Home Blog Page 2753

T-20 World Cupৰ ছেমিফাইনেল খেলাৰ সুযোগ পাবনে ভাৰতে

আবু ধাবিত অনুষ্ঠিত T-20 World Cup ৰ ছেমিফাইনেলত ভাৰত অৱতীৰ্ণ হব পাৰিবনে ? এই প্ৰশ্নটোৱে আজি সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে । ভাৰতীয় দলৰ শোচনীয়া প্ৰদৰ্শনৰ পিচত এতিয়াও কিছু আশা পুহি ৰাখিছে ভাৰতীয় ক্ৰিকেটপ্ৰেমী সকলে । T-20 World Cup 2021 ৰ পঞ্চম খন খেলত আফগানিস্থান ক্ৰিকেট দল মুখামুখি হব নিউজিলেণ্ড দলৰে । আবুধাবীৰ শ্বেখ জায়দ ষ্টেডিয়ামত ৰবিবাৰে মুখামুখি হৈছে দুয়োটা দল । খেলৰ আৰম্ভণিতে ভাৰতৰ বাবে সুখবৰ যে আফগানিস্থান দল টছত জয়ী হৈছে । টছত জয়ী হৈয়ে বেটিং কৰাৰ সিদ্ধান্ত আফগানিস্থানৰ দলৰ ।


ৰবিবাৰে অনুষ্ঠিত হোৱা এই খেলখনত যদিহে আফগানিস্থান দলে নিউজিলেণ্ড দলক হৰুৱাবলৈ সমৰ্থ হয় , তেতিয়া ছেমিফাইনেল খেলাৰ পথ প্ৰসস্ত হব ভাৰতৰ । বৰ্তমান নিউজিলেণ্ড দলটোৰ প্ৰদৰ্শনে ভাৰতীয় দলৰ ছেমিফাইনেলত খেলাৰ ক্ষেত্ৰত মুখ্য বাধা ৰুপে থিয় হৈছে । নিউজিলেণ্ডৰ তুলনাত আফগানিস্থান দল যথেষ্ট দুৰ্বল । কিন্ত ক্ৰিকেটত কোনো অসম্ভৱ নাই । এইবাৰৰ T-20 World cup ৰ চাৰিখন খেলৰ দুখনত জয় সাব্যস্ত কৰিছে আফগানিস্থানে । আনহাতে চাৰিখন খেল খেলি ৩ খনত জয়লাভ কৰিছে নিউজিলেণ্ড দলে ।

খৈৰাবাৰীত ৩১তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশনৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন

ওদালগুৰি জিলা বাথৌ মহাসভাৰ সৌজনত  ৩১ তম বাৰ্ষিক অধিৱেশন অহাঁ‌ ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত ওদালগুৰি জিলা খৈৰাবাৰী আৰেংপাৰত অনুষ্ঠিত কৰা হ’ব । পৰিপেক্ষিতত  প্ৰস্তুতি অব্যাহত ৰাখিছে, সংশ্লিষ্টত আজি ৭ নৱেম্বৰ দেওবাৰে খৈৰাবাৰী চহৰত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে।উল্লেখ্য যে  বাথৌ ধৰ্মৰ প্ৰচলনৰ দ্বাৰাই বড়ো সমাজখনক বন্ধনৰ এনাজৰী অতুত ৰাখি হিংসাত্মক ক্ৰিয়া-কলাপৰ পৰা বিৰত ৰাখি সমিল-মিলৰে বড়ো জনগোষ্ঠীক আগুৱাই নিয়াত অভূতভাৱে সহাৰী জনাই আহিছে যাৰ বাবে বড়ো জনগোষ্ঠীয় লোক সকলে প্ৰতিবছৰে বাথৌ ধৰ্মৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰি আহিছে।

সেয়েহে এইবেলিও ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত প্ৰায় ২২ টা বাথৌ আঞ্চলিক সমিতিৰ সহযোগত জিলা ভিক্তিত ৩১ তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।

