Home Blog Page 275

China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?

China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?
China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?

এখন দেশৰ সামৰিক কাৰ্যকলাপৰ(China)পৰা আৰম্ভ কৰি সংস্কৃতিলৈকে, আনকি বিদেশৰ পৰ্যটকৰ আচৰণ, দেশৰ ভিতৰত যিকোনো ধৰণৰ উত্তেজনা আৰু মানৱ অধিকাৰ উলংঘাৰ দ্বাৰা এখন দেশৰ সুনাম প্ৰভাৱান্বিতহয়৷ শেহতীয়াকৈ ৱল্ডৰ্ পপুলেচন ৰিভিউৰ এক প্ৰতিবেদনৰ ভিত্তিত নিউজউইকে এখন তালিকা প্ৰকাশ কৰিছে য’ত দেখা গৈছে যে বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে৷

এই তালিকাৰ শীৰ্ষত আছে চীন, পাকিস্তান, ইৰাণ বা ইৰাক ৷ দুখৰ বিষয় এই তালিকাত ভাৰতো দশম স্থানত আছে৷ এই তালিকাৰ শীৰ্ষত আছে চীন৷ কাৰণ ইয়াৰ স্বৈৰাচাৰী শাসন, চেঞ্চৰশ্বিপ, পৰিৱেশৰ ক্ষতি আৰু উইঘুৰ মুছলমানসকলৰ প্ৰতি থকা ব্যৱহাৰ৷ ইয়াৰ উপৰি হংকং, টাইৱান আৰু মাকাউৰ স্বাধীনতাৰ ক্ষেত্ৰত চীনৰ কঠোৰ নীতিয়ে বিশ্বজুৰি চীনৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে৷ এই তালিকাত দ্বিতীয় স্থানত আছে আমেৰিকা৷

বিশ্বজুৰি ট্ৰাম্পৰ দেশখনক ‘ছুপাৰপাৱাৰ’ মানসিকতা, অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি আকাংক্ষা আৰু কেতিয়াবা আন দেশৰ প্ৰতি হস্তক্ষেপ কৰা মনোভাবৰ বাবে সকলোৱে ঘৃণা কৰে৷ এই ৰেংকিঙত ৰাছিয়া তৃতীয় স্থানত আছে৷ ইউক্ৰেইনৰ যুদ্ধ আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ বাবে পুটিনৰ দেশখন তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷

এই শীৰ্ষ দহখন দেশৰ তালিকাত উত্তৰ কোৰিয়া, পাকিস্তান, ইৰাণ, ইৰাক, ছিৰিয়া, ইজৰাইল আদি দেশকো অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁলোকৰ বিৰুদ্ধে ঘৃণাৰ কাৰণ হ’ল স্বৈৰাচাৰী শাসন, ধৰ্মীয় উগ্ৰবাদ, সামৰিক সংঘাত আৰু মানৱ অধিকাৰ উলংঘা৷ পেলেষ্টাইনৰ সংঘাতৰ বাবে ইজৰাইলক লক্ষ্য কৰি লোৱা হৈছে৷ আনহাতে, আভ্যন্তৰীণ অস্থিৰতা আৰু সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বাবে পাকিস্তানকো তালিকাত ৰখা হৈছে৷

Eknath Shinde: উৰাজাহাজ চলাবলৈ অস্বীকাৰ পাইলটৰ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ

Eknath Shinde: উৰাজাহাজ চলাবলৈ অস্বীকাৰ পাইলটৰ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ
Eknath Shinde: উৰাজাহাজ চলাবলৈ অস্বীকাৰ পাইলটৰ, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ অভিযোগ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ব্যক্তিগত বিমান পাইলটৰ বিৰুদ্ধে অভিযোগ। কৰ্তব্যৰ সময় শেষ হোৱা আৰু অসুস্থতাৰ বাবে বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ।(Eknath Shinde)

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুক্তাই নগৰত উপস্থিত হৈছিল, দেৰি হোৱাৰ বাবে তেওঁ জলগাঁও বিমানবন্দৰ পোৱাত পলম হৈছিল। এই সময়ত বিমানবন্দৰ পোৱাৰ লগে লগে তেওঁ এজন বৃক্ক ৰোগীক লগ পায়।

প্ৰায়ে দেখা যায় যে যেতিয়া মানুহে যিকোনো ঠাইতে পলমকৈ উপস্থিত হয় তেতিয়া সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পলম হোৱাৰ বাবে এজন কিডনী ৰোগীয়ে সহায় লাভ কৰে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে এই সকলোবোৰ কেনেকৈ হ’ল?

আচলতে একনাথ সিন্দে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুক্তাই নগৰত উপস্থিত হৈছিল। কাৰ্যসূচীত দেৰিকৈ পোৱাৰ বাবে তেওঁ জলগাঁও বিমানবন্দৰতো পলমকৈ উপস্থিত হয়, তাৰ পিছত পাইলটে কৰ্তব্যৰ সময় শেষ হোৱা বাবে বিমান চলাবলৈ অস্বীকাৰ কৰে। প্ৰায় ৪৫ মিনিটৰ পিছত অৱশেষত তেওঁ উৰা মাৰিবলৈ মান্তি হ’ল। এই সময়ছোৱাত এজন কিডনী ৰোগীও তাত উপস্থিত হৈছিল যিয়ে মুম্বাইলৈ যাবলগীয়া হৈছিল। তেওঁৰ বিমানখনো মিছ কৰিলে। মুখ্যমন্ত্ৰীয়ে তেওঁক সহায় কৰিলে।

নম্ৰতা বৰাৰ মৃত্যুকাণ্ডত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য – “উচিত আৰু নিৰপেক্ষ তদন্ত হওঁক” । namrata bora

নম্ৰতা বৰাৰ মৃত্যুকাণ্ডত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য – “উচিত আৰু নিৰপেক্ষ তদন্ত হওঁক” । namrata bora
নম্ৰতা বৰাৰ মৃত্যুকাণ্ডত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য – “উচিত আৰু নিৰপেক্ষ তদন্ত হওঁক” । namrata bora

namrata bora । শ্বিলঙলৈ বন্ধু-বান্ধৱীৰ সৈতে ভ্ৰমণলৈ গৈ থকা অধিবক্তা নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুকাণ্ডক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটো সম্পূৰ্ণ ৰূপে পোহৰলৈ আনিবলৈ তেওঁ মেঘালয় চৰকাৰক এক উচ্চ-স্তৰৰ তদন্তৰ আহ্বান জনাইছে।

যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা মেঘালয়ৰ নংপো আৰক্ষী থানাৰ ওচৰত AS 01 EV 9578 নম্বৰৰ বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰাৰ দুৰ্ঘটনাজনিত মৃত্যু হয়, যদিও বাহনত থকা আন চাৰিজন যাত্ৰীয়ে কেৱল সামান্য আঘাত পায়। এই ঘটনাই চাৰিওফালে প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত এক প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটোৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।” তেওঁ লগতে কয়, “শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা উপযুক্ত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।”

মুখ্যমন্ত্ৰীৰ এই আহ্বানক ইতিবাচকভাৱে গ্ৰহণ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও। তেওঁ নিশ্চিত কৰিছে যে, ঘটনাটোৰ ন্যায়সঙ্গত তদন্ত হ’ব আৰু সন্দেহজনক সকলো দিশ পৰীক্ষা-নিৰীক্ষা কৰা হ’ব।

ইপিনে, তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি অসম আৰক্ষীও আশ্বাস প্ৰদান কৰিছে। অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী দুজনৰ এই সদিচ্ছাৰ বাবে পৰিয়াল আৰু নাগৰিক সমাজে ন্যায় বিচাৰৰ আশাৰে অপেক্ষা কৰি আছে

Uttrakhand News: উত্তৰাখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ অঘটন, আহত পাইলট

