Breaking

লাহৰীঘাটৰ বগলীপাৰা গাঁৱৰ দুই যুবকৰ থিতাতে মৃত্যু

0 2,016

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ হজৰত আলীৰ পূত্র আমিনুল হক  আৰু আব্দুল কাদিৰৰ পূত্র ৰিয়াজুল হকৰ যোৱা ৫ নবেম্বৰত বহিঃৰাজ্য নাগালেণ্ডৰ কিৰ্পি নামৰ ঠাইত NL07A , AO331 নম্বৰৰ  ডাম্পাৰ  পাল্টি হৈ  থিতাতে মৃত্যু হোৱাৰ খবৰে পৰিয়ালৰ লগতে লাহৰীঘাট অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে। জানিব পৰা মতে আৰু দুজন  গুৰুতৰভাৱে আহত হোৱা যুৱক ক্ৰমে ইজাজুল হক আৰু হিবজুল ইছলাম  । সম্প্রতি আহত  দুয়ো যুবক তাতে হস্পিটেলত চিকিৎসাধীন হৈ আছে। নিহত হোৱা দুই বিবাহিত যুৱকৰ পৰিয়ালে জনোৱা মতে যোৱা ৩ নবেম্বৰ বুধবাৰে স্হানীয়  ঠিকাদাৰ হাৰুণ অল ৰাশিদৰ লগত কাম কৰিবলৈ ডিমাপুৰলৈ গৈছিল। তাৰ পৰা কৰ্ম সূত্রে ডিমাপুৰৰ পৰা  কিৰ্তি নামৰ ঠাইত  মাল ভৰ্তি ডাম্পাৰত বাকি শ্ৰমিকৰ সৈতে বগলীপাৰা গাঁৱৰ ৪ জন শ্রমিকো  গৈ আছিল। দূৰ্ভাগ্যবশতঃ মাল ভৰ্তি ডাম্পাৰটি আধা বাটতে পাল্টি হোৱাত থিতাতে দুই যুৱকৰ মৃত্যু হয়। দুয়োৰে মৃতদেহ আজি নিচেই পুৱাতে বগলীপাৰাত এম্বুলেন্স যোগে লৈ অনা হয়। 

Leave A Reply