অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ততম অঞ্চল হিচাপে পৰিগণিত হৈ অহা ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ পৰা মুক্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰিছে দুখনকৈ উৰণীয়া সেঁতু। ইয়াৰে প্ৰথমখন উৰণীয়া সেঁতু আৰ জি বৰুৱা পথত গণেশগুৰীৰ উৰণীয়া সেঁতুখন সংযোগ কৰাৰ বিপৰীতে ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে উদ্ধোধন কৰা তিনি বাহুযুক্ত দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনে একে সময়তে গণেশগুৰী-খানাপাৰা সংযোগী জি এছ ৰোড (শংকৰদেৱ পথ) আৰু লাষ্টগেটলৈ সংযোগ কৰিছে। ইফালে ২০১৯ চনৰ ডিচেম্বৰ মাহত নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰাৰ বাবে তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ দায়িত্বত দিয়া হৈছিল অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত প্ৰথম শ্ৰেণীৰ (ক্লাছ ১, এ) এজন সফল অসমীয়া ঠিকাদাৰ হিচাপে পৰিচিত দক্ষিণ কামৰূপৰ মিৰ্জা অঞ্চলৰ বাসিন্দা অনিল দাসক। কিন্তু লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক বিৰল অভিলেখ সৃষ্টি কৰি অনিল দাসে লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ সহায়কলৈকে সকলোৰে সহযোগিতাত এটা টীমৰ দৰে দিনে নিশাই কাম কৰি নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই যোৱা ৩০ অক্টোবৰৰ ভিতৰত নির্মাণকাৰ্য সম্পূৰ্ণ কৰে। আনহাতে উদ্ধোধনৰ প্ৰায় এক সপ্তাহ পূৰ্বে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেঁতুখন আকস্মিকভাবে খোজকাঢ়ি পৰিদৰ্শন কৰিছিল। পৰিদৰ্শনকালত। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেঁতুৰ ওপৰতে ইয়াৰ বাবে ঠিকাদাৰ অনিল দাস, নিৰ্মাণকাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাকে ধৰি সংমণ্ডলটোৰ সকলো অভিযন্তাক টীমৱৰ্কৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়তকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বাবে প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰিছিল। ইয়াৰ উপৰিও ৪ নৱেম্বৰত উৰণীয়া সেঁতুখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাবে মঞ্চত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাস, নিৰ্মাণ কাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় আবু চৈয়দ আৰু ৰূপক ডেকাক গামোছা পিন্ধাই মানপত্ৰ প্ৰদান কৰি ৰাজহুৱাভাবে সম্বৰ্ধনা জনায়। যাৰ বাবে দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলত কৰ্মৰত প্ৰায় ৭০ জন বিভিন্ন বৰ্গৰ কৰ্মচাৰী – অভিযন্তাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে ক’ভিড -১৯ৰ দুটাকৈ ভয়াবহতাক নেওচিও ক’ভিড বিধি মানি, সান্ধ্য আইন, লকডাউন আদিৰ সুযোগ লৈ বিগত চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অভিযন্তা সকলে মাজনিশা আহিও উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কার্য পৰিদৰ্শন কৰিছিল। আনকি উদ্ধোধনৰ দুদিন পূৰ্বে লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে মুখ্য অভিযন্তা সঞ্জীৱ শ্যামক লগত লৈ উৰণীয়া সেঁতুখন তন্নতন্নকৈ পৰিদৰ্শন কৰিছিল
লাহৰীঘাটৰ ধিঙ্গৰআটি গাৱঁত এক সন্তানৰ মাতৃ নিৰুদ্দেশ
