যি কি নহওক, এই যুৱতীগৰাকীৰ সাহসে, দৃঢ়সংকল্পে আৰু অধ্যৱসায়ে সকলোৰে বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। চৰকাৰ তথা সমাজৰ দায়িত্ব হ’ব, এইধৰণৰ সংগ্ৰামী ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়োৱা আৰু তেওঁলোকৰ শিক্ষাগৰাকীক প্ৰতিস্থাপনৰ পথ প্ৰসস্ত কৰা।
গুৱাহাটী, ৪ জুন ২০২৫ । himanta biswa sarma । বুধবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় অসমৰ ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত অনাগত দিনৰ বাবে কেইবাটাও ঐতিহাসিক আৰু জনমুখী সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মূল সিদ্ধান্তসমূহঃ
🔹 শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ উন্নয়ন বিশ্ববিদ্যালয়খনত প্রযুক্তি-ভিত্তিক শিক্ষাৰ বিস্তাৰ আৰু আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে। এই সিদ্ধান্তৰ জৰিয়তে শিক্ষাৰ মান আৰু গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন হ’ব বুলি আশা কৰা হৈছে।
🔹 ডিমা হাচাও জিলাত পথ নিৰ্মাণ আৰু ঘাইপথ উন্নয়ন ডিমা হাচাও জিলাৰ ৫টা পথ নিৰ্মাণৰ কাৰণে পুঁজিৰ অনুমোদন দিয়ে কেবিনেটে। লগতে এই ৫টা পথক ৰাষ্ট্ৰীয় ঘাইপথৰ দৰেই উন্নীত কৰাৰ সিদ্ধান্তও লোৱা হৈছে। এই পদক্ষেপে অঞ্চলটোত যাতায়াত ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন আগবঢ়াব।
🔹 আৰক্ষী বিভাগত পদবী পৰিৱর্তন অসমৰ সকলো আৰক্ষী অধীক্ষকক এতিয়াৰে পৰা “জ্যেষ্ঠ আৰক্ষী অধীক্ষক (Senior Superintendent of Police)” হিচাপে উল্লেখ কৰা হ’ব। এই সিদ্ধান্তে পুৰণি নীতিগত অস্পষ্টতা দূৰ কৰাৰ লগতে প্রশাসনিক স্বচ্ছতা বৃদ্ধি কৰিব।
🔹 মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অনুমোদন অসম চৰকাৰৰ এটা নতুন জনকল্যাণমুখী আঁচনি ৰূপে “জীৱন অনুপ্ৰেৰণা আঁচনি”ক কেবিনেটে অনুমোদন দিয়ে। যদিও আঁচনিৰ বিস্তৃত খচৰা এতিয়ালৈকে প্ৰকাশ নহয়, মুখ্যমন্ত্ৰীয়ে কয় যে ই নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব পৰা এক ইতিবাচক পদক্ষেপ হ’ব।
🔹 গৱেষণা শিক্ষাৰ্থীৰ বাবে এককালীন সাহায্য চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰা শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। এতিয়া প্ৰতিজন গৱেষক শিক্ষাৰ্থীক এককালীন ২৫,০০০ টকাৰ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। শীঘ্ৰে এই বাবে আবেদন আৰম্ভ হ’ব আৰু এক বিশেষ অনলাইন পোৰ্টেল খুলি দিয়া হ’ব।
গুৱাহাটী, ৪ জুন ২০২৫:Assam Cabinet Decesions । বুধবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে বিভিন্ন সিদ্ধান্ত সদৰী কৰে। এইবাৰ কেবিনেটে আত্মসহায়ক গোট তথা মহিলা উদ্যমিতাক উৎসাহিত কৰাৰ ক্ষেত্ৰত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মূল সিদ্ধান্তসমূহঃ
🔹 আত্মসহায়ক গোট (SHG) আৰু “লাখপতি বাইদেউ” আঁচনিৰ বাবে ১৪৫০ কোটি টকা অনুমোদন মুখ্যমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ অসম’ পৰিকল্পনাৰ অংশ হিচাপে মহিলা SHG-সমূহক অধিক স্বনির্ভৰ বনোৱাৰ লক্ষ্যৰে এই বৃহৎ বিত্তীয় অনুমোদন দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে লক্ষাধিক মহিলা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
নতুন দিল্লী, ৪ জুন ২০২৫ ।Parliament তিনি মাহৰো অধিক সময়ৰ পাছত অবশেষত অনুষ্ঠিত হ’ব ভাৰতীয় সংসদৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশন ২১ জুলাই তাৰিখে আৰম্ভ হৈ ২১ আগষ্টলৈকে চলিব। ইয়াৰ পূৰ্বে ৩১ জানুৱাৰীত আৰম্ভ হৈছিল বাজেট অধিবেশন, যাৰ অন্ত হৈছিল ৪ এপ্ৰিলত। সেই দিনাৰ পৰা ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ অনিশ্চিত সময়লৈকে স্থগিত হৈ আছিল।
