Home Blog Page 268

Mock drills: যুদ্ধ হ’লে কি কৰিব ? হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কি কৰিব…?

Mock drills: যুদ্ধ হ’লে কি কৰিব ?
Mock drills: যুদ্ধ হ’লে কি কৰিব ?

যুদ্ধ হ’লে কি কৰিব? সাধাৰণ নাগৰিকৰ(Mock drills) মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত অনুশীলনৰ নিৰ্দেশ অমিত শ্বাহৰ। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কেইবাখনো ৰাজ্যক জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্রস্তুত হ’বলৈ অনুশীলন চলাবলৈ নির্দেশ দিছে৷ এক প্ৰতিবেদন অনুসৰি সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে। পেহলগামৰ কাণ্ডৰ পিছত পাকিস্তানৰ সৈতে হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি চলাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যক অনুশীলন চলাবলৈ নিৰ্দেশ দিছে। ৰাজ্যসমূহক ৭ মে’ বুধবাৰে এই অনুশীলন চলাবলৈ কোৱা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা সপ্তাহত নৌসেনা আৰু বায়ুসেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হয়। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰিছে যে প্ৰধানমন্ত্ৰীয়ে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজত প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে। প্ৰসংগক্ৰমে তাৰ কিছু সময়ৰ পিছতে অমিত শ্বাহৰ মন্ত্ৰালয়ে কেইখনমান ৰাজ্যক এই অনুশীলন চলাবলৈ নিৰ্দেশ দিয়ে।গৃহ মন্ত্ৰালয়ে বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন ব্যৱস্থা সক্ৰিয় কৰা, নাগৰিকক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ ভূমিকা, হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ দ্ৰুত উদ্ধাৰ অভিযান চলাব আদি বিষয়ৰ ওপৰত অনুশীলন চলাবলৈ অনুৰোধ জনাইছে। প্ৰসংগক্ৰমে দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলায়।

সেই সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ আলোকিত বস্তু বা পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া হৈছিল। সাধাৰণতে যুদ্ধৰ সময়ত শত্ৰুৰ মনোযোগ এৰাই চলিবলৈ বা শত্ৰুৰ বায়ুসেনাক বিভ্ৰান্ত কৰিবলৈ লাইট বন্ধ কৰি বৃহৎ অঞ্চল ব্লেকআউট কৰা হয়। ইতিমধ্যে যোৱা ২২ এপ্ৰিলৰ পৰা সীমান্ত অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।দেওবাৰে নিশা ‘ব্লেকআউট’ ড্ৰিলৰ পিছত বাসিন্দাসকল স্বাভাৱিকতে অধিক সতৰ্ক হৈ পৰিছে।পে্হলগামৰ কাণ্ডৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল সন্ত্ৰাসবাদীকে নহয়, সন্ত্ৰাসবাদক সমৰ্থন কৰাসকলকো চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাৰ্তা প্ৰদান কৰিছে।

তেওঁৰ ভাষাত “বন্দুকৰ ট্ৰিগাৰ টানিলে আৰু সেই ষড়যন্ত্ৰত জড়িত – কাকো ৰেহাই দিয়া নহ’ব!” লগতে কয় যে ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি তীব্ৰ সঁহাৰি দিব। মই বিশ্বাস কৰোঁ যে পহলগাম কাণ্ডই প্ৰতিজন ভাৰতীয়ৰ তেজ উতলিবলৈ ধৰিছে।” পহলগাঁও সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও আশ্বাস দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। দেওবাৰে দিল্লীত আয়োজিত সাংস্কৃতিক সজাগতা মহোৎসৱত ভাষণ দি ৰাজনাথ সিঙে কয় যে আপুনি আমাৰ প্ৰধানমন্ত্ৰীক চিনি পায়, তেওঁৰ কৰ্মশৈলী আৰু দৃঢ়তাৰ সৈতে সকলোৱে পৰিচিত। “মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আপোনালোকে যি বিচাৰে সেয়া নিশ্চিতভাৱে হ’ব।”


ৰাজনাথ সিঙে লগতে দাবী কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে পহলগাঁও আক্ৰমণক তীব্ৰ সঁহাৰি দিয়াটো তেওঁৰ দায়িত্ব। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মোৰ দায়িত্ব হৈছে সীমান্ত সুৰক্ষিত কৰাৰ বাবে সামৰিক বাহিনীৰ সৈতে কাম কৰা আৰু আমাৰ দেশক আক্ৰমণ কৰিবলৈ সাহস কৰাসকলক উপযুক্ত উত্তৰ দিয়া।

