Home Blog Page 2784

ভেৰগাঁ‌ও জিলা বড়োলেণ্ড ইলেকট্ৰনিক মিডিয়া এচোচিয়েচনৰ সংবাদমেল

বিটিআৰ ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমাঁ‌ৰ পৰিৱৰ্তে ভেৰগাঁ‌ও জিলা বড়োলেণ্ড ইলেকট্ৰনিক মিডিআ এচোচিয়েচন  চমুকৈ BEMAৰ সংবাদমেল।উল্লেখ্য যে অহা ১৪ নবেম্বৰ তাৰিখে বড়োলেণ্ড ইলেকট্ৰ্নিক মিডিআ ইচোচিয়েচনৰ  প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। সন্দৰ্ভত BEMA এচোচিয়েচনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি জিলা  ভেৰগাঁ‌ও পুথি ভৰাঁ‌লত পুৱা ১০ বজাত সংবাদ কৰ্মী সকলক লৈ কৰ্মশালা আয়োজন কৰাৰ সিধান্ত কৰিছে সেয়েহে।
পৰিপেক্ষিতত বড়োলেণ্ড ইলেকট্ৰ্নিক মিডিআ এচোচিয়েচনৰ সভাপতি কনক চন্দ্ৰ বড়ো, সম্পাদক বডোছা বসুমতাৰী সহ উপ-সভাপতি দানশ্ৰাং বড়োয়ে আজি সংবাদ যোগে অহা ১৪ নবেম্বৰ তাৰিখৰ উক্ত কৰ্মশালাত ওদালগুৰি জিলা সকলো সংবাদ ডাটাক  অংশ গ্ৰহণ কৰিবলৈ সংবাদ যোগে আহ্বান কৰে।

বৰপেটাত নিশা কাঠ ভৰ্তি ট্ৰাক জব্দ

অবিভাক্ত বৰপেটা জিলাৰ ভৱানীপুৰত কালি নিশা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে কেইটামান স্থানীয় যুৱকে। নিশা ট্ৰাকখন ভৱানীপুৰৰ মাজেৰে পাৰ হৈ কয়াকুছি যোৱাৰ সময়ত কেইগৰাকীমান যুৱকৰ সন্দেহ ওপজাত ট্ৰাকখন আগুচি ধৰে আৰু ট্ৰাকখন ৰখাই নিৰীক্ষণ কৰাত পাইন কাঠবোৰ দেখিবলৈ পায়। ট্ৰাকখনত ২২.৩ ছিঃ এম পাইন কাঠ আছে বুলি জানিব পৰা গৈছে । মেঘালয়ৰ পৰা কয়াকুছিলৈ গৈ আছিল ট্ৰাকখন। ট্ৰাকখনে কঢ়িয়াই অনা কাঠবোৰ কয়াকুছিৰ কাঠৰ বেপাৰী হানিফৰ বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ চালান নথকাৰ অভিযোগ উঠিছে। ইপিনে অতিৰিক্ত বোজা কঢ়িয়াই অনাৰো অভিযোগ উঠিছে ট্ৰাকখনৰ বিৰুদ্ধে। ইয়াকে লৈ চালক আৰু যুৱককেইজনৰ মাজত কিছু হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় । তাৰ কিছু সময় পিছতে আৰক্ষীৰ এটি দল আহি ঘটনাস্থলীত উপস্থিত হোৱাত পৰিস্থিতি শাম কাটে। তাৰ পিছতে বৰপেটা ৰোড বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হয়। দলটোৱে কাঠসহ ট্ৰাকখন বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ কাৰ্যলয়লৈ নিয়ে। তেওঁলোকৰ ভাষ্য মতে ট্ৰাকখনে বৈধ চালান লগত আনিছে। উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কেইগৰাকীমান বন মাফিয়াৰ নেতৃত্বত নামনি অসমত কাঠৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া ।বন বিভাগৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ জিলাখনত নিতৌ ন ন বন মাফিয়াৰ আবিৰ্ভাৱ হৈছে। কাঠৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত হৈ কৌটিপতি হোৱাৰ মানসেৰে একাংশই প্ৰতিযোগিতামূলক মনোভাৱেৰে বন ছিণ্ডিকেটৰ এক এন্ধাৰ জগতত প্ৰৱেশ কৰা দেখা গৈছে। এই ছিণ্ডিকেট চক্ৰটোত কোন কোন জড়িত হৈ আছে সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। 

