Home Blog Page 275

বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025

বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025
বিজ্ঞান শাখাত ৰাজ্যৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়: প্ৰথমবাৰৰ বাবে ১০০% সাফল্য । HS Results 2025

পশ্চিম কাৰ্বি আংলং, ৩০ এপ্ৰিল: HS Results 2025
অসমৰ পাৰ্বত্য অঞ্চলৰ পৰা অহা এটি গৌৰৱৰ খবৰ। এইবাৰ ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণস্থিত হামৰেণ গাৰ্লছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এক নতুন ইতিহাস গঢ়িছে।

বিদ্যালয় খনৰ অধ্যক্ষ দধিৰাম শৰ্মায়ে জনোৱা অনুসৰি, এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ শতাংশ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মুঠ ৮ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল, যাৰ ভিতৰত ৪ গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে আৰু বাকী ৪ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।

প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:

  • প্ৰিটি টেৰনপী
  • ৰোমেলিন হানচেপী
  • ৰোপজেলি হানচেপী
  • ৰোপথাৰলিন টেৰনপী

দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী:

  • বিৰটিচৈ ইংতিপি
  • অমৰিত চিং তিমুং
  • লাৰটা বেপী
  • মেৰিনা টিচ্চপি

বিদ্যালয়খনৰ এই অভূতপূর্ব সফলতাৰ খবৰ পোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি আনন্দ আৰু গৌৰৱৰ বতৰা ছটিয়াই পৰিছে। অভিভাৱক, শিক্ষক আৰু স্থানীয় বাসিন্দাসকলৰ মাজত আনন্দৰ বন্যা পৰিছে।

অধ্যক্ষ শৰ্মাই কয়, “এই সফলতা বিদ্যালয়খনৰ বাবে এক গৌৰৱৰ খনৰ ৰূপ লৈ আহিছে। ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু শিক্ষকৰ নিঃস্বাৰ্থ সেৱাৰ ফলত এই ফলাফল সম্ভব হৈছে।”

উল্লেখযোগ্য যে, এইবাৰ প্রথমবাৰৰ বাবে হামৰেণ গাৰ্লছ উঃমাঃবিঃৰ বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

২০২৫ চনৰ উচ্চতৰ মাধ্যমিক ফলাফল ঘোষণা: এবাৰতে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰদান । HS Results 2025

গুৱাহাটী, ৩০ এপ্ৰিল: HS Results 2025 । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (AHSEC) আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক (ভোকেচনেল) শাখাৰ পৰীক্ষাৰ্থীৰ ফলাফল একেলগে প্ৰকাশ কৰা হয়।

এইবাৰ মুঠ ৩,০২,৪২০ জন পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। ফলাফল অনুসৰি, কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত ৮৪.৮৮ শতাংশ, বাণিজ্য শাখাত ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ হিচাপে ৰিপোর্ট কৰা হৈছে। পৰিষদে উল্লেখ কৰে যে, যোৱা বৰ্ষতকৈ এইবাৰ সামান্য হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ।

এই বছৰৰ পৰা পৰিষদে নতুন ব্যৱস্থা হিচাপে ঘোষণা কৰে যে, পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে এবাৰতে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট লাভ কৰিব। এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে আৰু বিশেষকৈ ৰাজ্যৰ বাহিৰৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত সময় বচোৱা।

ফলাফল পৰিষদৰ ৱেবছাইটত উপলভ্য কৰি দিয়া হৈছে, য’ত পৰীক্ষাৰ্থীসকলে নিজৰ ৰোল নম্বৰ দিয়েই সহজে ফলাফল পৰীক্ষা কৰিব পাৰে।

পৰিষদৰ অধ্যক্ষই সংবাদ মেলত কয়, “এই নতুন প্ৰদান পদ্ধতিৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে সময়মতে সকলো প্ৰয়োজনীয় নথি সংগ্ৰহ কৰিব পাৰিব আৰু উচ্চ শিক্ষা ক্ষেত্ৰত আগবাঢ়িবলৈ সহজ হ’ব।”

