Home Blog Page 266

Destroys Air Defence System: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম

Destroys Air Defence System: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম
Destroys Air Defence System: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম

অপাৰেচন সিন্দুৰৰ পিছত দেশৰ ১৫খন চহৰত আক্ৰমণৰ চেষ্টা! ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম।(Destroys Air Defence System)অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানে ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু ভাৰতীয় সেনাৰ কার্যত বিফল হ’ল পাকিস্তান। ভাৰতে পাকিস্তানৰ কেইবাঠাইতো ‘এয়াৰ ডিফেন্স চিষ্টেম’ ধ্বংস কৰিছে। বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত এই কথা ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।


পাকিস্তানে বুধবাৰে নিশা আৰু বৃহস্পতিবাৰে পুৱা ভাৰতৰ কেইবাটাও স্থানত থকা সেনা চকীত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াৰ ভিতৰত শ্ৰীনগৰ, পাঠানকোট, অমৃতসৰ, লুধিয়ানা আৰু চণ্ডীগড় অন্যতম। কিন্তু পাকিস্তান সেনাৰ পৰিকল্পনা ব্যৰ্থ হয়। বৃহস্পতিবাৰে পুৱা ভাৰতীয় সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পাকিস্তানৰ লাহোৰকে ধৰি কেইবাঠাইতো এয়াৰ ডিফেন্স ৰাডাৰ চিষ্টেম ধ্বংস হয়। ইয়াৰ বাবে ভাৰতে ‘ইণ্টিগ্ৰেটেড কাউণ্টাৰ ইউ এ এছ গ্ৰীড’ ব্যৱস্থা ব্যৱহাৰ কৰিছে।

ভাৰতৰ আক্ৰমণত বিধ্বস্ত পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম। পাকিস্তানৰ এয়াৰ ডিফেন্স ধ্বংস কৰিলে ভাৰতে। এয়াৰ ডিফেন্স মিছাইল লন্সাৰ ধ্বংস। মিছাইলেৰে ভাৰতে উৰুৱাই দিলে পাক এয়াৰ ডিফেন্স চিষ্টেম।

High Protein: কণী খোৱাৰ প্ৰয়োজন নাই, মচুৰ দাইল হৈছে প্ৰটিনৰ প্ৰকৃত উৎস !

High Protein: কণী খোৱাৰ প্ৰয়োজন নাই, মচুৰ দাইল হৈছে প্ৰটিনৰ প্ৰকৃত উৎস !
High Protein: কণী খোৱাৰ প্ৰয়োজন নাই, মচুৰ দাইল হৈছে প্ৰটিনৰ প্ৰকৃত উৎস !

প্ৰটিনৰ কথা আহিলে বেছিভাগ মানুহৰে মনলৈ প্ৰথমে আহে কণী, মাছ আৰু মাংসৰ কথা। কিন্তু নিৰামিষভোজীৰ বাবেও এটা দাইল আছে যিয়ে প্ৰটিনৰ ক্ষেত্ৰত কণী আৰু মাংসক পৰাস্ত কৰিব পাৰে।(High Protein)

আমি মচুৰ দাইলৰ কথা কৈছোঁ, মচুৰ দাইলত আছে যথেষ্ট পুষ্টি। ১০০ গ্ৰাম সিজোৱা মচুৰ দাইলত প্ৰায় ৯ গ্ৰাম প্ৰটিন থাকে। একে সময়তে দাইলত থকা চৰ্বিৰ পৰিমাণো অতি কম, যাৰ বাবে দাইলক হৃদযন্ত্ৰৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

এটা সিজোৱা কণীত গড়ে ৬ গ্ৰাম প্ৰটিন পোৱা যায়, আনহাতে ১০০ গ্ৰাম কুকুৰা মাংসত প্ৰায় ২০-২৫ গ্ৰাম প্ৰটিন পোৱা যায়। কিন্তু নিৰামিষ মচুৰ দাইলত আঁহ, আইৰণ, ফ’লেট আৰু এন্টিঅক্সিডেন্টও প্ৰচুৰ পৰিমাণে থাকে। এই কাৰণেই হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ই অতি উপকাৰী।