স্বাধীনতা সেনানী স্বৰ্গীয় কুমুদেশ্বৰ বৰাৰ গৃহ, মাটি-বাৰীত অবৈধভাৱে দখল দুষ্ট চক্ৰৰ

শ্ৰীৰামপুৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ সমিতিৰ সংবাদ মেল

নামনি অসমৰ ভৱানীপুৰ ,তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিত অনুষ্ঠিত হবলগীয়া উপ নিৰ্বাচনক গুৰুত্ব সহকাৰে লৈছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীয়ে ৷তাৰে যেন উমান দিলে শ্ৰীৰামপুৰত আজি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি ৷সংবাদ মেলত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটীৰ মুখ্য আহ্বায়ক বিপ্লৱ চক্ৰৱৰ্তীয়ে কয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বতাধীন তৃণমূল কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি অসমৰ শোষিত,বঞ্চিত ,নিস্পেষিত জনগোষ্ঠীৰ জনসাধাৰণ ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ প্ৰতি সেউজ সংকেত প্ৰদান কৰিছে ৷তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দলে যে কোনো জাত পাতৰ ৰাজনীতি নকৰি সকলো ধৰ্মৰ লোকক সম অধিকাৰ ,সম বিকাশ ,সম উন্নয়নৰ স্বাৰ্থত ৰাজনীতি কৰি মানৱসেৱা আগবঢ়াই আছে ৷সেই কথা অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লোকে উপলব্ধি কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে ৷তৃণমূল কংগ্ৰেছে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত শক্তিশালী ৰূপে অৱৰ্তীৰ্ণ হব বুলিও সংবাদ মেলত প্ৰকাশ কৰে ৷সংবাদমেলত তৃণমূল কংগ্ৰেছৰ আহ্বায়ক ৰতন বৰুৱায় কয় যে উপ নিৰ্বাচনত গোসাইগাঁও সমষ্টি ,তামুলপুৰ সমষ্টি আৰু ভৱানীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছ দলে সমৰ্থন আগবঢ়াব বুলি কয় ৷কিন্তু কোন দল বা প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব সেই সম্পৰ্কত কোনো স্পষ্ট মতামত দিয়াৰ পৰা বিৰত থাকে ৷অহা ২০ অক্টোবৰত কোন দল বা প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব সেই সম্পৰ্কত সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিব বুলি সংবাদ মেলত জানিব দিয়ে ৷সংবাদমেলত তৃণমূল কংগ্ৰেছৰ আহ্বায়ক মহাদেৱ ৰায়ে সংবাদ মেলৰ আঁতধৰে ৷

নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২১ সংখ্যক মুখপত্ৰ ‘নুমলী’ উন্মোচন

বিদ্যালয় এখনৰ প্ৰতিচ্ছবি প্ৰকাশ কৰা অন্যতম মাধ্যম হল বিদ্যালয়খনৰ মুখপত্ৰ খন। গোলাঘাট জিলাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অন্যতম আকৰ্ষণ হ’ল বিদ্যালয়খনৰ মুখপত্ৰ ʼনুমলী ʼ । প্ৰতিবছৰে প্ৰকাশ কৰি অহা নুমলীৰ ২১ সংখ্যক সংখ্যা আজি উন্মোচন কৰা হয়।নুমলীগড় বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সঞ্জীৱ শৰ্মাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ লগতে অনুষ্ঠান আঁতধৰে শিক্ষয়িত্ৰী প্লাৱীতা বাঢ়ৈয়ে।চাহ বাগিচা অঞ্চলৰ উক্ত বিদ্যালয়খনে প্ৰতি বছৰে প্ৰকাশ কৰি অহা মুখপত্ৰই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাহিত্যৰ ক্ষেত্ৰত এক ইতিবাচক দিশ আনিব বুলি আশাবাদী বিদ্যালয় কতৃপক্ষৰ লগতে অভিবাৱক সকল।

কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ বঁটা ঘোষণা

কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰদান কৰি অহা মুক্তি যোদ্ধা, বিশিষ্ট সমাজকর্মী প্ৰয়াত ডুম্বি কামান সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা আৰু বিশিষ্ট সাহিত্যিক, গৱেষক, মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা ২০২১ ৰ বঁটা প্ৰাপকৰ নাম নিৰ্বাচন মণ্ডলীয়ে চূড়ান্ত কৰাৰ পাছত কালি সংস্থাৰ কাৰ্যনিৰ্বাহক সভাত ঘোষণা কৰে। সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু সম্পাদক পৱন কামানে স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি জনোৱা অনুসৰি দুটা দশক জোৰা কাল ধাৰাবাহিক ভাৱে নিৰ্ভীক-নিৰপেক্ষতাৰে সংবাদ সেৱা আগবঢ়াই থকা ছেটেলাইট চেনেল নিউজ লাইভ আৰু নিয়মীয়া বার্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক, কণ্ঠ শিল্পী, সমাজকর্মী-মানৱদৰদী কাজিৰঙাৰ ৰঞ্জিত ৰজকক “”মুক্তি যোদ্ধা ডুম্বি কামান সোঁৱৰণী জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা-২০২১” লাভ কৰিছে। ৰাজকে সংবাদ ক্ষেত্ৰৰ “শ্ৰেষ্ঠ সেৱাশ্ৰী,” “মুখ্যমন্ত্ৰী বঁটা -২০১১”, “গোলাঘাট গৌৰৱ-২০১৪ বঁটা”,  জীৱন জোৰা সাধনা বঁটা-২০১৬” (আন্তৰাষ্ট্ৰীয়), “বনেশ্বৰ মহন্ত সোঁৱৰণী সাংবাদিক বঁটা”, “সাগৰ বৰা সোঁৱৰণি ইলেকট্ৰনিক মডিয়া গৰিমা বঁটা ২০২০”, “বন্য প্ৰাণী শ্ৰেষ্ঠ সংবাদ সেৱা বঁটা” কে ধৰি বহুকেইটা সংবাদ সেৱাৰ বঁটা লাভ কৰিছে।   আনহাতে বিশিষ্ট সাহিত্যিক, গৱেষক , শিক্ষাবিদ, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি “মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা- ২০২১” লাভ কৰিছে আন্তৰাষ্ট্ৰীয় খ্যাত বিশিষ্ট কবি- সাহিত্য আৰু নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজ অধ্যাপক তথা গোলাঘাট জিলাৰ মহুৰামুখৰ ৰঙাগড়া মৰঙীয়ালৰ জীৱন নৰহে। কবি-সাহিত্যিক জীৱন নৰহৰ    কবিতা পুথি “ঢৌখেলা ল’ৰালিৰ ছাঁ”, “তুমি পকা ধানৰ দৰে গোন্ধাইছা”, “টাৰি-ৰি”, “মোমাইদেউৰ ফুলনি আৰু হালধীয়া উপমা”।      উপন্যাস-“অই:কলি” আৰু “চোৱা পীতাম্বৰ শ্যাম বৰণ মেঘ উৰে”।     প্ৰবন্ধ, ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থসমূহ -“সোঁৱৰণিৰ ছাঁ”, ” ভূমিৰ ফুল”, ” মহিম বৰাৰ ৰচনা সমগ্ৰ”, ” অ’ মোৰ আপোনাৰ দেশ-লক্ষ্মীনাথ বেজবৰুৱা”, “বেজবৰুৱাৰ সাধুৰ আলমত অংকিত ছবি আৰু অকণিৰ সাধু”, “বেজবৰুৱাৰ জাতীয় সংগীত চৰ্চা আৰু সমন্বয়ৰ পথ”, আৰু ” চাৰিটা ৰোমাণ্টিক প্ৰবন্ধ” আদি।    ইপিনে “অ’ মোৰ ধুনীয়া কপৌফুল ” (মিচিঙৰ পৰা অসমীয়ালৈ), “শুনা মোৰ ফুল কলি” (মিচিঙৰ পৰা অসমীয়ালৈ ) আদিকে ধৰি মুঠ ৮ খনকৈ গ্ৰন্থ অসমীয়া,  ইংৰাজী, মাৰাঠী আৰু বঙালী ভাষালৈ অনুবাদ কৰিছে।      আনহাতে  “The OXFORD Anthology of  Writings From North-East India Poetry And Essays”, ” An Anthology of Poetry From North-East   India”,” Anthology of Contemporary Poetry From North-East”, ” International Review of Black and White Photography and Text”, “Indian Literature”, “Samakalin Bharatiya Sahitya”, ” www. Poetry International.com”, “KERALAKAVITA”, “100  More Great Indians Poems”, ” Great Indians Love poems”, আৰু ‘Verses” আদি দেশী-বিদেশী খ্যাত গ্ৰন্থ-আলোচনীত জীৱন নৰহৰ কবিতা প্ৰকাশ পাইছে। ইয়াৰ উপৰি নৰহৰ কবিতা ভাৰতৰ বিভিন্ন প্ৰধান ভাষাৰ লগতে  বহু বিদেশীভাষালৈও  অনুবাদিত হৈছে। উক্ত বঁটা দুটা ২০২২ বৰ্ষৰ পহিলা মাহত প্ৰদান কৰা হ’ব বুলি বিবৃতিত উল্লেখ আছে। 

