Breaking

ৰৌতাত ‘নীট’ পৰীক্ষাত দুজন ছাত্ৰ কূলদীপ আৰু দিব্যজ্যোতিৰ সাফল্য

0 2,037

সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ ‘নীট ‘ত বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি চহৰৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগৰ ৰৌতাষ্টেচনৰ দুজন শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰৌতা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জানিব পৰা মতে ,  ৰৌতাষ্টেচন  নিবাসী গিৰিলাল দাস আৰু মলয়া দাসৰ  পুত্ৰ কূলদীপ দাসে ‘নীট ‘ৰ পৰীক্ষাত সৰ্বমুঠ ৫৭৫   নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে- কূলদীপ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰৌতা চেক্ৰেট হাৰ্ট স্কুলৰ পৰা  পৰীক্ষা দি ৮৯ শতাংশ নম্বৰ লাভ কৰি  উৰ্ত্তীণ হোৱাৰ বিপৰীতে তেজপুৰ চাইঞ্চ  একাদেমীৰ পৰা পৰীক্ষা দি  ৮৪ শতাংশ নম্বৰ লাভ কৰিছিল আৰু সদ্যঘোষিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত  সৰ্বমুঠ ৫৭৫ নম্বৰ পাই উত্তীৰ্ণ  হয় । আনহাতে , ৰৌতাষ্টেচন নিবাসী  ভোগীৰথ  পাঠক আৰু লাৱন্য পাঠকৰ পুত্ৰ দিব্যজ্যোতি পাঠকে সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ‘নীট’ ত  সৰ্বমুঠ ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে দিব্যজ্যোতি পাঠকে ৰৌতা ছেক্ৰেট হাৰ্ট  স্কুলৰ পৰা পৰীক্ষা দি মেট্ৰিকত ৯২ শতাংশ আৰু নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান  ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হাইচেকেণ্দাৰীত  ৮৯ শতাংশ নম্বৰ লাভ কৰিছিল আৰু এতিয়া সদ্যঘোষিত সৰ্বভাৰতীয়  চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা দি ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply