Home Blog Page 277

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক সন্মান জনাই, নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব পথ আৰু প্ৰতিমূৰ্তি । upendranath brahma

২৯ এপ্ৰিল,২০২৫ঃ upendranath brahma। বডো জনগোষ্ঠীৰ বাবে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই আগবঢ়াই যোৱা অৱদানক সন্মান আৰু শ্ৰদ্ধাঞ্জলি জনাই দিল্লী পৌৰ নিগমে দক্ষিণ দিল্লীৰ লালা লাজপত ৰায় মাৰ্গৰ এটা অংশৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামাকৰণ কৰিব। আজি নতুন দিল্লীত অৱস্থিত এক সংবাদ মেলত এই কথা ঘোষণা কৰা হয়। উল্লেখ্য যে বডো জনগোষ্ঠীৰ পিতৃ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আছিল এজন দূৰদৰ্শী নেতা আৰু সমাজ সংস্কাৰক যিয়ে বডো সম্প্ৰদায়ৰ অধিকাৰ, পৰিচয়, আৰু উত্থানৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। ১ মে’ত নতুন দিল্লীৰ কৈলাশ কলনীত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিং, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বডোলেণ্ডৰ মন্ত্ৰী উৰ্খাও গ্ৱৰা ব্ৰহ্ম, এবছুৰ সভাপতি দিপেন বড়ো আদিকে ধৰি বহু সংখ্যক গণ্য মান্য লোক অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব । উল্লেখ্য যে নাম সলনি কৰিব বিচৰা ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এই পথটো কৈলাশ কলনী মেট্ৰ’ ষ্টেচনৰ ওচৰত অৱস্থিত আৰু এই পথটো বডোলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যায়।

ইয়াৰ সমান্তৰালকৈ কৈলাশ কলনীৰ ঘূৰণীয়া পথত উন্মোচন কৰা হ’ব বডোফাৰ প্ৰতিমূৰ্তি। অসম চৰকাৰৰ উদ্যোগত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হব । এই সন্দৰ্ভত বডোফাৰ স্মৃতিত এবছুৱে ১ মে’ৰ, বিয়লি ৫.৩০ বজাত সমগ্ৰ বিটিআৰ আৰু অসমৰ প্ৰতিটো ঘৰ, ৰাজহুৱা স্থানত ৫ লাখ মাটিৰ চাকি আৰু মমবাতি জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবাদমেল সম্বোধন কৰি সদৌ বডো ছাত্ৰ সন্থাৰ সভাপতি দিপেন বড়োৱে কয় যে, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মানুহে মৰ্যাদাসহ জীয়াই থকাৰ লগতে নিজকে সুৰক্ষিত ৰাখিব পৰাকৈ এখন সৰ্বাংগীন সমাজ গঢ়ি তোলাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।” তেওঁৰ ধাৰণাসমূহে নতুন প্ৰজন্মৰ মাজত শান্তিপূৰ্ণ জীৱন যাপন আৰু সামূহিক প্ৰগতিৰ দিশত উচিত পথ প্ৰদৰ্শন কৰি আহিছে।

দেশৰ ৰাজধানীৰ মাজমজিয়াত এটা পথৰ নামকৰণ আৰু তেওঁৰ প্ৰতিমূৰ্তি স্থাপন আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। ই তেওঁৰ কৰ্ম আৰু আদৰ্শৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছে। এবছু আৰু বডোসকলৰ দীৰ্ঘদিনীয়া দাবী আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথোচিত পদক্ষেপ আৰু সহায় সহযোগ আগবঢ়োৱাৰ বাবে ই সম্ভৱ হৈ উঠিল আৰু সেইবাবে তেখেতসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। “২০২৪ চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীৰ সংসদ ভৱনত সদৌ বডো ছাত্ৰ সন্থাই দাখিল কৰা স্মাৰক পত্ৰ আৰু কোকৰাঝাৰ দোটমাত অনুষ্ঠিত ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপেন্দ্ৰ নাথ ব্ৰহ্ম মাৰ্গ আৰু প্ৰতিমূৰ্তিৰ নামকৰণৰ ঘোষণাৰ প্ৰতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ মাৰ্চ, ২০২৫ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাবেই এই কাৰ্য সম্ভৱ হৈ উঠিল। ’ লগতে দিপেন বড়োৱে কয়।

Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ
Vaibhav Suryavanshi: মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছেঃ শতক অৰ্জন কৰাৰ পাছতেই এই মন্তব্য বৈভৱ সূৰ্যবংশীৰ

ৰাজস্থান ৰয়েলছৰ হৈ শতক অৰ্জন কৰাৰ(Vaibhav Suryavanshi)পাছতেই সংবাদ মাধ্যমক মন্তব্য কৰি বৈভৱ সূৰ্যবংশীয়ে ক’লে, ‘মোৰ দেউতায়ে মোৰ বাবে বহুত কষ্ট কৰিছে। তেওঁ মোৰ ওপৰত বিশ্বাস ৰাখিছিল। মোৰ বাবে তেওঁ নিজৰ কাম এৰি দিয়ে। বহু বেছি কষ্টৰে ঘৰখন চলাইছিল যদিও দেউতাই মোৰ ওপৰত পৰিশ্ৰম কৰিবলৈ এৰি দিয়া নাছিল। তেওঁৱেই মোক একাডেমীলৈ লৈ গৈছিল। আৰু যেতিয়া কোনোবাই পৰিশ্ৰম কৰে তেতিয়া ভগৱানে দেখে। মোৰ ক্ৰিকেটাৰ হোৱাটো তাৰেই ফল।’

আনহাতে ক্রিকেটাৰ বৈভৱ সূর্যবংশীলৈ বিহাৰ চৰকাৰৰ ১০ লাখ টকাৰ পুৰস্কাৰ। IPLত শতৰান অৰ্জনৰ পিছতে বিহাৰ চৰকাৰৰ পুৰস্কাৰ ঘোষণা বৈভৱলৈ।

Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা

Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা
Vaibhav Suryavanshi: বিহাৰৰ সন্তানে IPLত অৰ্জন কৰিলে শতক, বৈভৱ সূৰ্যবংশীৰ প্ৰিয় খাদ্য হৈছে লিট্টি চোখা

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত ৩৫টা বলত শতক অৰ্জন কৰি ইতিহাস ৰচনা কৰিলে। খেলা-ধূলা কৰাৰ লগতে তেওঁ খোৱা-বোৱাৰো প্ৰতি আকৰ্ষিত।(Vaibhav Suryavanshi)লিট্টি চোখা তেওঁৰ প্ৰিয়। যদি আপুনিও বিহাৰৰ এই বিখ্যাত খাদ্যৰ সোৱাদ ল’ব বিচাৰে, তেন্তে ঘৰতে এনেকৈ বনাওক…

আজি সকলোতে বৈভৱ সূৰ্য্যবংশীৰ চৰ্চা চলি আছে। কাৰণ ২০২৫ চনৰ আই পি এলত তেওঁৰ ধুমুহাময় বেটিং।২৮ এপ্ৰিলত জয়পুৰত অনুষ্ঠিত ক্ৰিকেট মেচত ১৪ বছৰীয়া বৈভৱে নিজৰ বিস্ফোৰক বেটিঙেৰে সকলোকে আচৰিত কৰি তুলিছিল। ইমান কম বয়সতে আই পি এলত মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। তেওঁ আই পি এলত সৰ্বাধিক দ্ৰুত ১০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। লগতে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। বৈভৱ বিহাৰৰ আৰু ক্ৰিকেট খেলাৰ উপৰিও তেওঁ খোৱা-বোৱাৰ প্ৰতিও আকৰ্ষিত। তেওঁৰ প্ৰিয় খাদ্যৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব। আচলতে বৈভৱে বিহাৰৰ বিখ্যাত আৰু পৰম্পৰাগত ব্যঞ্জন লিট্টি চোখা খাই ভাল পায়।(Vaibhav Suryavanshi favorite food)

লিট্টি চোখা এতিয়া বিহাৰৰ লগতে দেশৰ বহু ৰাজ্যৰ মানুহৰ প্ৰিয় খাদ্য হিচাপে পৰিগণিত হৈছে। এই ৰেচিপিটো অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ। আপুনি নিশ্চয় ৰাস্তাৰ দাঁতিকাষৰীয়া দোকান, ৰেষ্টুৰেণ্ট আদিত লিট্টি চোখাৰ সোৱাদ লৈছে।

পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 

পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 
পুনৰ এক্টিভ শ্লিপাৰ চেল! কাশ্মীৰত ভাৰত চৰকাৰে বন্ধ কৰি দিলে ৪৮ পৰ্যটনস্থলী । Jammu-kashmir tourist place 

Jammu-kashmir tourist place  । কাশ্মীৰৰ পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উপত্যকাটোত পুনৰ সক্ৰিয় হৈ পৰিছে শ্লিপাৰ চেল। সন্ত্ৰাসবাদৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ ফলত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ ৮৭ টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

