Breaking

ওৰাং,ধনশ্ৰীঘাটৰ গোৰ্খা জনগোষ্ঠীৰ ভাইদৌজ উৎসৱ

0 2,029

৬নবেম্বৰত পোহৰৰ উৎসৱ তিহাৰৰ অন্তিম দিন যাক ভাতৃ দ্বিতীয়া, ভাইটিকা,অথবা ভাইদৌজ বুলিও কোৱা হয়|কাতি শুক্ল পক্ষৰ দ্বীতিয়া তিথিত পালন কৰা এই পৰ্ৱটি বিশেষ ধৰণে পালন কৰা হয়| বাই-ভনী হঁতে নিজৰ দাদা-ভাই হঁতক কপালত টিকা লগাই, মালা পিন্ধাই, সুস্বাদু আহাৰ খুৱাই বস্ত্ৰ আদি দি মৰম স্নেহৰ আদান প্রদাণ কৰে| ককাই-ভাই হঁতেও বাই-ভনী হঁতক কপালত গোলাকৃতিৰ ফোট দি ধন বিনিময় কৰি ভৰিত সেৱা কৰি আশীৰ্ৱাদ গ্ৰহণ কৰে|কিচুমানে বাই-ভনী হঁতৰ পৰা ধন ধাৰে লৈ জুৱা খেলিবলৈও যোৱা দেখা যায়| ভাইটিকা টো আছলতে দীর্ঘ দিন ধৰি দেখা সাখ্যাত নোহোৱা ভতৃ-ভগ্নী হঁতক একেলগ কৰি মৱৰ স্নেহৰ আদান প্রদান কৰা আৰু সম্বন্ধত আহিব ধৰা দূৰত্ব হ্রাস কৰি পৰিয়ালৰ সকলো লোককে একতাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ কাৰণে পালন কৰা হয়|ভাইটিকাৰ আগতেই বাই-ভনী হঁতে পান চুপাৰি আদি দি ককাই ভাই হঁতক আমন্ত্রন জনায়|ভাইটিকাৰ দিনা বাই-ভন্টী হঁতে ৰাতিপূৱাই উঠি গা-পা ধূই প্ৰথমে অষ্ট-চিৰণজীৱিৰ পূজা কৰে,তাৰ পাছত চাকি বন্তি জ্বলাই কলচ স্হাপন কৰি গণেশৰ পূজা কৰে|তাৰ পাছত বিমিৰাৰ(এবিধ নেমু)পূজা কৰা হয়| তাৰ পাছত ককাই-ভাই হঁতৰ মংগল কামনা কৰি দৰ্জাত ওখল তথা যমৰাজৰ পূজাকৰি,ওখল ভঙি পেলাই দিয়া হয়|কালৰ ৰাস্তা বন্ধ কৰিবৰ কৰণে ভাই হঁতক ছেকা (সুৰক্ষা দিয়া) হয়|তাৰ পাছত ফুল,অক্ষতা,চন্দন,আতৰ লগাই পূজা কৰি চুলিত তেল খানি আৰ্চি প্ৰদৰ্শন কৰি চুলিও আচুৰি দিয়া হয়|তাৰ পাছত বাই-ভনী হঁতে ককাই ভাই হঁতৰ যশ,ঐচৰ্য্য,সুৰক্ষা,দীৰ্ঘায়ু, কামনা কৰি কপালত সপ্তৰঙী টিকা লগাই দিয়ে আৰু মখমলী বা চয়পত্রী বা দুবো(এবিধ পূজাত লগা ঘাঁহ)ৰ মালা পিন্ধাই মূৰত ঢাকা টুপি পিন্ধাই দিয়ে| এটেৱেই হৈছে গোৰ্খা সকলৰ ভাইটিকা| ওৰাং,ধনশ্ৰীঘাট,ৰৌতা আদি গোৰ্খা জনগোষ্ঠীৰ মাজত ভাইটিকা উৎসবটো অনুষ্ঠিত হৈ যায় ৷

Leave A Reply