ভাৰতীয় জনতা পাৰ্টি,বড়িগোগ বনভাগ মণ্ডলৰ সহযোগত নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ প্ৰচেষ্টাত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ঘগ্ৰাপাৰৰ তিনি গাঁও পঞ্চায়তত পৃথকে পৃথকে একোটা দিব্যাংগসকলক বাবে পৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয়।ঘগ্ৰাপাৰ গাঁও পঞ্চায়তত অনুষ্ঠিত এই শিৱিৰটো মুকলি কৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। নেতাগৰাকীয়ে ভাষণত– বিজেপি চৰকাৰে ৰাইজৰ কাৰণে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ লগতে দিব্যাংগসকলৰ বাবেও বিশেষ গুৰুত্ব দিয়া বুলি সদৰী কৰে।অনুষ্ঠানটি ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা,কোষাধ্যক্ষ জয়ন্ত তালুকদাৰ, বাঘমাৰা বুথ বিজেপিৰ সভাপতি সভাপতি পুলেন কলিতা,সাধাৰণ সম্পাদক কিশোৰ ভৰালী,বিজেপি নেতা তথা শক্তি কেন্দ্ৰ আহ্বায়ক চামচুল আলীনলবাৰী স্বাস্থ্য বিভাগৰ কেবাগৰাকীয়ে অভিজ্ঞ সম্পন্ন ডাক্তৰে অংশগ্ৰহণ কৰে ।ইফালে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ বনভাগ গাঁও পঞ্চায়তত ৬০ গৰাকী আৰু খাতিকুছি গাঁও পঞ্চায়তত ৪০ গৰাকী দিব্যাংগক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।
বকোৰ ছমৰীয়া সত্ৰত দৰিদ্ৰৰ মাজত প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণ
ক’ৰোণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ সময়ছোৱাত আৰ্থিকভাৱে ভাগি পৰা দৰিদ্ৰ পৰিয়াল সমূহক সাময়িক সকাহ দিয়াৰ বাবে চৰকাৰে প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে প্ৰদান কৰিছে চাইল ৷ সমবায় সমিতি সমূহৰ ডীলাৰৰ জৰিয়তে প্ৰদান কৰা চাউল আজি দক্ষিণ কামৰূপৰ বকোৰ ছমৰীয়া সত্ৰ এলেকাৰ হিতাধিকাৰীৰ মাজতো বিতৰণ কৰা হয় ৷ ছমৰীয়া সত্ৰৰ ডীলাৰ প্ৰদীপ কলিতাৰ অধীনৰ ১১৮ গৰাকী ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীৰ মাজত কাপোৰৰ মোনাৰ সৈতে ৫ কেজিকৈ চাউল বিতৰণৰ কৰা কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ছমৰীয়া সত্ৰৰ জেষ্ঠ বিজেপি কৰ্মী দীপু বায়নে ৷ ইতিমধ্যে, ছমৰীয়া গাওঁপঞ্চায়ত সমবায় সমিতিৰ অধীনৰ ৮১৫৬ গৰাকী ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীৰ মাজত ছমৰীয়া মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ মজুমদাৰৰ তৎপৰতাত প্ৰধান মন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে জেষ্ঠ বিজেপি কৰ্মী গৰাকীয়ে ৷
মাজুলীৰ দবলি চাপৰিবাসীৰ কাষত উপায়ুক্ত পুলক মহন্ত