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ
pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে(pahalgam terror attack)বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ। জাৰ্মান বিমান সংস্থা লুফথানছাই পাইলটসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিবলৈ কয়। ফলত বিমান সংস্থাটোৰ বিমানসমূহে এছিয়াৰ কেইবাখনো দেশলৈ যাবলৈ অতিৰিক্ত সময় লৈছে। ব্ৰিটিছ এয়াৰৱেজ, ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স, এয়াৰ ফ্ৰান্স আৰু এমিৰেটছৰ দিল্লীলৈ যোৱা বিমানসমূহে পাকিস্তানক বাইপাছ কৰি সামান্য উত্তৰ দিশত ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এয়াৰ ফ্ৰান্সে পাকিস্তানৰ ওপৰেৰে উৰাজাহাজ চলাব নোৱাৰাৰ সিদ্ধান্ত লৈছে। যদিও ব্ৰিটিছ এয়াৰৱেজে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, তথাপিও তেওঁলোকৰ বিমানেও একে কাৰণতে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে বুলি অনুমান কৰা হৈছে। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দেওবাৰে ফ্ৰেংকফৰ্টৰ পৰা দিল্লী অভিমুখে লুফথানছাৰ এখন বিমান ৰাওনা হয়। নিৰ্ধাৰিত সময়ৰ প্ৰায় এঘণ্টাৰ পিছত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে। পথটো চুটি কৰাৰ সুযোগ পোৱাৰ পিছতো বিমানখনে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছি

বিভিন্ন বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলাৰ সিদ্ধান্তই বহুমুখী প্ৰভাৱ পেলাবলৈ গৈ আছে। বিমানে অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰিবলগীয়া হোৱাত ইন্ধনৰ খৰচ বৃদ্ধি পাইছে। ফলত বিমান ভাড়া বৃদ্ধি হ’ব পাৰে। গন্তব্য স্থানত উপস্থিত হোৱাতো পলম হ’ব পাৰে। আনহাতে পাকিস্তানেও তাৰ ফলত লোকচানৰ সন্মুখীন হৈছে। কাৰণ যেতিয়া এখন বিমান এখন দেশৰ আকাশমাৰ্গৰ মাজেৰে আন এটা গন্তব্যস্থানলৈ উৰি যায়, তেতিয়া সেই দেশখনে নিৰ্দিষ্ট পৰিমাণৰ ধন লাভ কৰে, যাক ‘অভাৰফ্লাইট মাচুল’ বোলা হয়। বিমানখনৰ ওজন আৰু সংশ্লিষ্ট দেশত যাত্ৰা কৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়।পেহলগাম নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া) বিভিন্ন বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে, ইয়াৰ আঁৰৰ কাৰণ কি?টিছ এয়াৰৱেজ আৰু ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্সৰ বিমানে দিল্লীলৈ যোৱাৰ পথত পাকিস্তানক এৰাই চলি কিছু উত্তৰ দিশলৈ ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

জাৰ্মান বিমান সংস্থা লুফথানছাই পাইলটসকলক পৰৱৰ্তী জাননী নিদিয়ালৈকে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিবলৈ কয়। ফলত বিমান সংস্থাটোৰ বিমানসমূহে এছিয়াৰ কেইবাখনো দেশলৈ যাবলৈ অতিৰিক্ত সময় লৈছে। ব্ৰিটিছ এয়াৰৱেজ, ছুইছ ইণ্টাৰনেশ্যনেল এয়াৰলাইন্স, এয়াৰ ফ্ৰান্স আৰু এমিৰেটছৰ দিল্লীলৈ যোৱা বিমানসমূহে পাকিস্তানক বাইপাছ কৰি সামান্য উত্তৰ দিশত ভাৰতত প্ৰৱেশ কৰিছে। ইয়াৰ পিছত আৰব সাগৰৰ ওপৰেৰে দিল্লীত উপস্থিত হৈছে বিমান কেইখন।

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এয়াৰ ফ্ৰান্সে পাকিস্তানৰ ওপৰেৰে উৰাজাহাজ চলাব নোৱাৰাৰ সিদ্ধান্ত লৈছে। যদিও ব্ৰিটিছ এয়াৰৱেজে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, তথাপিও তেওঁলোকৰ বিমানেও একে কাৰণতে পাকিস্তানৰ আকাশমাৰ্গ এৰাই চলিছে বুলি অনুমান কৰা হৈছে। ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দেওবাৰে ফ্ৰেংকফৰ্টৰ পৰা দিল্লী অভিমুখে লুফথানছাৰ এখন বিমান ৰাওনা হয়

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ, ১৯৭১ চনত এনে অনুশীলন চলাইছিল ভাৰতে

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ
Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ

ভাৰতে যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি কৰিছে নেকি?(Mock Drill) এয়াই হৈছে এতিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলত সেই জল্পনা-কল্পনা কেইবাগুণে বৃদ্ধি পালে। পেহলগামৰ আক্ৰমণৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্ক দিনক দিনে অৱনতি ঘটিছে। যোৱা কেইদিনমানৰ পৰা যুদ্ধৰ লক্ষণ দেখা গৈছে। ভাৰতৰ কাম-কাজ চাওক। সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশে সেই জল্পনা-কল্পনা আৰু অধিক বৃদ্ধি কৰে। যুদ্ধৰ জল্পনা-কল্পনাৰ মাজতে সোমবাৰে কেন্দ্ৰই দেশৰ কেইবাখনো ৰাজ্যলৈ নিৰ্দেশ জাৰি কৰে।অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ কেইবাখনো ৰাজ্যক ৭ মে’ বুধবাৰে নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ দিছে।মক ড্ৰিলৰ সময়ত বিমান আক্ৰমণৰ সতৰ্কবাণী ছাইৰেন বজোৱা হ’ব বুলি কোৱা হৈছে।

যুদ্ধকালীন পৰিস্থিতিত নিজকে সুৰক্ষিত কৰিবলৈ সাধাৰণ নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীক প্ৰতিৰক্ষা প্ৰশিক্ষণ দিয়া হ’ব। হঠাতে ব্লেকআউট হ’লে কি কৰিব লাগে, জৰুৰীকালীন পৰিস্থিতিত কেনেকৈ উদ্ধাৰ অভিযান চলাব লাগে, আৰু বহুতো বিষয়ৰ ওপৰতো প্ৰশিক্ষণ দিয়া হ’ব। ইয়াৰ পূৰ্বে দেওবাৰে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ব্লেকআউট ড্ৰিল কৰে।ভাৰত-পাক সম্পৰ্কৰ প্ৰেক্ষাপটত, পহলগাঁও আক্ৰমণৰ পিছত এই নিৰ্দেশনা তাৎপৰ্যপূৰ্ণ। ইয়াৰ পূৰ্বে ভাৰতে শেষবাৰৰ বাবে ১৯৭১ চনত এনে অনুশীলন চলাইছিল।কেন্দ্ৰৰ পৰা এই নিৰ্দেশনা কেন্দ্ৰৰ পৰা স্পষ্ট বাৰ্তা বুলি অৱগত মহলে প্ৰকাশ কৰিছে।

Mock drills: অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা, ক’ত ক’ত হ’ব ?

Mock drills: অসমৰ ২০টা স্থানত হ'ব যুদ্ধৰ আখৰা, ক'ত ক'ত হ'ব ?
Mock drills: অসমৰ ২০টা স্থানত হ'ব যুদ্ধৰ আখৰা, ক'ত ক'ত হ'ব ?

৭ মে’ত দেশজুৰি হ’ব মকড্রিল।(Mock drills)

ৰাজ্যলৈ গৃহমন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশ।

অসমতো হ’ব যুদ্ধৰ আখৰা।

যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা।

অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা।

অসমৰ গুৱাহাটী, ডিগবৈ, দুলীয়াজান, তিনিচুকীয়া, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নুমলীগড়, গোলাঘাট, ৰঙিয়া, নামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, তেজপুৰ, বঙাইগাঁও, ধুবুৰী, দৰং, নাজিৰা, উত্তৰ লখিমপুৰত হ’ব মকড্রিল।

Mock Drills: ৭ মে’ত দেশজুৰি হ’ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

Mock Drills: ৭ মে'ত দেশজুৰি হ'ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা
Mock Drills: ৭ মে'ত দেশজুৰি হ'ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা।(Mock Drills) সাধাৰণ নাগৰিকক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। ৭ মে’ত দেশজুৰি হ’ব মকড্রিল। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ ইংগিত! ২৪ ঘন্টাৰ পিছতেই দেশজুৰি হ’ব যুদ্ধৰ অনুশীলন।দেশৰ ২৪৪ খন জিলাত হ’ব এই মকড্রিল। যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক দিয়া হ’ব প্রশিক্ষণ। আকাশমাৰ্গেৰে আক্ৰমণৰ সময়ত ছাইৰেন বজোৱাৰ নিৰ্দেশ।

পেহেলগাম কাণ্ডৰ প্ৰতিশোধ পূৰণৰ বাবে তৎপৰ ভাৰত। সাধাৰণ জনতাক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। যুদ্ধৰ সময়ত ল’ব লগা প্রস্তুতি সম্পর্কীয় আখৰাৰ নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাক দিয়া হ’ব প্রশিক্ষণ। ‘ব্লেক আউট’ৰ সময়ত ল’ব লগা ব্যৱস্থাৰ হ’ব মকড্রিল।এয়াৰ ৰেইড ছাইৰেনৰো হ’ব প্রশিক্ষণ।