সেয়েহে আজি খৈৰাবাৰী চহৰত ওদালগুৰি জিলা বাথৌ মহাসভাৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে ৬৫ নং  কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ  বিধায়ক দূৰ্গাদাস বড়োয়ে।লগত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা বথৌ মহাসভাৰ সভাপতি তথা কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ প্ৰাক্তণ বিধায়ক মহেশ্বৰ বড়ো লগতে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়ো সহ প্ৰফেচাৰ হিৰণ ডেকা, সমাজ সেৱক ধ্ৰুৱজ্যুতি বড়ো। 

 জিলা বাথৌ মহাসভাৰ উপসভাপতি মোনমিল বড়ো লগতে প্ৰায় শতাধিক বাথৌ মহাসভাৰ প্ৰতিনিধি উপস্থিত থকা কাৰ্যালয় উদ্ধোধন কাৰ্যসূচীত উদ্ধোধক বড়োয়ে বাথৌ ধৰ্ম প্ৰচাৰৰ বাবে  অহৰহ  কস্ত কৰি যোৱা মহান ব্যক্তি সকলক শলাগ লোৱাৰ লগতে, অনাগত দিনত যাতে বড়ো বড়োজনগোষ্ঠীয় লোক সকলে অন্য ধৰ্মলৈ ৰূপান্তৰ হোৱাত ধাৱমান নহয় তাৰ বাবে বড়ো জনগোষ্ঠীয় লোকসকলৈ অহ্বান জনাই।

লাহৰীঘাটত দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ

 মৰিগাঁও জিলাৰ লাহৰীঘাট শান্তি গেছ এজেন্সিৰ কাৰ্যালয় চৌহদত আজি পুৱা ৮ বজাৰ পৰা দিন যোৰা কাৰ্যসূচীৰে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত “দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক বিনামূলীয়াকৈ চিকিৎসাৰ লগতে ঔষধো বিনামূলীয়াকৈ দিয়া হয়। উল্লেখ্য যে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক চিকিৎসা প্ৰদান কৰে  ডাঃ দেবাশীষ হাজৰিকা B D S  ( দিল্লী), ডাঃ বৰ্ষা বৰা B D S ( দিল্লী) আৰু ডাঃ জ্যোতি কলিতা B D S ( দিল্লী  ) । এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় লাহৰীঘাটৰ উদীয়মান যুৱক তথা সমাজ সেৱক জহিৰুল ইছলাম,বাবুল আনম,ফুৰকান আলী আৰু মনজুৰুল কাৰিমে। নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ এই বিনামূলীয়া দাঁতৰ চিকিৎসা শিবিৰ পাতি দাঁতৰ ৰোগী সকলক চিকিৎসা সেৱা প্রদান কৰাৰ বাবে লাহৰীঘাট স্হানীয় সচেতন ৰাইজে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ শলাগ লৈছে। 

চাহ জনগোষ্ঠীৰ কৃষি উৎসৱ চঁহৰাই পৰব

চাহজনগোষ্ঠী- আদিবাসী সমাজৰ এক অন্যতম কৃষি উৎসৱ চঁহৰাই পৰব ঘৰে ঘৰে পালন কৰা দেখা গৈছে ৷ পুৱাৰে পৰা মাতৃ জীয়াৰী-বোৱাৰী সকল পিঠা গুৰি খুন্দাত ব্যস্ত হৈ পৰে৷কৃষিৰ সজুলি নাঙল-যুৱলী-মৈ আদি ধুৱাই চোতালত সজাই থয় ৷গাই গৰুক গা ধুওৱা হয় ৷গোহালীত আলপনা আঁকি গাই গৰুৰ ঠেং ধুৱাই গোহালীত সোমোৱা হয় আৰু গৃহস্হই গাই গৰুৰ কুশল মংগল কামনা কৰি লাউপানীৰ মেৰা,পিঠা পনাৰ লগতে কুকুৰা চৰাই উচৰ্গা কৰে ৷অমাৱস্যাৰ নিশাৰ লগতে আজিও গৃহস্হৰ ঘৰে ঘৰে হুচৰি গোৱাৰ দৰে চাঁচেইৰ বা জাহলী গীত গাই আনন্দ উৎসৱ পালন কৰে৷

গেৰুৱাৰ শিক্ষক চন্দন দৈমাৰীয়ে ড্ৰেগন ফ্ৰুইটচৰ খেতিৰে গেৰুৱাত আনিছে কৃষি বিপ্লৱ

ওদালগুৰি জিলাৰ  বিটিআৰৰ ৰৌতা সমষ্টিৰ গেৰুৱা অঞ্চলত ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰাৰ পথ দেখুবাইছে কৃষক সকলক ৷তুলনামূলক ভাবে অনান্য খেতিতকৈ ড্ৰেগন ফলৰ খেতিত পৰ্যাপ্ত লাভ হোৱাত ই এক লাভজনক খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে ৷এই লাভ জনক খেতিৰ বাট দেখুৱাইছে এহাতে শিক্ষকবৃত্তি আৰু আনহাতেদি কৃষি কৰ্মক এক লাভজনক ব্যৱসায়ৰূপ দিয়া চন্দন দৈমাৰীয়ে ৷এক সাধাৰণ জীৱন অতিবাহিত কৰাদৈমাৰীয়ে  তেওঁৰ কৃষি বিপ্লৱ সম্পৰ্কে  সাংবাদিক সকলৰ আগত কয় “মোৰ সৰুৰ পৰাই খেতিবাতি কৰাত বৰ আগ্ৰহ আছিল ৷আগতে মই বিলাহী,জলকীয়া,কবি আদিৰ খেতি আৰম্ভ কৰিছিলো ৷পৰবৰ্তী পৰ্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো ৷এনেতে কৃষি ব্যৱসায় সূত্ৰে পশ্চিমবঙ্গৰ এগৰাকী বঙালী লোকেৰে পৰিচয় হয় ৷তেখেতেই মোক এই ড্ৰেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায় ৷

তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা পৰীক্ষামূলক ভাৱে এবিঘা মাটিৰে ড্ৰেগনৰ খেতি আৰম্ভ কৰো ৷বৰ্তমান মোৰ ৭.৫ বিঘা(চাৰে সাত বিঘা) মাটিত ড্ৰেগন ফলৰ খেতি আছে ৷৮×১০ বৰ্গ ফুট জোখত এই লতা লগাব পাৰি ৷এজোপা গছত ৪০/৫০ টা ফল লাগে ৷এজোপা গছে ১০/১২ কিঃগ্ৰাঃকৈ ফল দিয়ে ৷ধাৰাবাহিক ভাবে এই ফল লাগি থাকেযদিও এপ্ৰিল মে ত ইয়াৰ উৎপাদন সৰহ হয় ৷এই ফলৰ বজাৰ মূল্য প্ৰতি কেজিত ৩৫০ /৪০০ টকা ৷মই শিক্ষক মানুহ সময় বিশেষ নাপাওঁ ৷এই ফাৰ্মৰ পৰাই নগাওঁ গুৱাহাটীৰ বেপাৰী আহি ২৫০ টকা দৰত লৈ যায় ৷এই ফল অতি উৎকৃষ্টমানৰ ৷ আইৰণ,চি.ভিটামিন,প্ৰটিন ৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ লগা প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল ৷তেখেতে এই ফলৰ বৰ্ণনা দাঙি ধৰি কয় ড্ৰেগনৰ ১৭৮ টা প্ৰজাতি আছে ৷মই পিংক কালাৰ যুক্ত চি .ভেৰেটী প্ৰজাতিৰ কৰিছো ৷

এজোপা গছৰ পৰা বছৰত অতিকমেও আঢ়ৈ হেজাৰ টকা উপাৰ্জন কৰিব পাৰি ৷এবিঘা মাটিত ২.৫০ লাখ  ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিব পাৰি ৷যিটো অন্য খেতিকৰি এনে উপাৰ্জন কৰাটো অসম্ভৱ কথা ৷এই খেতি সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে কৰা হয় ৷গোবৰেই একমাত্ৰ ইয়াৰ সাৰ ৷মোৰ এই ড্ৰেগন খেতিৰ ওপৰিও ১৩ বিঘাত বগৰী,৮ বিঘাত মধুৰী,আৰু ইজৰাইল আপেল পৰীক্ষামূলক ভাবে এবিঘা মাটিত আৰম্ভ কৰিছো ৷আমি চাৰি ভাই ককাই ৷এতিয়া সকলোৰে এনে খেতি আছে ৷এতিয়া আমাৰ গাওঁৰ প্ৰায় ভাগ মানুহে এনে খেতি আৰম্ভ কৰিছে ৷মোৰ এই ফাৰ্মৰ যোগেদি৮/১০ টা পৰিয়াল পোহ পাল গৈ আছে ৷অসমৰ নিবণুৱা যুবক যুবতী সকলে চাকৰিৰ বাবে,হাবাথূৰি খাই থকাৰ কোনো দৰকাৰ নাই ৷ পাচ বিঘা এনে খেতিৰে বছৰেকত ১৪ ৰ পৰা ১৫ লাখ টকা উপাৰ্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে৷ এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে অতি সহজে কোটিপতি হোৱাৰো সম্ভৱনাই দেখা দিছে ৷

ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পত্নীয়ে উৎসাহিত কৰিলে বিৰাট কোহলীক

তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শুক্ৰবাৰে, ৫ নৱেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিছিল যিহেতু তেওঁ ৩৩ বছৰীয়া হৈছিল। তেওঁ বৰ্তমান ইউ.এ.ই.ত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কৰি আছে। টীম ইণ্ডিয়াইও শুক্ৰবাৰে চলিত খেলত বিৰাটৰ পত্নী, অভিনেত্ৰী অনুষ্কা শৰ্মাক ষ্টেণ্ডৰ পৰা উল্লাস কৰা দেখা গৈছে । শুক্ৰবাৰে এই জয়ে চেম্পিয়নশ্বিপত ভাৰতৰ সম্ভাৱনা জীয়াই ৰাখে। খেলখনৰ পিছত, ৰজা কোহলীক, যিহেতু তেওঁক অনুৰাগীসকলে মাতিছিল, তেওঁৰ জন্মদিনৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল। তেওঁ এটা হৃদয়স্পৰ্শী উত্তৰ দিছিল। বিৰাটে কৈছিল, “মই ভাবো মই এতিয়া সেই পৰ্যায়টো শেষ কৰিছো। মোৰ পৰিয়াল ইয়াত আছে। অনুষ্কা আৰু ভামিকা ইয়াত আছে। জীৱনৰ এই সময়ত কেৱল পৰিয়াল থকাটো অতি কঠিন। এইটো নিজেই এক আশীৰ্বাদ। দলটো আশ্চৰ্যজনক আছিল। সকলোৱে মোক শুভেচ্ছা জনাইছিল।” খেলৰ পিছৰ প্ৰেজেণ্টেচনত তেওঁৰ স্বামীয়ে ভাষণ দিয়াৰ সময়ত অনুষ্কাক হাঁহি থকা দেখা গৈছিল। ক্ৰিকেটাৰজনে শুক্ৰবাৰে তেওঁৰ দলৰ সৈতেও উদযাপন কৰিছিল। বিচিচিআইয়ে টুইট কৰা এটা ভিডিঅ’ত টীম ইণ্ডিয়াৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলে বিৰাটৰ জন্মদিনৰ কেক কাটি থকাৰ সময়ত তেওঁক উল্লাস কৰা দেখা গৈছে। বিৰাটে এম এছ ধোনী আৰু দলৰ আন সদস্যসকলকো কেক খুৱাইছিল।