সূত্ৰ অনুসৰি, চোৰাংচোৱা সংস্থাৰ পৰা আহ্বান পোৱাৰ পিছত চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। পহলগাম আক্ৰমণৰ পৰৱৰ্তী সময়ছোৱাত শ্লিপাৰ চেলসমূহক পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাৰ জৰিয়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী আৰু বিশেষ কিছুমান ব্যক্তিক লক্ষ্য কৰাৰ সম্ভাৱনা আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। এই পৰিস্থিতিৰে লগে লগে গুলমাৰ্গ, সোণমাৰ্গ, ডাল লেক আদিত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলা হৈছে।

বন্ধ কৰা পৰ্যটনস্থলীৰ তালিকা:

  • ইউছমাৰ্গ, টৌছিমেদান, দুথপাথ্ৰি, আহৰবাল, কৌছাৰনাগ, বাংগাছ, কৰিৱান ডাইভাৰ চাণ্ডিগাম, বাংগাছ উপত্যকা, ৱুলাৰ/ৱাটলাব
  • ৰামপোৰা, ৰাজপোৰা, চেয়াৰহাৰ, মুণ্ডিজ-হামাম-মাৰ্কুট জলপ্ৰপাত, খাম্পু, বছনিয়া, বিজিটোপ, সূৰ্য্য মন্দিৰ
  • ভেৰিনাগ বাগিচা, চিনথান টপ, মাৰ্গানটপ, আকাদ পাৰ্ক, হাব্বা খাটুন পইণ্ট, বাবাৰেশী, ৰিংগাৱলী, গোগালদাৰা, বাদেৰকোটে ইত্যাদি

BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব
BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

বিজেপিৰ সংসদ সদস্য নিশিকান্ত ডুবেই ২০২৫ চনৰ শেষৰ(BJP MP Nishikant Dubey)ফালে পাকিস্তানৰ দেশ হিচাপে অস্তিত্ব নোহোৱা হ’ব বুলি দাবী কৰিছে৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ মহেশমাৰাত ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি ডুবেই দৃঢ়তাৰে কয় যে এই বছৰ পাকিস্তান চাৰিটা সুকীয়া ভাগত বিভক্ত হৈ পৰিব৷

ডুবেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰnডুবেই বিশ্বাস কৰে যে ইয়াৰ ফলত পাকিস্তানৰ বিভাজন হ’ব৷ ডুবেই আত্মবিশ্বাসেৰে কয়, ‘আজি কাশ্মীৰৰ যি অংশ পাকিস্তানে দখল কৰিছে, সেই অংশ পুনৰ উদ্ধাৰ কৰিম৷ লগতে পাকিস্তানক বেলুচিস্তান, পখতুনিস্তান আৰু পঞ্জাব নামেৰে পৃথক পৃথক দেশত বিভক্ত কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক নিশ্চিত কৰিব৷

’তেওঁ আৰু কয়, ‘মই এই কথা সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈছো৷ যদি এই বছৰৰ শেষলৈকে পাকিস্তান একাধিক ভাগত বিভক্ত নহয়, তেন্তে ভাৰতীয় জনতা পাৰ্টীয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰিব পাৰে৷ পাকিস্তানৰ কাম শেষ হ’ব, এয়া মোদীৰ নি(য়তা৷ এই বিশ্বাসেই তেওঁক দেশৰ প্ৰধানমন্ত্ৰী কৰি তুলিছে৷’ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি ডুবেই পাকিস্তানী সেনাই ভাৰতীয়, বিশেষকৈ হিন্দুসকলক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে৷ যিকোনো মূল্যৰ বিনিময়ত মোদী চৰকাৰে এই আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি তেওঁ আশ্বাস দিয়ে৷

কাৰ্যসূচীৰ পূৰ্বে ডুবেই সংবাদ মাধ্যমৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সামৰ্থ্য আৰু শক্তিৰ বাবে বিশ্বব্যাপী স্বীকৃতিৰ প্ৰশংসা কৰে, লগতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক নিঃশেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে৷ ডুবেই লগতে দাবী কৰে যে পাকিস্তানী সেনাধ্যক্ষ অসীম মুনিৰৰ সমগ্ৰ পৰিয়ালটো বিদেশলৈ পলায়ন কৰিছে, যিয়ে মোদীৰ নিৰ্ণায়ক কাৰ্যই জগাই তোলা ভয়ক প্ৰতিফলিত কৰিছে৷