উচ্চতৰ মাধ্যমিক ২০২৫: ফলাফল ঘোষণা, শীৰ্ষস্থানত কোন জিলা?HS Results 2025

HS Results 2025 । অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে ২০২৫ চনৰ উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰত উল্লেখযোগ্য উন্নতি লক্ষ্য কৰা গৈছে।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰৰ ফলাফলত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ।

৯৪.২১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে কলা শাখাত শীৰ্ষস্থান দখল কৰিছে বাক্সা জিলাই। বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত জিলিকিল পশ্চিম কাৰ্বি আংলং জিলা। বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰে দক্ষিণ শালমাৰা জিলাই। আনহাতে, বৃত্তিমূলক শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী আৰু শ্ৰীভূমি জিলা।

যুদ্ধ এখন হ’ব ! প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অজিত ডোভাল, সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী । Modi

যুদ্ধ এখন হ'ব ! প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অজিত ডোভাল, সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী । Modi
যুদ্ধ এখন হ'ব ! প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অজিত ডোভাল, সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী । Modi

২৯ এপ্ৰিল, ২০২৫ঃ Modi । পাকিস্তানৰ সৈতে ভাৰতৰ যিকোনো মুহূৰ্ততে যুদ্ধ এখন হব ! আপাততঃ তেনে ইংগিত পোৱা বুলিয়েই বহুতে এতিয়া কব বিচাৰিছে। জম্মু-কাশ্মীৰৰ পেহলগামত সংঘটিত মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী আৰু এয়াৰ চিফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙো উপস্থিত থাকে।পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা যিকোনো ব্যৱস্থাৰ প্ৰতি বিৰোধী দলসমূহেও সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে।

তেনে পৰিস্থিতিত মোদীয়ে আজি অনুষ্ঠিত কৰা বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে বৈঠকৰ সবিশেষ তথ্য এতিয়াও চৰকাৰে আনুষ্ঠানিকভাবে প্ৰকাশ কৰা নাই। বহুতে এই বুলি চৰ্চা কৰিছে যে পাকিস্তানক এক সমুচিত উত্তৰ দিয়াৰ বাবেই আয়োজন কৰা হৈছে এই বৈঠকৰ।

পেহলগাম নৰসংহাৰৰ প্ৰতিক্ৰিয়া, ভাৰতত ব্লক কৰি দিয়া হ’ল পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ।PAHALGAM TERROR ATTACK

পেহলগাম নৰসংহাৰৰ প্ৰতিক্ৰিয়া, ভাৰতত ব্লক কৰি দিয়া হ'ল পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ।PAHALGAM TERROR ATTACK
পেহলগাম নৰসংহাৰৰ প্ৰতিক্ৰিয়া, ভাৰতত ব্লক কৰি দিয়া হ'ল পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ।PAHALGAM TERROR ATTACK

২৯ এপ্ৰিল,২০২৫ঃ PAHALGAM TERROR ATTACK। কাশ্মীৰৰ পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছতে ভাৰতে পানী বন্ধকে ধৰি পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহলগামত ২৬ জন লোকক অতি নিৰ্মমভাৱে হত্যা কৰা কৰিছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ভাৰতত ব্লক কৰি দিয়া হৈছে ।ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতে জম্মু-কাশ্মীৰত সংঘটিত হোৱা পেহলগামকাণ্ডৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ডিজিটেল আক্ৰমণ আৰম্ভ কৰিছে । সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ১৬টা পাকিস্তানী ইউটিউব চেনেলক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে ভাৰতে । সামূহিকভাৱে এই চেনেলসমূহৰ ৬৩ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছে ।যোৱা সপ্তাহত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছিল । সেই ভিডিঅ’ ক্লিপটোত তেওঁ এটা ডাঙৰ স্বীকাৰোক্তি দিয়ে । তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক ধন আৰু সমৰ্থন আগবঢ়াইছে ।