মাজুলীৰ দবলি চাপৰিৰ ৰাইজক ভেকচিন ল’বলৈ আহ্বান জনাবলৈ তথা আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতাৰ উদ্দেশ্যে মাজুলীৰ উপায়ুক্ত পুলক মহন্ত ২৬ অক্টোবৰৰ পুৱা টেকেলিফুটা ঘাটৰ পৰা দবলি চাপৰি অভিমুখে যাত্ৰা কৰে ৷ চাপৰিত উপস্থিত হৈ ৰাইজৰ আদৰণি গ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে দবলি চাপৰি প্ৰাথমিক বিদ্যালয় টীকাকৰণ কেন্দ্ৰটি পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ পাছত ৰাইজে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় ৷সভাত অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই টীকাকৰণ সন্দৰ্ভত কয় যে- মাজুলীৰ ৯৯.২৫ % লোকে ইতিমধ্যেই ক’ভিড টীকাকৰণ গ্ৰহণ কৰিছে ৷ গতিকে মাজুলীক সম্পুৰ্ণৰূপে ক’ভিডমুক্ত কৰিবলৈ ৰাইজৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই আগন্তুক নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাত যি সকলৰ নাম অন্তৰ্ভূক্ত হোৱা নাই , সেই সকলক নাম পঞ্জীয়নভূক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁ ৰাইজক মিছন বসুন্ধৰাৰ অধীনত মাটিৰ জৰীপৰ জৰিয়তে ভূমি নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে কয় যে -ভুৱা তথ্য দি মাটি পট্ৰা ল’বলৈ চেষ্টা কৰা ব্যক্তি সকলৰ বিৰুদ্ধে যথোচিত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷উপায়ুক্ত গৰাকীয়ে স্হানীয় পশুপালক সকলৰ সুবিধাৰ্থে প্ৰত্যেক দুসপ্তাহৰ মূৰে- মূৰে একোখনকৈ পশু চিকিৎসা শিবিৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু উজনি মাজুলীৰ চক্ৰ বিষয়াক ইয়াৰ পৰিচালনা কৰিবলৈ দায়িত্ব অৰ্পন কৰে ৷ উপায়ুক্ত গৰাকীয়ে যুটীয়া স্বাস্থ্য সঞ্চালকক উক্ত শিবিৰত এজন পশু চিকিৎসকৰ ব্যবস্থা কৰিবলৈও নিৰ্দেশ দিয়ে ৷ ৰাইজৰ অনুৰোধ মৰ্মে উপায়ুক্তই প্ৰত্যেক মাহতে ৰাইজৰ সু-স্বাস্থ্যৰ বাবে একোখনকৈ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ ইয়াৰ উপৰিও ৰাইজৰ অভাৱ অনাটনৰ পিনে দৃষ্টি ৰাখি উপায়ুক্ত গৰাকীয়ে আঞ্চলটোত এখন সুলভ মূল্যৰ দোকান খোলা হ’ব বুলি ৰাইজক জনায় স্থানীয় ৰাইজে যাতায়াতৰ সুবিধাৰ বাবে এমজিএনৰেগা আঁচনিৰ অধীনত দবলি চাপৰিৰ পৰা দিচাংমুখ ঘাটলৈ এটি পথ নিৰ্মাণৰ প্ৰস্তাৱ উপায়ুক্তক আগবঢ়ায় ইয়াৰ উপৰিও তেওঁলোকে এটি ৰঙ্গমঞ্চ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়ায় ৷ উপায়ুক্তৰ লগত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সঞ্চালক ডা° নীলকান্ত পেগু , উজনি মাজুলীৰ চক্ৰ বিষয়া নৱজ্যোতি দাস , তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়া ৷
পুখুৰী গাঁও পঞ্চায়ত বন্ধ কৰি দিয়াৰ হুংকাৰ ছাত্ৰ মুক্তিৰ।
মাৰ্ঘেৰিটা বিধান সভাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পুৰণি পুখুৰী গাঁও পঞ্চায়তখনত বহুকেইটা দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে । উত্থাপিত অভিযোগ মতে পঞ্চায়তখনৰ গণ্ডীৰ ভিতৰত অৱস্থিত বৰডুমচা মাধৱপুৰ বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰখন জিলা পৰিষদৰ যোগে নিবিদা প্ৰদানেৰে আৱণ্টন দি কৰ সংগ্ৰহ প্ৰক্ৰিয়া চলি থকা স্বত্বেও তিনি বৰ্ষ জোৰা বজাৰ দিনা স্থানীয় পুৰনি পুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ দ্বাৰা বজাৰখনৰ গৰু