ডায়েবেটিছ আৰু ওজন কমাবলৈও সহায়ক মচুৰ দাইলৰ সহায়ত। মচুৰ দাইলৰ গ্লাইচেমিক ইনডেক্স কম, যিয়ে তেজৰ চেনি স্থিৰ কৰি ৰখাত সহায় কৰে। ভাল পৰিমাণৰ আঁহৰ বাবে ই দীৰ্ঘদিন ধৰি পূৰ্ণতাৰ অনুভৱ দিয়ে, যাৰ ফলত অপ্ৰয়োজনীয় খাদ্যাভ্যাস ৰোধ হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে।

মাছুৰ দালি সাধাৰণ দািি হিচাপে, চূপ বনাই, পৰঠাত ভৰাই খাব পাৰে। ইয়াত নেমু আৰু কিছু সেউজীয়া শাক-পাচলি মিহলা খালে ইয়াৰ পুষ্টি আৰু অধিক বৃদ্ধি হ’ব।

Operation Sindoor: ‘অপাৰেচন সিন্দূৰ’ৰ দিনটোত জন্ম পোৱা এটি কন্যা শিশুৰ নাম ৰাখিলে ‘সিন্দূৰী’

Operation Sindoor: ‘অপাৰেচন সিন্দূৰী’ৰ দিনটোত বিহাৰত জন্ম পোৱা এটি কন্যা শিশুৰ নাম ৰাখিলে ‘সিন্দূৰী’
Operation Sindoor: ‘অপাৰেচন সিন্দূৰী’ৰ দিনটোত বিহাৰত জন্ম পোৱা এটি কন্যা শিশুৰ নাম ৰাখিলে ‘সিন্দূৰী’

‘অপাৰেচন সিন্দুৰ’ৰ সফলতাত সুখী সমগ্ৰ দেশ।(Operation Sindoor)সেই দিনটোতে বিহাৰৰ কাটিহাৰৰ এটা পৰিয়ালত এটি কন্যা সন্তান জন্ম হৈছিল, পৰিয়ালৰ লোকে কন্যা সন্তানটিৰ নাম ৰাখিলে সিন্দূৰী। পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান সম্পূৰ্ণৰূপে ধ্বংস কৰে। এই ঘটনাত এতিয়ালৈকে ৭০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। এই অপাৰেচনত সমগ্ৰ দেশ সুখী আৰু উদযাপন কৰিছে সেনাৰ এই বিজয়।

‘অপাৰেচন সিন্দূৰ’ৰ প্ৰতিধ্বনি কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে শুনা গৈছে। যেতিয়া ভাৰতীয় সেনাই পহলগামত মৃত্যু হোৱা ২৬ জনৰ প্ৰতিশোধ পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলাইছিল, তেতিয়া সমগ্ৰ জাতি আনন্দিত হৈছিল। ‘অপাৰেচন সিন্দূৰ’ শব্দটোৰ সৈতে কিমান ভাৰতীয়সকল জড়িত হৈ পৰিছে তাৰ উদাহৰণ বিহাৰৰ কাটিহাৰত দেখা গ’ল। পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পৰা অনুপ্ৰাণিত হৈ কাটিহাৰৰ এহাল দম্পতীয়ে নিজৰ নৱজাতক কন্যা সন্তানৰ নাম ৰাখিলে ‘সিন্দূৰী’।

যিদিনা ভাৰতীয় সেনাই পাকিস্তানত অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল, সেইদিনা কাটিহাৰৰ নাৰ্চিং হোমত এটি কন্যা সন্তানৰ জন্ম হৈছিল। এই বিশেষ দিনটোৰ স্মৃতিত পৰিয়ালটোৱে নিজৰ কন্যাৰ নাম ৰাখিলে ‘সিন্দূৰী’। পৰিয়ালৰ লোকে কয় যে এই প্ৰাৰম্ভিক জয় আৰু একেদিনাই কন্যা সন্তান জন্ম দিয়াত তেওঁলোক সকলোৱে অত্যন্ত সুখী। সেইবাবেই কুৰ্চেলাৰ বাসিন্দা সন্তোষ মণ্ডল আৰু ৰাখী কুমাৰীয়ে তেওঁলোকৰ নৱজাত কন্যা সন্তানৰ নাম ৰাখিছে সিন্দুৰী।

Rohit Sharma: ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ, কোনে নেতৃত্ব দিব দলক?

