এজন ৩৫ বছৰীয়া ব্যক্তিৰ পৰৱৰ্তী দহ বছৰত মৃত্যুহোৱাৰ সম্ভাৱনা মাত্ৰ ১.৫ শতাংশ। কিন্তু ৭৫ বছৰ বয়সৰ একেজন মানুহৰ ৮৫ বছৰ হোৱাৰ আগতে মৃত্যুহোৱাৰ সম্ভাৱনা ৪৫ শতাংশ। শতবাৰ্ষিকীসকলে অস্বাভাৱিক আনুবংশিক প্ৰকাৰ বহন কৰিব পাৰে যি জীৱনকাল বৃদ্ধি কৰে, বা তাৰ পৰিৱৰ্তে, তেওঁলোকৰ সাধাৰণ প্ৰকাৰৰ অভাৱ হ’ব পাৰে যাৰ ফলত জীৱনৰ শেষৰ ফালে ৰোগ আৰু দুৰ্বলতা হ’ব পাৰে।৬০ শতাংশতকৈও অধিক শতবাৰ্ষিকীৰ আনুবংশিক পৰিৱৰ্তন আছে যিয়ে জিন সলনি কৰে যি প্ৰাৰম্ভিক জীৱনত বিকাশ নিয়ন্ত্ৰণ কৰে।
হেলমেট পৰিধান নকৰা চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে টীয়ক আৰক্ষী
ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা অনুযায়ী যি সকল লোকে দুচকীয়া বাহনত যাত্ৰা কৰিলে বাইকৰ চালকৰ সমান্তৰালকৈ আৰোহীয়েও হেলমেট পৰিধান কৰাৰ লগতে বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক কৰিছে । ইতিমধ্যে যি সকল বাইক চালক আৰু আৰোহীয়ে হেলমেট পৰিধান নকৰাকৈয়ে বাইক চলাইছে সেই সকল লোকৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ লগতে ১০০০ টকাকৈ জৰিমনা বিহিছে। ৰাজ্য চৰকাৰৰ সেই নিৰ্দেশনা অনুশৰি আজি টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হেলমেট পৰিধান নকৰা আৰু অনুজ্ঞাপত্ৰ নথকাকৈ আৰোহীৰ লোকৰ অভিযানত নামি পৰিল টীয়ক আৰক্ষী।যিসকল লোকে হেলমেট পৰিধান কৰা নাই আৰু অনুজ্ঞাপত্ৰৰ অবিহনে দুচকীয়া বাহন চলাইছে সেই সকলৰ বিৰুদ্ধে টীয়ক আৰক্ষীয়ে ইতিমধ্যে আজিৰ দিনটোত প্ৰায় ১০০ৰো অধিক দুচকীয়া বাহনৰ চালক আৰু আৰোহী অনুজ্ঞাপত্ৰৰ লগতে হেলমেট পৰিধানৰ নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈ চৰকাৰে বান্ধি দিয়া নিৰিখ অনুযায়ী ১০০০ টকাকৈ জৰিমণা বিহিছে। এই অভিযানৰ জৰিয়তে দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পোৱাৰ লগতে ভৱিষ্যতৰ দায়িত্বশীল কৰি তুলিব সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
লামডিঙত আৰম্ভ হৈছে হৰ ঘৰ দস্তক কাৰ্য্যসূচী
সমগ্ৰ ৰাজ্যৰ লগতে লামডিঙত দ্ৰুত গতিত চলিছে স্বাস্থ্য বিভাগৰ হৰ ঘৰ দস্তক অভিযানৰ কাম। বৃহস্পতিবাৰ দিনাই হোজাই জিলা উপায়ুক্তৰ ভেকচিন দিয়াৰ নতুন পদ্ধতি, ভেকচিন নললে বিদ্যুৎ সেবা কৰ্তন কৰি দিয়াৰ নিৰ্দ্দেশ।কভিদ ভেকচিনেশ্বনৰ বাবে হৰ ঘৰ দস্তক কাৰ্যসূচী জিলা উপায়ুক্তৰ। হোজাই জিলাৰ স্বাস্থ্য বিভাগৰ জয়েন্ট ডাইৰেক্টৰ,লামডিঙ F R U চিকিৎসক, নাৰ্চ,আশা কৰ্মী আৰু স্থানীয় বিধায়ক শিবু মিশ্ৰৰ উপস্থিতি লামডিংৰ বিভিন্ন প্ৰান্তত থকা যোনে যোনে ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি লোৱা নাই তেওঁলোকৰ ঘৰত গৈ ভেকচিন প্ৰদান কৰা হয়।
‘অসম দিৱস’ৰ দিনাই কণ্ঠশিল্পী কুসুম কৈলাশক ‘লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি
