Breaking

“আমি মিলিজুলি গান শিকোঁ আহা” শীৰ্ষক গীতৰ উন্মোচনী অনুষ্ঠান

0 2,034

যোৱা ৯ডিচেম্বৰত ওদালগুৰি জিলাৰ মাজবাট অঞ্চলৰ নাহৰঝাৰ স্থিত সঙ্গীত শিল্পী ৰামানুজ বাগৰ ষ্টুডিঅ’ত গীতিকাৰ অৰূপ বৰুৱা ৰচিত আৰু ৰামানুজ বাগৰ সুৰ,সঙ্গীত ব্যৱস্হাপনাৰে শিশু কন্ঠশিল্পী ভাস্বতী পাটোৱাৰী আৰু স্নেহা দত্তই পৰিৱেশন কৰা এটি গীত উন্মোচন কৰা হয়।

উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে মাজবাট ‘ আছা ‘ৰ সম্পাদক গোপাল  গোঁড়ে, উন্মোচন কৰে মাজবাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ গীতা কলিতা লহকৰে। তেওঁ দুগৰাকী শিশুকন্ঠশিল্পীক শিশুগীতটি পৰিৱেশনৰ সুযোগ দি তেওঁলোকক এখন মঞ্চ প্ৰদান কৰাত গীতিকাৰ,সুৰকাৰ আৰু শিল্পীদুগৰাকীৰ অভিভাৱকৰ শলাগ লয়।

অনুষ্ঠানত মাজবাট মহাবিদ্যালয়ৰ উপাধ্যক্ষ মিনতি কলিতা পাটোৱাৰী,অধ্যাপিকা কাবেৰী তালুকদাৰ আৰু অধ্যাপক গোপাল দাহাল তথা ‘ আছা ‘ৰ মাজবাট শাখাৰ সম্পাদক উপস্হিত আছিল।অনুষ্ঠানত গীতিকাৰ অৰূপ বৰুৱা আৰু সুৰকাৰ ৰামানুজ বাগেও গীতটিৰ বিষয়ে দুআষাৰ কয় আৰু সঙ্গীতপ্ৰেমীয়ে মৰমেৰে আকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply