Home Blog Page 276

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

গুৱাহাটী, ৬ জুন:environment day ।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত গ্ৰীণ চেপ্টাৰ স্বেচ্ছাসেৱী সংস্থা আৰু ডনবস্ক’ বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগত এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰা হয়।

গ্ৰীণ চেপ্টাৰ—অৱসৰী বিষয়া আৰু অধ্যাপকৰ সন্মিলিত স্বেচ্ছাসেৱী সংগঠন—বিগত সময়ছোৱাত মহানগৰীৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপন আৰু ৰক্ষণাবেক্ষণৰ উদ্যোগ গ্ৰহণ কৰি আহিছে। সেই পৰম্পৰা অব্যাহত ৰাখি, আজি বিদ্যালয়খনত বিশজন ছাত্ৰ-ছাত্ৰীৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। ৰোপিত গছসমূহ গৰু-ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ আবেষ্টনীৰে ঘেৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা জগাবলৈ আয়োজন কৰা হয় আকস্মিক বক্তৃত্বা, ৰচন, আৰু ছবি অঁকা প্ৰতিযোগিতা।

বিশেষ অতিথি হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীয়ে প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। সংগঠনৰ সম্পাদিকা ড° ৰফিকা আহমেদে লগতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সামাজিক ভূমিকা আৰু দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।

গ্ৰীণ চেপ্টাৰৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ কাকতিয়ে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। অনুষ্ঠানত অধ্যাপিকা গীতি গোস্বামী, গীতাৰাণী খাটনিয়াৰ, ড° সোনতৰা কোঁৱৰ বৰুৱা, ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰি গৰাকী প্ৰৱক্তা, গ্ৰীণ চেপ্টাৰৰ বাৰ গৰাকী বিষয়ববীয়া, লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ থাকে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিযোগিতাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে গছপুলি, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানৰ সফল আয়োজন আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা জগোৱাৰ প্ৰচেষ্টাক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে। বানাৰসী শাৰী, বেগৰ মূল্য জানিলে আচৰিত হ’ব!

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।
Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।

ভাৰতীয় ৰাজনীতিৰ ফেশ্বনেবল নেতাৰ তালিকা(Mahua Moitra Wedding) এখন বনালে মহুৱা মৈত্ৰই শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিব। বাঙালী সাংসদগৰাকীয়ে ছানগ্লাছ, কান্ধলৈকে পৰা চুলি, নতুন হেণ্ডলুমৰ শাৰী, আনকি সংসদ ভৱনত প্ৰৱেশ কৰাৰ সময়ত লৈ ফুৰা হেণ্ডবেগটোও ফেশ্বনেবল।

বংগৰ সাংসদ মহুৱাই আন বঙালী যুৱতীৰ দৰে বিয়াত বেনাৰসী শাৰী পিন্ধিছিল। শুকুৰবাৰে মহুৱাৰ বিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত ‘ৰ’ মেংগো’ই তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত মহুৱাৰ বিয়াৰ তিনিখন ছবি পোষ্ট কৰে। লগতে শাৰীখনৰ সবিশেষ। দেখা গ’ল যে সাংসদ মহুৱাই বিয়াত বেনাৰসী শাৰী পিন্ধিছিল।

তেওঁ পৰিধান কৰা শাৰীখনৰ মূল্য ১ লাখ ৩৯ হাজাৰ ৮০০ টকা। ঐশ্বৰ্য ৰায় বচ্চনে এইবাৰ এনে এখন শাৰী পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছিল। নীতা আম্বানীয়েও পিন্ধিছিল।

আনহাতে ফেশ্বন জগতৰ মানুহে কয় যে যদি কোনো সাংসদে ডেৰ লাখ টকাৰ হেণ্ডবেগ কিনে, তেন্তে ক’ব লাগিব যে তেওঁৰ বিয়াৰ দিনটোৰ বাবে শাৰীখনত বেছি খৰচ কৰা নাছিল!