Rohit Sharma: ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ, কোনে নেতৃত্ব দিব দলক?
Rohit Sharma: ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাৰ, কোনে নেতৃত্ব দিব দলক?

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰোহিত শৰ্মাৰ। ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে অৱসৰ টীম ইণ্ডিয়াৰ অধিনায়কজনৰ। আই পি এলৰ মাজতে হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৰোহিত শৰ্মাই। আই পি এল শেষ হ’লেই ইংলেণ্ডলৈ যাত্ৰা কৰিব ভাৰত। দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব।(Rohit Sharma)

প্ৰশ্ন এতিয়া ভাৰতীয় ক্ৰিকেটত। ইংলেণ্ডত দলটোক কোনে নেতৃত্ব দিব? ৰোহিত অধিনায়ক হৈ থকাৰ সময়ত দায়িত্ব যশপ্ৰীত বুমৰাহৰ কান্ধত আছিল। তদুপৰি অন্তিমখন বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন টেষ্টত ভাৰতক নেতৃত্ব দিছিল। কিন্তু ইংলেণ্ড ভ্ৰমণৰ বাবে তেওঁক অধিনায়ক হিচাপে দায়িত্ব দিয়াত সন্দেহৰ সৃষ্টি হৈছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন টেষ্টতেই খেলিছিল বুমৰাহে। সেইটোৱে এটা সমস্যাৰ সৃষ্টি কৰিলে। আঘাতপ্ৰাপ্ত , ইংলেণ্ডত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে সেই ৰিস্ক নল’ব। আটাইকেইখন মেচতে খেলা নহ’ব বুমৰাহ। সেইবাবেই হয়তো ব’ৰ্ডে তেওঁক অধিনায়কৰ দায়িত্ব নিদিব পাৰে।

শুভমান, তেওঁক ভাৰতীয় দলৰ ভৱিষ্যত অধিনায়ক হিচাপে বিবেচিত হৈছে। এদিনীয়া ক্ৰিকেটত তেওঁ আছিল ৰোহিতৰ ডেপুটি। শুভমানে আগতে টেষ্টত তিনি নম্বৰ স্থানত খেলিছিল। ৰোহিতৰ অৱসৰৰ লগে লগে এতিয়া মুকলি স্লটত এটা পদ খালী হৈছে। ২৫ বছৰীয়া শুভমানক অধিনায়ক হিচাপে লৈ ব’ৰ্ডে অহা ৮-১০ বছৰলৈ আত্মবিশ্বাসী হ’ব পাৰে। ভৱিষ্যতৰ কথা ভাবি তেওঁলোকে শুভমনক দায়িত্ব দিব পাৰে।

Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !

Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !
Lahore: লাহোৰত একেৰাহে ৩টা বিস্ফোৰণ, ভয়ত কম্পিত পাকিস্তান, মিছাইল আক্ৰমণৰ দাবী !

সমগ্ৰ লাহোৰত চাইৰেন বাজিছে আৰু বন্ধ কৰি দিয়া হৈছে লাহোৰ বিমানবন্দৰ। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।(Lahore)

লাহোৰৰ ৱাল্টন বিমান বন্দৰত মিছাইল আক্ৰমণ, গোপাল নগৰ, নাছিৰাবাদত ৩টা বিস্ফোৰণ বোমা বিস্ফোৰণত ধ্বংসস্তূপত পৰিণত কেইবাটাও বাসগৃহ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানত এক ভয়ৰ পৰিৱেশ। এই সন্দৰ্ভত বহু খবৰ পোহৰলৈ আহিছে। দাবী কৰা হৈছে যে পাকিস্তানৰ লাহোৰত এটাৰ পিছত এটাকৈ তিনিটা বিস্ফোৰণ সংঘটিত হৈছে। বৃহস্পতিবাৰে পুৱা বিস্ফোৰণৰ খবৰ ওলাইছে। স্থানীয় একাংশ সূত্ৰ আৰু ছ’চিয়েল মিডিয়া পোষ্টে ইয়াক মিছাইল আক্ৰমণ বুলি দাবী কৰিছে। ভাৰতৰ অপাৰেচন সিন্দুৰৰ কাৰ্যকলাপৰ পিছত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এই ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি সমগ্ৰ লাহোৰত চাইৰেন বাজি আছে আৰু লাহোৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে।