অনুষ্ঠিত হ’ব গৃহ মন্ত্রণালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকো। কেন্দ্রীয় গৃহ সচিবে সকলো ৰাজ্যৰ গৃহ সচিব আৰু ৰাজ্যৰ মুখ্য সচিব সকলৰ সৈতে মিলিত হ’ব বৈঠকত। সকলো ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা। পহলগাম কাণ্ডৰ প্ৰতিশোধ পূৰণৰ বাবে তৎপৰ ভাৰত। কেইবাখনো ৰাজ্যত হ’ব যুদ্ধৰ অনুশীলন শত্রুপক্ষৰ আক্ৰমণৰ সময়ত নাগৰিকক ৰক্ষাৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। সাধাৰণ নাগৰিক, ছাত্র-ছাত্রী আদিক প্রশিক্ষণ দিয়াৰ নিৰ্দেশনা আকাশমাৰ্গেৰে আক্ৰমণৰ সময়ত ছাইৰেন বজোৱাৰ নিৰ্দেশ জম্মু-কাশ্মীৰৰ উপৰিও পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানা আদি সীমান্তৱৰ্তী সকলো ৰাজ্যত বিশেষ তৎপৰতা। ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ দিছে এনে নির্দেশনা।

Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?

Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?
Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?

পেহেলগাম হত্যাকাণ্ডৰ তেৰদিন পিছত ক্ৰেমলিনৰ পৰা ৭ নম্বৰ লোকল্যান মাৰ্গলৈ ফোন আহিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে বুলি সোমবাৰে দাবী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে।(Putin Calls PM Modi)


তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে পাহালগাঁও সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছিল যদিও পাকিস্তানক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰা নাছিল! তেওঁ কয় যে ৰাছিয়াই নতুন দিল্লী আৰু ইছলামবাগ উভয়ৰে সৈতে নিজৰ সম্পৰ্কক মূল্য দিয়ে। তেওঁ লগতে মন্তব্য কৰে যে, “যোৱা সপ্তাহত সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্যা কৰাৰ পিছত কাশ্মীৰ সীমান্তত যি উত্তেজনা গঢ় লৈ উঠিছে, সেই উত্তেজনাক লৈ ৰাছিয়া গভীৰভাৱে চিন্তিত।”ৰণধীৰে কয় যে পহলগাঁও দাঙ্গাৰ দোষী আৰু তেওঁলোকৰ সমৰ্থকসকলক ন্যায়ৰ কাষ চাপিবলৈ পুটিনে মোডীক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্ব আৰু পাৰস্পৰিক বিশেষ আৰু অগ্ৰাধিকাৰ বাণিজ্যৰ প্ৰক্ৰিয়া গভীৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰধানমন্ত্ৰীয়ে বিজয় দিৱসৰ ৮০ বছৰীয়া জয়ন্তী উপলক্ষে পুটিনক শুভেচ্ছা জ্ঞাপন কৰি চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া দ্বিপাক্ষিক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়। সোমবাৰে ক্ৰেমলিনে কয় যে পুটিনে প্ৰধানমন্ত্ৰী মোডীৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে।প্ৰসংগক্ৰমে দ্বিতীয় বিশ্বযুদ্ধৰ অন্তিম পৰ্যায়ত ১৯৪৫ চনৰ ৯ মে’ত জাৰ্মানীৰ নাজী বাহিনীয়ে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ ওচৰত আত্মসমৰ্পণ কৰে। সেই অনুষ্ঠানৰ স্মৃতিত প্ৰতি বছৰে ৰাছিয়াত ৯ মে’ক ‘বিজয় দিৱস’ হিচাপে পালন কৰা হয়। যদিও পুটিনে বিজয় দিৱসৰ ‘ৰাজ্যিক অতিথি’ হ’বলৈ মোডীক আমন্ত্ৰণ জনাইছিল, তথাপিও মস্কোত এইবাৰ তেওঁ আমন্ত্ৰণ গ্ৰহণ কৰিব নোৱাৰিলে।

২২ এপ্ৰিলত পেহলগাম আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি বিভিন্ন বিশ্ব নেতাই এই ঘটনাক তীব্ৰ গৰিহণা দি বিবৃতি প্ৰকাশ কৰিছিল যদিও পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৰকাৰক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰা নাছিল। যোৱা সপ্তাহত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে (যিজন কাকতলীয়াকৈ পহলগাঁও কাণ্ডৰ সময়ত ভাৰতত আছিল) কৈছিল, “আমি আশা কৰিছো যে ভাৰতে এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব যাতে বৃহত্তৰ আঞ্চলিক সংঘাতৰ সৃষ্টি নহয়।” ইতিহাসে দেখুৱাইছে যে ১৯৬৫ আৰু ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধত মস্কোৱে পোনপটীয়াকৈ নতুন দিল্লীৰ কাষত থিয় দিছিল।কিন্তু ছোভিয়েট যুগৰ নীতিৰ পৰিৱৰ্তে এইবাৰ পুটিনে ভাৰসাম্যৰ পথত খোজ দিয়াৰ বাৰ্তা দিলে।

Liver Cirrhosis: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে লিভাৰ চিৰ’ছিছ হয় ?

Liver Cirrhosis: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে লিভাৰ চিৰ’ছিছ হয় ?
Liver Cirrhosis: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে লিভাৰ চিৰ’ছিছ হয় ?

যদি লিভাৰত কোনো সমস্যা হয় তেন্তে সমগ্ৰ শৰীৰৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ শৰীৰত কোনো ধৰণৰ ভিটামিনৰ অভাৱ হ’বলৈ নিদিব।(Liver Cirrhosis) লিভাৰ চিৰ’ছিছ হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত অৱস্থা য’ত যকৃতৰ কলাৰ স্থায়ী ক্ষতি হয়। এই ৰোগ বহু কাৰণত হব পাৰে, যেনে- অত্যধিক মদ্যপান, হেপাটাইটিছ, বা পুষ্টিৰ অভাৱ। বিশেষকৈ কিছুমান ভিটামিনৰ অভাৱত লিভাৰ চিৰ’ছিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

শৰীৰত এই সমূহ ভিটামিনৰ অভাৱ হ’বলৈ নিদিব-

১/ ভিটামিন ডিৰ অভাৱ
যকৃতৰ স্বাস্থ্যৰ বাবে ভিটামিন ডি অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত যকৃত চৰ্বিযুক্ত আৰু প্ৰদাহ হ’ব পাৰে, যাৰ ফলত চিৰ’ছিছ হ’ব পাৰে। সূৰ্যৰ পোহৰ, চৰ্বিযুক্ত মাছ (যেনে ছালমন), কণীৰ কুহুম, দুগ্ধজাত সামগ্ৰী আদি ভিটামিন ডিৰ ভাল উৎস।

২) ভিটামিন ইৰ অভাৱ
ই এক শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে যকৃতক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে। ইয়াৰ অভাৱত যকৃতৰ কোষৰ ক্ষতি হ’ব পাৰে। আলমণ্ড, সূৰ্য্যমুখীৰ গুটি, কচু, এভোকেডোত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে।

৩) ভিটামিন কেৰ অভাৱ
তেজ জমা হোৱা আৰু যকৃতৰ কাৰ্যক্ষমতাৰ বাবে এই ভিটামিন প্ৰয়োজনীয়। ইয়াৰ অভাৱে যকৃতৰ কাৰ্য্যক্ষমতা ব্যাঘাত জন্মাব পাৰে। কচু, ব্ৰকলি, বন্ধাকবি আদি সেউজীয়া পাতৰ শাক-পাচলি ভিটামিন কেৰ উৎকৃষ্ট উৎস।

লিভাৰ চিৰ’ছিছৰ পৰা হাত সাৰিবলৈ কি খাব লাগে?

১) সেউজীয়া শাক-পাচলি: ব্ৰকলি, কচু, কবি আদি শাক-পাচলিয়ে যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে। ইয়াত আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে যকৃতক সুস্থ কৰি ৰাখে।

২) ফল: আপেল, নাচপতি, জামুত থকা এন্টিঅক্সিডেন্টে যকৃতৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে।

৩) গোটা শস্যঃ ওটচ, কুইনোয়া, ব্ৰাউন ৰাইচৰ দৰে গোটা শস্যই হজম শক্তি বৃদ্ধি কৰে আৰু যকৃতৰ ওপৰত চাপ কমায়।

৪) প্ৰটিন ভিত্তিক খাদ্যঃ যকৃত মেৰামতি কৰাত মাছ, কুকুৰা, দাইল সহায়ক হয়। ইয়াৰ উপৰিও চৰ্বিযুক্ত মাছ খালেও ওমেগা-৩ ফেটি এচিড পোৱা যায়।

৫)পানী আৰু বনৌষধি চাহঃ গোটেই দিনটো ৭ৰ পৰা ৮ গিলাচ পানী আৰু গ্ৰীণ টিৰ দৰে পানীয় খালে লিভাৰ হাইড্ৰেটেড হৈ থাকে।

এইবোৰৰ পৰা আঁতৰি থাকক-
মদ, ভজা খাদ্য, প্ৰচেছড খাদ্য পৰিহাৰ কৰক। ইয়াৰ উপৰিও নিয়মীয়া ব্যায়াম আৰু ওজন নিয়ন্ত্ৰণেও যকৃতক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে। সুষম খাদ্য আৰু নিয়মীয়াকৈ পৰীক্ষা কৰিলে লিভাৰ চিৰ’ছিছৰ পৰা হাত সাৰিব পাৰি।

Tuesday Astro Remedies: প্ৰতি মঙলবাৰে কৰক ৫টা কাম, হনুমানৰ আশীৰ্বাদে লৈ যাব সফলতাৰ শিখৰলৈ !