সেই ভাইৰেল ভিডিঅ’ ক্লিপটো অনুসৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্কাই নিউজৰ ইয়াল্ডা হাকিমৰ সৈতে এক সাক্ষাত্‍কাৰ দিছিল । তেতিয়া তেওঁক প্ৰশ্ন কৰা হয়, “আপুনি স্বীকাৰ কৰে নে ছাৰ, যে পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজিৰ দীৰ্ঘ ইতিহাস আছে ?খোৱাজা আছিফে উত্তৰত কয়, “আমি প্ৰায় তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমীয়া দেশসমূহৰ বাবে এই কাম কৰি আহিছো… সেয়া এটা ভুল আছিল আৰু তাৰ বাবে আমি ক্ষতিগ্ৰস্ত হৈছিলো আৰু সেইবাবেই আপুনি মোক এই কথা কৈছে । যদি আমি ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আৰু পিছলৈ ৯/১১ৰ পিছৰ যুদ্ধত যোগদান নকৰিলোহেঁতেন, তেন্তে পাকিস্তানৰ ট্ৰেক ৰেকৰ্ড নিৰ্দোষ আছিল ।”আছিফৰ বক্তব্যই এতিয়া ভাৰতক বিৰক্ত কৰি তুলিছে৷

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma

২৯ এপ্ৰিল,২০২৫ঃ upendranath brahma। বডো জনগোষ্ঠীৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়াই যোৱা অৱদানক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামাকৰণ কৰিব। আজি নতুন দিল্লীত অৱস্থিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয়। উল্লেখ্য যে বডো জনগোষ্ঠীৰ পিতৃ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা আৰু সমাজ সংস্কাৰক যিয়ে বডো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয়, আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বডোলেণ্ডৰ মন্ত্ৰী উৰ্খাও গ্ৱৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিকে ধৰি বহু সংখ্যক গণ্য মান্য লোক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । উল্লেখ্য যে নাম সলনি কৰিব বিচৰা ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এই পথটো কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত আৰু এই পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়।

ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হব । এই সন্দৰ্ভত বডোফাৰ স্মৃতিত এবছুৱে ১ মে’ৰ, বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেল সম্বোধন কৰি সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয় যে, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মানুহে মৰ্যাদাসহ জীয়াই থকাৰ লগতে নিজকে সুৰক্ষিত ৰাখিব পৰাকৈ এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।” তেওঁৰ ধাৰণাসমূহে নতুন প্ৰজন্মৰ মাজত শান্তিপূৰ্ণ জীৱন যাপন আৰু সামূহিক প্ৰগতিৰ দিশত উচিত পথ প্ৰদৰ্শন কৰি আহিছে।

দেশৰ ৰাজধানীৰ মাজমজিয়াত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। ই তেওঁৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে। এবছু আৰু বডোসকলৰ দীৰ্ঘদিনীয়া দাবী আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথোচিত পদক্ষেপ আৰু সহায় সহযোগ আগবঢ়োৱাৰ বাবে ই সম্ভৱ হৈ উঠিল আৰু সেইবাবে তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। “২০২৪ চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীৰ সংসদ ভৱনত সদৌ বডো ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰ আৰু কোকৰাঝাৰ দোটমাত অনুষ্ঠিত ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ আৰু প্ৰতিমূৰ্তিৰ নামকৰণৰ ঘোষণাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ মাৰ্চ, ২০২৫ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিল। ’ লগতে দিপেন বড়োৱে কয়।

Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ
Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

