Home Blog Page 2765

জোনাইত প্ৰশিক্ষণ শিৱিৰ শুভাৰম্ভ কৰে সাংসদ প্ৰদান বৰুৱাই৷

 জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত  তথা অসম গ্ৰামীণ জীৱিকা মিচন, মূৰ্কংচেলেক ব্লকৰ সহযোগত বুধবাৰে  জোনাই টাউন ক্লাৱত জীৱন-জীৱিকা আৰু উদ্যমী অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷  মূৰ্কংচেলেক ব্লক প্ৰগ্ৰেম মেনেজাৰ দেৱী দত্ত গোস্বামীয়ে সঞ্চালনা কৰা সভাৰ উদ্দেশ্যে ব্যখ্যা কৰে নাৱাৰ্ডৰ  ডি ডি এম ন  অম্লান ৰঞ্জন তামুলীয়ে৷ আজিৰ সভাত লক্ষীপুৰৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই বন্তি প্ৰজ্জলন কৰি অনুষ্ঠান টোৰ শুভ উদ্ধোধন কৰি দিয়া ভাষণত কয় অসমীয়া জনজীৱন তথা সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা আমাৰ তামোলবাৰীখনে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ আয়ৰ পথ নিশ্চিত কৰি আহিছে-এয়া কোনো নতুন কথা নহয়। কিন্তু আয়ৰ পথ মুকলি কৰা অকল তামোলখিনিৰেই নহয়, তামোল গছৰ পেলনীয়া ঢকুৱাখিনিৰ পৰাও মুকলি কৰিব পাৰি উপাৰ্জনৰ এক আকর্ষণীয় পথ। তামোলৰ ঢকুৱাই বহন কৰা এনেধৰণৰ বিপুল সম্ভাৱনাৰ থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ডৰ উদ্যোগত “তামোলৰ ঢকুৱাৰ পৰা উৎপাদিত প্লেটৰ জৰিয়তে জীৱিকা আৰু উদ্যোগ বিকাশ” প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা পদক্ষেপক শলাগ লোৱাৰ লগতে সাম্প্রতিক সময়ত প্লাষ্টিকজাত কাপ-প্লেটে মানৱ স্থাস্থ্যলৈ বিপর্যয় কঢ়িয়াই অনাৰ বিপৰীতে তামোলৰ ঢকুৱাৰ পৰা উৎপাদন কৰা সুদৃশ্য তথা পৰিৱেশনযোগ্য এনেধৰণৰ কাঁহী-বাতিসমূহ জৈৱিকভাৱে পচনশীল, মানবিশিষ্ট, ৰাসায়নিক দ্রব্যমুক্ত, মাইক্ৰ’ৱেভ সহনশীল আৰু সব তকৈ ডাঙৰ কথা প্ৰকৃতি আৰু পৰিৱেশৰ বাবে অনুকূল। অকল সেয়াই নহয়, প্লাষ্টিক প্লেটৰ বিপৰীতে তামোলৰ পৰা সৃষ্টি কৰা এইসমূহ সামগ্ৰীৰ আছে এক দৃষ্টিনন্দন ৰূপ, যাৰ বাবে দেশীয় তথা আন্ত:ৰাষ্ট্ৰীয়া বজাৰত ইয়াৰ চাহিদা আৰু মূল্য দুয়োটাই অধিক৷ সেইগতিকে উপস্থিত থকা আত্মসহায়ক গোটসমূহক  প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাভলম্বিতা বাট বুটলি লবলৈ আহ্বান জনায় ৷মহিলাৰ জীৱন জিৱীকাৰ ওপৰত ধেমাজি জিলাৰ উপায়ুক্ত  বিজয় ভাস্কৰ ৰেড্ডি আৰু জোনাই মহকুমা মহকুমা ধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে বক্তব্য ৰাখে৷আজিৰ সভাত মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ বিষয়া ঈশ্বৰ প্ৰসন্ন চুতীয়া, ভাৰতীয় ষ্টেট বেংকৰ প্ৰৱন্ধক পংকজ কুমাৰ সিং ,  ধেমাজি জিলা  কাৰ্যসূচী ব্যৱস্থাপক  সপোনজ্যোতি গোহাই, মূৰ্কংচেলেক ব্লক প্ৰগ্ৰেম মেনেজাৰ দেৱী দত্ত গোস্বামী, ডি ডি এম নাৱাৰ্ডৰ  অম্লান ৰঞ্জন তামুলী, , মূৰ্কংচেলেক ব্লকৰ  বিএম এম ইউ মন্টেস্কুই  দলে উপস্থিত থাকে৷