Tuesday Astro Remedies: প্ৰতি মঙলবাৰে কৰক ৫টা কাম, হনুমানৰ আশীৰ্বাদে লৈ যাব সফলতাৰ শিখৰলৈ !
Tuesday Astro Remedies: প্ৰতি মঙলবাৰে কৰক ৫টা কাম, হনুমানৰ আশীৰ্বাদে লৈ যাব সফলতাৰ শিখৰলৈ !

প্ৰতি মঙলবাৰে এই ৫টা কাম কৰক, বজৰংগবলীৰ আশীৰ্বাদত প্ৰতিটো কামেই সফলতাৰ শিখৰলৈ যাব আপোনাক।(Tuesday Astro Remedies)

মঙলবাৰক ভগৱান হনুমানৰ প্ৰতি উৎসৰ্গিত বুলি গণ্য কৰা হয়। সেইবাবে ভক্তসকলে এই দিনটোত বজৰংবলীক বিশেষ পূজা কৰে আৰু লগতে হনুমান চালিছা পাঠ কৰে। কোৱা হয় যে এই দিনটোত যদি হনুমান পূজাৰ লগতে কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া জীৱনৰ দুখ আৰু ভয়ৰ পৰা সকাহ পাব পাৰি। মঙলবাৰৰ কিছু প্ৰতিকাৰৰ বিষয়ে জানো আহক-

মঙলবাৰৰ দিনটো বিশেষ পূজা আৰু উপবাস কৰি ব্যক্তিয়ে শুভ ফল লাভ কৰে। লগতে এই দিনটোত মানুহে হনুমান চালিছা পাঠ কৰে। মঙলবাৰে মানুহে হনুমান মন্দিৰলৈ গৈ বজৰংগবলীলৈ বুণ্ডীয়া প্ৰসাদ আগবঢ়াই জীৱনৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। মঙলবাৰৰ বাবেও এনে কিছুমান ব্যৱস্থাৰ কথা শাস্ত্ৰত উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে জীৱনৰ দুখৰ পৰা সকাহ পাব পাৰে। লগতে জীৱনত সফলতা লাভ কৰি বজৰংগবলীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰি।

১০৮ টা তুলসী পাতত ৰামৰ নাম লিখি ভগৱান হনুমানক অৰ্পণ কৰক। একেৰাহে ৪০টা মঙলবাৰলৈকে এই প্ৰতিকাৰ অনুসৰণ কৰক। এনে কৰি ভগৱান হনুমান সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা ব্যক্তিজনৰ ওপৰত থাকে। যদি আপুনি মঙলবাৰে ভক্তিৰে এই প্ৰতিকাৰ কৰে, তেন্তে হনুমানৰ লগতে ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ লাভ কৰি জীৱনৰ সমস্যাৰ পৰা সকাহ পায়।

হনুমান মন্দিৰলৈ গৈ বজৰংগবলীক বুণ্ডীয়া প্ৰসাদ আগবঢ়োৱাটো অতি ফলদায়ক বুলি বিশ্বাস কৰা হয়। মন্দিৰত প্ৰসাদ আগবঢ়োৱাৰ পিছত শিশুসকলৰ মাজতো বিতৰণ কৰক। প্ৰতি মঙলবাৰে এই প্ৰতিকাৰ কৰিলেই ব্যক্তিজনৰ জীৱনৰ পৰা ঋণাত্মক শক্তি আঁতৰি যাবলৈ আৰম্ভ কৰে আৰু ধনাত্মক শক্তি প্ৰবাহিত হ’বলৈ আৰম্ভ কৰে। বজৰংগবলীক বুণ্ডীয়া প্ৰসাদ আগবঢ়ালে তেওঁৰ আশীৰ্বাদ ব্যক্তিজনৰ ওপৰত থাকে।

মঙলবাৰে পুৱা সোনকালে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। এই দিনটোত ৰঙা বা কেশৰ ৰঙৰ কাপোৰ পৰিধান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছত হনুমান মন্দিৰলৈ গৈ বজৰংবলীক ৰঙা পবিত্ৰ সূতা পিন্ধাই দিব। মঙলবাৰে এই প্ৰতিকাৰ কৰাটো অতি উপকাৰী বুলি বিবেচিত হয়। এনে কৰিলে এজন ব্যক্তিৰ ঘৰ আৰু পৰিয়ালত এক সুখৰ পৰিবেশ সৃষ্টি হয় আৰু তেওঁ দুখৰ পৰা সকাহ পাব পাৰে।