আৰু ছাগলী বজাৰত অতিৰিক্ত ভাৱে ৩০ শতাংশ কৰ সংগ্ৰহ কৰি আহিছে । বজাৰখনত পঞ্চায়তৰ যোগে সংগ্ৰহিত কৰি অহা উক্ত অবৈধ কৰৰ বৃহৎ ধন আৰু পঞ্চায়তখনলৈ অন্যান্য উৎসৰ পৰা সংগ্ৰহিত ধন ৰাইজৰ অজ্ঞাতে ক’ত ক’ত ব্যৱহাৰ কৰিছে কিম্বা ক’ত জমা ৰাখিছে আদিবোৰ তথ্য পঞ্চায়ত বাসীয়ে ৰাজহুৱা কৰিবলৈ সভানেত্ৰী গৰাকীক দাবী জনাই আহিছে যদিও সভানেত্ৰী গৰাকীয়ে কোনো কাণসাৰ নিদিয়া কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভানেত্ৰী গৰাকীৰ নেতৃত্বতে পঞ্চায়তৰ বিভিন্ন আঁচনি সমূহত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ তুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে পঞ্চায়তৰ বিৰোদ্ধে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ প্ৰদানেৰে আজি পঞ্চায়ত সচিৱলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । স্থানীয় মাৰ্ঘেৰিটাৰ বিধায়ক,তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু কাকপথাৰ আঞ্চলিক পঞ্চায়তৰ সহকাৰী কাৰ্যবাহী বিষয়ালৈ প্ৰতিলিপি প্ৰেৰণ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উক্ত পত্ৰত উল্লেখিত অভিযোগ অনুসৰি পুৰণি পুখুৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে পঞ্চায়তৰ যিকোনো চৰকাৰী আঁচনি ৰূপায়ণত ৰাইজৰ অজ্ঞাতে কোনো সভা অনুষ্ঠিত নকৰাকৈ নিজাববীয়া সিধান্ত গ্ৰহণ কৰি নিজৰ আত্মীয় কুটুম্বক সুযোগ সুবিধা দি অহাৰ উপৰিও পঞ্চদশ বৃত্তীয় আয়োগৰ ধনেৰে নিৰ্মান কৰা মাধৱপুৰ সাপ্তাহিক বজাৰখনৰ নলা নিৰ্মাণ কাৰ্য বিভাগীয় কাৰিকৰী অনুমোদন লাভ কৰা আগতেই নিজ ইচ্চাকৃত ব্যক্তিক কামৰ দায়িত্ব অৰ্পনেৰে ধনৰ অংকত কাম সম্পাদনৰ প্ৰস্তুতিৰে কাম চলাই আহিছে । ইয়াৰোপৰি পঞ্চায়ত কতৃপক্ষৰ দুৰ্নীতিৰ বাবেই চতুৰ্থদশ বৃত্তীয় অয়োগৰ প্ৰায় ১০ লক্ষ্য ধনেৰে মাধৱপুৰ কালী মন্দিৰৰ পৰা অৰুণাচলস্থিত সেনা চাউনি সমীপৰ পথত সংযুক্ত ২০০ মিটাৰ দৈৰ্ঘৰ ফেভাৰ ব্লকেৰে নিৰ্মাণ সম্পন্ন হোৱা পথটো নিৰ্মাণৰ ছয় মাহ নৌহওতেই বখলা বখলে এৰি যোৱা আদিবোৰ অভিযোগ আনি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় আঞ্চলিক গোটে পঞ্চায়তখনৰ সংঘটিত হৈ অহা অনিয়ম দুৰ্নীতিসমূহ বিভাগীয় উৰ্ধতম কতৃপক্ষই তদন্ত কৰি উচিত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰিছে । উল্লে্যযোগ্য যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱাই সংবাদ মাধ্যমৰ আগত অহা ৪৮ ঘণ্টাৰ ভিতৰত যদি স্মাৰক পত্ৰত উল্লেখ কৰা বিষয়ৰ লগত জঢ়িত বিষয়ৰ ওপৰত পুৰণি পুখুৰী গাওঁ পঞ্চায়তৰ কৰতৃপক্ষয় কোনো ব্যবস্থায নলয় পঞ্চায়তত তলা লগাই বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে।
নাজিৰা সমষ্টিত ” বীৰ লাচিত সেনা , অসম” ৰ সংমণ্ডল কাৰ্যালয় ঘেৰাও
নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত বহু জৰাজীৰ্ণ বাট – পথে জনগণৰ বাবে মৃত্যু দূত স্বৰূপ হৈ পৰিছে । বিগত সময়চোৱাত এই বিধ্বস্ত পথ সমূহ নিৰ্মাণৰ দাবীত বিভিন্ন সংগঠনৰ লগতে ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলা সমিতিয়ে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও বি জে পি নেৰ্তৃত্বাধীন চৰকাৰে নাজিৰা সমষ্টিৰ বাট – পথকে ধৰি অন্যান্য ক্ষেত্ৰত উন্নয়নৰ দিশত বৈষম্যতাৰ বাবেই কোনো গুৰুত্বাৰূপ কৰা নাই । এই অভিযোগেৰে আজি ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা আৰু শিৱসাগৰ জিলা সমিতিয়ে সমষ্টিটোৰ আন আন পথ সমূহৰ লগতে বিশেষকৈ অতি বিধ্বস্ত ঐতিহাসিক নগা আলি , ঐতিহাসিক ৰমণী আলি , গড়মূৰ – চণ্টক সংযোগী ৰাজগড় পথ , লিগিৰী পুখুৰী খনিকৰ গাওঁ ঔগুৰি পথ , গেলেকী গোহাঁই বাৰী পথ , ঐতিহাসিক মেজেঙ্গা – বগীদল সংযোগী বাহগড় পথ , গেলেকী দোলাকাষৰীয়া ন – পাম বাৰুৱতী সংযোগী পথ বিজ্ঞান সন্মতভাৱে পুনৰ নিৰ্মাণৰ দাবীত লোক নিৰ্মাণ বিভাগৰ নাজিৰা আৰু আমগুৰি ক্ষেত্ৰীয় সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ প্ৰায় শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ” ৰাইজ আজি ৰাজপথত হিমন্তৰ কাম নাই , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ , লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ মুৰ্দাবাদ , বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় , আছে হেংদাং লোৱা নাই – ললে হেংদাং ৰক্ষা নাই ” আদি বিভিন্ন প্ৰতিবাদী ধৰ্ণাৰে কাৰ্যালয়টোৰ কাম – কাজ অচল কৰি তোলে । পিছত সংগঠনটোৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া , সহকাৰী সম্পাদক দ্বয় উজ্জ্বল গগৈ আৰু কৃষ্ণ কান্ত কোৱৰৰ স্বাক্ষৰেৰে উক্ত পথসমূহ শীৰ্ঘ্ৰে নিৰ্মাণৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে দাবীসমূহ এমাহৰ ভিতৰত কাৰ্যকৰী নহলে লোক নিৰ্মাণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কৰা হ’ব বুলি সকীয়াই দিয়ে ।
পঞ্চায়তত জব কাৰ্ড বনোৱাৰ নামত ১০০ টকাকৈ সংগ্ৰহ
দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ অন্তৰ্গত মানকাচৰ খণ্ড উন্নয়নৰ অধীনত থকা কালাপানী গাওঁ পঞ্চায়তত বিভিন্ন আচনিৰ নামত কেইবা কৌটি টকা লুন্ঠন কৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ পএ দাখিল । অভিযোগ মতে বিত্তীয় বছৰ ২০১৮ চনৰ পৰা ২০২১ ২২ বৰ্ষত পঞায়ত খনত প্ৰধান মন্ত্ৰী গৃহ আৱাস যোজনাৰ গৃহ নিৰ্মাণ নামত বহু দুখীয়া হিতাধিকাৰীৰ পৰা সভাপতি মজিবৰ ৰহমান, সচীব জহিৰুল ইছলাম আৰু জি আৰ এচে বৃহৎ পৰিমাণৰ কমিচন সংগ্ৰহ কৰি লুণ্ঠন চলাই আছে। বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি পঞ্চায়তৰ বিষয় ববীয়াৰ নিৰ্দেশত নিজৰ খেয়াল খুচি মতে গৃহ নিৰ্মাণ কৰিছে যদিও বহু গৃহৰ কাম নকৰি বেলেগ মানুহৰ ঘৰৰ ফটো সংলগ্ন কৰি ফটো আপলোড দি তাতো চৰকাৰ তথা বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হয়। অভিযোগ পএত উল্লেখ কৰা মতে আধাৰ কাৰ্ড বনোৱাৰ নামত প্ৰতিজন হিতাধিকাৰী অথবা গ্ৰাহকৰ পৰা ৫০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত কমিচন সংগ্ৰহ কৰাৰ কথা অভিযোগ পএত উল্লেখ কৰে । পঞ্চায়ত খনত জব কাৰ্ড বনোৱাৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰি তাতো বহু টকা লুন্ঠন কৰে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে 14 Finance ৰ নামত আৰ্থ ফিলিংগ, ছি ছি ব্লগ, ছোলাৰ পাৱাৰ প্ৰজেক্ট, ফ্লৰ কাচটিং, বিভিন্ন প্ৰতিষ্ঠানৰ চাৰিসীমাৰ পকী বেৰৰ নামত কেইবা কৌটি টকা আৱণ্টন দিছিল আৰু ধনো মোকলাই দিছিল চৰকাৰে। কিন্তু উক্ত আচনিৰ মাথো ২০% শতাংশ কাম কৰি বাকী ৮০ শতাংশ টকা লুন্ঠন চলোৱা বুলি জানিব পৰা গৈছে। বিত্তীয় বছৰ ২০২০ চনত মাৰাত্মক কৰণা ভাইৰাছ প্ৰতিৰোধ কৰিব বাবে বিভাগে দুটা কিস্তিত ৫ লাখ ৮০ হাজাৰ টকা মাক্স ঞয় কৰি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ ধন আৱণ্টন দিছিল যদিও মাথাে ৬০০০ হাজাৰ টকাৰ মাক্স বিতৰণ কৰি বাকী ৫ লাখ ৭৭ হাজাৰ টকা আত্মসাৎ কৰে। ইয়াৰ উপৰিও সৌৰচালিত চোলাৰ অতি নিম্ন গামী পঞ্চায়তৰ বিভিন্ন ঠাইত দিছিল যদিও এমাহৰ ভিতৰত সকলো সোলাৰ নষ্ট হৈ যায়। গতিকে অনতি পলমে উক্ত দুৰ্ণীতি পৰায়ন সচীব, জি আৰ এছ আৰু সচীবৰ দুৰ্ণীতিৰ বিৰুদ্ধে তদন্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনায় অভিযোগ কাৰীয়ে ।এতিয়া জিলা উপায়ুক্ত কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হব ।
জেফ বেজোছে মহাকাশত নিৰ্মাণ কৰিছে এনেকুৱা স্থান যত ২৪ ঘণ্টাত ৩২ টা সূৰ্যোদয় দেখা পোৱা যাৱ
ই-কমাৰ্চ কোম্পানী আমাজন (আমাজন)ৰ প্ৰতিষ্ঠাপক জেফ বেজোছ (জেফ বেজোছ)ৰ কোম্পানী ব্লু অৰিজিন (ব্লু অৰিজিন)য়ে পৃথিৱীৰ কক্ষপথত এটা ব্যক্তিগত মহাকাশ কেন্দ্ৰ (অৰ্বিটাল ৰিফ) নিৰ্মাণৰ উদ্যোগ লৈছে। জেফ বেজোছে সোমবাৰে ঘোষণা কৰিছিল যে তেওঁ নিজৰ মহাকাশ কেন্দ্ৰ মুকলি কৰিবলৈ গৈ আছে। এই মহাকাশ কেন্দ্ৰটোত ১০ জন লোকৰ বাসস্থান থাকিব। বেজোছে বৰ্ণনা কৰিছিল যে মহাকাশ কেন্দ্ৰটো ২০২৫ চনৰ পিছত যিকোনো সময়তে উৎক্ষেপণ কৰিব পাৰি।বেজোছৰ মহাকাশ কেন্দ্ৰৰ নাম ‘অৰ্বিটাল ৰিফ’ ৰখা হৈছে, যি মহাকাশৰ ব্যৱসায়িক উদ্যানৰ দৰে হ’ব। ই মাইক্ৰ’গ্ৰেভিটি গৱেষণা আৰু উৎপাদনত উদগনি দিব। নীলা মূলৰ এজন জ্যেষ্ঠ বিষয়া ব্ৰেণ্ট শ্বেৰউডে কয়, “যোৱা 60 বছৰত নাছা আৰু অন্যান্য মহাকাশ সংস্থাই কক্ষীয় মহাকাশ বিমান আৰু মহাকাশ আৱাস নিৰ্মাণ কৰিছে।শ্বেৰউডে কৈছিল, ‘আমি প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰিম আৰু ব্যয়ো হ্ৰাস কৰিম।জেফ বেজোছৰ কক্ষীয় প্ৰাচীৰ পৃথিৱীৰ পৰা ৫০০ কিলোমিটাৰ উচ্চতাত থাকিব। ই বৰ্তমানৰ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতকৈ অলপ বেছি হ’ব। ইয়াত বাস কৰা মহাকাশচাৰীসকলে ২৪ ঘণ্টাত ৩২ টা সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিব।ইয়াত মুঠ ১০ জন লোক থাকিব আৰু আইএছতকৈ অধিক স্থান থাকিব। ইয়াত বহুতো বিশাল খিৰিকী থাকিব। আইএছএছ ২০১১ চনত নিৰ্মাণ কৰা হৈছিল। ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত মহাকাশত সহযোগিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এইটো ২০২৮ চনলৈকে সুৰক্ষিত বুলি বিশ্বাস কৰা হয়। নাছাই আশা কৰিছে যে আইএছএছ বন্ধ হোৱালৈকে আৰু বহুতো মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব।ব্লু অৰিজিনৰ উপৰিও, বহুতো কোম্পানীয়ে মহাকাশত তেওঁলোকৰ ষ্টেচন নিৰ্মাণ কৰাৰ কথা বিবেচনা কৰি আছে। যোৱা সপ্তাহতে, মহাকাশ সেৱা প্ৰদানকাৰী নেনোৰক্সে ডিগছ কোম্পানী লকহিড মাৰ্টিনৰ সৈতে 2027 চনৰ ভিতৰত এটা মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ বাবে এক চুক্তি তৈয়াৰ কৰিছিল। ইয়াৰ নাম ষ্টাৰলেব।
দেৰগাঁৱত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেল
বজাৰত লাগিছে জুই ,যোগান মন্ত্ৰী আছে শুই আদি ধ্বনিৰে প্ৰতিদিনেই বিভিন্ন দল সংগঠনে ৰাজ্য খনৰ আকাহ বতাহ কপাই তোলাৰ সময়তে কেঁচা চাহ পাতৰ বজাৰ মুল্য দিনক দিনে হ্ৰাস পোৱাত ক্ষোভিত হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল ।দেৰগাঁও নগৰৰ সমিপৰ তেলিয়া সোনাৰী গাৱত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত গোলাঘাট উত্তৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এখনি সংবাদ মেলৰ আয়োজন কৰে ।প্ৰতিদিনেই খাদ্য সামগ্ৰীৰ দাম আকাশ লংঘী হৈ আছে যদিও কেচা চাহ পাতৰ দাম নিম্নগামী হোৱাত শংকিত হৈ সন্থাৰ বিষয় ববীয়াই সংবাদমেল যোগে ক্ষোভ প্ৰকাশ কৰে ।সংবাদ মেলত উপস্থিত থকা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গোপাক কৃষ্ণ খাউণ্ডে কেচা চাহ পাতৰ দাম নিৰ্ধাৰণ কৰা বিভাগ বোৰ কাৰ নিৰ্দেশত উঠা বহি কৰি ৰাইজৰ তেজ শুহি খাইছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ।উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিজ বিভাগ পৰিচালনা কৰাত চুড়ান্ত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি মুখ্য মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে এই খেতিয়ক সকলে ।কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটতেই কৃষক সকলৰ চৰম দুৰ্দশা ।নিজা পৰিশ্ৰমৰে গাৰ ঘাম মাটিত পেলাই চাহ খেতি কৰা কৃষক সকলে উচিত দামৰ পৰা বঞ্চিত হোৱাৰ লগতে সময় মতে পথাৰত দিব নোৱাৰে ইউৰিয়া সাৰ ।এই জিলাৰ পৰাই সাৰৰ ব্যাপক চিণ্ডিটেক হয় বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সংবাদ মেল খনত ।খুচুৰা দোকানীয়ে সাৰ ক্ৰয়ৰ বাবদ ‘আই ডি ‘ৰ প্ৰয়োজন হব বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে যদিও খুচুৰা দোকানীক ‘আই ডি’ প্ৰদানৰ নামত ভেকুভাওনা কৰি আহিছে বিভাগটোয়ে ।যাৰ ফলত ইউৰিয়া সাৰ নোহোৱাকৈয়ে কৰিব লগীয়া হৈছে খেতি ।উল্লেখযোগ্য যে যি সময়ত এক কেজি চাহ পাত নিম্নতম ৩০০ টকা দৰদ ক্ৰয় কৰিব লাগে এজন গ্ৰাহকে সেইসময়তে কিন্তু এজন খেতিয়কে আজিৰ তাৰিখত এক কেজি কেচা চাহ পাত বিক্ৰী কৰিব লগীয়া হৈছে ৭-৮ টকা দৰদ ।