Breaking

মুছলপুৰৰ বিস্তীৰ্ণ পথাৰত দুশ বিঘাৰো অধিক মাটিত সৰিয়হ বিপ্লৱৰ সূচনা

0 2,340

চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন ৷ এখন যেন হালধীয়া সাগৰ….। চকুৱে ঢুকি নোপোৱালৈকে মাথোঁ হালধীয়া। যি দৃশ্যই এতিয়া হাত বাউল দি মাতিছে সকলোকে। হালধীয়াৰ দৃষ্টিনন্দন পৰিৱেশে আকৰ্ষিত কৰিছে সকলোকে ৷ হালধীয়াত বিলীন হৈছে ভোমোৰা, মৌমাখিও ৷ ৰাজ্যৰ প্ৰতিখন পথাৰেই আচলতে সৰিয়হৰ হালধীয়া ফুলেৰে এতিয়া একোখন হালধীয়া সাগৰত পৰিণত হৈছে। এই হালধীয়া খিনিয়েই এতিয়া বহুতৰ চকু মুখলৈ আনন্দ কঢ়িয়াই আনিছে। 

এইক্ষেত্ৰত বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ বগুলামাৰীৰ খেতিয়ক সকলো পিছ পৰি ৰোৱা নাই। অঞ্চলটোৰ প্ৰতিখন পথাৰ এতিয়া হালধীয়া হৈ জিলিকি পৰিছে ৷ বাৰিষাৰ বানে ধুৱাই নিয়া বগুলামাৰী পথাৰৰ কৃষক ৰাইজক এতিয়া ব্যাপক উৎসাহিত কৰিছে সৰিয়হৰ হালধীয়া ফুলে ৷ বগুলামাৰীৰ কেইগৰাকীমান কৃষকে গাঁঠিৰ ধন ভাঙি কৰা প্ৰচেষ্টাৰ ফচল এই হালধীয়া ৷ প্ৰায় দুশ বিধা মাটিত সৰিয়হ খেতিৰে অঞ্চলটোৰ কৃষক সকলে সৃষ্টি কৰিছে এই কৃষি বিপ্লৱৰ ৷

উল্লেখ্য যে বাৰিষা পানীৰ অভাৱত বগুলামাৰীৰ এই পথাৰখন সম্পৰ্ণৰূপে চন পৰি ৰৈছিল ৷ পথাৰৰ কাষেৰে বৈ যোৱা জানটোৰ কৃষিবান্ধটো বাঢ়নী পানীয়ে উটুৱাই নিয়াত সমগ্ৰ পথাৰখনতে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল ৷ যাৰ বাবে বাৰিষাৰ সংহাৰী বানে নিঃশেষ কৰি অহা অঞ্চলটোৰ কৃষকসকলে ধান খেতি কৰিব নোৱাৰি বিকল্প খেতি হিচাপে সৰিয়হ খেতি কৰিছে ৷ বাৰিষাৰ সময়ত কৃষকসকলৰ বাবে অভিশাপস্বৰূপ হৈ পৰা জানটোৱে এতিয়া খৰালি সময়ত আৰ্শীবাদ হৈ থিয় দিছে । বাৰিষাৰ সময়ত জানটোৱে পথাৰত এৰি থৈ যোৱা পলসুৱা মাটিত কৃষকসকলে কৰা সৰিয়হ খেতি এতিয়া তেওঁলোকৰ বাবে সোণ হৈ জিলিকি উঠিছে । 

এতিয়া সকলোৱে সৰিয়হ খেতিৰে অঞ্চলটোক হালধীয়া কৰি তুলিছে ৷ যিফালে চোৱা যায় সেইফালে হালধীয়া ৷ উক্ত অঞ্চলটোৰ নৈসৰ্গিক শোভা, সৰিয়হ ফুলৰ হালধীয়া বৰণৰ মাজত এক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আগমণ ঘটিছে এতিয়া বহু লোকৰ ৷ বিশেষকৈ হালধীয়া সৰিয়হ ফুলৰ মাজত একপি ফটো উঠিবলৈ উক্ত অঞ্চললৈ আগমণ ঘটিছে বিভিন্নজনৰ ৷ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া মুছলপুৰৰ সমীপৰ বগুলামাৰীৰ দুশ বিঘাৰ বিস্তীৰ্ণ হালধীয়া পথাৰ ৷ কাৰণ হালধীয়া বৰণ লোৱা সৰিয়হৰ নান্দনিক দৃশ্যই কৃষক সকলক আনন্দিত কৰাৰ লগতে মোহাচ্ছন্ন কৰি তুলিছে বাটৰুৱাকো ৷ প্ৰাপ্তিৰ আনন্দই যেন কৃষকসকলৰ দুখৰ বোজাক বহু দূৰলৈ আঁতৰাই নিছে । 

চৰকাৰী কোনো সুবিধা নোপোৱাকৈয়ে কৃষক সকলে নিজৰ গাঁঠিৰ ধন ভাঙি মূৰৰ ঘাম মাটিত পেলাই কৰা কষ্টৰ এই খেতিসমূহ এতিয়া হালধীয়া হৈ জিলিকি পৰাত বহুতৰে চকু মুখত বিৰিঙি উঠিছে আনন্দৰ হাঁহি ৷ অৱশ্যে এইবাৰ পূৰ্বৰ তুলনাত সৰিয়হ খেতিৰ বাবে বতৰো উপযোগী হৈ আছে । যদিহে আৰু এমাহলৈ বৰষুণ নহয় তেন্তে এইবেলি অঞ্চলটোৰ সৰিয়হ খেতি কৰা কৃষকসকলে কিছু পৰিমাণে হ’লেও লাভৱান হোৱাৰ আশা কৰিব পাৰিব বুলি কৃষিকাৰ্যত জড়িত লোকসকলে মত প্ৰকাশ কৰিছে । 

প্ৰাপ্তিৰ আনন্দৰ মাজতে বগুলামাৰীৰ কৃষকসকলে ক্ষোভো প্ৰকাশ কৰিছে বিয়াগোম কৃষি বিভাগৰ বিৰুদ্ধে । কৃষকসকলে শ শ বিঘা মাটিত নিজা খৰচত সৰিয়হ খেতি কৰাৰ বিপৰীতে কৃষি বিভাগৰ পৰা কোনো সাহায্য পোৱা নাই বুলি ব্যক্ত কৰে । যি কি নহওক কৃষিজীৱী ৰাইজৰ আশা,যাতে সফলতাৰে নিজে কষ্ট কৰা সৰিয়হ খেতি সমূহ সোনকালে চপাব পাৰে ৷

দীপাংকৰ বৰুৱা,মুছলপুৰ

Leave A Reply