বিশ্বাস কৰা হয় যে মঙলবাৰে হনুমানে গায়ত্ৰী মন্ত্ৰ ‘ওম অঞ্জনেয় বিদ্মহে, বায়ুপুত্ৰ ধীমহি’ জপ কৰে। তন্নো হনুমত প্ৰচোদয়ত। এই এটা মন্ত্ৰ জপ কৰি এজন ব্যক্তিয়ে সকলো চিন্তা আৰু মানসিক চাপৰ পৰা সকাহ পাব পাৰে। লগতে মানসিক শান্তি লাভ কৰি আত্মবিশ্বাস বাঢ়ে। হনুমান গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰি মানুহৰ মনত ভয় নোহোৱা হ’বলৈ আৰম্ভ কৰে আৰু ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি আহিবলৈ আৰম্ভ কৰে। এই দিনটোত হনুমান গায়ত্ৰী মন্ত্ৰ আবৃত্তি কৰি ব্যক্তিজনৰ জীৱনত সফলতাৰ অন্য পথ মুকলি হ’বলৈ আৰম্ভ কৰে।

All Moran Students Union: মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ, মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে: সৰ্বানন্দ সোণোৱাল

All Moran Students Union: মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ
All Moran Students Union: মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ

মৰাণসকলৰ উত্তৰণৰ (All Moran Students Union)যাত্ৰাত সবল ভূমিকা পালন কৰি অহা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ডুমডুমা নগৰ খেলপথাৰত ডুমডুমা আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ ‘গছতলৰ বিহু’ আৰু এহেজাৰগৰাকী আয়তীয়ে পৰিৱেশন কৰা ‘খেৰী’ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সোণোৱালে।(sarbananda sonowal)

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ এটি অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মৰাণ জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়োৱা বিস্তৃত অৰিহণাৰ শলাগ লয় আৰু তেখেতে অসমীয়া জাতীয় জীৱনৰ আদৰ্শস্বৰূপ বডৌচা আৰু বীৰ ৰাঘৱ মৰাণৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰে৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে৷ অতি শৃংখলাবদ্ধভাৱে, আধ্যাত্মিক ধ্যান-ধাৰণাৰে, সাংস্কৃতিক ৰীতি-নীতিৰে এই জনগোষ্ঠীয়ে সমাজ ব্যৱস্থাক শক্তিশালী কৰি তুলিছে৷ এই মহান জনগোষ্ঠীৰ লগত জড়িত সদৌ মৰাণ ছাত্ৰ সন্থাই প্ৰায় ৫৭ বছৰ কাল জনগোষ্ঠীটোৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে আপোচবিহীনভাৱে সবল ভূমিকা পালন কৰি আহিছে তথা অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে অৰিহণা যোগাই আহিছে৷ ইয়াৰ বাবে তেওঁলোক শলাগৰ পাত্ৰ।

অসমৰ জাতীয় জীৱনত মৰাণ জনগোষ্ঠীৰ অৱদান অপৰিসীম।‌ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মৰাণ জনগোষ্ঠীয়ে সদায়েই সবল ভূমিকা লৈ আহিছে। মৰাণসকলৰ অতুলনীয় ত্যাগ, সাহস, বীৰত্ব, দেশপ্ৰেম আৰু কৰ্মসংস্কৃতি জাতিৰ বাবে গৌৰৱৰ প্ৰতীক। মৰাণসকলৰ ঐতিহ্য, কলা-সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে বিজেপি চৰকাৰে শাসনত অহাৰ পৰাই বিশেষ গুৰুত্ব দি কাম কৰি আহিছে। মৰাণসকলৰ অতুলনীয় অৱদানক প্ৰকৃত সন্মান আৰু স্বীকৃতি দিয়া হৈছে। আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত উঠি অহা প্ৰজন্মক আধুনিক ধ্যান-ধাৰণাৰে, বিজ্ঞানসন্মতভাৱে, প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব লাগিব৷ মৰাণ জনগোষ্ঠীৰ যুৱক-যুৱতীৰ যি দক্ষতা, যোগ্যতা, পাৰদৰ্শিতা আৰু দৃঢ়তা আছে, তাৰ প্ৰকৃতাৰ্থত মূল্যাংকন কৰি তেওঁলোকৰ শ্ৰীবৃদ্ধিৰ বাবে নিৰন্তৰে কাম কৰি জনগোষ্ঠীটোক জিলিকাই তোলাৰ প্ৰচেষ্টা আমি আটায়ে গ্ৰহণ কৰা উচিত৷” এই প্ৰসংগতে সৰ্বানন্দ সোণোৱাল ধৰ্ম হুঁচৰি, গছতলৰ বিহুৰ বিশেষত্বৰ কথাও উল্লেখ কৰে৷ শ শ বছৰ ধৰি নিজৰ মহান ঐতিহ্য-পৰম্পৰাক সবলভাবে জীয়াই ৰখা এই মহান জনগোষ্ঠীটোৱে আগন্তুক দিনবোৰত সমগ্ৰ অসম তথা ভাৰতক কৰ্মকুশলতাৰে গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ তেখেতে গছতলৰ বিহুৰ কথা বিশেষভাৱে উল্লেখ কৰি প্ৰকৃতিৰ সুৰক্ষা, সংৰক্ষণ, সংবৰ্ধনৰ জৰিয়তে জৈৱ-বৈচিত্ৰৰ সন্তুলন ৰক্ষাৰ বাবে এই গছতলৰ বিহুৰ বিশেষ তাৎপৰ্য্য আছে বুলি মন্তব্য কৰে৷

এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত মৰাণ জনগোষ্ঠীৰ সকলোকে সক্ৰিয় ভূমিকা পালন কৰি যাবলৈ আহ্বান জনায় সোণোৱালে আৰু যুৱশক্তিৰ সবলীকৰণেৰে এখন শক্তিশালী সমাজ গঢ়াত আগভাগ লৈ অহা সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগৰ বিশেষভাৱে শলাগ লয়।

উক্ত অনুষ্ঠানত লগতে উপস্থিত থাকে বিধায়কদ্বয় শ্ৰী বলীন চেতিয়া আৰু শ্ৰী পোনাকণ বৰুৱা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী অৰুণজ্যোতি মৰাণ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰী ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ অধ্যক্ষ শ্ৰী পুলক গোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী লক্ষ্য কোঁৱৰ, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি শ্ৰী পুলক চেতিয়াৰ উপৰি শ্ৰী কুশকান্ত বড়া, শ্ৰী বিৰিঞ্চি নেওগ, শ্ৰী মূলেন্দ্ৰ মৰাণ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

মঙলদৈত সংবাদমেলত দিলীপ শইকীয়া: “পঞ্চায়ত নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ” । Dilip Saikia

মঙলদৈত সংবাদমেলত দিলীপ শইকীয়া: “পঞ্চায়ত নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ”
মঙলদৈত সংবাদমেলত দিলীপ শইকীয়া: “পঞ্চায়ত নিৰ্বাচন গণতন্ত্ৰৰ উৎসৱ”

মঙলদৈ, ৫ মে’: Dilip Saikia । মঙলদৈত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সোমবাৰে জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেলত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে মত প্ৰকাশ কৰে। সংবাদমেলত তেওঁ কয় যে, পঞ্চায়ত নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ বাবে গণতন্ত্ৰৰ এক উৎসৱৰ দৰে, য’ত ভাৰতীয় জনতা পাৰ্টিয়ে এক সু-সংগঠিত আৰু জনমুখী প্ৰচাৰ অভিযান চলাইছে।

সভাপতি শইকীয়াই উল্লেখ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্যত যেনে শূন্য সহনশীলতাৰ চৰকাৰ চলি আছে, তেনে ভাবেই পঞ্চায়ত স্তৰতো উন্নয়ন আৰু জনসেৱাৰ সৈতে সুস্থ ব্যৱস্থাপনা বজাই ৰখাত দলটোৱে সহায় কৰিব।

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে, বুথ সমিতিৰ সভাপতি সকলৰ পৰা আৰম্ভ কৰি সকলো কৰ্মী আৰু নেতাসকলক ধন্যবাদ জনায়। এনডিএৰ অংশীদাৰ অতুল বৰা, কেশৱ মহন্ত আদি নেতাসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

সংবাদমেলত দিলীপ শইকীয়াই কয় যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত তেওঁ নিজে ৩৮ খন সভাত অংশগ্ৰহণ কৰিছে। এইবাৰ বিজেপিয়ে প্ৰচাৰ অভিযানত গান আৰু সংগীতৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। তেওঁ উল্লেখ কৰে যে, বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰায় এক হাজাৰৰো অধিক নিৰ্বাচনী গীত ব্যৱহাৰ কৰিছে, যি প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিছে।

দিলীপ শইকীয়াই দাবী কৰে, “বিজেপিৰ দৰে সু-সংগঠিত আৰু সৃজনশীল প্ৰচাৰ অন্য কোনো ৰাজনৈতিক দলে কৰিবলৈ সক্ষম হোৱা নাই।”