‘অসম দিৱস’ৰ দিনাই লাংকুৰি দেওশালত কণ্ঠশিল্পী কুসুম কৈলাশক ‘চৰাইদেউ আমাৰ গৌৰৱ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে লাংকুৰী দেওশাল পৰ্যটন ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে৷’চৰাইদেউ আমাৰ গৌৰৱ’, টাই আহোম যুৱ পৰিষদ, তাও ইষ্ট ফাউণ্ডেচন অফ ইণ্ডিজেনাচ পিপল’চ অৱ মুং-ডুন-চুন-খাম, বীৰ লাচিত সেনা আৰু স্থানীয় ৰাইজৰ সহযোগত বৃহস্পতিবাৰে চৰাইদেউৰ দ’লবাগান লাংকুৰি দেওশাল প্ৰাংগণত অসমীয়া জাতিৰ পিতৃ পুৰুষ চাওলুং চুকাফাক স্মৰণ কৰি দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ‘চুক্যাফা দিৱস’।
ৰাভা লোক কৃষ্টিৰ কৰ্মশালাক লৈ ভেৰগাঁও দোংপাৰাত ব্যাপক প্ৰস্তুতি
ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ উদ্যোগত আৰু ভেৰগাঁও আঞ্চলিক ৰাভা সংগঠন সমূহৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কাৰ্যসূচীৰে ভেৰগাঁও দোংপাৰাত চতুৰ্থ বাৰ্ষিক ৰাভা লোক কৃষ্টিৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব যাক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।উল্লেখ্য যে ৰাভা লোক কৃষ্টিৰ ওজা প্ৰয়াত ৰাজেন পামৰ সোঁৱৰণীত বিগত তিনিটা বছৰে ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সহযোগত ৰাভা সকলৰ লোক কৃষ্টিৰ কৰ্মশালা আয়োজন কৰি আহিছে ইয়াৰ পৰিপেক্ষিতত এইবেলিও ৰাভা লোক কৃষ্টি সমূহ জীয়াই ৰখাৰ লগতে বিশ্বৰ দৰবাৰত ৰাভা সকল যে কলা, সাংকৃষ্টিৰ ক্ষ্যত্ৰত কনো গুণে কম নহয় সেয়া নৱ প্ৰজন্মক অৱগত কৰোৱাৰ উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰিছে। অহাঁ ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কৰ্মশালাৰ কাৰ্যসূচী মৰ্মে ৮ তাৰিখ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাতঃ থাকিব পতাকা উদুঙি অৰ্থাৎ পতাকা উত্তোলন, মুখ্য উত্তোলক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি ৰিতুপৰ্ণ ৰাভা, আনহাতে চতুৰ্থ বাৰ্ষিক কৰ্মশালাৰ চাৰিখন পতাকা উত্তোলন কৰিব ক্ৰমে মদন ৰাভা ভেৰগাঁও আঞ্চলিক সদৌ ৰাভা জাতীয় পৰিষদ ARNC ৰ সভাপতিমনোৰঞ্জন ৰাভা ভেৰগাঁও আঞ্চলিক বেবাক ৰাভা ক্ৰৌৰাং ৰুঞ্চুম চমুকৈ BRKRৰ সভাপতিলক্ষ্মী ৰাভা ভেৰগাঁও আঞ্চলিক সদৌ ৰাভা মহিলা পৰিষদ ARWCৰ সভানেত্ৰীজীৱন ৰাভা ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ARSUৰ সভাপতি থাকিব আনহাতে দ্বিতীয় কাৰ্যসূচী মৰ্মে ৮ বজাতঃ ৰাভা কৃষ্টিৰ ওজাঁ প্ৰয়াত ৰাজেন পামৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ মাল্যাৰ্পক হিচাপে থাকিব ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত দেৱ কুমাৰ ৰাভাই। পিছৰ কাৰ্যসূচী মৰ্মে ৯ বজাত কৰ্মশালাৰ উদ্ধোধন কৰিব বিটিআৰ মনোনীত সদস্য হেমন্ত ৰাভাই আৰু থিক ১০ বজাৰ পৰা পাঁচ দিনিয়া কৰ্মশালাৰ সুভাৰম্ভ হ’ব আবেলি ৪-৩০ বজাত দৈনিক কৰ্মশালা সামৰণি লগতে নিতৌ সন্ধিয়া ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব। আনহাতে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী পুৱা ৭-৩০ বজাৰ পৰা আৰদিচিনি বা ভক্তিমূলক