ইপিনে বগা হাতীত পৰিনত হল ভাৰতীয় চাহ বৰ্ড বুলি কটাক্ষ কৰে সংবাদমেল খনত ।কল ঘৰ সমুহে খেতিয়ক সকলক উচিত দাম দিবলৈ কোনো দিনেই কামনা নকৰে ।আনকি দিনটোত তিনিবাৰ পৰ্যন্ত্য কেচা চাহ পাতৰ দাম উঠা নমা কৰে একাংশ ব্যক্তিৰ নিজ খেয়াল খুচি মতে ।কল ঘৰৰ মালিকক নিয়ন্ত্ৰণ কৰিবৰ বাবে কোনো শক্তিৰ আজি পৰ্যন্ত জন্ম নহল এইখন অসমত ।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই কৃষক সকলৰ সমস্যা সমাধান কৰাৰ লগতে প্ৰাপ্য দাম নিৰ্ধাৰণ কৰিবৰ বাবে সংবাদ মেলৰ যৰিয়তে চৰকাৰলৈ দাবী জনাই সন্থাটোয়ে । আজিৰ সংবাদ মেলত গোলাঘাট উত্তৰ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গকুল বৰা আৰু সম্পাদক বীৰেন হাজৰিকা, বিভূতি হাজৰিকা, বুবুল হাজৰিকা, পৰেশ হাজৰিকা, জিলা সমিতিৰ নবীন বৰুৱা, ৰিপুন হাজৰিকা আদি ব্যক্তি সকল উপস্থিত থাকে।উল্লেখযোগ্য যে সংবাদমেল খনত বাংলাদেশীতকৈও ভয়ংকৰ হৈ পৰিছে হিন্দী বলয়ৰ লোক সকল বুলি এক তাৎপৰ্য পুৰ্ন মন্তব্য প্ৰদান কৰে সন্থাৰ বিষয় ববীয়াই ।
পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত সৰ্বমুঠ ৬৮৩০ গৰাকীক ভেকচিন প্রদান
২৬ অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচী দুটা ভাগত বিভক্ত কৰি ভেকচিন প্রদান কৰা হৈছে। এটা ভেকচিনেচন কাৰ্য্যসূচী পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত আৰু আনখন চিকিৎসালয়ৰ অধীনৰ ওচৰৰ দক্ষিণ চুবা গাওঁত স্বাস্থ্যকৰ্মী সকলে আশা কৰ্মী লগত লৈ ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰিছে।কিছুমান১৮ বছৰ ঊৰ্ধৰ এনেকুৱা ব্যক্তিক আছে যি সকলে ২৬ অক্টোবৰলৈ প্রথম পালি ভেকচিন গ্ৰহণ কৰা নাই। ২৬অক্টোবৰত মুঠ ৯৯ গৰাকীক ক’ভিড ভেকচিন দিবলৈ সক্ষম হৈছে ইয়াৰে প্ৰথম পালি লোৱা ব্যক্তিৰ সংখ্যা ২৯ গৰাকী আৰু দ্বিতীয় পালি ভেকচিন লোৱা ব্যক্তিৰ সংখ্যা ৭০ গৰাকীআৰু আজিলৈ সৰ্বমুঠ দুয়ো পালি মিলি ৬৮৩০ গৰাকীক ভেকচিন প্রদান সম্পুর্ণ হৈছে। যি সকল ব্যক্তিয়ে আজিলৈকে প্রথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ বাকী আছে তেওঁলোকক অহা ৩১ অক্টোবৰ ২০২১ তাৰিখৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিবলৈ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্য্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ৰাইজক বাৰম্বাৰ আহ্বান জনাই আহিছে।আনহাতে যি সকল ব্যক্তিৰ দ্বিতীয় পালি ক’ভিড ভেকচিন ল’বলৈ বাকী আছে তেওঁলোকক প্ৰথম পালি ভেকচিন লোৱাৰ ১২ সপ্তাহৰ পৰা ১৬ সপ্তাহৰ ভিতৰত ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। আজি দক্ষিণ চুবা গাওঁত ঘৰে ঘৰে গৈ ভেকচিন প্রদান কৰা স্বাস্থ্যকৰ্মী সকল হৈছে মুনু দাস(এ ,এন ,এম),বিজুলী কলিতা দাস (আশা ছুপাৰভাইজৰ )লগতে আশা কৰ্মী মৰজিনা বেগম,হাছিনা বেগম ,জৰিনা বেগম সহায় সহযোগিতা আগবঢ়ায় ।আনহাতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ভেকচিনেচন দায়িত্ব আছে ৰীছা দৈমাৰী (জিএন এম), বীৰেন্দ্ৰ হাজং MPW,ৰীংকু দৈমাৰী (জিএন এম) ৷