শালনাৰ ৰেকাপাহাৰত চোৰাং কাঠসহ গাড়ী জব্দ ।

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মীৰ দলে যোৱা নিশা এক গোপন সুত্ৰৰ পম খেদি ৰেকাপাহাৰ অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই এখন গাড়ী সহ বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত এটা বন কৰ্মী দলে এক গোপন সুত্ৰৰ ভিত্তিত যোৱা নিশা প্ৰায় ১০–৩০  মান বজাৰ পৰা ৰেকাপাহাৰ অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৷পৰৱৰ্তী সময়ত কাৰ্বিআংলং লাংখাং দিশৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা এ এছ ১২ ডি ৪ ৬ ৯ ৩ নম্বৰৰ ব’লেৰো পিকাপ গাড়ী খন বন কৰ্মীৰ দলটোৱে নিশা প্ৰায় ২ মান বজাত ৰেকাপাহাৰ অঞ্চলৰ পথত জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গাড়ী খনৰ চালক সহ চোৰাং কাঠ ব্যৱসায়ী কেইজন পলায় যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে  ৷ আনহাতে যোৱা নিশা বন বিভাগে গাড়ীসহ জব্দ কৰা মুল্যবান ৩৫ টুকুৰা বগীপমা ফান্টা খিনিৰ বজাৰৰ মুল্য প্ৰায় অৰ্ধলক্ষাধিক  টকা হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা গাড়ীসহ উক্ত চোৰাং কাঠখিনি বৰ্তমান শালনা বন কাৰ্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

ভাল কামৰ খ্যাতি দিগন্ত ব্যাপী থাকে,কৰ্মইহে মানুহক মহান কৰে

পূব বৰপেটাৰ অগ্ৰণী আধ্যাত্মিক অনুষ্ঠান চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক মৃগেন্দ্ৰ নাৰায়ণ বৰুৱা সোঁৱৰণী স্মৃতি গ্ৰন্থ প্ৰজ্ঞাৰ সুবাস আজি প্ৰয়াত বৰুৱাৰ স্মৃতি চাৰণ সভাত উন্মোচন কৰা হয় ।প্ৰয়াত বৰুৱাৰ বাসভৱনত শিক্ষক ৰোহিণী কুমাৰ দাসৰ সঞ্চালনাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ তথা চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সভাপতি দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে । উন্মোচক গোস্বামীয়ে নিজৰ ভাষণত বৰুৱাৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি তেওঁৰ বিয়োগ অঞ্চলটোৰ আধ্যাত্মিক ক্ষেত্ৰৰ বৃহৎ ক্ষতি বুলি উল্লেখ কৰে । স্মৃতি চাৰণ সভাত নিজৰ অভিমত প্ৰকাশ কৰি চেঙা অঞ্চলৰ জ্যেষ্ঠ ভাগৱত পাঠক কনক চন্দ্ৰ ঠাকুৰীয়াই এজন সহযাত্ৰীক হঠাতে হেৰুৱাই ম্ৰিয়মাণ হৈ পৰিছে বুলি উল্লেখ কৰি কয় যে প্ৰয়াত বৰুৱা আছিল এজন দক্ষ ভাগৱত ভাষ্যকাৰ । সঞ্চালক ৰোহিণী কুমাৰ দাসে বৰুৱাৰ স্মৃতি চাৰণ কৰি নিজৰ ভাষণত কয়,”ভাল কামৰ খ্যাতি দিগন্ত ব্যাপি থাকে,কৰ্মইহে মানুহক মহান কৰে ।প্ৰয়াত বৰুৱা আছিল তেনে এগৰাকী মানুহক ভাল পোৱা মানুহ । নাট্যকলাৰ পৰা ক্ৰীড়ালৈ সকলো ক্ষেত্ৰতে দক্ষতা থকা বৰুৱা চেঙা অঞ্চলৰ আছিল বাটকটীয়া। আজিৰ এই অনুষ্ঠানতে চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজ, বৰচেঙা পাৰা শিল্পী সমাজ,বৰচেঙা পাৰা ভকতবৃন্দৰ লগতে পাঠক কনক চন্দ্ৰ ঠাকুৰীয়াই নিজাববীয়াকৈ প্ৰয়াত বৰুৱাৰ বাবে লিখিত শোক বাৰ্তা পৰিয়ালক প্ৰদান কৰে । উল্লেখ্য যে বহু প্ৰতিভাৰে প্ৰতিভাত চেঙা অঞ্চলৰ প্ৰাণ পুৰুষ মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাৰ শংকৰদেৱৰ জয়ন্তীৰ নিশা হঠাতে ষ্ট্ৰ’ক হৈ মৃত্যু হৈছিল ।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে গ্ৰেপ্তাৰ হ’ল সুলভ মূল্যৰ দোকানী

 সুলভ মূল্যৰ দোকানীক মুখ্যমন্ত্ৰীয়ে মুকলি ভাবুকি প্ৰদান কৰাৰ পাছতেই পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ তদন্ত আৰু অনুসন্ধানৰ পাছত বোকাখাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এজন সুলভ মূল্যৰ ব্যৱসায়ী ৷ বোকাখাতৰ বৰজুৰিৰ সন্দীপ কুমাৰ চৌধুৰী নামৰ সুলভ মূল্যৰ ব্যৱসায়ীজনে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক অনুমোদিত অনুসৰি সুলভ মূল্যৰ চাউল বিতৰণত কমকৈ কৰি ক’লা ব্যৱসায় চলোৱাৰ অভিযোগ আছিল সন্দীপ কুমাৰ চৌধুৰীৰ বিৰুদ্ধে । খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে চৰজমিন তদন্ত কৰি সুলভ মূল্যৰ চাউল বিতৰণত অনিয়ম পোৱাত ব্যৱস্থা গ্ৰহণৰ বাবে যোগান বিভাগৰ পৰিদৰ্শকক নিৰ্দেশ দিয়ে ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শকে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতেই বোকাখাত আৰক্ষীয়ে ১৮৩/২১ নম্বৰৰ গোচৰ ৰুজু কৰি বৰজুৰিৰ সন্দীপ কুমাৰ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে  ৷ আজি বোকাখাতৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত চৌধুৰীক ৷ তিনিদিন পূৰ্বে নিদিষ্ট অভিযোগৰ ভিত্তিত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে সন্দীপ কুমাৰ চৌধুৰীৰ সুলভ মূল্য দোকানখনৰ অনুজ্ঞা পত্ৰ বাতিল কৰিছিল ৷ তেনে অসাধু সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব ৷ বোকাখাত মহকুমাৰ সমূহ ৰাইজক কোনো সুলভ মূল্য দোকানৰ ওপৰত অভিযোগ থাকিলে (যেনে, সামগ্রী কম পৰিমাণে পোৱা, সামগ্রী সমূহ উচিত দামতকৈ অধিক দামত বিক্ৰী কৰা, কোনো লোকে ৰেচন কাৰ্ড বনোৱাৰ নামত টকা বিচাৰে ) ৯৭০৭৪১৪০৫৫ নম্বৰত  অভিযোগ দাখিল কৰিবলৈ আহ্বান জনাইছে মহকুমা প্ৰশাসনে ৷

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি।

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উত্তপ্ত পৰিস্থিতি। দুৰ্নীতিৰ বিৰূদ্ধে বাতৰি সম্প্ৰচাৰ কৰাক লৈ সাংবাদিকক আক্ৰমণ এজন লাট মণ্ডলৰ। অভিযোগ অনুসৰি কিদুদিন পূৰ্বে মধুশৈলমাৰীৰ ২য় খণ্ডত   বিতৰ্কিত ভূমিক কেন্দ্ৰ কৰি লাট মণ্ডলৰ বিৰুদ্ধে এখন বাতৰি সম্প্ৰচাৰ হৈছিল। পিছত সেই সংক্ৰান্তত আজি ধুবুৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত লাট মণ্ডলক সোধ পোচ কৰাত দুয়োৰে তর্ক বিতৰ্কৰ লগতে এক হুস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। সাংবাদিকৰ অভিযোগ অনুসৰি তাৰ পিছতেই লাটমণ্ডল জনে সাংবাদিক চৈয়দ নুৰুল আমিনক ব্লেডেৰে সাংবাদিকৰ হাত কাটি দিয়াৰ অভিযোগ লাট মণ্ডলৰ বিৰুদ্ধে। লগে লগে চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হয় আৰক্ষীৰ দল। ইতিমধ্যেই সাংবাদিক মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে লগতে লাট  মণ্ডল জনেও সাংবাদিকৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। ইফালে নুৰ হক লাট মণ্ডলক  শাৰীৰিক, মানসিক অত্যাচাৰ কৰাৰ অভিযোগ সাংবাদিক গৰাকীৰ বিৰুদ্ধে। এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