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত লাহৰীঘাট গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ধিঙ্গৰআটি গাৱঁৰ এক সন্তানৰ মাতৃ যোৱা ২ নবেম্বৰত পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ধিঙ্গৰআটি গাৱঁৰ বাবুল ইছলামে সামাজিক ৰীতি নীতি অনুযায়ী ৪/৫ বছৰ আগতে নগাঁও জিলাৰ কচুৱাৰ শিংমাৰীৰ ফিৰুজা খাতুনক বিয়া কৰিছিল, আৰু সুন্দৰ সংসাৰো চলি আছিল লগতে দুয়োৰে এটি চাৰে তিনি বছৰীয়া পূত্র সন্তানো আছে। বাবুল ইছলাম দৰিদ্ৰ হোৱা হেতুকে জীৱিকা নিৰ্বাহৰ পথ হিচাপে কৰ্ম সূত্রে কেৰালাত কাম কৰিবলৈ গৈছিল। নিৰুদ্দেশ হোৱা বাবুলৰ পত্নী ফিৰুজা খাতুনে স্বামীৰ ঘৰৰ পৰা চিকিৎসা কৰিবলৈ যোৱা বুলি কৈ ওলাই গৈছিল,কিন্তু লক্ষনীয় বিষয় যে যাওতে নিজৰ ফুল কুমলীয়া পূত্র সন্তানটিক লগত নিয়া নাছিল। কান্ধোনত ভাগি পৰিছে কনমানি শিশুটি। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দিয়া মহিলা গৰাকীৰ সন্ধান পায় তেন্তে 9365187853 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ
লাহৰীঘাটৰ বগলীপাৰা গাঁৱৰ দুই যুবকৰ থিতাতে মৃত্যু
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ হজৰত আলীৰ পূত্র আমিনুল হক আৰু আব্দুল কাদিৰৰ পূত্র ৰিয়াজুল হকৰ যোৱা ৫ নবেম্বৰত বহিঃৰাজ্য নাগালেণ্ডৰ কিৰ্পি নামৰ ঠাইত NL07A , AO331 নম্বৰৰ ডাম্পাৰ পাল্টি হৈ থিতাতে মৃত্যু হোৱাৰ খবৰে পৰিয়ালৰ লগতে লাহৰীঘাট অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে। জানিব পৰা মতে আৰু দুজন গুৰুতৰভাৱে আহত হোৱা যুৱক ক্ৰমে ইজাজুল হক আৰু হিবজুল ইছলাম । সম্প্রতি আহত দুয়ো যুবক তাতে হস্পিটেলত চিকিৎসাধীন হৈ আছে। নিহত হোৱা দুই বিবাহিত যুৱকৰ পৰিয়ালে জনোৱা মতে যোৱা ৩ নবেম্বৰ বুধবাৰে স্হানীয় ঠিকাদাৰ হাৰুণ অল ৰাশিদৰ লগত কাম কৰিবলৈ ডিমাপুৰলৈ গৈছিল। তাৰ পৰা কৰ্ম সূত্রে ডিমাপুৰৰ পৰা কিৰ্তি নামৰ ঠাইত মাল ভৰ্তি ডাম্পাৰত বাকি শ্ৰমিকৰ সৈতে বগলীপাৰা গাঁৱৰ ৪ জন শ্রমিকো গৈ আছিল। দূৰ্ভাগ্যবশতঃ মাল ভৰ্তি ডাম্পাৰটি আধা বাটতে পাল্টি হোৱাত থিতাতে দুই যুৱকৰ মৃত্যু হয়। দুয়োৰে মৃতদেহ আজি নিচেই পুৱাতে বগলীপাৰাত এম্বুলেন্স যোগে লৈ অনা হয়।
ৰৌতাত ড০ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ছাত্ৰক অভিনন্দন জ্ঞাপন
ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলি চহৰৰ মাজমজিয়া ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগঠনটোৰ অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত কালি ৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী পালন কৰা হয় । ২০১১ চনৰ ৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্য, আৰক্ষী বিষয়া ৰিতুপল শইকীয়া , ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিক্ৰম দেউৰী , ৰিতম ডেকা আদিকেধৰি বহুতো ছাত্ৰ নেতা আৰু ৰাইজ উপস্থিত থকা ৰাজহুৱা ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ চৌহদত স্হায়ী ভাৱে থকা সূধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাপণ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অভিলাষ দাসে । আনহাতে , ৰৌতা চাৰিআলিৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত ৰৌতা ষ্টেচনৰ শংকৰ – মাধৱ কৃষ্টি সংঘৰ প্ৰাংগণতো কালি ৫ নৱেম্বৰৰ দিনা সন্ধিয়া সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উদযাপন কৰা