ইয়াৰ আগতে, অনুষ্কাই কোহলীৰ জন্মদিনত এটা মৰমৰ আৰু আৱেগিক টোকা লিখিছিল। তাই একেলগে তেওঁলোকৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল। ছবিখনৰ কাষত তাই লিখিছিল, “আপোনাৰ মূল অংশটো তীখাৰ সততা আৰু সাহসেৰে নিৰ্মিত। সাহস যি সন্দেহক বিস্মৃতিত পেলাই দিয়ে। মই এনে কোনো লোকক নাজানো যিয়ে আপোনাৰ দৰে অন্ধকাৰ ঠাইৰ পৰা নিজকে তুলি ল’ব পাৰে। আপুনি সকলো ধৰণে উন্নত হয় কাৰণ আপুনি আপোনাৰ মাজত স্থায়ী আৰু নিৰ্ভীক বুলি একো ধৰি নাৰাখে। মই জানো যে আমি এনেদৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজনে সিজনৰ সৈতে কথা পাতিবলৈ নহয় কিন্তু কেতিয়াবা মই কেৱল চিঞৰি বজাই বিশ্বক ক’ব বিচাৰো যে আপুনি কি আশ্চৰ্যকৰ মানুহ ভাগ্যৱান তেওঁলোক যি আপোনাক সঁচাকৈয়ে জানে।”

ওদালগুৰিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰ্বভাৰতীয় পৰ্যায়ৰ  ২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি  ৬নবেম্বৰত  ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খেল পৰিচালনা সমিতিৰ সহযোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত অনুষ্ঠিত হৈছে।
এই উপলক্ষে দিনৰ ২ বজাত জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। খেল পৰিচালনা সমিতিৰ  মুখ্য আহ্বায়ক ৰতেন্দ দৈমাৰীয়ে আতঁধৰা অনুষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োই।ইয়াৰ পিছতেই বেলুন আৰু শান্তিৰ বগা পাৰ চৰাই উৰুৱা  অনুষ্ঠানত অংশ গ্ৰ্হন কৰে ক্ৰমে-নিখিল  বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী,বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী,বিএচিৰ প্ৰাক্তন ডেপুটি চীফ তথা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ প্ৰতিযোগিতাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ দৈমাৰী,ওদালগুৰি জিলা এবচুৰ সভাপতি লোহিত বড়ো,অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক প্ৰনীল দৈমাৰী,বিটিচিৰ ই  এম ঘনশ্যাম দাস,ওদালগুৰি পৌৰ সভাৰ সভাপতি ৰাকেশ বড়ো,জিলা ক্ৰীড়া প্ৰাধিকাৰী চৌমদৌম মোছাহাৰী,মেচ কমিছনাৰ সুব্ৰত সিঙে,টিচিৰ এমচিএল সঞ্জয় স্বৰ্গীয়াৰী আৰু ফ্ৰেচ মোছাহাৰী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে।

খেলৰ আৰম্ভনিতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে খেলুৱৈ আৰু অতিথি সকলৰ প্ৰতি আদৰণি ভাষন আগবঢ়ায়।ইয়াৰ পিছতেই বিটিচিৰ ডেপুটি চীফ তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে খেলখন উদ্বোধন কৰে।আজি অৰগেং ক্লাব (ডিমাকুছি)আৰু নিউ মডেল স্পষ্ট’চ ক্লাব (ওদালগুৰি)ৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ব  উদ্ধোধনী খেলত  নিউ মডেল স্পষ্ট’চ ক্লাবৰ খেলুৱৈ চুকুৰ সিঙে খেলৰ প্ৰথমাৰ্ধৰ ১মিনিট,২২ মিনিট,৪০ মিনিটত একোটাকৈ আৰু ২২,৩১ মিনীটত বিননে দুটা স্ক’ৰ কৰে। অৱশ্যে খেলৰ দ্বিতীয়াৰ্ধৰ ৪৩ মিনিটত ডিমাকুছিৰ অৰগেং ক্লাবৰ ষ্টাইকাৰ সুদীপ দৈমাৰীয়ে এটা আৰু ৬২ মিনিটত ৰবী কোচে এটাকৈ স্ক’ৰ কৰি ৫-২ সমতালৈ আনে।ফলত উদ্ধোধনী খেলত ওদালগুৰিৰ নিউ মডেল স্পষ্ট’চ ক্লাবে ডিমাকুছিৰ অৰগেং ক্লাবক ৫-২ গলৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে।খেল পৰিচালনা কৰে দিশ্বজিৎ দৈমাৰী,বুদ্ধ বসুমতাৰী,বাবুৰাম দৈমাৰী আৰু দ্বিজেন্দ্ৰ মোহনে।