বাক্সাৰ বাগানপাৰাৰ ধৰ্ষণ-হত্যাকাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাৰ এগৰাকী যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ যোৱা নিশা বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় উক্ত জঘন্য কাণ্ডত জড়িতৰ অভিযোগত জনচন বান্দ, অভিজিৎ তিৰ্কী আৰু ডেচলিন খাল্কো নামৰ তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে সোমবাৰে নিশা ধৰ্ষণ-হত্যাৰ বলি হোৱা যুৱতী গৰাকীয়ে ভগ্নীক ফোন কৰি ঘৰৰ পৰা পদূলিলৈ ওলাই অহাৰ পিচতে সুৰামত্ত তিনি নৰপিশাচে  যুৱতী গৰাকীক প্ৰথমে দলৱদ্ধভাৱে ধৰ্ষণ কৰে আৰু পিচত হত্যা কৰি ধাননিৰ মাজত পেলায় থয় ৷ পিচদিনা যুৱতী গৰাকীৰ উলংগ মৃতদেহ ধাননিৰ মাজত উদ্ধাৰ হোৱাৰ পিচত বিভিন্ন দল-সংগঠন আৰু ৰাইজে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ অৱশেষত যোৱা নিশা আৰক্ষীয়ে তিনি নৰপিশাচক ৩৭৬/৩০২ ধাৰাৰ অধীনত ৮৩/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আজি মুছলপুৰ সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰে ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে তিনি হত্যাকাৰীক বৰবৰী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে ধৃত এই তিনি হত্যাকাৰীৰ লগত আৰু কোনো দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

 পশ্চিম কামৰূপ বন সংমণ্ডলৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ একাংশ অঞ্চলত বন বিভাগৰ ছত্ৰছায়াত চোৰাং কাঠৰ  লগতে অবৈধভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থকাৰ সময়তে আজি বন বিভাগৰ এটা দলে বকোৰ মালিবাৰীত এক অভিযান চলায়। জানিব পৰা মতে বামুণীগাওঁ বন সুৰক্ষা কৰ্মী আৰু বকো বন বিভাগৰ এটি দলে যৌথ বাবে এক গোপন খৱৰৰ ভিত্তিত বকোৰ মালিবাৰীত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই দুখনকৈ অবৈধ কাঠ ফলা মিল উৎখাত  কৰাৰ লগতে প্ৰায় ডেৰ লক্ষাধিক টকাৰ চোৰাং শাল, চেগুন আৰু কঁঠাল গছৰ কুণ্ডা জব্দ কৰে। পিছত উৎখাত কৰা মিলৰ সামগ্ৰী আৰু জব্দ কৰা চোৰাং কাঠ সমূহ বকো বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় বুলি জনা গৈছে। 

লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি”ৰ উন্মোচন

আজি মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ “কাব্যকু়ঞ্জ” ত লেখক-গীতিকাৰ শচীন দাসৰ নৱতম গ্ৰন্থ “ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰতীতি” উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী কমল কটকীয়ে। অনুষ্ঠানত গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক, গীতিকাৰ- সুৰকাৰ অৱনী ৰঞ্জন পাঠক, অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক তথা নাট্যকাৰ গিৰিধৰ ৰয় বিশিষ্ট অতিথি হিচাপে অংশ লয়। দীপক শৰ্মাই সভা আত ধৰে।

সৰ্থেবাৰী আৰক্ষীৰ অভিযানত বেলবাৰীত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ

বৰপেটা জিলাত তীব্ৰতৰ হৈ উঠিছে মদ আৰু জুৱা বিৰোধী অভিযান । তৎপৰ হৈ পৰিছে সৰ্থেবাৰী আৰক্ষী । সৰ্থেবাৰী  আৰক্ষীও তীব্ৰতৰ কৰিছে মদ আৰু জুৱাৰ বিৰুদ্ধে অভিযান । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ তৎপৰতাত মংগলবাৰে সন্ধিয়া বেলবাৰীৰ শান্তিপুৰত চলে অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান ।  সহকাৰী উপ পৰিদৰ্শক প্ৰদীপ কুমাৰসহ আৰক্ষীৰ এটি দল লৈ  বেলবাৰীৰ শান্তিপুৰৰ নগেন ডেকাৰ ঘৰত চলায় মদ বিৰোধী অভিযান । অভিযান কালত নগেন ডেকাৰ ঘৰৰ পৰা ৩৪ কাৰ্টন অবৈধভাবে মজুত ৰখা বিভিন্ন মাৰ্কাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীৰ উমান পাই  নগেন ডেকা পলায়ন কৰে বুলি জানিবৈ সৰ্থেবাৰী আৰক্ষীয়ে । আনহাতে মংগলবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত জুৱাৰ বিৰুদ্ধে অভিযান চলায় । সৰ্থেবাৰী আৰক্ষী থানাৰ এটি দলে সৰ্থেবাৰী, বনিয়াকুছি, লচিমা, কাপলা, বেলবাৰী আদি ঠাইত অভিযান চলাই কেইবাটাও জুৱাৰ ঘাটি উৎখাত কৰে সৰ্থেবাৰী আৰক্ষীয়ে । আৰক্ষীৰ উমান পাই জুৱাৰীসকল পলাই পত্ৰং দিয়ে যদিও জুৱা খেলত ব্যৱহৃত সামগ্ৰী  আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । 

শতবৰ্ষ গৰকা ভিঠা প্ৰাথমিক বিদ্যালয়ৰত আজিও আন্তঃগাঁঁঠনি অভাৱ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় একাংশত আন্তঃ গাঠনিৰ অভাৱকে ধৰি ছাত্র -ছাত্ৰী অনুপাতে শিক্ষকৰ  অভাৱ হোৱাৰ অভিয়োগ উঠিছে। একোখন বিদ্যালয়ৰ আন্তঃগাঠনি ইমানে দুৰ্বল হৈ পৰিছে যে পুৰণি বিদ্যালয় গৃহৰ পকী বেৰ ,টিনপাত আদি খহি কণ কণ ছাত্র ছাত্ৰীসকলক বিপদ পেলোৱা উপক্ৰম হৈছে। আনহাতে একোখন বিদ্যালয়ত ছাত্ৰ -ছাত্রী অনুপাতে শিক্ষক নিযুক্তি নোহোৱাত শৈক্ষিক পৰিৱেশ ও বিনষ্ট হোৱাৰ অভিযোগ উঠিছে। তেনে এক উদাহৰণ হল — বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডটোৰ  অন্তৰ্গত  ভিঠা প্ৰাথমিক বিদ্যালয় । ১৯২১ চনতে স্থাপিত শতবৰ্ষ গৰকা বিদ্যালয়খনৰ আন্তঃ গাঠনি অতি দুৰ্বল হৈ পৰা দেখা গৈছে। এই শিক্ষানুষ্ঠানখনৰ আওপুৰণি গৃহত কণ কণ ছাত্ৰ -ছাত্ৰীসকল পাঠদান  নিদি ইয়াৰে সমীপতে থকা  দুটা কোঠালী যুক্ত গৃহত ছয়টা কৈ শ্ৰেণীৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীসকলক কোনো মতে পাঠদান দি আহিছে – বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। ইফালে পুৰণি জৰাজীৰ্ণ গৃহটো যিকোনো মুহূৰ্ততে ফাট মেলা বেৰ আৰু কাঠ,টিনপাত খহি পৰি হঠাৎ অঘটন যে ঘটিব পাৰে তাৰ দৃশ্য প্ৰত‍্যক্ষ কৰিলে অনুমান কৰিব পাৰি। শিক্ষানুষ্ঠানখনৰ বিদ‍্যালয় গৃহৰ এনে অৱস্থা দেখাৰ পিছতো শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাও লোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ‍্য‍ যে ১৯২১ বৰ্ষতে স্থাপিত শিক্ষানুষ্ঠানখনত প্ৰতিটো  নিৰ্বাচনত ভোট কেন্দ্ৰ স্থাপন কৰি আহিছে যদিও আজি পৰ্য্যন্ত পুনঃ নিৰ্মাণতো দূৰৰৈ কথা প্ৰয়োজনীয় আন্তঃ গাঠনি, বিজ্ঞান সন্মত শৌচাগাৰ ধৰি অন্যান্য সমস্যাত পৰিছে যদিও শিক্ষা বিভাগে বিদ্যালয়খনৰ এই সমস্যা সমুহ সমাধানত মুঠেই গুৰুত্ব প্ৰদান নকৰাত স্থানীয় দল -সংগঠনকে ধৰি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয়খনৰ সমস্যাসমুহ শীঘ্ৰে পুৰন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। এই ক্ষেত্ৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। লগতে চৰকাৰী অসমীয়া মাধ্যমৰ অতি পুৰণি শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ সমস্যা দুৰ কৰিবলৈ অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিভাগী কৰ্তৃপক্ষক দাবী জনাইছে।