প্ৰাৰ্থনা আৰু, ৯ বজাত কৰ্মশালা আৰম্ভ হৈ আবেলি ৪-৩০ বজাত কৰ্মশালা সামৰণি আৰু সন্ধিয়া থিক ৬ বজাত চাতি তীপাককায় বা বন্তি প্ৰজ্বলন থাকিব এনেদৰে নিৰন্তৰ ১১ ডিচেম্বৰ চতুৰ্থ দিনৰ কৰ্মশালালৈ একেধৰণৰ কাৰ্যসূচী থাকিব। কিন্তু অন্তিম দিনা ১২ ডিচেম্বৰ তাৰিখে কাৰ্যসূচী মৰ্মে থাকিব পুৱা ৭-৩০ বজাত আৰদিচিনি, আৰু ৯ বজাত কৰ্মশালা আৰম্ভ হৈ ৪-৩০ বজাত সামৰণি হৈ ৫ বজাত বন্তি প্ৰজ্বলনৰ মুখ্য প্ৰজলক হিচাপে থাকিব ৰাভা হাচং স্বায়ত্ত শাসিদ পৰিষদৰ কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু লগত প্ৰজ্বলক হিচাপে থাকিব কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই। পৰৱৰ্তি কাৰ্যসূচী মৰ্মে সন্ধিয়া ৬ বজাত সম্বৰ্ধনা ও সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে থাকিব মিছন বিৰুৱালাৰ অধ্যক্ষ তথা পদ্মশ্ৰী বঁটাৰে অভিভূত বিৰুৱালা ৰাভাই। আনহাতে বিশিষ্ট অতিথিৰ আসন অলংকৃতি কৰিব সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি প্ৰকাশ ৰাভা সহ মিষ্টাৰ ৱৰ্ড গোলাপ ৰাভা, অন্তৰাষ্ট্ৰীয় খেলুৱৈ বলেন ৰাভাৰ লগতে ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা সহ প্ৰদিপ ৰাভা আৰু দ্বিপজ্যতি ৰাভা থাকিব লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ক্ৰমে ওদালগুৰি জিলা আৰছুৰ সভাপতি হেমেন ৰাভাওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহল্যা ৰাভাৰ লগতে ওদালগুৰি জিলা বাইখৌ সমিতিৰ সম্পাদক লহিত মেজেমব্ৰাই লগতে প্ৰসন্ন ৰাভা,।অন্তিম কাৰ্যসূচী মৰ্মে ১২ তাৰিখৰ সন্ধিয়া ৭ বজাৰ পৰা থাকিব সাংস্কৃতিক সন্ধিয়া, “উদ্ধোধন কৰিব কৌতুক অভিনেতা বিপুল ৰাভাই আৰু আমন্ত্ৰিত শিল্পী হিচাপে থাকিব ‘বিবি ৰাভা আৰু জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াইসেয়েহে অহা ৮ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ পাঁচ দিনিয়া কৰ্মশালাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু অধিক ৰেঙনি কৰি তুলিবলৈ উদ্যোগতা সকলে সকলোৰে উপস্থিতিতি কামনা কৰিছে।
সদৌ অসম চেমা ছাত্ৰ সন্থাৰ দাবী
ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ে জুৱেল আলি নামৰ পুঁজিপতি ব্যৱসায়ীজনক পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১৬৬ হেক্টৰ ভূমি বেদখল কৰি ৰখাৰ সন্দৰ্ভত যোৱা ২৪ নৱেম্বৰ তাৰিখে ১৫দিনৰ সময়সীমাৰে এখন উচ্ছেদ জাননী প্ৰেৰণ কৰিছিল।উক্ত জাননী সন্দৰ্ভত পাহাৰপুৰ গাঁৱৰ চেমা নগা জনগোষ্ঠীৰ লোকসকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন বিভাগৰ এই জাননী সন্দৰ্ভত সদৌ অসম চেমা ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃত্তি যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।