India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ

India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ
India-France sign deal Rafale-M for Navy: পেহেলগাম নৰসংহাৰৰ পিছতে নৌসেনাৰ শক্তি বৃদ্ধি কৰিবলৈ ফান্সৰ পৰা ২৬খন ৰাফেল ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ

পেহেলগাম নৰসংহাৰৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ভাৰতীয়(India-France sign deal Rafale-M for Navy) নৌসেনাক শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে৷ জানিব পৰা মতে, সোমবাৰে ফ্ৰান্সৰ পৰা চ্ছখন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তি স্বাক্ষৰিত হৈছে৷ ইয়াৰ ফলত মুঠতে দুয়োখন দেশৰ মাজত ৬৩ হাজাৰ কোটি টকাৰ ব্যৱসায় হ’ব৷ মন কৰিবলগীয়া যে এই চ্ছখন ৰাফেলে নৌসেনাৰ দুখন যুদ্ধ জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ বিক্ৰমাদিত্যৰ পৰা আকাশত উৰিব৷ ফলত ভাৰতীয় নৌসেনা আৰু অধিক শক্তিশালী হ’ব৷ নৌসেনাক নতুন ৰূপ দিয়াৰ বাবে একেলগে চ্ছখন মেৰিন জেট ক্ৰয় কৰা হৈছে৷ ২০২৩ চনৰ জুলাই মাহত নৌসেনাৰ বাবে যুদ্ধ বিমান ক্ৰয় কৰাৰ বিষয়টো প্ৰতিৰক্ষা বিভাগত উত্থাপন হৈছিল৷ সেই সময়ত ভাৰতে ফ্ৰান্সৰ লগত কথা পাতি আছিল৷ তাৰ পাছত চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰটোৱে ৬৩ কোটি টকাৰ চুক্তিখন চূড়ান্ত কৰে৷ সামৰিক সূত্ৰৰ তথ্য অনুসৰি ভাৰতীয় নৌসেনাই লাভ কৰিব ২২খন একক আসনৰ ৰাফেল মেৰিন ফাইটাৰ জেট আৰু চ্ছ্ৰখন ডাবল আসনৰ বিমান৷ এই চুক্তিত ৰক্ষণাবেক্ষণ আৰু লজিষ্টিক সহায়ক পেকেজ, নৌসেনাৰ জোৱানৰ প্ৰশিক্ষণ ইত্যাদিও সন্নিৱিষ্ট কৰা হৈছে৷ চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেবাষ্টিয়ান লেকৰ্ণু ভাৰতত থকাৰ কথা আছিল৷ কিন্তু শেষত তেওঁ আহিব নোৱাৰিলে৷

কিন্তু সোমবাৰে এই চুক্তি স্বাক্ষৰিত হ’লেও ৰাফেল তৎক্ষণাৎ ভাৰতলৈ ডেলিভাৰী কৰা নহ’ব৷ কিছুদিনৰ পিছত ভাৰতলৈ ৰাফেলৰ ডেলিভাৰী আৰম্ভ হ’ব৷ ২০৩১ চনৰ ভিতৰত ভাৰতত উপস্থিত হ’ব চ্ছখন ৰাফেল৷ জানিব পৰা মতে, ‘পুৰণি’ মিগ-২৯ কে যুঁজাৰু বিমানৰ ঠাইত নতুন ৰাফেল ব্যৱহাৰ কৰা হ’ব৷ ৰাফেল এমক বিশ্বৰ অন্যতম উন্নত সামুদ্ৰিক যুদ্ধ বিমান বুলি গণ্য কৰা হয়৷ ভাৰতত বৰ্তমান ৩৬খন ৰাফেল যুদ্ধ বিমান আছে৷ অৱশ্যে নতুন চ্ছখন ৰাফেলত একাধিক ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তি থাকিব বুলি সূত্ৰই প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া যে ভাৰতৰ তিনিটা বাহিনীয়ে পেহেলগাম আক্ৰমণৰ পিছত নিয়মীয়াকৈ যুদ্ধ অনুশীলন চলাই আহিছে৷ সীমান্তত ক্ষেপণাস্ত্ৰ স্থাপন কৰিও নিজকে সাজু কৰি তুলিছে নৌসেনাই৷ ইফালে ৰাফেল চুক্তি স্বাক্ষৰিত হোৱাটোৱে নিসন্দেহে নৌসেনাৰ মনোবল বৃদ্ধি কৰিব৷ একে সময়তে শত্ৰু চীন আৰু পাকিস্তানৰ বুকুও কঁপাই তুলিব বুলি বহুতে মন্তব্য কৰিছে৷

Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব

Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব
Himanta Biswa Sarma: বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰঃ কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰে লেনদেন হৈছিল, পাকিস্তানৰ সম্পৰ্কৰ প্ৰসংগত গৌৰৱ গগৈয়ে উত্তৰ নিদিলে চৰকাৰে সুধিব

কংগ্ৰেছৰ শাসন কালত চাকৰিৰ নামত টকা-পইচাৰ লেনদেন হৈছিল৷(Himanta Biswa Sarma) চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কাম কৰিছিল কংগ্ৰেছৰ শাসন কালত৷ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দি এই তথ্য দাঙি ধৰিছিল৷ সোমবাৰে তেজপুৰৰ দাঁতিকাষৰীয়া বিহগুৰিত পঞ্চায়তৰ নিৰ্বাচনী এখন সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷

সাংবাদিকে গৌৰৱ গগৈ পাকিস্তানৰ লগত থকা সম্পৰ্কৰ সন্দৰ্ভত উত্থাপন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- প্ৰথমে প্ৰশ্নখিনি উত্থাপন কৰিছো৷ তেওঁৰ পৰা উত্তৰটো শুনি লওঁ৷ আমি প্ৰশ্ন কৰিছো তেওঁ এই পৰ্যন্ত তেওঁ উত্তৰ দিয়া নাই৷ এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছে তেওঁ উত্তৰ দিয়া নাই৷ আমি আশা কৰিছো প্ৰশ্নসমূহৰ উত্তৰ সোনকালেই দিব৷ যদি গৌৰৱ গগৈয়ে প্ৰশ্নৰ উত্তৰ নিদিয়ে তেন্তে চৰকাৰে মাতি আনি সুধিব৷ আপুনি এপেক্স বেংকৰ সন্দৰ্ভত উত্তৰ দিয়া নাই বুলি কংগ্ৰেছে কোৱাৰ সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় – এপেক্স বেংক আৰু পাকিস্তান একেই নেকি? পাকিস্তান আৰু আফগানিস্তান একে হ’ব পাৰে৷ পাকিস্তান আৰু চীনৰ সম্পৰ্ক একে হ’ব পাৰে, কিন্তু এপেক্স বেংকৰ লগত পাকিস্তান একেই নহয়৷ ইপিনে নিৰ্বাচনৰ পিছতে ৰন্ধন গেছৰ প্ৰতিটোৰ দাম ৩০০ টকাকৈ কমিব বুলি সাংবাদিকক জানিব দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এতিয়া ৰন্ধন গেছৰ মূল্য ৯৫০ টকা কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পিছত ইয়াৰ মূল্য হ্ৰাস পাই ৬৫০ টকা হ’ব৷

বিহগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাখনত কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– ১৫ বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিল, তৰুণ গগৈ ১৫ বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল৷ ১৫ বছৰ দীঘলীয়া সময়ত কংগ্ৰেছে অসমৰ বাবে কি কৰিছিল? ১৫ বছৰ শাসনত থকাৰ পিছতে কংগ্ৰেছে এখনো আঁচনি ৰাইজক দিব পৰা নাছিল৷ কংগ্ৰেছৰ দিনত অৰুণোদয় আঁচনিও নাছিল, নিযুত মইনাৰ আঁচনিও নাছিল৷ কংগ্ৰেছৰ শাসনৰ দিনত চৰকাৰী চাকৰি লাখ লাখ টকাত কিনিব লাগিছিল৷ কংগ্ৰেছৰ দিনত যি অংগনৱাড়ী কেন্দ্ৰ বনাইছিল পাৰ চৰাই এটাও তেনেকুৱা অংগনৱাড়ী কেন্দ্ৰত সোমাব নোৱাৰিছিল৷ কংগ্ৰেছৰ দিনত কেৱল প্তটা আঁচনিহে আছিল– লুঙী, ধুতী, কম্বল, সূতা আৰু আঁঠুৱা৷ সেয়েহে আমি কওঁ- কংগ্ৰেছে হাতৰ ছবি বাদ দি লুঙীৰ ছবিত এতিয়া নিৰ্বাচন খেলক৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ অপশাসন ব্যাখ্যা কৰি ভাষণ প্ৰসংগত কয় যে- কংগ্ৰেছ চৰকাৰৰ শাসনকালত অংগনৱাড়ী কৰ্মীক চাকৰি দিয়াৰ নামত পইচা তুলিলে৷ এচিএছ, এপিএছৰ চাকৰি দিয়াৰ নামত পইচা তুলিলে৷