Uttrakhand News: উত্তৰাখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ অঘটন, আহত পাইলট
Uttrakhand News: উত্তৰাখণ্ডত ভয়ংকৰ হেলিকপ্টাৰ অঘটন, আহত পাইলট


কেদাৰনাথলৈ উৰা মৰা এখন হেলিকপ্টাৰ উত্তৰাখণ্ডৰ এটা ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। (Uttrakhand News)সৌভাগ্যক্ৰমে পাইলট আৰু হেলিকপ্টাৰত থকা ছয়জন যাত্ৰী কোনো বিপদৰ সন্মুখীন হয়। উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষই এই সন্দৰ্ভত সচেতন হৈ পৰিছে। ই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক অৱগত কৰিছে ৷

কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ এই ঘটনা সংঘটিত হয় উত্তৰাখণ্ডত। হেলিকপ্টাৰখনত থকা আটাইকেইজন লোক সুৰক্ষিত বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰখন ৰাস্তাৰ মাজতে অৱতৰণ কৰে। ঘটনাৰ পিছতে আতংকিত হৈ হেলিকপ্টাৰত থকা পৰ্যটকক আগুৰি ধৰে স্থানীয় ৰাইজে।

উত্তৰাখণ্ড ৰুদ্ৰপ্ৰয়াগ জিলাৰ গুপ্তকাশীত জৰুৰীকালীন অৱতৰণ কৰে এই ব্যক্তিগত হেলিকপ্টাৰ খনে।

Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে

Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে
Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে

মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ মুকেশ আম্বানীৰ গুৰু দক্ষিণা। মুকেশ আম্বানীয়ে আলমা মেটাৰ আইচিটিলৈ ১৫১ কোটি টকা আগবঢ়ালে।(Mukesh Ambani)

শুকুৰবাৰে উদ্যোগপতি মুকেশ আম্বানীয়ে তেওঁৰ আলমা মেটাৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজি (আইচিটি, পূৰ্বৰ ইউডিচিটি), মুম্বাইলৈ ১৫১ কোটি টকাৰ অনুদান ঘোষণা কৰে। অধ্যাপক এম এম শৰ্মাৰ সন্মানত, মাৰাঠী আৰু ইংৰাজী উভয় ভাষাতে প্ৰকাশিত তেওঁৰ জীৱনী ডিভাইন চাইন্টিষ্টৰ মুক্তি উপলক্ষে এই অনুদান আগবঢ়োৱা হয়।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বৃহস্পতিবাৰে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ত ভাষণ দিয়ে।

অম্বানীয়ে অধ্যাপক শৰ্মাৰ ব্যক্তিগত স্মৃতি ৰোমন্থন কৰি তেওঁ অংশগ্ৰহণ কৰা প্ৰথম বক্তৃতাই তেওঁৰ পথ কেনেকৈ গঢ় দিছিল সেই কথা মনত পেলাই। আম্বানীয়ে কয়, ‘মোৰ পিতৃ ধীৰুভাই আম্বানীৰ দৰে তেওঁৰো ভাৰতীয় উদ্যোগক অভাৱৰ পৰা বিশ্বব্যাপী নেতৃত্বলৈ সলনি কৰাৰ যথেষ্ট ইচ্ছা আছিল।

ভাৰতীয় ৰাসায়নিক উদ্যোগৰ উত্থানৰ কৃতিত্ব অধ্যাপক শৰ্মাৰ প্ৰচেষ্টাক দি আম্বানীয়ে তেওঁক “ৰাষ্ট্ৰ গুৰু” আৰু “ভাৰতৰ গুৰু” বুলি অভিহিত কৰে। আম্বানীয়ে কয় যে ১৫১ কোটি অনুদান আগবঢ়াই গুৰু দক্ষিণা হিচাপে।


Elon Musk vs Donald Trump:’প্ৰয়োজন হ’লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব’! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