হয় । সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অভিষেক ৰাজ কলিতা আৰু ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্য জ্যোতি ডেকা আৰু ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদক মৃত্যুঞ্জয় ওজা প্ৰমুখ্যে ছাত্ৰ সংগঠন দুটাৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ স্মৃতি তৰ্পণ আৰু সৰ্ব- ধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ যায় । ইয়াৰ পিছতেই সন্ধিয়া ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে ৰৌতা ষ্টেচনৰ দুজন ছাত্ৰক অভিনন্দন জ্ঞাপন কৰে । সামগ্ৰিক প্ৰতিযোগিতামূলক সময়ত সদ্য ঘোষিত সৰ্বভাৰতীয় ভিত্তিত নীট (Neet)ৰ দৰে পৰীক্ষাত সফলতা কঢ়িয়াই অনা ৰৌতাষ্টেঢনৰ দিব্যজ্যোতি পাঠক আৰু কুলদীপ দাসৰ ঘৰলৈ গৈ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰৌতা আৰক্ষী থানাই দুয়োজন ছাত্ৰকেগামোচা , পুথি আদিৰে অভিনন্দন জনায় ।
গহপুৰৰ কৃতী শিক্ষক সমাজ সংগঠক মুকুল বৰাৰ মৃত্যু
সমাজকৰ্মী সংগঠক মুকুল বৰাৰ কালি পুৱা ৬-১০ বজাত নিজ বাসভৱনত মৃত্যুৰ বাতৰিযে সমগ্ৰ গহপুৰত শোকৰ ছাঁ পেলাইছে। পূব কলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে কৰ্মৰত অতি সহজ সৰল জীৱন যাপন কৰা মুকুল বৰা কিছু দিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মহকুমা কৃতী শিক্ষকৰ বঁটা প্ৰাপক বৰাই দুটা কায্য কালৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে গহপুৰ সাৰ্বজনীন ৰাস মহোৎসৱত,গহপুৰ জিলা ক্ৰীড়া সন্থা ,সদৌ গহপুৰ শ্ৰীমন্ত শংকৰ গুৰু জন্ম জয়ন্তী উৎসৱ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জঢ়িত হৈ আছিল।সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় বৰাৰ মৃত্যুৰ সময়ত বয়স ৫৮ বছৰ হৈছিল। ইহ সংসাৰত পত্নী সহিতে দুজন পুত্ৰ পাঁচ জন ভাতৃ এগৰাকী ভগ্নী এৰি থৈ যোৱা আদৰ্শ শিক্ষক বৰাৰ মৃত্যুত গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। নিতুল বৰা হাৱাজান ।
দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি!
ভাৰতৰ ৰাজধানীত বায়ুৰ মানদণ্ড শুক্ৰবাৰে ‘বিপদজনক’ স্তৰলৈ হ্ৰাস পাইছিল । দিল্লীত নিষেধাজ্ঞা অস্বীকাৰ কৰি দেৱালী সচৰাচৰ ব্যাপক ভাৱে আতচবাজীৰ ব্যৱহাৰেৰে উদযাপন কৰা হৈছিল। এয়াৰ কোয়ালিটি ইণ্ডেক্স (একিউআই) অনুসৰি, দিল্লীৰ বেছিভাগ স্থানত শুক্ৰবাৰে ৰাতিপুৱা ৫০০-ৰ ওপৰৰ একিউআই ৰেকৰ্ড কৰা হৈছিল। কেইটামান স্থানত সূচক সৰ্বাধিক ৯৯৯ আছিল। একিউআইয়ে প্ৰতি ঘন মিটাৰ বায়ুত পিএম ২.৫ কণিকাৰ ঘনত্ব জোখে, যি উচ্চ পৰিমাণত কাৰ্ডিওভাস্কুলাৰ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ সৃষ্টি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই বাৰ্ষিক গড় ৫ মাইক্ৰ’গ্ৰামৰ ওপৰত যিকোনো বস্তুক অসুৰক্ষিত বুলি গণ্য কৰে – ৰয়টাৰৰ মতে শুক্ৰবাৰে দিল্লীত গড় পঢ়া আছিল ৭০৬ মাইক্ৰ’গ্ৰাম। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চহৰখনৰ প্ৰদূষণৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাত যোৱা মাহত আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত বুধবাৰে ৰাতিপুৱা একিউআই ১৯৭ বজাত থিয় হৈছিল। শুক্ৰবাৰৰ ভিতৰত একিউআই ৪৯২ ত ৰেকৰ্ড কৰা হৈছিল আৰু ‘বিপদজনক’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল।
সমীৰ ৱানখেডেক আৰিয়ান খানৰ কেছৰ পৰা ‘আঁতৰোৱা হোৱা নাই’!