কিয়নো জুৱেল আলি নামৰ ব্যক্তি জনৰ পাহাৰপুৰ অঞ্চলত ব্যক্তিগত ভাৱে মাটি নাই আৰু তেখেতে যি ভূখণ্ডত চাহ বাগিচা স্থাপন কৰিছে উক্ত ভূখণ্ড প্ৰকৃততে পাহাৰপুৰ অঞ্চলত বসবাস কৰি অহা চেমা নগা লোক সকলৰ পূৰ্বপুৰুষ সকলে জুম খেতি কৰা ভূখণ্ডহে। কেইবাবছৰো জুম খেতি কৰাৰ বাবে এই ভূখণ্ডৰ উৰ্বৰতা হ্ৰাস পোৱাত প্ৰায় ২৫/৩০বছৰ পূৰ্বে উক্ত ভূখণ্ড জুৱেল আলিক লীজ হিচাপেহে চাহ বাগিচা স্থাপন কৰিবলৈ দিয়া হৈছিল কিয়নো সেই সময়ত চেমা নগা লোক সকল চাহ খেতি কৰিব পৰাকৈ আৰ্থিক ভাৱে সক্ষম নাছিল। বৰ্তমান জুৱেল আলিৰ লগত লীজৰ সময়সীমাৰ যি ম্যাদ সেই লীজৰ ম্যাদ শেষ হোৱা বুলিও জানিবলৈ দিয়ে চেমা সকলে। তেখেত সকলে দাবী কৰা অনুযায়ী বন বিভাগে চেমা নগা লোকসকলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ উক্ত ভূখণ্ড জুৱেল আলিৰ দখলীকৃত সংৰক্ষিত বনাঞ্চলৰ মাটি বুলি জাননী জাৰি কৰাটো ভিত্তিহীন বুলিহে কব বিচাৰে।কিয়নো অসম বন আইন প্ৰণয়ন হোৱাৰ বহু পূৰ্বৰে পৰা এই ভূখণ্ডত চেমা নগা লোক সকলে জুম খেতি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। সেয়েহে বন বিভাগৰ তৰফৰ পৰা জাৰি কৰা জাননী খন অতি সোনকালে প্ৰত্যাহাৰ কৰি উক্ত ভূখণ্ডত উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে। ইয়াৰোপৰি উক্ত ১৬৬ হেক্টৰ মাটিকালিৰে পৰিবেষ্টিত চাহ বাগিচাখন উচ্ছেদ কৰি উক্ত ঠাইত দধিয়া বাসীক সংস্থাপিত কৰাৰ এক ষড়যন্ত্ৰ বুলিহে সন্দেহ ব্যক্ত কৰিছে চেমা লোকসকলে। এই ক্ষেত্ৰত চেমা লোকসকলৰ দধিয়া বাসীৰ প্ৰতি সম্পূৰ্ণ সহানুভূতি আছে যদিও চৰকাৰে এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ দখলীকৃত ভূখণ্ডত আন এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ লোকক সংস্থাপিত কৰি ভাতৃঘাটি সংঘাতৰ সূত্ৰপাত ঘটোৱাৰহে চেষ্টা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।চৰকাৰে যদি এনে ধৰণৰ চিন্তা কৰিছে তেন্তে তাক পৰিহাৰ কৰি এক অবিবাদীত ভূখণ্ডত দধিয়া বাসীক সংস্থাপিত কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ সংগঠনটোৱে এই সমগ্ৰ বিষয়টো সন্নিৱিষ্ট কৰি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি কেইবাঠাইটো স্মাৰক পত্ৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে।
অইটছাৰ উদ্যোগত ভেৰগাঁৱত হাগ্ৰামা মহিলাৰীক ”ভীমবৰ দেউৰী ২০২১ বঁটা” প্ৰদান
সৰ্বভাৰতীয় জনজাতী ছাত্ৰ সন্থা অসম চমুকৈ (AITSAA) অইটছাৰ উদ্যোগত ওদালগুৰি জিলাৰ ভেৰগাঁও বড়োলেণ্ড গেছ হাউছত প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী দেৱক এই বঁটা প্ৰদান কৰা হয়।উল্লেখ যে জননেতা ভীমবৰ দেউৰীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি মহান জননেতা জনৰ আদৰ্শৰ অনুসৰণে ৰাজনৈতিক প্ৰেক্ষাপথত আগুৱাই যোৱা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মহিলাৰী দেৱৰ সৱল নেতৃত্বক আৰু সমাজসেৱাৰ মহানুভৱতাক সন্মান জনাই সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসম চমুকৈ অইটছায়ে (AITSAA) আজি ভেৰগাঁৱত জননেতা ভীমবৰ দেউৰী বঁটাৰে মহিলাৰী দেৱক অভিভূত কৰে আৰু লগতে মহিলাৰি দেৱেও উক্ত বটাঁ গ্ৰহণ কৰি সংগঠনটোৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনত বিভিন্ন জনগোষ্ঠীৰ লগতে জনজাতীয় লোকৰ সমস্যা সমাধানৰ হকে সমিল মিলৰে ক্ষিপ্ৰ গতিত একে লগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰাকলৈ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে
মহানগৰীত চালক -আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ে।আজিৰে পৰা গুৱাহাটী মহানগৰীত বিশেষ অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগে। চালক- আৰোহী উভয়ে হেলমেট পৰিধান নকৰাৰ ফলত মুঠ ২৭৭ টা গোচৰ ৰুজু কৰা হয়। হেলমেট পৰিধান নকৰা চালক -আৰোহীৰ পৰা প্ৰায় ৪৬ হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰে।যান- বাহন আইন অনুসৰি ১২৯ ধাৰাৰ অধীনত দুচকীয়া চালক -আৰোহীয়ে হেলমেট পৰিধান কৰাটো বাধ্যতামুলক।
শোকস্তব্ধ ৰৌতা : অনিমেষৰ স্মৃতিত বন্তি প্ৰজ্বলন
যোৰহাট চহৰৰ মাজমজিয়াত ২৯ নৱেম্বৰৰ দিনা দিন – দূপৰীয়া এদল নৰপিশাচে তিনিগৰাকীকৈ নিৰ্দোষী লোকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলাই গোলাঘাটৰ ছাত্ৰ নেতা অনিমেষ ভূঞাক হত্যা কৰা জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰৌতা অঞ্চলটোত থকা সকলো দল সংগঠনে । এই নিৰ্লজ্য নৰপিশাচৰ জঘন্য ঘটনাটোৰ বাবে তেওঁ বৃহত্তৰ ৰৌতা অঞ্চলটোৰ সকলো সন্থা, সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলে শোকস্তব্ধ হৈ পৰাত ১ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত ৰৌতা চাৰিআলিৰ মাজমজিয়াত অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত এখন শোক পালনৰ সভা অনুষ্ঠিত হৈ যায় । ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথ আৰু সাধাৰণ সম্পাদক অভিলাষ দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই সভাত ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ উপৰিও ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ , ৰৌতা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ , ৰৌতা আঞ্চলিক বড়ো ছাত্ৰ সন্থা, ৰৌতা আঞ্চলিক কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আদিকে ধৰি সকলো দল সংগঠনৰ বিষয়ববীয়া সকলে উপস্থিত থাকি অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে । তদুপৰি সভাত উপস্থিত থকা সকলো ৰাইজে একেমুখে দোষীসকলক অতিশীঘ্ৰে কঠোৰৰো কঠোৰ শাস্তি বিহিবলৈ যাতে চৰকাৰে অৱহেলা নকৰে ,তাৰ কাৰণেও তেওঁলোকে দাবী জনায় পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত আৰু আহতক ক্ষতিপূৰণ দিবলৈও দাবী জনায় ।
দ’ পুখুৰীত আৱদ্ধ পাঁচটা বনৰীয়া হাতী
গোৱালপাৰাৰ লখিপুৰত বুধবাৰে নিশা দূৰ্ভাগ্যক্ৰমে পোৱালীৰ সৈতে পাঁচটা বনৰীয়া হাতী দ’ পুখুৰীত পৰে। ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ। কিন্তু এতিয়াও হাতীকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ ।