মৰিগাঁও জিলা যোগাসন ক্ৰীড়াৰ ১ম বাৰ্ষিক উপলক্ষে যোগাসন প্ৰতিযোগীতা

মৰিগাঁও জিলা যোগাসন ক্ৰীড়ায়ে ১ম বাৰ্ষিক  যোগাসন প্ৰতিযোগীতা আয়োজন কৰে।ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰালয়ৰ অনুমোদিত আৰু যোগাসন ক্ৰীড়া অসমৰ তত্বাৱধানত  মৰিগাঁও জিলা যোগাসন ক্ৰীড়ায়ে ১ম বাৰ্ষিক  যোগাসন প্ৰতিযোগীতা ১৭অক্টোৱৰ দিনা দিনজোৰা কায্যসূচীৰে ৰামেশ্বৰী সংঘ বিদ্যালয় লঠাবড়ী মৰিগাঁৱত অনুষ্ঠিত কৰে।কায্যসূচী অনুসৰি ৮ বজাত যোগাসন প্ৰতিযোগীতাত অংশ গ্ৰহণ  প্ৰতিযোগিৰ পঞ্জীয়ণ কৰা । ৯বজাত বন্তি প্ৰজ্বলন কৰে মুকুল বৰকাকতিয়ে।১০বজাত প্ৰতিযোগীতাৰ নিয়মাৱলী ঘোষণা কৰি প্ৰতিযোগীতা আৰম্ভ কৰে।

সাংবাদিক অমিতাভ বৰুৱাক “ডাইমণ্ড নৰ্থ ইষ্ট এৱাৰ্ড” বঁটাৰে সন্মানিত

বিহালী সমষ্টিৰ বৰগাঙৰ সাংবাদিকতাৰ পথাৰ খনৰ তেজাল ঘোঁৰা ” নিয়মীয়া বাৰ্তা”ৰ সাংবাদিক অমিতাভ বৰুৱাক অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই ২০২১ চনৰ ” ডাইমণ্ড নৰ্থ ইষ্ট এৱাৰ্ড” বঁটাৰ বাবে নিৰ্বাচিত মংগলবাৰে গহপুৰ শ্বহীদ কনকলতা ভৱনত উক্ত বঁটাৰে সন্মানিত কৰে যিটো সমগ্ৰ জিলাখনৰ বাবেই এক সু-খবৰ বুলি কব পাৰি। জানিব পৰামতে বৰগাং চাহ বাগিচাত চাকৰি সূত্ৰে বৰগাঙলৈ অহা অমিতাভ বৰুৱাই ১৯৭৬ চনত তেজপুৰৰ প্ৰকাশিত প্ৰয়াত ড.পূৰ্ণ নাৰায়ণ সিংহৰ “মহাজাতি” কাকতত সাংবাদিকতাৰ পাতনি মেলে ।২০১৮ চনত অসম চৰকাৰৰ দ্বাৰা সাংবাদিক পেঞ্চনপ্ৰাপ্ত অমিতাভ বৰুৱা অবিভক্ত শোণিতপুৰ জিলাৰ প্ৰথম গৰাকী সাংবাদিক।

তেওঁৰ সামাজিক কৰ্মৰাজীৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে ২০১৬ চনত সম্বৰ্ধনা জনোৱাৰ উপৰি ২০১৬ চনতে অসম বিজ্ঞান সমিতি বিশ্বনাথ জিলাই ‘ জীৱন জোৰা সাধনা বঁটা, ২০২০ চনত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’ছাইটিয়ে “কৃতি সাংবাদিকৰ বঁটাৰে বিভূষিত কৰা অমিতাভ বৰুৱা এতিয়ালৈ দুইকুৰিৰ অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সম্বর্ধিত হৈছে। গতিকে ভাৰতীয় পত্ৰিকা মহাসভাই এইবাৰ বৰগাঙৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজ কৰ্মী অমিতাভ বৰুৱাক ডাইমণ্ড নৰ্থ ইষ্ট বঁটা প্ৰদান কৰাত এগৰাকী উপায়ুক্ত ব্যক্তিকে উক্ত সন্মান যচা হৈছে বুলি পৰিগণিত হৈছে।

ৰাছিয়ান অভিনেত্ৰী আৰু পৰিচালকে মহাকাশত প্ৰথম খন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ পিছত মহাকাশযানেৰে উভতি আহে

এজন মহাকাশচাৰী আৰু দুজন ৰাছিয়ান চলচ্চিত্ৰ নিৰ্মাতা কঢ়িয়াই অনা চয়ুজ মহাকাশযানখনে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ এৰি যোৱাৰ চাৰে তিনি ঘণ্টা পিছত পৃথিৱীত অৱতৰণ কৰে।পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত দেওবাৰে আন্তৰ্জাতিক সময় মতে আবেলি ৪.৩৫ বজাত কেপচুলটো কাজাখস্তানত অৱতৰণ কৰিছিল। মহাকাশলৈ যাত্ৰা কৰা তিনিজন মানুহে ৰঙা আৰু বগা ফিটাথকা পেৰাচুটৰ সহায়ত অৱতৰণ কৰিছিল। তিনিওজনকে পেৰাচুটৰ পৰা প্ৰস্থান কৰাৰ পিছত চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱা হ’ব।আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ৰকেটটো দেওবাৰে আন্তৰ্জাতিক সময় মতে দুপৰীয়া ১.১৫ বজাত প্ৰস্থান কৰিছিল। ৰকেটটোৱে ওলেগ নভিটস্কি, য়ুলিয়া পেৰেচিভ আৰু ক্লিম ছিপেঙ্কো কঢ়িয়াই লৈ গৈছিল।অভিনেত্ৰী পেৰেছিয়েল্ড আৰু চলচ্চিত্ৰ পৰিচালক ছিপেঙ্কো ৫ অক্টোবৰত মহাকাশ কেন্দ্ৰত ”প্ৰত্যাহ্বান” শীৰ্ষক চলচ্চিত্ৰখনৰ কিছু অংশৰ দৃশ্যগ্ৰহণৰ বাবে উপস্থিত হৈছিল আৰু তাত ১২ দিন আছিল। চলচ্চিত্ৰখনত এজন শল্য চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰা পেৰেচিভে মহাকাশ কক্ষপথত জৰুৰী অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা এজন ক্ৰু সদস্যক বচাবলৈ মহাকাশ কেন্দ্ৰলৈ যাব লাগিব।মহাকাশ কেন্দ্ৰত ছয় মাহৰো অধিক সময় অতিবাহিত কৰা নৱিৎজকিয়ে ছবিখনত অসুস্থ মহাকাশচাৰীৰ চৰিত্ৰত অভিনয় কৰিছে।

