Home Blog Page 2751

লাহৰীঘাটত স্কাউট এন্ড গাইডৰ প্ৰশিক্ষণ

 মৰিগাঁও জিলাৰ  লাহৰীঘাট অঞ্চলতো প্ৰতি দেওবাৰে বিভিন্ন বিদ্যালয় তথা খেলপথাৰত লাহৰীঘাটৰ প্ৰশিক্ষণ প্ৰাপ্ত মাষ্টাৰ ইলিয়াছ আহমেদে বিভিন্ন স্কুলৰ ছাত্র ছাত্রী সকলক Scout and Guide ৰ প্ৰশিক্ষণ দিয়ে। বয়স অনুযায়ী ৩ টা গ্ৰুপৰ ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দিয়ে। তেওঁ জনোৱা মতে মৰিগাঁও জিলাত ৯০ খন ঠাইত Scout and Guide  ৰ প্ৰশিক্ষণ দিয়া হয়। অৱশ্যে ইয়াৰ শাখা কাৰ্যালয় মৈৰবাৰীত আছে বুলিও জানিব পৰা গৈছে। বৰ্তমান সময়ত নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অধিক লাভদায়ক। প্ৰশিক্ষণ সম্পূর্ণ হলে পৰ্যায় অনুযায়ী ৩ খন প্ৰমাণ পত্র Scout and Guide বিভাগৰ  পৰা দিয়া হয় আৰু এই প্ৰ পত্র সেনা বাহিনীৰ চাকৰিৰ বাবে আবেদন কৰিলে যথেষ্ট সহায়ক হয় বুলিও জানিব পৰা গৈছে। 

কাছুমাৰাত ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ

 বৰপেটা জিলাৰ চেঙা সমষ্টিৰকাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা গাঁৱৰ  পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱ খনেৰে বাহেজ উদ্দিনৰ কন্যা এজ বাহাতন নেছাই যোৱা ইংৰাজী ২৮ অক্টোবৰত নিজ ঘৰৰ  আশেপাশে ঘুৰি ফুৰি থকা অৱস্থাৰ পৰা হঠাৎ নিৰুদ্দেশ হয়। কিশোৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰি যোৱা ইংৰাজী ৩০ অক্টোবৰত স্থানীয় কাছুমাৰা আৰক্ষী থানাত কিশোৰী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে কিশোৰী গৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাত নাইবা ৮১৩৩৮৯৭৬৩৬, ৬০০১২২৯৪৪৫ 
 ফোন নম্বৰ দুটাত ফোন কৰি খবৰ দিবলৈ পৰিয়ালৰ লোকে বিনম্ৰতাৰে অনুৰোধ জনাইছে

এছিয়া বুক অৱ ৰেকৰ্ড কৰা যুৱকৰ মৃত্যুৰ পাছত খৱৰ লবলৈ সময়ৰ অভাৱ চৰকাৰৰ

যোৱা ১নবেম্বৰত শিৱসাগৰৰ গৌৰীসাগৰ বৃন্দাবন চাৰিআলিত এক শোকাবহ পথদূৰ্ঘটনাত এচিয়া বুক অফ ৰেকৰ্ডছত স্থানপ্ৰাপ্ত দেৰগাঁৱৰ যুৱক ৰূপম বৰাৰ মৃত্যু আজি ৬টা দিন পাৰ হোৱাৰ পিছতো ৰূপমৰ পিতৃ-মাতৃক এশাৰ মাতদিবলৈও সেইসমত উৎসাহিত কৰা  দল সংগঠন, চৰকাৰ, প্ৰশাসনৰ সময়ৰ অভাৱ। দেৰগাঁৱৰ হলৌগাঁৱৰ নিবাসী শ্যাম বৰাৰ পুত্ৰ ৰূপম বৰাক  অসমবাসী ৰাইজক চিনাকী কৰিদিয়াৰ প্ৰয়োজন নাই। দু-সাহসী কৰ্মৰাজীৰ বাবে ভাৰত বিখ্যাত হৈ পৰিছিল। ২০১৩ চনৰ ২২ আৰু ২৩ মে’  তাৰিখে ২৪ ঘন্টা ২০ মিনিটত ১০৭ .৬০০ কিঃমিঃ পিছলৈ খোজ কাঢ়ি(ওভতি খোজ)  *ইণ্ডিয়া বুক অফ ৰেকড*এচিয়া বুক অফ ৰেকডচ* আৰু  * ASSIST বিশ্বৰেকডত নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হৈছিল। 
 ৰূপমৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক সকলে আক্ষেপেৰে ব্যক্ত কৰিলে যে  সেইসময়ত ছাঁটোৰ দৰে লাগি থকা ব্যক্তি সকল, চৰকাৰ , প্ৰশাসনৰ এজনো ব্যক্তি কিয় নোলাল ৰূপমৰ শেষযাত্ৰাত অংশগ্ৰহন কৰিবলৈ তথা দুখৰ সময়ত এশাৰ মাত দিবলৈ।