ক’ব লাগিব যে এবছৰৰ আগতে লুই ভিটনৰ বেগ এটা লৈছিল সাংসদগৰাকীয়ে। বেগটোৰ দাম ১ লাখ ৬০ হাজাৰ টকা।সেই সময়ত সাংসদগৰাকীৰ বেগটোক লৈ সামাজিক মাধ্যমত চৰ্চা হৈছিল।

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?
Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

নম্রতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ আহিছে।(Namrata Bora)

৫ বন্ধু-ৱান্ধৱীয়ে শ্বিলঙলৈ যোৱা দৃশ্য নম্ৰতাই ৰেকৰ্ড কৰিছিল নিজৰ মোবাইলত।

সেই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল নম্ৰতাই।

ভিডিঅ’ দেখিবলৈ পোৱা গৈছে উচ্চস্বৰত গাড়ীৰ মিউজিক, কিৰিলি পাৰি যাত্ৰা কৰিছিল মেঘালয়লৈ বন্ধু-বান্ধৱীৰ সৈতে নম্ৰতা।

নম্ৰতাৰ মৃত্যুৰ পূৰ্বে শ্বিলঙলৈ যোৱা দৃশ্য পোহৰলৈ আহিছে এতিয়া।

নিশা প্রজ্ঞা-মৃগাংকই মেঘালয় যাবলৈ লগ লগ ধৰিছিল নম্রতা বৰাক।

বিধায়ক পুত্র আন্নায়াতুল আৰু গায়ত্ৰী বৰাৰে পাৰ্টি কৰিছিল প্ৰজ্ঞা-মৃগাংকই।

নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব যোৱা নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত৷

এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক হাস্পতাললৈ যাঁও বুলি কৈছিল নম্ৰতাই?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ? আপুনি জানে আম্বানী, আদানীৰ কথা; বাকী তিনিজন কোন?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?
5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?

যেতিয়া ভাৰতৰ উদ্যোগপতি বা দেশৰ ধনী মানুহৰ বিষয়ে( 5 richest people in India) আলোচনা হয়, তেতিয়া দুটা নাম আহি পৰে। এই নাম দুটা হৈছে মুকেশ আম্বানী আৰু গৌতম আদানী। আম্বানী ‘ৰিলায়েন্স গ্ৰুপ’ৰ মালিক, আনহাতে গৌতম আদানীয়ে ‘আদানি গ্ৰুপ’ পৰিচালনা কৰে। এইদুজনৰ বাহিৰে দেশৰ বাকী তিনি ধনী ব্যক্তিক মানুহে চিনি নাপায়। ভাৰতৰ ৫ জন ধনী ব্যক্তিৰ বিষয়ে আহক জানো-

মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ত তেওঁ বিশ্বৰ ১১ নং ধনী ব্যক্তি। আম্বানীৰ সম্পত্তিৰ মূল্য ১২৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত তেওঁক বিশ্বৰ ২০ নং ধনী ব্যক্তি হিচাপে স্থান দিয়া হৈছে। তেওঁৰ মুঠ সম্পত্তি ৮৩.৪ বিলিয়ন মাৰ্কিন ডলাৰ।

সাবিত্ৰী জিন্দাল এণ্ড ফেমিলি ভাৰতৰ তৃতীয় ধনী পৰিয়াল। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত জিন্দলক বিশ্বৰ ৩১ সংখ্যক ধনী ব্যক্তিত্ব হিচাপে স্থান দিয়া হৈছে। জে এছ ডব্লিউ গ্ৰুপৰ স্বত্বাধিকাৰী সাবিত্ৰী জিন্দলৰ মালিকানাধীন ৪০.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থানত আছে শিৱ নাদাৰ। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত শিৱ নাদাৰক বিশ্বৰ ৪৯ নম্বৰ স্থানত আছে। এইচ চি এল টেকন’লজিছৰ স্বত্বাধিকাৰী শিৱ নাদাৰৰ সম্পত্তিৰ পৰিমাণ ৩৫.০ বিলিয়ন মাৰ্কিন ডলাৰ।