এতিয়ালৈকে এই বিস্ফোৰণসমূহ পাকিস্তানী বিষয়া বা সেনাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ বুলি নিশ্চিত হোৱা নাই। অৱশ্যে সংবাদ মাধ্যমৰ বাতৰিয়ে নিশ্চিতভাৱে কোৱা হৈছে যে অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে আৰু সাধাৰণ মানুহক ওচৰলৈ অহাত বাধা দিয়া হৈছে। বিস্ফোৰণৰ পিছত লাহোৰত জৰুৰীকালীন ঘোষণাৰ খবৰ পোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত শংকাৰ পৰিৱেশৰ খবৰ পোৱা গৈছে।

ইয়াৰ পূৰ্বে ৭ মে’ত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে জয়ছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা ঘাটিত বিমান আক্ৰমণ চলাইছিল। বাহাৱালপুৰৰ মাৰ্কাজ চুভান আল্লাহ আৰু মুৰিদকেৰ ওপৰতো আক্ৰমণ সংঘটিত হয়। পাকিস্তানে এই আক্ৰমণক যুদ্ধৰ কাৰ্য্য বুলি অভিহিত কৰি প্ৰতিশোধৰ ভাবুকি দিছিল। কিন্তু তেওঁ একো কৰিব নোৱাৰিলে কাৰণ ভাৰতীয় সেনাই সম্পূৰ্ণ সজাগতাৰে পাকিস্তানক উপযুক্ত উত্তৰ দি আছিল।

BLA Attack on PAK Army: পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ, ১৪ জন পাকিস্তানী সেনা জোৱানৰ মৃত্যু

BLA Attack on PAK Army: পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ, ১৪ জন পাকিস্তানী সেনা জোৱানৰ মৃত্যু
BLA Attack on PAK Army: পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ, ১৪ জন পাকিস্তানী সেনা জোৱানৰ মৃত্যু

পাক সেনাৰ বাহনত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ। IEDৰে উৰুৱাই দিলে পাকিস্তানী সেনাৰ বাহন। IEDৰ আক্ৰমণত নিহত পাক সেনাৰ ১৪ জনকা জোৱান।(BLA Attack on PAK Army)

পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশত অশান্তিৰ যথেষ্ট বৃদ্ধি পোৱাৰ লগে লগে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে দুটা সমন্বিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে, য’ত ১৪ জন পাকিস্তানী সেনাৰ জোৱানৰ মৃত্যু হৈছিল। “অপাৰেচন সিন্দুৰ”ৰ অধীনত ভাৰতে নিখুঁত সামৰিক আক্ৰমণৰ কেইঘণ্টামানৰ ভিতৰতে এই কাণ্ড সংঘটিত হৈছিল, যাৰ ফলত ইতিমধ্যে টান হৈ পৰা পাকিস্তানৰ প্ৰতিৰক্ষা যন্ত্ৰৰ ওপৰত হেঁচা আৰু বেছি হৈছিল।

এক চাঞ্চল্যকৰ ঘটনাত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে (বিএলএ) এটা ভিডিঅ’ প্ৰকাশ কৰিছে য’ত বেলুচিস্তানত পাকিস্তানৰ এখন সামৰিক বাহন বিস্ফোৰণ হোৱা দেখা গৈছে। গোটটোৱে দাবী কৰা মতে, আই ই ডি আক্ৰমণৰ ফলত সংঘটিত হোৱা বিস্ফোৰণৰ সময়ত বাহনখনত ১২ জন জোৱান আছিল। এই ভয়ংকৰ ঘটনাৰ দায়িত্ব লই বিএলএই।

পাকিস্তান সেনাৰ এক বিবৃতিৰ উদ্ধৃতিৰে বাতৰি সংস্থা পিটিআইয়ে কয় যে, ‘কাছি জিলাৰ সাধাৰণ অঞ্চল মাচত বেলুচিস্তান লিবাৰেচন আৰ্মীৰ সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ এখন বাহনক ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰৰে লক্ষ্য কৰি লৈছিল।

বিস্ফোৰণত সেনাবাহিনীৰ এখন বাহনত থকা ১৪ জন জোৱান নিহত হয়- ইয়াত বিশেষ অভিযান অধিনায়ক তাৰিক ইমৰাণ আৰু চুবেদাৰ উমৰ ফাৰুকও আছিল। বিস্ফোৰণত বাহনখনো ধ্বংস হয়। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে বিএলএই।