আৰিয়ান খান গোচৰএনচিবিৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰকৰা হৈছে; সমীৰ ৱানখেডে কেছটোৰ পৰা ‘আঁতৰোোৱা হোৱা নাই’। এক গুৰুত্বপূৰ্ণ ঘটনাত, নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰোৰ (এনচিবি) বিতৰ্কিত আৰিয়ান খান গোচৰটো অপাৰেচন এনচিবি মুখ্য কাৰ্যালয়ৰ বিষয়াসকলক লৈ গঠিত এক বিশেষ অনুসন্ধান দল (এছআইটি)ৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল, এনচিবি মুম্বাই জোনেল উনৰ পৰা লোৱা ছয়টা গোচৰৰ ভিতৰত এটা পৰিচালক সমীৰ ৱানখেডেক গোচৰটোৰ পৰা আঁতৰাই দিয়া হৈছে নে নাই সেই বিষয়ে অনুমান উত্থাপন কৰা হৈছে। অৱশ্যে এক প্ৰেছ বিজ্ঞপ্তিত এনচিবিয়ে স্পষ্ট কৰি দিয়ে যে কোনো বিষয়াক তেওঁলোকৰ বৰ্তমানৰ ভূমিকাৰ পৰা আঁতৰ হোৱা নাই আৰু ইয়াৰ বিপৰীতে কোনো নিৰ্দিষ্ট আদেশ জাৰী নোহোৱালৈকে তেওঁলোকে প্ৰয়োজন অনুসৰি সহায় কৰি থাকিব। মুম্বাইত সংবাদ মাধ্যমৰ দ্বাৰা প্ৰশ্ন কৰা ৱানখেডেও অস্বীকাৰ কৰিছিল যে তেওঁক গোচৰটোৰ পৰা আঁতৰাই দিয়া হৈছে।
“মোক তদন্তৰ পৰা আঁতৰোৱা হোৱা নাই। এইটো আদালতত মোৰ ৰিট আৱেদন আছিল যে বিষয়টো এটা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰা হ’ব। সেয়েহে, আৰ্যন খান গোচৰ আৰু সমীৰ খান গোচৰৰ তদন্ত দিল্লীৰ বিশেষ অনুসন্ধান কাৰী দলে কৰি আছে। এইটো দিল্লী আৰু মুম্বাইৰ এনচিবি দলৰ মাজত সমন্বয়।”
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে ৱানখেডেক কৰ্ডেলিয়া ক্ৰুজ গোচৰকে ধৰি মুঠ পাঁচটা গোচৰৰ পৰা আঁতৰাই দিয়া হৈছে।
ৰঙিয়াত জিলা নিৰ্বাচন বিষয়াৰ সংবাদমেল।
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হয়। ৰঙিয়া মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি ৰঙিয়া নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৭৫,২৪৬ গৰাকী। ইয়াৰে ১,৮৯,৬৮৯ গৰাকী পুৰুষ আৰু ১,৮৫,৫৫৭ গৰাকী মহিলা ভোটদাতা। নতুন ভোটাৰ তালিকা অনুসৰি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৯,৮০১ গৰাকী ৷ ইয়াৰে ৯১,০৭২ গৰাকী পুৰুষ আৰু ৮৮,৭২৯ গৰাকী মহিলা ভোটদাতা।আনহাতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৪৪৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৮,৬১৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৮২৮ গৰাকী৷ এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চুড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত ০.৫৩ শতাংশ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত ০.৯২ শতাংশ নতুন ভোটদাতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে সংবাদমেলত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল আই.এ.এছয়ে জানিবলৈ দিয়ে যে আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব। আবেদনকাৰী সকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে ও আবেদন কৰিব পাৰিব। এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।লগতে ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ- আপত্তি নিষ্পত্তি কৰি অহা ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি জানিব দিয়ে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে। আনহাতে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহৰ ৰাইজৰ জ্ঞাতাৰ্থে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধিসূচনা মৰ্মে অসম পৌৰ আইন ১৯৫৬ ৰ অধীনৰ ১৪ নং বিধিমতে পৌৰসভাৰ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে।১৬ নৱেম্বৰ মঙলবাৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ,২৬ নৱেম্বৰ শুকুৰবাৰে দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ, ২৯ নৱেম্বৰ সোমবাৰে দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ, ১০ ডিচেম্বৰ শুক্ৰবাৰে দাবী, আপত্তি নিষ্পত্তিকৰণ অন্তিম তাৰিখ আৰু ২৮ ডিচেম্বৰ মঙলবাৰে প্ৰকাশ পাব ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা।ভোটৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদন নিৰ্দিষ্ট প্ৰ পত্ৰ ৰঙিয়া পৌৰসভাৰ কাৰ্যলয়ৰ পৰা সংগ্ৰহ কৰিবলৈ লগতে কাৰ্য্যালয় চলি থকা সময়ত ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন দণ্ডাধীশৰ ওচৰত দাখিল কৰিব লাগিব। উক্ত দাবী, আপত্তি ৰঙিয়া পৌৰ নিৰ্বাচন দণ্ডাধীশে নিষ্পত্তি কৰিব বুলিও আজিৰ সংবাদমেলত জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে আজিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালৰ ওপৰিও সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা নিৰ্বাচন বিষয়া অম্লান বৈশ্য, নিৰ্বাচনী সহায়ক জাকিৰ হুছেইন,মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক হিতেশ চন্দ্ৰ নাথ আৰু কম্পিউটাৰ সহায়ক ভৱজিৎ কলিতা প্ৰমূখ্যে ৰঙিয়া মহকুমাৰ সংবাদকৰ্মী সকল উপস্থিত থাকে।
কাকজানত বিৰ লাচিত সেনাৰ দশম মৃত্যু বাৰ্ষিকি পালন।
লাচিত সেনা চিপাহীখোলা আঞ্চলিক সমিতিৰ উদ্যোগত কাকজান বৰবৰা কম্প্লেক্স ব্যৱসায়ীৰ সহযোগত আজি কাকজানৰ মাজমজিয়াত ড.ভূপেন হাজৰীকাৰ দশম মৃত্যু বাৰ্ষিকি উদ্দেশ্য বন্তি প্ৰজ্বলন কাৰ্য্যসূচী অনুস্থিত হয়।বন্তি প্ৰজ্বলন কৰে কাকজান বামকুকুৱাচোৱাৰ বিশিষ্ট সমাজৰ্কমী তংকেশ্বৰ বাঢ়ৈয়ে।অনুস্থানতো আটধৰে বীৰ লাচিত সেনা চিপাহীখোলা আঞ্চলিকৰ সম্পাদক অসীম শংকৰ বৰাই।সমাজকৰ্মী তংকেশ্বৰ বাঢ়ৈয়ে ভাষন প্ৰসংগত ভূপেন হাজৰীকা দেৱৰ আৰ্দশৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে যুৱ প্ৰজন্মই তেখেতক সদায় স্মৰণ কৰিৱ লাগে।উক্ত অনুস্থানত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সদস্য দাদু বৰাকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকে।
বৰপেটাৰোডত জুৱাৰ গ্ৰাসত নৱ-প্ৰজন্ম
সম্প্ৰতি বিশ্ব টি-২০ ক্ৰিকেট আই পি এলৰ প্ৰতিযোগিতা সমূহৰ অনুৰাগীৰ আকৰ্ষণত বৃহৎ জুৱাৰ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ” শ্যাম পূজা উপলক্ষে ” বৰপেটাৰোডৰ কলহভাঙা চক, জাখলি বিল পথাৰ, খৈৰাবাৰী, মাৰোৱাৰি শ্মশান আদিকে ধৰি বিভিন্ন অঞ্চলত মুকুলিভাবে ঝাণ্ডি, মুণ্ডাৰ জুৱাই শেষতিয়া ভাবে নৱ-প্ৰজন্মকেই গ্ৰাস কৰাৰ অভিযোগ ৰাইজৰ মাজত উঠিছে। ইয়াৰ ফলত অঞ্চলটোত সামগ্ৰিক ভাবে চুৰি ডকাইতি দিনে দিনে বাঢ়িবলৈ ধৰাৰ পৰিলক্ষিত হৈছে। এনেবোৰ জুৱাৰ জ্বৰত আক্ৰান্তহৈ ইতিমধ্যে বহু পৰিয়াল পথৰ ভিকাৰীত পৰিণত হোৱাৰ লগতে সমাজহিতৈষী কাৰ্য্যত লিপ্তহৈ আছে। লক্ষণীয় যে এই অবৈধ জুৱা খেলৰ পৰা ৰাজ্য চৰকাৰে কোনো ধৰণৰ ৰাজহ লাভ নকৰে। মাত্ৰ একাংশ মুনাফা লোভী সুচতুৰ দালালৰ বাবেহে এই অবৈধ খেলবিধ কেনেদৰে চলিবলৈ পালে আজি ৰাইজৰ মাজত হাজাৰ প্ৰশ্ন উদয় হৈছে। এনেবোৰ অবৈধ জুৱা উৎখাত কৰি সমাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ব্যৱস্থাৰ কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন জাতীয় দল-সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাইছে।