ভাৰতৰ পঞ্চম ধনী ব্যক্তি দিলীপ সংঘবী। তেওঁ বিশ্বৰ ৭২ সংখ্যক ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ মূল্য ২৬ বিলিয়ন মাৰ্কিন ডলাৰ। তেওঁ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মালিক।

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৱে উন্মোচিত হৈছে ন ন তথ্য ! পোহৰলৈ আহিছে নতুন কাহিনী

Namrata Bora: নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুঃ দুৰ্ঘটনা নে হত্যাকাণ্ড!
Namrata Bora: নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যুঃ দুৰ্ঘটনা নে হত্যাকাণ্ড!

নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যু-কাণ্ডই(Namrata Bora) লৈছে নতুন ৰূপ! অধিবক্তা নম্ৰতাৰ দুৰ্ঘটনাত মৃত্যু নে হত্যা সেয়া ৰহস্যময় বিষয়!ঘটনাৰ ৰহস্য আৰু মৃত্যুৰ ন্যায় বিচাৰি গুৱাহাটীৰ দিছপুৰ আৰু মেঘালয়ৰ থানাত এজাহাৰ দাখিল পৰিয়ালৰ। এই ঘটনাত নাম সাঙোৰ খাইছে বিধায়ক হাফিজ বছিৰ আহমেদ কাচিমীৰ পুত্ৰ আনায়াতুল বাডুদৰ নাম।

মেডিকেললৈ যাম বুলি হঠাৎ শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। লগত আছিল চাৰি বুন্ধ। দুজন বন্ধু আু দুগৰাকী বান্ধৱী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ।

নম্ৰতাৰ লগত শ্বিলঙলৈ যো চাৰি বন্ধু-বান্ধৱীৰ ভিতৰত এজন আচিল AIUDFৰ যুৱ নেতা আনায়াতুল বাডুদ।আনায়াতুল বাডুদ AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ। আনহাতে দুৰ্ঘটনা হোৱাৰ পিছতে আনায়াতুল বাডুদে ঘটনাস্থলীৰ পৰা পলায়ন কৰা অভিযোগ।আনায়াতুল বাডুদৰ বয়স হৈছে ৪৫ বছৰ।


ইফালে নম্ৰতাৰ পৰিয়ালৰে এয়া হত্যাকাণ্ড বুলি কৈছে, এয়া দুৰ্ঘটনা হ’বই নোৱাৰে বুলি কয়৷ আনহাতে নম্ৰতাই শ্বিলং যোৱা পূৰ্বে কোঠাৰ দুৱাৰ আৰু আইফোন এৰি গৈছিল ৰুমতে। আনহাতে নম্ৰতাই এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক কৈছিল মেডিকেলৈ যাওঁ বুলি। এই সমগ্ৰ ঘটনা ৰহস্য মেৰপাকত। কি সঁচা কি মিচা সেয়া সময়ত হ’ব লক্ষণীয়। নম্ৰতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ৷ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটানাৰ ৰহস্য, এয়া দুৰ্ঘটনাত মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড। আনহাতে নম্ৰতাৰ পিতৃয়ে এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰাৰ সহায় বিচাৰিছে।

আনহাতে বন্ধু-বান্ধৱীৰ সৈতে শ্বিলং ভ্ৰমণৰ দৃশ্য ভাইৰেল নম্ৰতা বৰাৰ। সামাজিক মাধ্যমত চৰ্চিত বিশেষ ভিডিঅ’টো। হাঁহি-ধেমালিৰে প্ৰত্যক্ষ কৰা গৈছে সকলোকে।


Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।
Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব। দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব জম্মু-কাশ্মীৰৰ চেনাব দলং।

চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত এই দলংখনৰ উচ্চতা পেৰিছৰ আইফেল টাৱাৰতকৈও অধিক।

অত্যাধুনিক অভিযান্ত্ৰিকতাৰ প্ৰমাণ হিচাপে প্ৰায় ৪৩,৭৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰেল লিংক (USBRL) প্ৰকল্প।


ভাৰতৰ মজবুত নিৰাপত্তা বৈশিষ্ট্যৰ প্ৰমাণ স্বৰূপ এই সৰ্বোচ্চ দলংখন প্ৰথমবাৰৰ বাবে বিস্ফোৰণ প্ৰতিৰোধী তীখাৰে নিৰ্মাণ কৰা হৈছে।


উচ্চ বিপদজনক ভূমিকম্পীয় অঞ্চলত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত চেনাব ৰেলৱে দলঙে ঘণ্টাত ২৬৬ কিলোমিটাৰ পৰ্যন্ত উচ্চ প্ৰাবল্য আৰু বতাহৰ গতিবেগৰ কম্পন সহ্য কৰিব পাৰে।

RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ

RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ
RCB marketing head arrested: RCBৰ মার্কেটিং হেড নিখিল চৌচলেসহ শীৰ্ষ ৩ বিষয়াক গ্ৰেপ্তাৰ

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ এক্সন কৰ্ণাটক চৰকাৰৰ।

RCBৰ শীৰ্ষ বিষয়াসহ মুঠ ৪ গৰাকীক গ্ৰেপ্তাৰ।(RCB marketing head arrested)

RCB দলৰ মার্কেটিং হেডক গ্ৰেপ্তাৰ।

নিখিল চৌচলেক গ্ৰেপ্তাৰ আৰক্ষীৰ।(Nikhil Sosale)

নিখিলক বাংগালুৰু বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ।

পদপিষ্টৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ নিখিল চৌচলেক।

RCBৰ বিজয় উৎসৱত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে গ্ৰেপ্তাৰ চাৰিওগৰাকীক।

বেংগালুৰু চহৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ এজন শীৰ্ষ বিষয়া আৰু ডি এন এ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ তিনিজনক গ্ৰেপ্তাৰ কৰে।

ডি এন এ এণ্টাৰটেইনমেণ্ট আছিল ইভেণ্ট মেনেজমেণ্ট কোম্পানী যিয়ে চহৰখনত আৰ চি বিৰ বিজয় পেৰেডৰ আয়োজন কৰিছিল য’ত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যু হয়, আনহাতে ৬৪ জন লোক আহত।

৪ জুন বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হৈছিল এই ঘটনা।

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ
Kaliabor News: কলিয়াবৰত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত নিৰসনৰ চিন্তা, বন্যপ্ৰণীৰ উপদ্ৰৱ বৃদ্ধি পোৱা স্থানত বৃক্ষৰোপণ

বিশ্বত এক সুস্থ পৰিৱেশ বৰ্তাই ৰাখিবলৈ ১৯৭৩ চনৰ(Kaliabor News)পৰাই নিৰবাচ্ছিন্নভাৱে চেষ্টা চলি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো কলিয়াবৰ সমজিলা প্ৰশাসনৰ সৌজন্যত কামাখ্যা গাঁৱতো বৃহস্পতিবাৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস।


বিগত প্ৰায় তিনিটা দশক ধৰি অঞ্চলটোত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ চৰকাৰী ভূমিত বৃক্ষৰোপণ কৰাৰ পৰিকল্পনা হাতত লৈছে কলিয়াবৰ সমজিলা প্ৰশাসনে। নগাঁও বন বিভাগৰ ব্যৱস্থাপনাত কলিয়াবৰ সমজিলা প্ৰশাসনে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনটোত ২ বিঘা চৰকাৰী ভূমিত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে।