কেৱল কংগ্ৰেছৰ দিনত দুৰ্নীতি-অপশাসনৰ চৰকাৰ চলিছিল৷ নিৰ্বাচনী সভাখনত নিজৰ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে- অহা ১০ মে’ত মোৰ চৰকাৰৰ চাৰিটা বছৰ সম্পূৰ্ণ হ’ব৷ এই চাৰিটা বছৰত আমাৰ ৰাজ্যখনলৈ কিমান পৰিৱৰ্তন আহিল সেয়া অসমৰ ৰাইজে দেখিছে৷ আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো, ২০২১ত প্ৰত্যেক সমষ্টিতে ১৬ হাজাৰকৈ মহিলাক অৰুণোদয় আঁচনি দিছিলো৷ আগন্তুক দিনত ৩৮ হাজাৰৰ পৰা ৪০ হাজাৰ প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় আঁচনি দিয়া হ’ব৷ যাতে কোনো দৰিদ্ৰ মহিলা বাদ পৰি নাযায়৷ ইপিনে শোণিতপুৰ জিলাৰ প্তটা সমষ্টিত তেজপুৰ, বৰছলা, ঢেকীয়াজুলি, ৰঙাপৰা আৰু নদুৱাৰৰ সুকীয়াকৈ উক্ত ৪০ হাজাৰৰ উপৰি চ্ছ্ৰ হাজাৰকৈ অৰুণোদয় আঁচনি বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাখনত ৰাজহুৱাভাৱে ঘোষণা কৰে৷

আনহাতে, মহাবিদ্যালয়ৰ বিনামূলীয়া নামভতিৰ্কৰণৰ ইনকাম চাৰ্টিফিকেটকে ধৰি বাকী একো তথ্যই নালাগে কেৱল ৰেচন কাৰ্ডখন হ’লেই হ’ব বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে, কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত নিৰ্বাচনী প্ৰচাৰ সভাখনত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী অশোক সিংহল, বিধায়ক গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকা, পৃথ্বিৰাজ ৰাভাই অংশগ্ৰহণ কৰে৷

Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট

Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট
Jammu and Kashmir tourist sites shut: জম্মু-কাশ্মীৰত বন্ধ হৈছে বহু পৰ্যটনস্থলী, ৰিজৰ্ট

পেহেলগামৰ নৰসংহাৰৰ পাছতে জম্মু-কাশ্মীৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।(Jammu and Kashmir tourist sites shut) জম্মু-কাশ্মীৰত বন্ধ হৈ পৰিছে ৪৮ টাকৈ সুন্দৰ পৰ্যটনস্থলী। বন্ধ হৈছে ৰিজৰ্ট। নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰ চৰকাৰে বন্ধ কৰিলে ৪৮খনকৈ ৰিজ’ৰ্ট। বন্ধ কৰিলে ৮৭টাৰ ভিতৰত ৪৮টা পর্যটনস্থলীও। উপাৰ্জনৰ পথ বন্ধ কাশ্মীৰৰ অধিকাংশ সাধাৰন লোকৰ।পৰ্যটকৰ বাবে বন্ধ হৈ পৰিছে দুধপত্ৰী, ভেৰিনাগৰ পৰ্যটনস্থলী। নিৰাপত্তা সংস্থাৰ পৰামৰ্শ মতে এই সিদ্ধান্ত গ্রহণ জম্মু-কাশ্মীৰ চৰকাৰৰ।

পেহেলগামত ২৬ জন পৰ্যটকৰ মৃত্যু হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই বন্ধৰ ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ বহু ৰিজৰ্ট আৰু আধাতকৈও অধিক পৰ্যটনস্থলী বন্ধ কৰি দিছে জম্মু-কাশ্মীৰ চৰকাৰে। পহলগামৰ মনোমোহা ঠাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কিছুদিন পিছতে নিৰাপত্তাজনিত উদ্বেগৰ মাজতে এই প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

নিস্তব্ধ উপত্যকা আৰু মনোমোহা পাহাৰৰ বাবে পৰিচিত কেন্দ্ৰীয় শাসিত অঞ্চলটোত কমেও ৪৮খন ৰিজ’ৰ্ট বন্ধ কৰি দিয়া হৈছে। বুডগামৰ দুধপাত্ৰী আৰু অনন্তনাগৰ ভেৰিনাগৰ দৰে কেইবাটাও পৰ্যটনস্থলীও পৰ্যটকৰ বাবে সীমাৰ বাহিৰত নিৰ্মাণ কৰা হৈছে।