প্ৰায় দুটা দশক ধৰি বেলুচিস্তান অশান্তিৰ মাজত ডুব গৈ আছে, স্থানীয় বেলুচ জনগোষ্ঠীসমূহে ফেডাৰেল চৰকাৰে প্ৰদেশখনৰ চহকী খনিজ সম্পদসমূহ শোষণ কৰাৰ লগতে নিজৰ লোকসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা

Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা
Dinesh Kumar Sharma: পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ শৰ্মা

হে শ্বহীদ তোমাক প্ৰণাম।(Dinesh Kumar Sharma)

পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ ভাৰতীয় সেনা জোৱান দীনেশ কুমাৰ।

পুঞ্চত পাকিস্তানৰ গোলাবৰ্ষণত ছহিদ ভাৰতীয় জোৱান দীনেশ কুমাৰ শৰ্মা।

বুধবাৰে নিশা মৃত্যু হয় ভাৰতীয় সেনাৰ ৫ ফিল্ড ৰেজিমেণ্টৰ জোৱানজনৰ।

দেশজুৰি শোকৰ ছাঁ।

‘OPERATION SINDOOR’ৰ পাছত LoCত অপ্ৰৰোচিত গোলাবৰ্ষণ পাকিস্তানৰ৷

বুধবাৰে নিশা মৃত্যু হয় ভাৰতীয় সেনাৰ ৫ ফিল্ড ৰেজিমেণ্টৰ জোৱানজনৰ৷

watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে

watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে
watermelon farming: তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ আৰ্হি দেখুৱাইছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে

সফলতাৰ বাটত অগ্ৰসৰ হ’বলৈ যে(watermelon farming)পৰিশ্ৰম আৰু একাগ্রতাৰ নিতান্তই প্ৰয়োজন সেয়া পুনৰবাৰ প্ৰমাণিত কৰিছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰী তথা নগাঁৱৰ ভোটাইগাঁও নিবাসী, সমাজকৰ্মী অশোক কুমাৰ বৰাই। “মন কৰিলেই ছন, বাকৰি মাটিতে ধন”- অসমীয়া এই আপ্তবাক্যষাৰকে সৰোগত কৰি বৰাই গাঁওখনৰে গেৰেকী পথাৰৰ ধান খেতি উপযোগী মাটিতে যোৱা বছৰ তৰমুজ খেতি কৰি যথেষ্ঠ লাভবান হৈছিল। তেওঁ জনোৱা মতে, ২০২৪ বৰ্ষত দুবিঘা মাটিত তৰমুজ খেতি কৰি ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাত এইবাৰো প্রায় ৩ বিঘা মাটিত কৰিছে ‘সৰস্বতী’ প্ৰজাতিৰ তৰমুজ খেতি। এইবাৰ বৰ্তমানলৈকে তেওঁ ৫০ কুইণ্টলতকৈও অধিক পৰিমাণৰ তৰমুজ বিক্ৰী কৰিছে আৰু ৪০ কুইণ্টল মান বিক্ৰী কৰিব পৰা যাব বুলি জানিবলৈ দিছে।

যি সময়ত নৱ প্ৰজন্মৰ এচাম অসমীয়া লোকে কৃষিকৰ্মলৈ পিঠি দি চৰম হা-হুমুনিয়াহেৰে দিন নিয়াইছে সেই সময়তে পথাৰৰ মাটি ক্ৰয় কৰি তিনি বছৰমান পূৰ্বে এখন মনোৰম কৃষিফাৰ্ম গঢ়ি তুলি এইগৰাকী লোকে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এইবেলি তৰমুজৰ উপৰি প্ৰায় এবিঘা মাটিত তেওঁ কৰিছে মাইক্ৰ প্ৰজাতিৰ জলকীয়া। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গোবৰ সাৰ ব্যৱহাৰ কৰি তৰমুজ, জলকীয়াৰ উপৰি কিছু পৰিমানে জিকা, ৰঙালাও, কোমোৰা, তিহু, অমিতাকে ধৰি বিভিন্ন পাচলিৰ খেতিও কৰিছে। স্থানীয় কিছু সংখ্যক যুৱকেও বিভিন্ন সময়ত বৰাৰ কৃষিকৰ্মত সহযোগ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। বৰাৰ কৃষি ফাৰ্মত আছে দুটাকৈ বৃহৎ আকাৰৰ পুখুৰী আৰু দুয়োটা পুখুৰীতে আছে বিভিন্ন প্ৰজাতিৰ মাছ।

