Breaking

অনাতাঁৰ শিল্পী তথা বকুলবন বঁটাপ্ৰাপক ডিম্বেশ্বৰ লাহনৰ দেহাৱসান

0 2,134

যোৰহাট জিলাৰ শিমলুগুৰি মৌজাৰ চিন্তামণিগড় লাহন গাঁৱৰ নিৱাসী, অনাতাঁৰ শিল্পী, ২০১৫বৰ্ষৰ বকুলবন বঁটা বিজয়ী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, নাট্যকাৰ, সমাজ সংগঠক, লোকশিল্পী তথা লোকসংগীতৰ সাধক ডিম্বেশ্বৰ লাহনৰ আজি পুৱা তিনি বজাত ৮৫বছৰ বয়সত লাহন গাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটে।

১৯৩৬চনত জন্মলাভ কৰা লাহনে সুদীৰ্ঘকাল শিক্ষকতা কৰি ১৯৯৪চনত লাহন গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত সক্ৰিয় আৰু আন্তৰিকতাৰে জড়িত তথা ১৯৯২ চনত অনাতাঁৰ শিল্পী পেঞ্চন লাভ কৰা প্ৰয়াত লাহনে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ, আকাশবাণী গুৱাহাটী আৰু যোৰহাট কেন্দ্ৰ, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ আদিত দিহানাম, দেহবিচাৰৰ গীত, টোকাৰীগীত, ঘোষা পাঠ আদিৰ লগতে বিভিন্ন লোকসঙ্গীত পৰিৱেশনেৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়। ১৯৯২চনত কৃতী শিক্ষকৰ বঁটা আৰু ২০১৫বৰ্ষত বকুলবন বঁটা লাভ কৰা আৰু ‘দশাৱতাৰ’, ‘শ্ৰীশ্ৰী কৃষ্ণৰ শিশুলীলা আৰু ৰাসলীলা’কে ধৰি ২৫খনকৈ ভাওনাৰ নাট ৰচনা কৰি এগৰাকী নাট্যকাৰ হিচাপেও খ্যাতি লাভ কৰা লাহনৰ মৃত্যুৰ খবৰ আজি পুৱা বিয়পি পৰাৰ লগে-লগে যোৰহাট-শিৱসাগৰ জিলাৰ সীমান্তৱৰ্তী সমগ্ৰ চিন্তামণিগড়-খনামুখ অঞ্চলত শোকৰ ছাঁ পৰে।

বিভিন্ন অনুষ্ঠানৰ লগত জড়িত সমাজসংগঠক গৰাকীৰ মৃত্যত তেখেতৰ বাসগৃহত উপস্থিত হৈ চিন্তামণি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি-সম্পাদক, খনামুখ আঞ্চলিক শ্ৰীশঙ্কৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ বিষয়ববীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জিতু নেওগ, চিন্তামণিগড় শাখা সাহিত্য সভাৰ সভাপতি-সম্পাদক, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, লাহন গাঁও নামঘৰ পৰিচালনা সমিতি, টিপমীয়া গাঁও নামঘৰ পৰিচালনা সমিতি, চিন্তামণিগড় নামঘৰ পৰিচালনা সমিতি, খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰূপন চন্দ্ৰ গগৈ, খনামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়, চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়, জেলেঙীটুপ জনজাতি মধ্য ইংৰাজী বিদ্যালয়, লাহন গাঁও মধ্য ইংৰাজী বিদ্যালয়, খনামুখ মজলীয়া বিদ্যালয়, কাৱৈমাৰী কুমাৰভেটি প্ৰাথমিক বিদ্যালয়, চিন্তামণিগড় সৃষ্টি প্ৰগতি চ’ৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪৯০ নং চিন্তামণি প্ৰাথমিক শাখা, মাধৱদেৱ প্ৰাথমিক শাখা, চিন্তামণিগড় কেৰম সন্থা, ৰূপালীম শিল্পী সমাজ, অসম গণ পৰিষদৰ কেন্দ্ৰীয় কিষাণ মৰ্চাৰ উপ-সভাপতি, খনামুখ-চিন্তামণি সন্মিলিত শঙ্কৰী কৃষ্টি বিকাশ সংঘ, চিন্তামণিগড় যুৱ সংঘকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ বিষয়ববীয়া তথা প্ৰতিনিধি উপস্থিত থাকি তেখেতৰ গুণানুকীৰ্তন কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত লাহনে মৃত্যুৰ সময়ত পত্নী, এজন বিবাহিত পুত্ৰ তথা অনাতাঁৰ শিল্পী জীৱন লাহন, দুগৰাকী বিবাহিত জী, বোৱাৰী, নাতি-নাতিনীকে ধৰি বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে।

Leave A Reply