স্থানীয় ৰাইজৰ আয়ৰ প্ৰধান উৎস কাশ্মীৰৰ পৰ্যটনক লৈ অনিশ্চয়তাৰ মাজতে এই সিদ্ধান্ত লোৱা হৈছে। এই আক্ৰমণৰ পিছত ভয় খাই পৰ্যটকক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পলায়ন কৰাৰ বিপৰীতে বহু ভ্ৰমণকাৰীয়ে আগন্তুক ভ্ৰমণ বাতিলো কৰিছে।

মাত্ৰ এসপ্তাহৰ আগতে পহলগাম চহৰত পৰ্যটকৰ এখন ব্যস্ত ঠাই আছিল। কিন্তু এতিয়া পৰ্যটকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।

স্থানীয় লোকসকলে আশংকা কৰিছে যে পৰ্যটনৰ হাৰ হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ আয়ৰ উৎস আৰু জীৱিকাৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব কাৰণ যোৱা সপ্তাহৰ ভয়ানকতাৰ সৈতে চহৰখনে এতিয়াও সহমতত উপনীত হোৱা নাই। সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰি ভুক্তভোগীৰ সৈতে সংহতি প্ৰকাশ কৰিছে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে কাশ্মীৰৰ জনসাধাৰণে নিৰীহ লোকৰ হত্যাৰ বিৰুদ্ধে মুকলিকৈ ওলাই আহিছে।

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?
Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱ হ'লে মানুহৰ পুৰণি ঘাঁ ভাল নহয় ?

শৰীৰৰ লগত জড়িত সাধাৰণ কিছুমান কথা মানুহে জনাটো অতি গুৰুত্বপূৰ্ণ। ভিটামিনৰ অভাৱ হ’লে শৰীৰত পাৰ্শ্বক্ৰিয়া দেখা দিবলৈ আৰম্ভ কৰে। কোনটো ভিটামিনৰ অভাৱত কি হয় জানো আহক।(Vitamin)

কোনটো ভিটামিনৰ অভাৱত শৰীৰৰ ফুলে-

শৰীৰত প্ৰদাহ হ’ব পাৰে কেইবাটাও ভিটামিন, যেনে ভিটামিন ডি, ভিটামিন বি ১ (থাইমিন) আৰু ভিটামিন চিৰ অভাৱত।ভিটামিন ডিৰ অভাৱত গাঁঠিৰ বিষ আৰু ফুলা হ’ব পাৰে। থাইয়ামিনৰ অভাৱত ইডিমা হ’ব পাৰে, যিটো শৰীৰত তৰল পদাৰ্থ জমা হোৱাৰ ফলত ভৰি বা ভৰি ফুলি উঠে। ভিটামিন চিৰ অভাৱ হ’লেও গাঁঠি ফুলি উঠিব পাৰে।(vitamin A)

কোনটো ভিটামিনৰ অভাৱত শৰীৰত বলিৰেখা হয়-

ছালৰ কোষ সৃষ্টি আৰু মেৰামতিৰ বাবে ভিটামিন এ প্ৰয়োজনীয়। ইয়াৰ উপৰিও ছালৰ কিছুমান সমস্যাৰ ফলত হোৱা প্ৰদাহ কমোৱাতো সহায় কৰে। ভিটামিন এৰ অভাৱত একজিমা আৰু অন্যান্য ছালৰ সমস্যা হ’ব পাৰে। ছাল শুকান, খজুৱতি আৰু ফুলি উঠা এনে এক অৱস্থা হ’ল একজিমা। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন এ যুক্ত ঔষধ এলিট্ৰেটিন’ইন একজিমাৰ চিকিৎসাত ফলপ্ৰসূ। ১২ সপ্তাহৰ এটা অধ্যয়নত ১০–৪০ মিলিগ্ৰাম এলিট্ৰেটিন’ইন গ্ৰহণ কৰাসকলৰ লক্ষণ ৫৩% হ্ৰাস পোৱা দেখা গৈছিল। মনত ৰাখিব, ছাল শুকান হোৱাৰ বহু কাৰণ থাকিব পাৰে, কিন্তু ভিটামিন এৰ অভাৱো এটা কাৰণ হ’ব পাৰে।