দূৰ্নীতিৰ ৰম্যভূমিত পৰিণত মানকাচৰৰ কুকুৰমাৰা সমবায় সমিতি

মূখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পিছতো অবাদে চলাইছে দূৰ্নীতি কুকুৰ মাৰা সমবায় সমিতিৰ সচিব এজিয়াল হ’কে।৫ কেজি চাউলৰ পৰিৱৰ্তে ৪ কেজি ৫০০ গ্ৰাম চাউল বিতৰণৰ বিস্ফৰক স্বীকাৰউক্তি উল্লেখিত সমবায় সমিতিৰ ডিলাৰৰ ।সচিব এজিয়াল হ’কৰ নিৰ্দেশত ৪ কেজি ৫০০ গ্ৰাম চাউল বিতৰণ কৰিছে বুলি কেমেৰাৰ আগত মন্তব্য ডিলাৰৰ।কিন্তু মনকৰিবলগীয়া বিষয় যে যোৱা অক্টবৰ মাহৰ অতিৰিক্ত কোঠাৰ চাউল বিতৰণ কৰিছে বুলি সচিব এজিয়াল হ’কে মন্তব্য কৰাৰ পিছত এজন হিতাধিকাৰীৰ ৰেচন কাৰ্ডে প্ৰমাণ কৰিলে যে যোৱা অক্টবৰ মাহত কোনো চাউল বিতৰণ কৰা হোৱা নাই।আনহাতে যোৱা অক্টবৰ মাহৰ এটা কোঠাৰ চাউল যোগান নধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমবায় সমিতিখনৰ বিৰুদ্ধে।এতিয়া প্ৰশ্ন হয়! কাৰ বলত বলিয়ান সমবায় সমিতিৰ সচিব এজিয়াল হ’ক।মূখ্য মন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে সচিব এজিয়াল হ’কে।শেহতীয়াকৈ এনে দূৰ্নীতিগ্ৰস্থ সচিবৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃ পক্ষই ?

দৌলাশাল আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান ৷

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান ৷ কালি নিশা দৌলাশাল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত ৷ উল্লেখ্য যে ধৃত আমানুৰে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলায় আহিছিল ৷ আমানুৰ ৰহমানে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কথা মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে জানিব পৰাত আমানুৰক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ পাই আমানুৰে বহিঃৰাজ্যকে ধৰি ডিব্ৰুগড়ত দীৰ্ঘদিন ধৰি পলাই থাকে ৷ ধৃত আমানুৰে কালি ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ঘূৰি থাকোঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত আমানুৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত ৰুজু হৈ থকা  ৫৯৭/২১ নম্বৰ গোচৰ আৰু এন ডি পি এচ আইনৰ ২২ (চি)/২৯ ধাৰাত আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক জে’ল- হাজোতলৈ প্ৰেৰণ কৰে ৷

মৰিগাঁও DTO কাৰ্যালয়ত পৰিবহন কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

আজি  পুনৰ মৰিগাঁও DTO অফিচত দুঘন্টীয়া ধৰ্মঘট পালন কৰিলে পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে। পৰিবহন আয়ুক্তই এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিকভাৱে অপদস্থ কৰাকলৈয়ে জিলা পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলৰ এই  প্ৰতিবাদ ৷ পৰিবহন কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক পৰিবহন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ সময়সীমা বান্ধি দিছিল যদিও কোনো ব্যৱস্থা নোলোৱাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সমাজ সচেতক সদানন্দ তালুকদাৰৰ দেহাৱসান