৬৭ বছৰীয়া হ’ল কমল হাছান

আজি ৬৭ বছৰীয়া হ’ল অভিনেতা কমল হাছান। তেওঁ এজন অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, গায়ক, গীতিকাৰ আৰু আনকি এজন ৰাজনীতিবিদ হিচাপেও জনাজাত। হাচানে মুখ্যতঃ তামিল চলচ্চিত্ৰত কাম কৰিছে, কিন্তু কেইবাখনো তেলেগু, হিন্দী, মালায়ালম, কানাড়া আৰু বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ এক সমৃদ্ধ চলচ্চিত্ৰ কেৰিয়াৰ জীয়াই আছে, আৰু চাৰিটা ৰাষ্ট্ৰীয় বঁটা আৰু ১৯ টা ফিল্মফেয়াৰ চাউথ বঁটা লাভ কৰিছে। ৬৭ বছৰীয়া ব্যক্তিগৰাকীক চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী আৰু পদ্মভূষণসন্মানেও সন্মানিত কৰা হৈছে। আজি তেওঁৰ জন্মদিনত শুভেচ্ছা বাৰ্তাৰে অনুৰাগীয়ে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া। কেৱল অভিনয়েই নহয়, হাচানে বহুতো চলচ্চিত্ৰ পৰিচালনা কৰিছে। হাস্যকৰ নাটক চাচী-৪২০ ৰ পৰা ঐতিহাসিক অপৰাধ চলচ্চিত্ৰ হে ৰামলৈকে, হাছানে একাধিক বাৰ তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণ দক্ষতা প্ৰমাণ কৰিছে।

ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত সতৰ্কতা জাৰি !

ধাৰাসাৰ বৰষুণৰ পিছত তামিলনাডুৰ কিছু অংশত বানপানীৰ সতৰ্কতা জাৰি । ৰাতিটোৰ ভিতৰতে চেন্নাই আৰু ইয়াৰ উপনগৰীয় অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত চাৰিওফালে পানী জমা হৈ পৰে। বৰ্তমানলৈও এই বৃষ্টিপাত হৈ আছে। দেওবাৰে উৰ্ধতম কৰ্তৃপক্ষই প্ৰাথমিক বানপানীৰ সতৰ্কতা জাৰি কৰে। চেম্বাৰামবাক্কাম আৰু পুঝাল জলাশয়, যি চেন্নাই চহৰলৈ খোৱা পানীৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে, অতিৰিক্ত বৰষুণৰ পানী এৰি দিবলৈ মুকলি কৰা হ’ব বুলি কৰ্তৃপক্ষই ঘোষণা কৰে।

প্ৰাথমিক বানপানীৰ সতৰ্কতা বজাই, ৰাজ্যৰ জল সম্পদ কৰ্তৃপক্ষই কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰৰ জিলা অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰ কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষিত স্থানত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ্যযে, শনিবাৰে পুৱাৰ পৰা, চেন্নাই আৰু কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰ জিলাৰ কেইবাটাও অংশত মাজে মাজে বৰষুণ হৈছিল আৰু নিশাৰ পৰা বৰষুণ অবিৰাম হৈ পৰে যাৰ ফলত বহুতো অঞ্চলত প্লাৱিত হৈ পৰে।

