্দ্ৰ বৰুৱাৰ জীৱনী, অৱদান আৰু তেওঁ প্ৰদৰ্শন কৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী কামবোৰৰ এটি বিৱৰণ ছাত্ৰ-ছাত্ৰীসকলৰ সমূখত দাঙি ধৰে । ইলোৰা বিজ্ঞান মঞ্চৰ শাখা সভাপতি-শিশু বিশেষজ্ঞ ডাঃ বিকে ঘোষ, শাখা সম্পাদক তাৰিনী ডেকা, অৰ্জুন বৰুৱা, অধ্যাপক বিশ্বজিত সোণোৱাল, ছাত্ৰী পম্পী ডেকা আৰু ছাত্ৰ বিপ্লৱ হাজৰিকাই দিৱসটোৰ লগত ৰজিতা খুৱাই নিজ বক্তব্য দাঙি ধৰে । ছাত্ৰদ্বয় বিপ্লৱ হাজৰিকা আৰু ভাস্কৰজ্যোতি মৰাণে একোটি গীত পৰিবেশন কৰি পৰিবেশ জীপাল কৰি তোলে ।

Leave A Reply