অঞ্চলটোৰ দুখীয়া লোক সকলে খৰি কাটিবৰ বাবে পাহাৰলৈ যাব লগা নহয়। কিয়নো খৰি বিচাৰি পাহাৰলৈ যোৱা কেইবাজনো লোকে ইতিমধ্যে বন্যপ্ৰাণীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে বহু কেইজন লোকে বন্যপ্ৰাণীৰ আক্ৰমণত আহত হৈ জীৱন অতিবাহিত কৰি আছে।


আজিৰ এই বিশ্ব পৰিবেশ দিৱসত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা আৰক্ষী অধীক্ষক স্বপ্ন নীল ডেকা, নগাঁও জিলা বন সংমণ্ডল বিষয়া সুহাশ কদম কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা, সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া উপস্থিত থাকে।


বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত “নদীৰ অসুখ” শীৰ্ষক বাটৰ নাট খনি পৰিবেশন কৰা হয়।

বিশ্ব পৰিৱেশ দিৱসত গোৰেশ্বৰৰ “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন । environment day

বিশ্ব পৰিৱেশ দিৱসত গোৰেশ্বৰৰ "ষ্টিফেন হকিংচ একাডেমী"ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন । environment day

৫ জুন ২০২৫:environment day । বিশ্ব পৰিৱেশ দিৱস ২০২৫ উপলক্ষে গোৰেশ্বৰৰ নাওকাটাত এক ব্যতিক্ৰমধৰ্মী আৰু মানৱীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইষাণ ফাউণ্ডেচনে স্থাপন কৰা “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম তথা প্রতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰা হয় এই দিৱস।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা। তেওঁ শিক্ষানুষ্ঠানখনৰ উদ্যোগ আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰি ব্যক্তিগতভাৱে আৰ্থিক সহায় আগবঢ়ায়। লগতে, অসম চৰকাৰৰ পৰাই শিক্ষানুষ্ঠানখনক প্রয়োজনীয় সুবিধা প্ৰদানৰ আশ্বাস দিয়ে।

অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায় নাওকাটাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া তথা কৰ্মচাৰীসকল।

উল্লেখযোগ্য যে, গোৰেশ্বৰ অঞ্চলৰ সদাশয় ৰাইজে বিশেষভাৱে সক্ষম শিশুদের বাবে “ষ্টিফেন হকিংচ একাডেমী” প্ৰতিষ্ঠা কৰি, ইষাণ ফাউণ্ডেচনৰ সহযোগত এই ছাত্ৰ-ছাত্রীসকলক বিনামূলীয়াকৈ সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও ব্যৱহাৰিক শিক্ষাৰে সমৃদ্ধ কৰি তুলিছে।

এই উপলক্ষে বৃক্ষৰোপণ, পৰিৱেশ সচেতনতামূলক আলোচনা আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণত বিশেষ সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।

এই মহৎ কাৰ্যসূচী সফল ৰূপত সম্পন্ন হোৱাত অঞ্চলবাসী ৰাইজে যুৱ নেতা ৰাতুল শৰ্মাৰ সহানুভূতিপূৰ্ণ পদক্ষেপক আদৰিছে আৰু শিক্ষানুষ্ঠানখনৰ উজ্বল ভবিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছে।

বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ সৈতে পালন কৰা এই ধৰণৰ উদাহৰণীয় কাৰ্যসূচীয়ে সমাজত এক গভীৰ প্ৰভাৱ পেলাব বুলি বিশ্বাস প্ৰকাশ কৰে অঞ্চলবাসীয়ে।

গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma

গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma
গুৱাহাটীত জুনিয়ৰ-এলিট শাখাৰ ৰাজ্যিক বক্সিং আৰম্ভ, প্ৰতিযোগিতা উদ্বোধন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ । himanta biswa sarma