সময়ত সৌৰশক্তি চলিত মেচিনেৰে পুখুৰী আৰু কৃষি ভূমিত পানী দিয়াৰ ব্যৱস্থাও কৰি লোৱা হৈছে। তেওঁ জনোৱা মতে, যোৱাবাৰ জহা আৰু বৰা ধানৰ খেতিও কৰিছিল আৰু এইবাৰো তৰমুজ খেতিৰ অন্তত ধান খেতিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ইফালে, পোৱালি সহ ৩৫ টাৰো অধিক ছাগলী, একুৰিৰো অধিক হাঁহ, কুকুৰা, পাৰ পালনেৰে নিজকে যথাৰ্থতে এগৰাকী সফল কৃষক তথা পশু পালক হিচাপেও প্ৰমাণিত কৰি সমাজলৈ এক শুভ বার্তা বহন কৰিছে। উল্লেখ্য যে তেওঁৰ এই কৃষি ফাৰ্মখনত বিগত দুটা বছৰে ভাগৱত পাঠ অনুষ্ঠিত কৰি অহাত এক নান্দনিক পৰিৱেশে শ শ ভক্তপ্ৰাণ লোকক সন্মোহিত কৰিবলৈ সক্ষম হৈছে।

Masood Azhar: ময়ো মৰি যোৱা হ’লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু

Masood Azhar: ময়ো মৰি যোৱা হ'লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু
Masood Azhar: ময়ো মৰি যোৱা হ'লে ভাল আছিলঃ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জনৰ মৃত্যু

‘ময়ো মৰি যোৱাই ভাল আছিল’ অপাৰেছন সিন্দুৰত কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহৰৰ পৰিয়ালৰ ১০ জন সদস্যৰ মৃত্যুৰ পিছত সি দিয়া মন্তব্য এয়া। পৰিয়ালক হেৰুৱাই অনুশোচনাত দগ্ধ হৈ পৰিছে এতিয়া মহছুদ আজহাৰ।(Masood Azhar)

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈছে ভাৰতে। আজি পুৱাৰ ভাগত ভাৰতে পাকিস্তান আৰু PoKৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ কৰে। এই আক্ৰমণত বহু সংখ্যক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে।

অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ বাহাৱালপুৰত জইছ-ই-মহম্মদৰ মূল ঘাটি মাৰ্কাজ চুভান আল্লাহৰ ওপৰত ভাৰতীয় বাহিনীয়ে চলোৱা আক্ৰমণত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হৈছে। খবৰ অনুসৰি এই আক্ৰমণত মাছুদ আজহাৰৰ পত্নী, পুত্ৰ আৰু জ্যেষ্ঠ ভগ্নীকে ধৰি সমগ্ৰ পৰিয়ালৰ ১০ জন সদস্য নিহত হয়।

ভাৰতীয় সেনাৰ এই কাৰ্যত মৌলানা কাচিফ আৰু তেওঁৰ পৰিয়াল, মৌলানা আব্দুল ৰাউফৰ ডাঙৰ কন্যা, নাতি আৰু চাৰিটা সন্তানৰ লগতে আপ্পা ছৌদি আৰু তেওঁৰ পৰিয়ালকো হত্যা কৰা হয়। সমগ্ৰ পৰিয়ালটোক হত্যা কৰাৰ পিছত মাছুদ আজহাৰে ক’লে যে মইও মৰি যোৱা হ’লে ভাল আছিল।

পঞ্জাৱৰ ভাৱালপুৰত জেইছ-ই-মহম্মদৰ হেড কুৱাটাৰ আছিল পৰিয়ালটো। সেই হেড কুৱাটাৰ টোকে উৰুৱাই দিয়ে ভাৰতীয় সেনাই।সেই হেড কুৱাটাৰৰ পৰাই আজমল কাছাব,হাফিছ ছৈয়দ দৰে সন্ত্ৰাসক প্ৰশিক্ষণ দিছিল।

Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া

Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া
Vyomika Singh and Sophia Qureshi: অপাৰেচন সিন্দূৰ ব্যোমিকা, ছফিয়া কোন? চৰ্চালৈ আহিছে দুগৰাকী মহিলা বিষয়া

পাকিস্তানত ভাৰতে বিমান আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনা আৰু সেনাই এখন সংবাদমেল অনুষ্ঠিত কৰে। য’ত বিমান আক্ৰমণৰ সৈতে জড়িত তথ্য দিয়া হৈছিল। (Vyomika Singh and Sophia Qureshi) এই তথ্য কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কামাণ্ডোৰ ব্যোমিকা সিঙে দিছে। এই দুগৰাকী মহিলাৰ কিমান শিক্ষা আৰু কিমান অভিজ্ঞতা আছে জানো আহক।

কৰ্ণেল ছফিয়া কুৰেশ্বি ভাৰতীয় সেনাৰ চিগনেল কৰ্পছৰ এগৰাকী সজ্জিত বিষয়া। বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় সেনাৰ এটা দলৰ কামাণ্ড কৰা প্ৰথমগৰাকী মহিলা বিষয়া তেওঁ। ২০১৬ চনত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বহিঃৰাজ্যৰ সামৰিক অনুশীলন ‘এক্সাৰচাইজ ফৰ্চ ১৮’ত ভাৰতীয় দলটোক নেতৃত্ব দিছিল। বিশেষ কথাটো হ’ল অংশগ্ৰহণ কৰা ১৮টা দলৰ ভিতৰত তেওঁ আছিল একমাত্ৰ মহিলা সেনাপতি।

কৰ্ণেল কুৰেশ্বিৰ ঘৰ গুজৰাটৰ আৰু তেওঁ জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী।

উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ বায়ুসেনা যাত্ৰা আৰম্ভ হৈছিল তেওঁৰ শৈশৱৰ সপোনৰ পৰা। স্কুলীয়া দিনৰ পৰাই তেওঁৰ উৰাজাহাজ চলাবলৈ মন গৈছিল। তেওঁৰ নামৰ অৰ্থ – “ব্যোমিকা,” আকাশৰ সৈতে জড়িত – তেওঁৰ আকাংক্ষাক আৰু অধিক গঢ় দিছিল। ব্যোমিকা মানে আকাশত বাস কৰা বা আকাশৰ কন্যা।

তেওঁ নেচনেল কেডেট কৰ্পছ (এনচিচি)ত যোগদান কৰি আৰু পিছলৈ অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰি নিজৰ লক্ষ্যত উপনীত হয়। পৰিয়ালৰ ভিতৰতে সশস্ত্ৰ বাহিনীত যোগদান কৰা প্ৰথমজন ব্যক্তি। ভাৰতীয় বায়ুসেনাত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি লাভ কৰি ২০১৯ চনৰ ১৮ ডিচেম্বৰত উৰণ শাখাত স্থায়ী কমিচন লাভ কৰে।

কৰ্ণেল কুৰেশ্বিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযান (পিকেঅ’)ৰ সৈতেও ছবছৰ সেৱা আগবঢ়াইছে, য’ত কংগোত ৰাষ্ট্ৰসংঘৰ মিছনত উল্লেখযোগ্য কাৰ্যকাল (২০০৬)ও আছে। তেওঁ এবাৰ তেওঁৰ শান্তিৰক্ষা কৰ্তব্যক সংঘাতৰ অঞ্চলত যুদ্ধবিৰতি নিৰীক্ষণ কৰা আৰু মানৱীয় প্ৰচেষ্টাক সমৰ্থন কৰা বুলি অভিহিত কৰিছিল। তেওঁ সেই কাৰ্যক “গৌৰৱৰ মুহূৰ্ত” বুলি অভিহিত কৰে আৰু সশস্ত্ৰ বাহিনীৰ আন মহিলাসকলক “দেশৰ বাবে কঠোৰ পৰিশ্ৰম কৰি সকলোকে গৌৰৱান্বিত কৰিবলৈ” উৎসাহিত কৰে।

উইং কমাণ্ডাৰ সিঙে ২৫০০ ঘণ্টাৰো অধিক সময় উৰা মাৰিছে। তেওঁ জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি কিছুমান কঠিন ভূখণ্ডত হেলিকপ্টাৰ উৰুৱাইছে।