Breaking

শ্বহীদ দ্বীজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ত প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্দ্ধনা

0 1,087

বৃহত্তৰ আমতল ভেৰগাঁৱৰ শ্বহীদৰ নামত উৎসৰ্গিত একমাত্ৰ উচ্চ শিক্ষাৰ স্থল শ্বহীদ দ্বিজেন ভূঞা উচ্চ ইংৰাজী বিদ্যালয়ত  ১০ ডিচেম্বৰত  “অতীত ৰোমন্থন” শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰি প্ৰাক্তন শিক্ষক/শিক্ষয়িত্ৰী সকলৰ সম্বৰ্ধনাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিদ্যালয়খনত প্ৰতিষ্ঠা কালৰে পৰা বিনা বেতনে শিক্ষাদান কৰি প্ৰাদেশীকৰনৰ মূখ নেদেখাকৈ বহু শিক্ষকে আৰ্থিক সংকটত পৰি বিদ্যালয়খন বাদ দিব লগীয়াত পৰিছিল। সেই শিক্ষক সকলক স্মৰণ কৰি  ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আদিৰে সন্মান জনোৱা হয়। উপস্থিত দুগৰাকী প্ৰাক্তন শিক্ষক শ্রী বিশেশ্বৰ চৌহান আৰু নিৰঞ্জন বৰায়ে অতীত ৰোমন্থন কৰি বিদ্যালয়খনত তেখেত সকলৰ কৰ্ম জীৱনৰ সেই সময় চোৱাৰ তিতা মিঠা অনুভব ব্যক্ত কৰে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেবে আঁত ধৰা উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে উপস্থিত আছিল মাজৰৌমাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰনব বৈশ্যদেব । নিজ বক্তব্যত বিদ্যালয়খনৰ এই মহান কাৰ্যৰ ভূয়সী প্ৰসংশা কৰে মুখ্য অতিথি বৈশ্যদেবে আৰু প্ৰধান শিক্ষক গোলোক চন্দ্ৰ বৰাদেৱক ধন্যবাদ জনায়। বিদ্যালয়খনৰ সমুহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰ কান্ত বৰা, শুকদেব শৰ্মা আৰু শৰৎ কাকতিদেবেও অনুষ্ঠানটিত উপস্থিত থাকি সম্বৰ্ধনা অনুষ্ঠানটিৰ গৰীমা বঢাইছিল। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত, বিভিন্ন নৃত্য গীতেৰে অনুষ্ঠানটিৰ শুভা বৰ্ধন কৰিছিল। এই অনুষ্ঠানটিৰ সামৰনিৰ পিছতেই  অঞ্চলটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন বিশেষ সভাও অনুষ্ঠিত হৈ যায়।

Leave A Reply