ৰাজস্থান ৰয়েলছৰ হৈ শতক অৰ্জন কৰাৰ(Vaibhav Suryavanshi)পাছতেই সংবাদ মাধ্যমক মন্তব্য কৰি বৈভৱ সূৰ্যবংশীয়ে ক’লে, ‘মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছে। তেওঁ মোৰ ওপৰত বিশ্বাস ৰাখিছিল। মোৰ বাবে তেওঁ নিজৰ কাম এৰি দিয়ে। বহু বেছি কষ্টৰে ঘৰখন চলাইছিল যদিও দেউতাই মোৰ ওপৰত পৰিশ্ৰম কৰিবলৈ এৰি দিয়া নাছিল। তেওঁৱেই মোক একাডেমীলৈ লৈ গৈছিল। আৰু যেতিয়া কোনোবাই পৰিশ্ৰম কৰে তেতিয়া ভগৱানে দেখে। মোৰ ক্ৰিকেটাৰ হোৱাটো তাৰেই ফল।’

আনহাতে ক্রিকেটাৰ বৈভৱ সূর্যবংশীলৈ বিহাৰ চৰকাৰৰ ১০ লাখ টকাৰ পুৰস্কাৰ। IPLত শতৰান অৰ্জনৰ পিছতে বিহাৰ চৰকাৰৰ পুৰস্কাৰ ঘোষণা বৈভৱলৈ।

Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা

Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা
Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত ৩৫টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে। খেলা-ধূলা কৰাৰ লগতে তেওঁ খোৱা-বোৱাৰো প্ৰতি আকৰ্ষিত।(Vaibhav Suryavanshi)লিট্টি চোখা তেওঁৰ প্ৰিয়। যদি আপুনিও বিহাৰৰ এই বিখ্যাত খাদ্যৰ সোৱাদ ল’ব বিচাৰে, তেন্তে ঘৰতে এনেকৈ বনাওক…

আজি সকলোতে বৈভৱ সূৰ্য্যবংশীৰ চৰ্চা চলি আছে। কাৰণ ২০২৫ চনৰ আই পি এলত তেওঁৰ ধুমুহাময় বেটিং।২৮ এপ্ৰিলত জয়পুৰত অনুষ্ঠিত ক্ৰিকেট মেচত ১৪ বছৰীয়া বৈভৱে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছিল। ইমান কম বয়সতে আই পি এলত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। তেওঁ আই পি এলত সৰ্বাধিক দ্ৰুত ১০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। লগতে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বৈভৱ বিহাৰৰ আৰু ক্ৰিকেট খেলাৰ উপৰিও তেওঁ খোৱা-বোৱাৰ প্ৰতিও আকৰ্ষিত। তেওঁৰ প্ৰিয় খাদ্যৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব। আচলতে বৈভৱে বিহাৰৰ বিখ্যাত আৰু পৰম্পৰাগত ব্যঞ্জন লিট্টি চোখা খাই ভাল পায়।(Vaibhav Suryavanshi favorite food)

লিট্টি চোখা এতিয়া বিহাৰৰ লগতে দেশৰ বহু ৰাজ্যৰ মানুহৰ প্ৰিয় খাদ্য হিচাপে পৰিগণিত হৈছে। এই ৰেচিপিটো অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ। আপুনি নিশ্চয় ৰাস্তাৰ দাঁতিকাষৰীয়া দোকান, ৰেষ্টুৰেণ্ট আদিত লিট্টি চোখাৰ সোৱাদ লৈছে।

পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 

পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 
পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 

Jammu-kashmir tourist place  । কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকাটোত পুনৰ সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। সন্ত্ৰাসবাদৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ ফলত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ ৮৭ টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

সূত্ৰ অনুসৰি, চোৰাংচোৱা সংস্থাৰ পৰা আহ্বান পোৱাৰ পিছত চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। পহলগাম আক্ৰমণৰ পৰৱৰ্তী সময়ছোৱাত শ্লিপাৰ চেলসমূহক পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী আৰু বিশেষ কিছুমান ব্যক্তিক লক্ষ্য কৰাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই পৰিস্থিতিৰে লগে লগে গুলমাৰ্গ, সোণমাৰ্গ, ডাল লেক আদিত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলা হৈছে।