গুৱাহাটী, ৫ জুন ঃ himanta biswa sarma । অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত গুৱাহাটীৰ উলুবাৰী বক্সিং ক্লাবে আয়োজন কৰা সদৌ অসম আন্তঃজিলা জুনিয়ৰ [ল’ৰা-ছোৱালী] আৰু এলিট [পুৰুষ-মহিলা] শাখাৰ ৰাজ্যিক প্ৰতিযোগিতাখন আজিৰে পৰা আৰম্ভ হৈছে৷ কছাৰী বস্তিস্থিত উলুবাৰী বক্সিং ক্লাবৰ চৌহদত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বক্সাৰৰ বিশ্বজয়ৰ সফলতাৰ বাবে ৰাজ্যৰ গৌৰৱ পৃথিৱীতে জাকতজিলিকা হৈ উজলিছে৷

‘ক্ৰীড়া হৈছে সংস্কৃতি, বিজ্ঞান-প্ৰজ্ঞানৰ দৰেই এটা জাতীৰ আত্মা৷ এখন দেশৰ উন্নয়ন যিদৰে গুৰুত্বপূৰ্ণ সমানে গুৰুত্বপূৰ্ণ ক্ৰীড়াৰ জড়িয়তে প্ৰজন্মক আগুৱাই লৈ যোৱা যাতে ক্ৰীড়াবিদৰ সফলতাই দেশৰ শক্তিক বিশ্বত গৌৰৱৰে প্ৰতিষ্ঠা কৰে৷ অসমো এই পথৰে অনিৰুদ্ধ যাত্ৰাৰে আগুৱাই যাব লাগিব৷ আনহাতে বক্সিং অসমৰ বাবে প্ৰচুৰ সম্ভাৱনা থকা এবিধ ক্ৰীড়া৷ উলুবাৰী বক্সিং ক্লাবৰ পৰাই অসমৰ বক্সাৰৰ যি গৌৰৱৰ অবিৰত যাত্ৰাৰ আৰম্ভনি হৈছিল সেয়া শিৱ থাপা-লাভলিনা বৰগোহাঁয়ে অলিম্পিকৰ মঞ্চলৈ লৈ গৈ অসমক বিশ্বতে পৰিচয় কৰি দিছে৷ যোৱা তিনিটা দহকত অসমৰ বক্সাৰে ৰাষ্ট্ৰীয়-আন্তৰ্জাতিক পৰ্যায়ত সফলতা লাভ কৰি প্ৰমান কৰিছে অসম ভূমি বক্সাৰ অন্যতম কমাৰশাল৷ সেয়ে ৰাজ্য চৰকাৰে অন্য ক্ৰীড়াৰ লগতে বক্সিঙক আগুৱাই নিয়াত বিশেষভাবে গুৰুত্ব প্ৰদান কৰিব৷’ মুখ্যমন্ত্ৰীয়ে কয়৷

তেওঁ অসমৰ ক্ৰীড়া বিকাশৰ বাবে আধুনিক আন্তঃগাঠনি, উন্নত প্ৰশিক্ষণ আৰু এক্সপ’জাৰৰ সুবিধা খেলুৱৈক প্ৰদান কৰাৰ কথা ব্যক্ত কৰাৰ লগতে আৰ্থিক নিৰাপত্তাৰ দিশটোও ৰাজ্য চৰকাৰে সমানে গুৰুত্ব দিব বুলি কয়৷ অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰ, অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতা, মেয়ৰ মৃগেন শৰনীয়া আদি উপস্থিত থাকে৷

অহা আঠ জুনত সামৰণি পৰিব লগা প্ৰতিযোগিতাখনত অসম বক্সিং সন্থাৰ স্বীকৃতি প্ৰাপ্ত ৩২ খন জিলাৰ প্ৰায় চাৰিশ খেলুৱৈয়ে অংশ লৈছে৷ আজি পূৱাৰে পৰাই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলসমুহ অনুষ্ঠিত হৈছে৷ এই প্ৰতিযোগিতাৰ পৰাই আসন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অসম দলটো গঠন কৰা হ’ব৷