Elon Musk vs Donald Trump:'প্ৰয়োজন হ'লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব'! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ
Elon Musk vs Donald Trump:'প্ৰয়োজন হ'লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব'! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে একাংশই মাস্কক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। অৱশ্যে ৰাছিয়া চৰকাৰৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।(Elon Musk vs Donald Trump)

কোটিপতি ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সংঘাতত আৰু লুকাই থকা নাই। ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰি ৰাজহুৱাভাৱে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে এক্সৰ মুৰব্বীগৰাকীয়ে। বিনিময়ত ট্ৰাম্পেও তেওঁক সকীয়াই দিছে। এনে পৰিস্থিতিত প্ৰয়োজন হ’লে মাস্কক ‘ৰাজনৈতিক আশ্ৰয়’ দিবলৈ সাজু হৈছে ৰাছিয়া।

এই কথা দাবী কৰিছিল ৰাছিয়াৰ ষ্টেট ডুমা কমিটি অন ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ডেপুটি চেয়াৰমেন আৰু কমিউনিষ্ট পাৰ্টিৰ ডেপুটি ডিমিট্ৰি নভিকভে। অৱশ্যে মাস্কৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি তেওঁ নাভাবে। আনহাতে ৰাছিয়া চৰকাৰে এই বিষয়ত কোনো মন্তব্য কৰা নাই। ক্ৰেমলিনৰ মুখপাত্ৰ পেস্কোভে কয় যে, “এয়া আমেৰিকাৰ ঘৰুৱা বিবাদ। আমি ইয়াত হস্তক্ষেপ কৰিব নিবিচাৰো। মই আশা কৰিছো যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টো চম্ভালিব।”

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে আমেৰিকাৰ একাংশই মাস্কক বহিষ্কাৰ কৰাৰ দাবী জনাইছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে নভিকোভক এই সংঘাতৰ বিষয়ে সোধা হৈছিল। তেওঁ কয়, “মই ভাবো মাস্কে সম্পূৰ্ণ বেলেগ খেল খেলিছে। তেওঁক কোনো ৰাজনৈতিক আশ্ৰয়ৰ প্ৰয়োজন নহ’ব।কিন্তু প্ৰয়োজন হ’লে ৰাছিয়াই নিশ্চিতভাৱে আশ্ৰয় দিব।” নভিকোভে দাবী কৰে যে ৰাছিয়ানসকলৰ মাস্কৰ সৈতে ব্যক্তিগত বিবাদ থাকিলেও পৰিস্থিতি বিবেচনা কৰিলে তেওঁলোকক আওকাণ কৰিব পাৰি। তেওঁ কয়, “যোৱা কেইবছৰমানৰ পৰা মাস্কে ৰাজনৈতিক যোগাযোগ গঢ়ি তুলিছে।সেয়েহে এই ক্ষেত্ৰত ব্যক্তিগত মতানৈক্যক আঁতৰাই ৰাখিব পাৰি।বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবো যে অহা তিনি বছৰত মাস্কে ডেম’ক্ৰেটসকল হোৱাইট হাউছলৈ ঘূৰি অহাটো নিবিচাৰিব। গতিকে তেওঁ এটা নিৰ্দিষ্ট কৌশল অনুসৰণ কৰিব।”

ট্ৰাম্পৰ সৈতে ৰাজহুৱা বিবাদৰ পিছত হোৱাইট হাউছৰ প্ৰাক্তন বিষয়া ষ্টিভ বেননে মাস্কক শীঘ্ৰে আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। আমেৰিকা চৰকাৰে মাস্কৰ কোম্পানী স্পেচএক্সক অধিগ্ৰহণ কৰিব লাগে। বেনন সদায় মাস্কৰ সমালোচক। তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে মাস্কৰ আমেৰিকাত প্ৰৱেশ ‘অবৈধ’ হ’ব পাৰে।

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি সামাজিক মাধ্যম(Namrata Bora)যোগে মেঘালয়ৰ মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সামাজিক মাধ্যমত-(himanta biswa sarma)

‘যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।(Conrad Sangma)

এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।’

মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ। কিন্ত পৰিয়ালৰ লোকে এয়া দুৰ্ঘটনা নহয় হত্য়াকাণ্ড বুলিহে অভিযোগ কৰিছে। এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল পৰিয়ালটোৱে। অৱশেষত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ
Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু ঘটা মাছখোৱাৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে অনুষ্ঠিত হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ। এই কাণ্ডৰে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আত্মীয় দল সংগঠনৰ।(Bikash chetry)

বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ নিৰ্মম অত্যাচাৰত আহত হৈ অকাল মৃত্যুক আকোৱালি লোৱা ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাওঁ সমষ্টিৰ মাছখোৱা চাৰিআলিৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায়।(Bikash chetry)

উল্লেখ্য যে যোৱা-১৯ মে’ৰ সন্ধিয়া নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি নিশা প্ৰায় ১১ বজালৈকে চিন্তু শইকীয়া আৰু মিন্টু ৰাজ কামান নামৰ দুজন বন্ধুৰ লগত আছিল আৰু বহুলোকে তেওঁলোকক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই অন্য এজন বন্ধু সীমান্ত শইকীয়াক ঘৰত থবলৈ গৈছিল বিকাশ।

পিছদিনা পুৱা ৪.৩০ বজাত ৰহস্যজনকভাৱে সীমান্ত শইকীয়াৰ ঘৰৰ সন্মুখৰ পথাৰত বিকাশ ছেত্ৰীক গুৰুত্বৰভাৱে আহত অৱস্থাত বোকাত লুটৰি পটুৰি হৈ পৰি থকা পোৱা যায়।

প্ৰথমে বিকাশক বেঙেনাগড়া খণ্ড অসামৰিক চিকিৎসায়ত তাৰ পিছত ধেমাজি চিভিলত বিকাশক চিকিৎসাৰ বাবে নিয়ে সীমান্ত শইকীয়াই। কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় লৈ নিয়াৰ পৰামৰ্শ দিয়ে। বিকাশৰ আত্মীয়ই এই কথা দেৰিকৈ গম পায় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত নি ভৰ্তি কৰাই গৈ বিকাশক তাতে চিকিৎসাৰত অৱস্থাতে ২৬ মে’ত বিকাশ ছেত্ৰীৰ অকাল মৃত্যু হয়।

মাছখোৱা অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক বিকাশৰ এই অকাল মৃত্যুত ক্ষুব্দ হৈ পৰা শ শ ৰাইজে মাছখোৱা আৰক্ষী থানা ঘেৰাও কৰি,প্ৰতিবাদী সভা পাতি ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত প্ৰতিবাদ জনাই।

ৰাইজৰ এই প্ৰতিবাদৰ পিছতেই বিকাশৰ বন্ধু সীমান্ত শইকীয়া,সুনীল কোঁচ,চিন্তু শইকীয়া,মিন্টুৰাজ কামান আৰু,সীমান্তৰ
মাতৃ ৰঞ্জু শইকীয়াক এই হত্যাকাণ্ডৰ সৈতে জড়িতৰ অভগযোগত মাছখোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কিন্তু পৰিয়ালে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্তোষ্ট হ’ব পৰা নাই।চিন্তিত হৈছে পৰিয়াল আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নেকি ?

সেইয়ে আজি আদ্য শ্ৰাদ্ধৰ দিনাই বিভিন্ন ব্যক্তি,তথা দল সংগঠনে বিকাশ ছেত্ৰীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধী য়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে প্ৰশাসনক দাবী জনাই।

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা
Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

আজি পৱিত্ৰ ঈদ-উল-আজহা।(Eid-ul-Adha 2025) 

প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদৰ শুভেচ্ছা।

দেশৰ লগতে ৰাজ্যজুৰি ঈদ-উল-আজহা উদযাপন।

ঠায়ে ঠায়ে একগোট হৈ সমূহীয়াকৈ নামাজ আদায় কৰিছে।

পবিত্র ঈদ-উল-আজহাৰ আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উপলক্ষে ব্যাপক উছাহ দেখা গ’ল।

ঈদ উপলক্ষে সকলো ৰাইজ ওলাই আহি ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকল।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

তেজপুৰ হিন্দুস্থানী মচজিদৰ ইমাম চাহাব হজৰত মৌলনা মুফটি আৰু আজমল খানৰ নেতৃত্বত আজি তেজপুৰ ঈদগাহ ময়দানত সমুহিয়া নামাজৰ লগতে দুৱা আৰু ১৯০ ৮চনতে স্থাপিত হোৱাৰ পৰা ২০২৫ চনলৈকে আজিৰ দিনটোত এনেদৰে কাৰ্যভাৰ গ্ৰহন কৰি আহিছে।

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal
সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal


৬ জুন, ২০২৫: sarbananda sonowalভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডেনমাৰ্কৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী মৰ্টেন বডস্কভৰ সৈতে এখন গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত অংশ লৈ দুয়ো দেশৰ মাজত সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে। এই পদক্ষেপ ২০২৪ চনত স্বাক্ষৰিত সামুদ্ৰিক সহযোগিতা চুক্তিৰ অংশ ৰূপে ‘অমৃত কাল ভিজন ২০৪৭’ৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

বৈঠকত দুয়ো গৰাকী মন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে। ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়াম আৰু গুজৰাটৰ লোথালত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ মাজত স্বাক্ষৰিত লেটাৰ অৱ ইনটেণ্টৰ জৰিয়তে নৌ ঐতিহ্য সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নতুন দিশ উন্মোচন হয়।

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত আজি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়িছে। মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত আমি বন্দৰ পৰিকাঠামো, সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু ডিজিটেলাইজেশ্যনৰ বহু ৰূপান্তৰমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। এই ক্ষেত্ৰত ডেনমাৰ্কৰ সৈতে অংশীদাৰিত্ব আৰু বিনিয়োগৰ সুযোগ আমি উভয়ৰ বাবে লাভজনক বুলি বিশ্বাস কৰোঁ।”

এই নতুন কেন্দ্ৰই গ্ৰীণ মেৰিটাইম কৰিড’ৰৰ সম্ভাৱনা অধ্যয়ন, উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতি বিকাশ, আৰু সেৱাৰ মানোন্নয়ন আদি ক্ষেত্ৰত কাম কৰিব। ডেনমাৰ্কৰ মাৰ্স্ক মেক-কিনি ম’লাৰ শূন্য-কাৰ্বন জাহাজ পৰিবহণ কেন্দ্ৰে এই ক্ষেত্ৰত পূৰ্ব-সম্ভাৱ্যতা অধ্যয়ন চলাব।

দুয়োপক্ষই সেউজ জাহাজ, ডিকাৰ্বনাইজেচন, সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন, উদ্ভাৱনী প্ৰযুক্তি, আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ভাৰতীয় বন্দৰ সংস্থাই ডেনমাৰ্কৰ আৰ্হাছ বন্দৰৰ সৈতে সমন্বয় কৰি স্মাৰ্ট বন্দৰ সমাধান বিকাশৰ প্ৰস্তাৱ আগবঢ়ায়।

সোণোৱালে কয়, “ডিজিটেল ৰূপান্তৰ আমাৰ এক সাধাৰণ লক্ষ্য। জাহাজ পঞ্জীয়নৰ ক্ষেত্ৰত ব্লক-চেইন আৰু বন্দৰ পৰিচালনাত অটোমেচনৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখে।”

সেউজ জাহাজ পৰিবহণৰ এই যৌথ উদ্যমে বিশ্ব পৰ্য্যায়ত ভাৰত-ডেনমাৰ্ক সহযোগিতাৰ এক নতুন দিশ প্ৰদৰ্শন কৰিছে আৰু পৰিৱেশবান্ধৱ, টেকসই আৰু উদ্ভাৱনী নৌ পৰিবহণ ব্যৱস্থাৰ গঠনলৈ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।