Breaking

২৪ তম অসম ৰাজ্যিক যোগ প্ৰতিযোগিতাত দৰঙৰ সাফল্য

0 2,056

অসমৰ বিশাল ক্ৰীড়া ক্ষেত্ৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত কামৰূপ মহানগৰ জিলা যোগ সন্থাৰ উদ্যোগত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা ২৪ তম অসম ৰাজ্যিক যোগাসন ক্ৰীড়া  প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে অনুষ্ঠানৰ মূখ্য অতিথি  অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল চন্দ্ৰ বৰাই।

প্ৰতিযোগিতাত ভাৰ্গব কলিতাৰ তত্ত্বাবধানত দৰং জিলাৰ এটি দলে অংশগ্রহণ কৰি  জিলালৈ সুনাম কঢ়িয়াই আনে। প্ৰতিযোগিতাখনত দৰং জিলাৰ ফলাফল সমূহঃযোগাসন প্ৰতিযোগিতা জ্যেষ্ঠ শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ শ্রী ভাৰ্গব কলিতা, ৮ ৰ পৰা ১০ বছৰৰ ছোৱালী শাখাত দৃস্না জে আৰ চন্দা ৪ৰ্থ স্থান, ১০ ৰ পৰা ১২ বছৰৰ ল’ৰাৰ শাখাত তন্ময় গোস্বামী ৪ৰ্থ স্থান আৰু ছোৱালীৰ শাখাত জিমনী ডেকা ৫ম স্থান, ১২ ৰ পৰা ১৪ বছৰৰ ল’ৰাৰ শাখাত সাগৰ ডেকা ৫ম স্থান ,১৪ ৰ পৰা ১৬ বছৰৰ ল’ৰাৰ শাখাত যুটীয়া ভাবে মাধূর্য মধুৰ কাশ্যপ আৰু হৰ্ষজিৎ কলিতা ৪ৰ্থ স্থান,১৮ ৰ পৰা ২১ বছৰৰ ল’ৰাৰ শাখাত মিণ্টু ডেকা ২য় স্থান আৰু ছোৱালীৰ শাখাত অনুষ্কা ঘোষ ৫ম স্থান,২১ ৰ পৰা ২৫ বছৰৰ পুৰুষৰ শাখাত ভাৰ্গব কলিতা ১ম স্থান,৩০ ৰ পৰা ৩৫ বছৰৰ মহিলাৰ শাখাত বৰ্ণালী বড়ো ২য় স্থান,৩৫ ৰ পৰা ৪৫ বছৰৰ মহিলা শাখাত ৰশ্মি শইকীয়া ৬ষ্ঠ স্থান।আৰ্টিষ্টিক যোগকলা শাখাত ভাৰ্গব কলিতা ১ম স্থান আৰু ছোৱালীৰ শাখাত অনুষ্কা ঘোষ ৪ৰ্থ স্থান ,আৰ্টিষ্টিক যোগকলা কণিষ্ঠ শাখাত দৃস্না জে আৰ চন্দা ২য় স্থান লাভ কৰিবলৈ সক্ষম হয়। দৰং জিলাৰ বাবে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এয়া এক ভাল খবৰ বুলিয়ে ক’ব লাগিব।


মঃইন্দাদুল হক

Leave A Reply