কোনটো ভিটামিনৰ অভাৱত ডাৰ্ক চাৰ্কল হয়-

ভিটামিন এৰ অভাৱত ডাৰ্ক চাৰ্কল হ’ব পাৰে। এই সমস্যাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিশেষজ্ঞসকলে ডাৰ্ক চাৰ্কলৰ আশংকা ভিটামিন এ বুলি কৈছে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে মানুহৰ পুৰণি ঘাঁ ভাল নহয়-

আঘাত বা অস্ত্ৰোপচাৰৰ পিছত ঘা ভাল হোৱাটো ভিটামিন এৰ অভাৱৰ লগত জড়িত হ’ব পাৰে। ভিটামিন এ-এ কলাজেন গঠনত সহায় কৰে, যিটো সুস্থ ছালৰ বাবে অপৰিহাৰ্য। গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন ‘এ’ই ছালখনক মজবুত কৰে।

Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !

Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !
Tuesday Hanuman: মঙলবাৰে এই ৭টা কাম নকৰিব, হনুমানৰ খং উঠিব; জীৱনটো অশান্তিৰে আগুৰিব !

মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উচৰ্গা কৰা হয়। মঙলবাৰে হনুমানক সম্পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰিব লাগে। এনে কৰিলে জীৱনৰ বিপদবোৰ আঁতৰি যায়। মঙলবাৰে কি কৰিব নালাগে জানো আহক।(Tuesday Hanuman)

সনাতন ধৰ্মত প্ৰতিটো সপ্তাহ কোনোবা নহয় কোনোবা এটা দিন ঈশ্বৰৰ ওচৰত উৎসৰ্গা কৰা হয়। একেদৰে মঙলবাৰটো হনুমানলৈ উচৰ্গা কৰা হৈছে। মঙলবাৰে সঠিক ৰীতি-নীতিৰে হনুমানক পূজা কৰিলে তেওঁৰ আশীৰ্বাদ সদায় ভক্তৰ ওপৰত থাকে। অৱশ্যে হনুমানৰ আশীৰ্বাদ পাবলৈ কিছুমান কথা বিশেষ যত্ন লোৱা উচিত। যেনে মঙলবাৰে কি কাম কৰিব লাগে যি কাৰ্যই হনুমানক খং তুলিব পাৰে।

মঙলবাৰে এই ৭টা কাম নকৰিব-


মঙলবাৰৰ ব্ৰতৰ সময়ত নিমখ নাখাব। এই দিনটোত মিঠাই দান কৰাটো শুভ। মঙলবাৰে নিমখ দান কৰাটো শুভ, কিন্তু নিমখ খালে হনুমানৰ খং উঠে।

জ্যোতিষ শাস্ত্ৰৰ মতে মঙলবাৰে চুলি কটা, নখ কটাটো অশুভ বুলি গণ্য কৰা হয়। এই কামবোৰ মঙলবাৰে কৰিব নালাগে। ইয়াৰ ফলত বুদ্ধিমত্তা আৰু ধন-সম্পত্তিৰ ক্ষতি হয়।

যদি আপুনি মঙলবাৰে হনুমান পূজা কৰে তেন্তে এই দিনটোত পূজা কৰা উচিত নহয়। পূজাৰ সময়ত হনুমানৰ সন্মুখত চাকি জ্বলালে শুভ হ’ব। মনত ৰাখিব জেচমিন তেলেৰে চাকি জ্বলাব লাগে।

ধৰ্মশাস্ত্ৰৰ মতে মঙলবাৰে কাকো ধাৰলৈ টকাও নিদিব। এনে কৰিলে আপোনাৰ জীৱনটো আৰ্থিক সমস্যাৰে আগুৰি ধৰিব পাৰে।

মঙলবাৰে মাংস আৰু মদ খাব নালাগে। ইয়াৰ বাবে হনুমানৰ আশীৰ্বাদ নাপায় আৰু কৰ্মত বাধাৰ সৃষ্টি হয়। মঙলবাৰে মদৰ পৰা আঁতৰি থাকক।

মঙলবাৰে ক’লা কাপোৰ পিন্ধিব নালাগে। পাৰিলে ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধক। ক’লা ৰং পৰিধান কৰিলে মংগল দোষৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে।

মঙলবাৰ হনুমানলৈ উৎসৰ্গিত। সেয়েহে এই দিনটোত কোনো ছোৱালী বা মহিলাক সৌন্দৰ্য্য সম্পৰ্কীয় বস্তু নিদিব।