ওৰাং,ধনশ্ৰীঘাটৰ গোৰ্খা জনগোষ্ঠীৰ ভাইদৌজ উৎসৱ

৬নবেম্বৰত পোহৰৰ উৎসৱ তিহাৰৰ অন্তিম দিন যাক ভাতৃ দ্বিতীয়া, ভাইটিকা,অথবা ভাইদৌজ বুলিও কোৱা হয়|কাতি শুক্ল পক্ষৰ দ্বীতিয়া তিথিত পালন কৰা এই পৰ্ৱটি বিশেষ ধৰণে পালন কৰা হয়| বাই-ভনী হঁতে নিজৰ দাদা-ভাই হঁতক কপালত টিকা লগাই, মালা পিন্ধাই, সুস্বাদু আহাৰ খুৱাই বস্ত্ৰ আদি দি মৰম স্নেহৰ আদান প্রদাণ কৰে| ককাই-ভাই হঁতেও বাই-ভনী হঁতক কপালত গোলাকৃতিৰ ফোট দি ধন বিনিময় কৰি ভৰিত সেৱা কৰি আশীৰ্ৱাদ গ্ৰহণ কৰে|কিচুমানে বাই-ভনী হঁতৰ পৰা ধন ধাৰে লৈ জুৱা খেলিবলৈও যোৱা দেখা যায়| ভাইটিকা টো আছলতে দীর্ঘ দিন ধৰি দেখা সাখ্যাত নোহোৱা ভতৃ-ভগ্নী হঁতক একেলগ কৰি মৱৰ স্নেহৰ আদান প্রদান কৰা আৰু সম্বন্ধত আহিব ধৰা দূৰত্ব হ্রাস কৰি পৰিয়ালৰ সকলো লোককে একতাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ কাৰণে পালন কৰা হয়|ভাইটিকাৰ আগতেই বাই-ভনী হঁতে পান চুপাৰি আদি দি ককাই ভাই হঁতক আমন্ত্রন জনায়|ভাইটিকাৰ দিনা বাই-ভন্টী হঁতে ৰাতিপূৱাই উঠি গা-পা ধূই প্ৰথমে অষ্ট-চিৰণজীৱিৰ পূজা কৰে,তাৰ পাছত চাকি বন্তি জ্বলাই কলচ স্হাপন কৰি গণেশৰ পূজা কৰে|তাৰ পাছত বিমিৰাৰ(এবিধ নেমু)পূজা কৰা হয়| তাৰ পাছত ককাই-ভাই হঁতৰ মংগল কামনা কৰি দৰ্জাত ওখল তথা যমৰাজৰ পূজাকৰি,ওখল ভঙি পেলাই দিয়া হয়|কালৰ ৰাস্তা বন্ধ কৰিবৰ কৰণে ভাই হঁতক ছেকা (সুৰক্ষা দিয়া) হয়|তাৰ পাছত ফুল,অক্ষতা,চন্দন,আতৰ লগাই পূজা কৰি চুলিত তেল খানি আৰ্চি প্ৰদৰ্শন কৰি চুলিও আচুৰি দিয়া হয়|তাৰ পাছত বাই-ভনী হঁতে ককাই ভাই হঁতৰ যশ,ঐচৰ্য্য,সুৰক্ষা,দীৰ্ঘায়ু, কামনা কৰি কপালত সপ্তৰঙী টিকা লগাই দিয়ে আৰু মখমলী বা চয়পত্রী বা দুবো(এবিধ পূজাত লগা ঘাঁহ)ৰ মালা পিন্ধাই মূৰত ঢাকা টুপি পিন্ধাই দিয়ে| এটেৱেই হৈছে গোৰ্খা সকলৰ ভাইটিকা| ওৰাং,ধনশ্ৰীঘাট,ৰৌতা আদি গোৰ্খা জনগোষ্ঠীৰ মাজত ভাইটিকা উৎসবটো অনুষ্ঠিত হৈ যায় ৷