ভাৰতে আঠটা এছএএফএফ চেম্পিয়নশ্বিপ খিতাপ জিকিছে

ভাৰতে (ভাৰত) মালদ্বীপৰ মালেত নেপালক (নেপাল) 3-0 গ’লত পৰাস্ত কৰি অষ্টম এছএএফএফ চেম্পিয়নশ্বিপ খিতাপ (এছএএফএফ চেম্পিয়নশ্বিপ খিতাপ) দখল কৰে। ভাৰতৰ হৈ সুনীল ছেত্ৰী (সুনীল ছেত্ৰী) (৪৯ মিনিট), সুৰেশ সিং (৫০ মিনিট) আৰু চাহাল আব্দুল চামাদে (৯০ মিনিট) গ’ল কৰে। ইফালে, ৩৭ বছৰীয়া সুনীল ছেত্ৰীয়ে মেছিৰ সমতা অৰ্জন কৰি সক্ৰিয় খেলুৱৈসকলৰ মাজত আন্তঃৰাষ্ট্ৰীয় ফুটবলত দ্বিতীয় সৰ্বাধিক স্ক’ৰ হিচাপে পৰিগণিত হৈছে।এছএএফএফ চেম্পিয়নশ্বিপৰ (এছএএফএফ চেম্পিয়নশ্বিপ) ফাইনেল ভাৰতৰ হৈ 13 টা সংস্কৰণত দ্বাদশ আছিল। তেওঁ কয়, “এটা মুখ্য দল হিচাপে ইয়াত উপস্থিত হৈ জিকি ভাল লাগিছে।” এইটো সহজ নাছিল কিন্তু মই সুখী যে বহুত যুৱক ভাল আহিছিল। ‘জানকাৰীৰ বাবে আমাক কওঁক যে সুনীল ছেত্ৰীয়ে (সুনীল ছেত্ৰী) সম্ভৱতঃ তেওঁৰ অন্তিম খন চেআইএফ চেম্পিয়নশ্বিপ মেচ খেলিছিল। খেলখনৰ ৪৯ মিনিটত সুনীল ছেত্ৰীয়ে (সুনীল ছেত্ৰী) ভাৰতৰ প্ৰথমটো গ’ল কৰে আৰু লিয়োনেল মেছিৰ (লিয়োনেল মেছি) ৮০ টা আন্তঃৰাষ্ট্ৰীয় গ’লৰ সমান।সুৰেশ সিঙে (সুৰেশ সিঙে) ৫০ মিনিটত অগ্ৰগতি দুগুণ কৰি ভাৰতৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। শেষৰ মিনিটত চাহাল আব্দুল চামাদে (চাহাল আব্দুল চামাদ) নেপালৰ কেইজনমান ডিফেণ্ডাৰক ড্ৰিবল কৰি ৯০ মিনিটত ৩-০ ত আগবাঢ়ি যায়।