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ বৰঘোপা নামৰ গাঁৱত বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া , সমাজ সচেতক সদানন্দ তালুকদাৰৰ জন্ম হয়। তেওঁৰ যোৱা পাঁচ নবেম্বৰ পুৱতি নিশা ৯১ বছৰ বয়সত দেহাৱসান ঘটে। স্বৰাজ লাভৰ পুৰ্বে জন্ম গ্ৰহণ কৰা প্ৰয়াত সদানন্দ তালুকদাৰৰ পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে বৰপেটা চহৰৰ গান্ধী নগৰত স্থায়ীভাৱে বসবাস কৰে । বৰঘোপা গাঁৱৰ প্ৰথম স্নাতক হিচাপে স্বীকৃত প্ৰয়াত তালুকদাৰ দেৱে কৰ্ম জীৱনৰ পাতনি শিক্ষকতাক আদৰ্শ হিচাপে গ্ৰহণ কৰি পৰবৰ্তী সময়ত শিক্ষা বিভাগতে সেৱা আগবঢ়াই বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক পদবীত থাকি ১৯৯৩ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । সমাজ সচেতন সৰহবৰাহী এই ব্যাক্তি গৰাকীয়ে বিভিন্ন সময়ত, বিভিন্ন সামাজিক অনুষ্ঠান আৰু শিক্ষা অনুষ্ঠান ৰ সৈতে জড়িত হৈ পৰিছিল । বৰপেটাৰ জীৱন লতা ছোৱালী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি, বৰপেটা জিলা পেন্সনাৰ সন্থাৰ সভাপতি হিচাপে প্ৰয়াত তালুকদাৰ ডাঙৰীয়াই দিগদৰ্শী ভুমিকা পালন কৰিবলৈ সক্ষম হৈছিল । জীৱনৰ বিয়লি বেলাত প্ৰায় দহ বছৰ পুৰ্বে তেখেতে পত্নীক হেৰুৱাই কিছুপৰিমানে হতাশ হৈ পৰিছিল যদিও, পৰবৰ্তী সময়ত স্বাস্থ্য সচেতন আৰু নিয়মানুবৰ্তী জীৱন শৈলীৰে তেখেতে সৰল জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছিল । সদানন্দ তালুকদাৰৰ মৃত্যু ত তেখেতৰ জন্ম গাঁও বৰঘোপা আৰু কৰ্ম চহৰ বৰপেটা ৰ মানুহৰ মাজত গভীৰ শোকৰ ছাহ পৰে। ভিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যাক্তি প্ৰমুখ্যে মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰি পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত প্ৰয়াত তালুকদাৰে চাৰি পুত্ৰ ক্ৰমে হেমেন তালুকদাৰ,কুলেন্দ্ৰ তালুকদাৰ ফনো তালুকদাৰ আৰু কমল তালুকদাৰ আৰু দুই কন্যা কল্পনা তালুকদাৰ,দীপাঞ্জলী ডেকাক এৰি থৈ যায় । উল্লেখযোগ্য যে প্ৰয়াত তালুকদাৰ দেৱৰ সভাপতিত্ব ৰ কাল ছোৱাতে তদানীন্তন সাংসদ ইন্দ্ৰমণি বৰাৰ সাংসদ পুঁজিৰ অনুদানেৰে বৰপেটাৰ গান্ধী নগৰস্থিত শ্মশান ঘাটটো আধুনিক সা সুবিধাৰে নিৰ্মাণ কৰি তোলা হয় ।

ধেমাজি সদৰ থানাত আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ সভা।

ধেমাজিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ আইন শৃংখলা ওপৰত বিশেষ সভা। সঞ্চালক প্ৰধান গৰাকী দেওবাৰে আৰক্ষী অধীক্ষক আৰু আৰক্ষী প্ৰশাসন সৈতে মিলিত হৈ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে।উক্ত সভাত জিলাখনৰ আইনজনিত সমস্যা সমূ্হ বিশেষ ভাৱে আলোচনা কৰা লগতে মুখ্যমন্ত্ৰী গৰাকী সৈতে আলোচনা কৰা বহুত কথাই তন্ন তন্নকৈ সভাত আলোচনা কৰে।২ঘণ্টীয়া সময় আলোচনা কৰা উক্ত সভাত সঞ্চালক প্ৰধান গৰাকীও উপস্থিত থাকে। ধেমাজি সদৰ থানাৰ সভা কক্ষৰ সভা সামৰি লিকাবালিত থকা মালিনী মন্দিৰ দৰ্শন কৰি ২২বেটেলিয়ানৰ আৰক্ষীৰ প্ৰশিক্ষণ স্থলীলৈ ৰাওনা হয়।