এইবাৰ ২৩ দিনীয়া বৰ্ষাকালীন অধিবেশনখনত বহু গুৰুত্বপূর্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিরাপত্তা, অৰ্থনীতি, পাকিস্তান সন্দৰ্ভ, আৰু বিভিন্ন নতুন বিধেয়কৰ উত্থাপন সম্ভৱপৰ।
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰি কয়, “এই অধিবেশন বিশেষ হ’ব। অপাৰেশ্যন সেন্দূৰৰ লগতে আন বহুতো বিষয়ত আলোচনা হ’ব। চৰকাৰে সকলো দলক লগত লৈ আগবাঢ়িব বিচাৰে।” তেওঁৰ মতে, চৰকাৰে ইতিমধ্যে বিৰোধীৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু সকলোৰে সহভাগিতাত গঠনমূলক আলোচনাৰ আশা কৰিছে।
ইপিনে, বিৰোধী দলসমূহে অপাৰেশ্যন সেন্দূৰ, যুদ্ধবিৰতি, ড’নাল্ড ট্ৰাম্পৰ মন্তব্য, আৰু পহলগাম আক্ৰমণৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে বিশেষ সংসদীয় অধিবেশনৰ দাবী আগবঢ়াইছিল। মঙলবাৰে ১৬ টাকৈ বিৰোধী দলে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সংযুক্ত পত্ৰ পঠিয়াইছিল।
বুধবাৰে ইণ্ডিয়া মিত্ৰজোঁটে এক সংবাদমেল আয়োজন কৰি পুনৰ বিশেষ অধিবেশনৰ দাবী জনায়। দিপেন্দ্ৰ হুডা কয়, “যদি বিশ্ববাসীক সকলো কথা জনোৱা হৈছে, তেন্তে সংসদক কিয় নজনোৱা হ’ব?” শিব সেনাৰ নেতা সঞ্জয় ৰাৱটে ট্ৰাম্পৰ মন্তব্য উল্লেখ কৰি কয়, “যদি যুদ্ধবিৰতি তেওঁৰ মন্তব্যৰ বাবেই হয়, তেন্তে সংসদত এই বিষয়ৰ ওপৰত বিশেষ আলোচনাৰ প্ৰয়োজন আছে।”
সম্ভাৱনা থকা বিষয়বোৰৰ ভিতৰত পাকিস্তান সন্দৰ্ভ এক গুৰুত্বপূৰ্ণ স্থানত আছে। বিৰোধী দলসমূহে এই অধিবেশনত চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰিব বুলি আশা কৰা হৈছে।
Women's Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল
অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক ভাললগা খবৰ।(Women’s Cricket World Cup)গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল। এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। আইচিচিয়ে লগতে ঘোষণা কৰিছে মহিলা বিশ্বকাপৰ খেলৰ স্থান আৰু দিন। আইচিচিয়ে প্ৰকাশ কৰা মতে মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব ৷ গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপৰ খেল ৷
আই চি চিৰ এক বিবৃতি অনুসৰি বিশ্বকাপৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী), হোলকাৰ ষ্টেডিয়াম (ইন্দোৰ), এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম (কলম্বো) ৷ ১২ বছৰৰ পাছত ক্ৰিকেটপ্ৰেমী দেশ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অহা ৩০ ছেপ্টেম্বৰত বাংগালুৰুত ভাৰতৰ সৈতে এখন ব্লকবাষ্টাৰ মেচৰে হ’ব ৷আই চি চিয়ে এইবুলি প্ৰকাশ কৰিছে , “২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন ছেমি ফাইনেল পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ ২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল ৷”
উল্লেখ্য মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা আঠটা দল হ’ল ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান ৷আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয়, “ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অনাগত মাহত আয়োজন কৰিবলগীয়া বিশ্বব্যাপী মহিলা প্ৰতিযোগিতা দুখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো ৷ শেহতীয়া বছৰবোৰত অনুৰাগীসকলে মহিলাৰ খেলখনৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে আৰু মই নিশ্চিত যে এতিয়া যেতিয়া তেওঁলোকৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু স্থান আছে, গতিকে তেওঁলোকে ইয়াৰ প্ৰতি নিজৰ সমৰ্থন দিব ৷ মহিলা ক্ৰিকেট আমাৰ দৃষ্টিভংগীৰ আগশাৰী আৰু আমি বিশ্বাস কৰোঁ যে এই দুখন আগন্তুক প্ৰতিযোগিতাই শেহতীয়া বছৰবোৰত আমি গঢ়ি তোলা অবিশ্বাস্য গতি বজাই ৰখাই নহয়, ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব ৷”