সফলতাৰ বাটত অগ্ৰসৰ হ’বলৈ যে(watermelon farming)পৰিশ্ৰম আৰু একাগ্রতাৰ নিতান্তই প্ৰয়োজন সেয়া পুনৰবাৰ প্ৰমাণিত কৰিছে কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰী তথা নগাঁৱৰ ভোটাইগাঁও নিবাসী, সমাজকৰ্মী অশোক কুমাৰ বৰাই। “মন কৰিলেই ছন, বাকৰি মাটিতে ধন”- অসমীয়া এই আপ্তবাক্যষাৰকে সৰোগত কৰি বৰাই গাঁওখনৰে গেৰেকী পথাৰৰ ধান খেতি উপযোগী মাটিতে যোৱা বছৰ তৰমুজ খেতি কৰি যথেষ্ঠ লাভবান হৈছিল। তেওঁ জনোৱা মতে, ২০২৪ বৰ্ষত দুবিঘা মাটিত তৰমুজ খেতি কৰি ডেৰ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাত এইবাৰো প্রায় ৩ বিঘা মাটিত কৰিছে ‘সৰস্বতী’ প্ৰজাতিৰ তৰমুজ খেতি। এইবাৰ বৰ্তমানলৈকে তেওঁ ৫০ কুইণ্টলতকৈও অধিক পৰিমাণৰ তৰমুজ বিক্ৰী কৰিছে আৰু ৪০ কুইণ্টল মান বিক্ৰী কৰিব পৰা যাব বুলি জানিবলৈ দিছে।
যি সময়ত নৱ প্ৰজন্মৰ এচাম অসমীয়া লোকে কৃষিকৰ্মলৈ পিঠি দি চৰম হা-হুমুনিয়াহেৰে দিন নিয়াইছে সেই সময়তে পথাৰৰ মাটি ক্ৰয় কৰি তিনি বছৰমান পূৰ্বে এখন মনোৰম কৃষিফাৰ্ম গঢ়ি তুলি এইগৰাকী লোকে এক অনন্য নিদৰ্শন দাঙি ধৰিছে। এইবেলি তৰমুজৰ উপৰি প্ৰায় এবিঘা মাটিত তেওঁ কৰিছে মাইক্ৰ প্ৰজাতিৰ জলকীয়া। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে গোবৰ সাৰ ব্যৱহাৰ কৰি তৰমুজ, জলকীয়াৰ উপৰি কিছু পৰিমানে জিকা, ৰঙালাও, কোমোৰা, তিহু, অমিতাকে ধৰি বিভিন্ন পাচলিৰ খেতিও কৰিছে। স্থানীয় কিছু সংখ্যক যুৱকেও বিভিন্ন সময়ত বৰাৰ কৃষিকৰ্মত সহযোগ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হয়। বৰাৰ কৃষি ফাৰ্মত আছে দুটাকৈ বৃহৎ আকাৰৰ পুখুৰী আৰু দুয়োটা পুখুৰীতে আছে বিভিন্ন প্ৰজাতিৰ মাছ।
সময়ত সৌৰশক্তি চলিত মেচিনেৰে পুখুৰী আৰু কৃষি ভূমিত পানী দিয়াৰ ব্যৱস্থাও কৰি লোৱা হৈছে। তেওঁ জনোৱা মতে, যোৱাবাৰ জহা আৰু বৰা ধানৰ খেতিও কৰিছিল আৰু এইবাৰো তৰমুজ খেতিৰ অন্তত ধান খেতিৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ইফালে, পোৱালি সহ ৩৫ টাৰো অধিক ছাগলী, একুৰিৰো অধিক হাঁহ, কুকুৰা, পাৰ পালনেৰে নিজকে যথাৰ্থতে এগৰাকী সফল কৃষক তথা পশু পালক হিচাপেও প্ৰমাণিত কৰি সমাজলৈ এক শুভ বার্তা বহন কৰিছে। উল্লেখ্য যে তেওঁৰ এই কৃষি ফাৰ্মখনত বিগত দুটা বছৰে ভাগৱত পাঠ অনুষ্ঠিত কৰি অহাত এক নান্দনিক পৰিৱেশে শ শ ভক্তপ্ৰাণ লোকক সন্মোহিত কৰিবলৈ সক্ষম হৈছে।