বঙাইগাঁৱত ৰক্তদান শিবিৰৰ আয়োজন

প্ৰবীণ স্বাধীনতা সংগ্ৰামী তথা অসমৰ বাওঁপন্থী আন্দোলনৰ পুৰোধা ব্যক্তি নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেওবাৰে চি পি আই ( এম ) ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভাকাৰিভিটাস্থিত দলীয় কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । এই ৰক্তদান শিবিৰটো উদ্ধোধন কৰে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফিৰোজ আহমেদে ৷ শিবিৰ উদ্ধোধনী অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্য , বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ  ব্লাড বেংকৰ দায়িত্বত থকা ডাঃ কচেৰ আলি আহমেদ , পশ্চিম অসম ৰক্তদাতা সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি  ৰণজিৎ পাল , জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ জ্যোতি মুখাৰ্জী , চি পি আই ( এম )  ৰ জিলা সম্পাদক পৰিমল চক্ৰৱৰ্তী , আঞ্চলিক সমিতিৰ সম্পাদক হৰেশ্বৰ দাস আদি উপস্থিত থাকে ৷ এই শিবিৰত উপস্থিত থকা চিকিৎসক তথা বিশিষ্ট ব্যক্তি সকলে ৰক্তদান তথা নেত্ৰদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে আৰু এইবোৰ বিষয়ত ৰাইজক সচেতনভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । ৰক্তদান শিবিৰত ২৫ জন ৰক্তদাতাই ৰক্তদান কৰে । এই অনুষ্ঠানত ৰক্তদান কৰা আৰু বিভিন্ন ধৰণে সহযোগিতা কৰা  সকলো ব্যক্তিলৈ চি পি আই ( এম )ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় । উল্লেখ্য যে জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা ১৩ নৱেম্বৰত বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা এখন আলোচনা সভাৰ আয়োজন কৰা হৈছে । উক্ত আলোচনা সভাত  প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস আৰু চি পি আই ( এম ) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  সুপ্রকাশ তালুকদাৰ অলোচক  হিচাবে উপস্থিত থাকিব ৷ 

ৰৌতাত ‘নীট’ পৰীক্ষাত দুজন ছাত্ৰ কূলদীপ আৰু দিব্যজ্যোতিৰ সাফল্য

সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ ‘নীট ‘ত বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি চহৰৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগৰ ৰৌতাষ্টেচনৰ দুজন শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰৌতা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জানিব পৰা মতে ,  ৰৌতাষ্টেচন  নিবাসী গিৰিলাল দাস আৰু মলয়া দাসৰ  পুত্ৰ কূলদীপ দাসে ‘নীট ‘ৰ পৰীক্ষাত সৰ্বমুঠ ৫৭৫   নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে- কূলদীপ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰৌতা চেক্ৰেট হাৰ্ট স্কুলৰ পৰা  পৰীক্ষা দি ৮৯ শতাংশ নম্বৰ লাভ কৰি  উৰ্ত্তীণ হোৱাৰ বিপৰীতে তেজপুৰ চাইঞ্চ  একাদেমীৰ পৰা পৰীক্ষা দি  ৮৪ শতাংশ নম্বৰ লাভ কৰিছিল আৰু সদ্যঘোষিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত  সৰ্বমুঠ ৫৭৫ নম্বৰ পাই উত্তীৰ্ণ  হয় । আনহাতে , ৰৌতাষ্টেচন নিবাসী  ভোগীৰথ  পাঠক আৰু লাৱন্য পাঠকৰ পুত্ৰ দিব্যজ্যোতি পাঠকে সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ‘নীট’ ত  সৰ্বমুঠ ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে দিব্যজ্যোতি পাঠকে ৰৌতা ছেক্ৰেট হাৰ্ট  স্কুলৰ পৰা পৰীক্ষা দি মেট্ৰিকত ৯২ শতাংশ আৰু নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান  ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হাইচেকেণ্দাৰীত  ৮৯ শতাংশ নম্বৰ লাভ কৰিছিল আৰু এতিয়া সদ্যঘোষিত সৰ্বভাৰতীয়  চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা দি ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।