বন্ধ কৰা পৰ্যটনস্থলীৰ তালিকা:

  • ইউছমাৰ্গ, টৌছিমেদান, দুথপাথ্ৰি, আহৰবাল, কৌছাৰনাগ, বাংগাছ, কৰিৱান ডাইভাৰ চাণ্ডিগাম, বাংগাছ উপত্যকা, ৱুলাৰ/ৱাটলাব
  • ৰামপোৰা, ৰাজপোৰা, চেয়াৰহাৰ, মুণ্ডিজ-হামাম-মাৰ্কুট জলপ্ৰপাত, খাম্পু, বছনিয়া, বিজিটোপ, সূৰ্য্য মন্দিৰ
  • ভেৰিনাগ বাগিচা, চিনথান টপ, মাৰ্গানটপ, আকাদ পাৰ্ক, হাব্বা খাটুন পইণ্ট, বাবাৰেশী, ৰিংগাৱলী, গোগালদাৰা, বাদেৰকোটে ইত্যাদি

BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব
BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

বিজেপিৰ সংসদ সদস্য নিশিকান্ত ডুবেই ২০২৫ চনৰ শেষৰ(BJP MP Nishikant Dubey)ফালে পাকিস্তানৰ দেশ হিচাপে অস্তিত্ব নোহোৱা হ’ব বুলি দাবী কৰিছে৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ মহেশমাৰাত ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি ডুবেই দৃঢ়তাৰে কয় যে এই বছৰ পাকিস্তান চাৰিটা সুকীয়া ভাগত বিভক্ত হৈ পৰিব৷

ডুবেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰnডুবেই বিশ্বাস কৰে যে ইয়াৰ ফলত পাকিস্তানৰ বিভাজন হ’ব৷ ডুবেই আত্মবিশ্বাসেৰে কয়, ‘আজি কাশ্মীৰৰ যি অংশ পাকিস্তানে দখল কৰিছে, সেই অংশ পুনৰ উদ্ধাৰ কৰিম৷ লগতে পাকিস্তানক বেলুচিস্তান, পখতুনিস্তান আৰু পঞ্জাব নামেৰে পৃথক পৃথক দেশত বিভক্ত কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক নিশ্চিত কৰিব৷

’তেওঁ আৰু কয়, ‘মই এই কথা সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈছো৷ যদি এই বছৰৰ শেষলৈকে পাকিস্তান একাধিক ভাগত বিভক্ত নহয়, তেন্তে ভাৰতীয় জনতা পাৰ্টীয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰিব পাৰে৷ পাকিস্তানৰ কাম শেষ হ’ব, এয়া মোদীৰ নি(য়তা৷ এই বিশ্বাসেই তেওঁক দেশৰ প্ৰধানমন্ত্ৰী কৰি তুলিছে৷’ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি ডুবেই পাকিস্তানী সেনাই ভাৰতীয়, বিশেষকৈ হিন্দুসকলক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে৷ যিকোনো মূল্যৰ বিনিময়ত মোদী চৰকাৰে এই আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি তেওঁ আশ্বাস দিয়ে৷

কাৰ্যসূচীৰ পূৰ্বে ডুবেই সংবাদ মাধ্যমৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সামৰ্থ্য আৰু শক্তিৰ বাবে বিশ্বব্যাপী স্বীকৃতিৰ প্ৰশংসা কৰে, লগতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক নিঃশেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে৷ ডুবেই লগতে দাবী কৰে যে পাকিস্তানী সেনাধ্যক্ষ অসীম মুনিৰৰ সমগ্ৰ পৰিয়ালটো বিদেশলৈ পলায়ন কৰিছে, যিয়ে মোদীৰ নিৰ্ণায়ক কাৰ্যই জগাই তোলা ভয়ক প্ৰতিফলিত কৰিছে৷