অৱশেষত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত নিয়োজিত ২৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক স্কুলত পাঠদান কৰাৰ নিৰ্দেশ ওদালগুৰি উপায়ুক্তৰ
ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত সুনাম অর্জন কৰা শিক্ষানুষ্ঠান খন হল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় । উক্ত বিদ্যালয়ৰ ২৪ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক কৰ’ণা ভেকচিন প্ৰদানৰ কামত নিয়োজিত কৰোৱাৰ লগতে ওদালগুৰি জিলাৰ কেইবাখনো শিক্ষানুষ্ঠান সমূহৰ পৰা শিক্ষক শিক্ষয়িত্ৰী সকলক স্বাস্থ্য বিভাগক সহায়ৰ নিমিত্তে নিয়োজিত কৰা হৈছিল ৷ যদিও শিক্ষা বিভাগে যোৱা ১৯ তাৰিখৰ দিনৰ পৰা শিক্ষানুষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো বিশেষকৈ মাজবাট উচ্চতৰ বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী বিশেষ অসুবিধা হোৱা পৰিলক্ষিত হৈছিল । স্কুল খোলাৰ পিছতো কৰ’ণা কালীন পৰিবেশৰ বাবে যোৱা ২৯ ছেপ্টেম্বৰ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ উক্ত বিদ্যালয়ৰ মুঠ ৩৩ গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত ২৪ জনকেই বিদ্যালয় খন বন্ধ থকাৰ সময়তে ক’ভিড সংক্ৰান্তত নিয়োগ কৰাৰ সমান্তৰালকৈ সমগ্ৰ জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক সকলক ক’ভিড কামত নিয়োজিত কৰা হৈছিল । যদিও ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো উক্ত কামত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী স্কুলত উপস্থিত নথকা বিষয়টো নিয়মীয়া বাৰ্তা,দৈনন্দিন বাৰ্তা,আমাৰ অসম আদিত প্ৰকাশ পাইছিল । এই সম্পৰ্কত ওদালগুৰি জিলাৰ উপায়ুক্তক মাজবাটৰ যুব নেতা কিশোৰ শৰ্মাই বিদ্যালয় সমুহৰ শিক্ষকক সকলক ক’ৰনাৰ ভেকচিনৰ কাৰ্যক্ষমত জড়িত কৰাত পাঠদান কৰাৰ ক্ষেত্ৰত ব্যাঘাত হৈছে বুলি জনাইছিল ৷গতিকে সুব্যবস্থা গ্ৰহন কৰাৰ বাবে উপায়ুক্তক আহ্বান জনোৱাত উপায়ুক্তই ব্যৱস্থা গ্ৰহন কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল ৷তদুপৰি বাতৰি প্ৰকাশ কৰাৰ পিছত আৰু কিশোৰ শৰ্মাই আহ্বান জনোৱাৰ পিছতেই ওদালগুৰি জিলা উপায়ুক্তই যোৱা ২১ অক্টোবৰৰ এক নিৰ্দেশানা অনুসৰি স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত জিলাখনৰ বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰে ৷বিশেষকৈ মাজবাট বিদ্যালয় খোলা হোৱাৰ পিছতো শিক্ষক শিক্ষয়িত্ৰী সকলক ক’ভিড সংক্ৰান্ত কামত নিয়োজিত কৰি ৰখা বিষয়টোৱে প্ৰথম অৱস্থাত সচেতন মহল, ছাত্ৰ ছাত্ৰী অভিভাৱক সকলক বাৰুকৈ চিন্তিত কৰিছিল যদিও অৱশেষত ওদালগুৰি জিলা উপায়ুক্ত তৎক্ষণাত লোৱা পদক্ষেপক মাজবাট বাসী ৰাইজে শলাগিছে ।











