Home Blog Page 281

বিহু আৰু সত্ৰীয়া নৃত্যৰ অভিলেখ সৃষ্টি,সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ । Bihu

Bihu । অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডে গুৱাহাটীৰ প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিল, ২০২৫ তাৰিখলৈ চাৰি দিনধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীর্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে। বিহু আৰু সত্ৰীয়া নৃত্যৰ ৰিলে প্ৰদৰ্শন।

এই অনুষ্ঠানটোত অসমৰ প্ৰখ্যাত নৃত্য বিহু আৰু সত্ৰীয়াৰ চাৰিদিনৰ নিৰৱচ্ছিন্ন প্ৰদৰ্শন ৰাজ্যজুৰি প্রতিভাশালী শিল্পীসকলৰ দ্বাৰা ৰিলে ফর্মেটত সম্পাদন কৰা হৈছিল। প্ৰতিদিনে কেইবাঘণ্টা জুৰি হোৱা নিৰন্তৰ নৃত্যই এক মন্ত্রমুগ্ধ পৰিৱেশৰ সৃষ্টি কৰিছিল য’ত ৰঙালী বিহুৰ সত্বা চৌদিশে উজ্জীৱিত হৈ পৰিছিল।

অঞ্চলটোৰ গভীৰ পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসমৰ শতিকা পুৰণি পৰম্পৰাগত স্থাপত্যৰ দ্বাৰা অনুপ্রাণিত হৈ সুন্দৰভাৱে এক অসম শৈলীৰ ঘৰৰ পটভূমিত নিৰ্মাণৰ এক ছেটআপৰ সৃষ্টি কৰা হয়। এই ছেটআপটোৱে অসমৰ কালজয়ী ডিজাইন সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে উৎসৱৰ সজ্জা তথা সাংকেতিক বিৱৰণৰ সৈতে জীৱন্ত কৰি তুলিছে।

১৭ এপ্ৰিলৰ সন্ধিয়া এই সাফল্যক এক সন্মানীয় ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ সংস্থা ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে আনুষ্ঠানিকভারে স্বীকৃতি প্রদান কৰে। সংগঠনটোৰ এজন কাৰ্যবাহী বিচাৰক, শ্রীযুত সঞ্জয় ভোলা ধীৰে শ্রীপি ভি ৰমেশ পাটনায়ক আঞ্চলিক মুৰব্বী উত্তৰ-পূবৰ মুৰব্বী, শ্রীযুত সম্রাট সেনগুপ্তা – সহকাৰী উপাধ্যক্ষ – ব্রেন্ড বিল্ডিং-য়ে প্রতিনিধিত্ব কৰা ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্ট লিমিটেডলৈ “দীর্ঘতম ৰিলে ৰ ৰেকৰ্ডৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এয়া অসমৰ জনসাধাৰণৰ বাবে এক গৌৰৱান্বিত তথা ঐতিহাসিক মুহূর্ত হিচাপে বিবেচিত হৈছে।

এই অভিলেখ স্থাপনৰ প্ৰচেষ্টাৰ সৈতে, ভাৰতৰ নম্বৰ ১ আল্ট্রাটেক চিমেন্টে আকৌ এবাৰ অৰ্থপূর্ণ ৰাজহুৱা কাৰ্যসূচী তথা সাংস্কৃতিক সংৰক্ষণৰ প্ৰতি ইয়াৰ সমৰ্পণ মনোভাৱ প্ৰদৰ্শন কৰিছে। উল্লেখ্য, এই অনুষ্ঠানটো ব্রেন্ড টু পিপল ইন্টিগ্রেটেড ছলিউচনৰ দ্বাৰা পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল।

Astro Tips: ৰাস্তাত পৰি থকা এই ৬ টা বস্তু নকৰিব স্পৰ্শ, সমস্যাৰে আগুৰি ধৰিব !

Astro Tips: ৰাস্তাত পৰি থকা এই ৬ টা বস্তু নকৰিব স্পৰ্শ, সমস্যাৰে আগুৰি ধৰিব !
Astro Tips: ৰাস্তাত পৰি থকা এই ৬ টা বস্তু নকৰিব স্পৰ্শ, সমস্যাৰে আগুৰি ধৰিব !

প্ৰায়ে মানুহে ৰাস্তাত পৰি যোৱা বস্তুবোৰ তুলি লয়। কিছুমান ক্ষেত্ৰত বাটত পৰি থকা বস্তুবোৰ তুলি লোৱাটো শুভ বুলি গণ্য কৰা নহয়। এনে অৱস্থাত ৰাস্তাত পৰি থকা কোনবোৰ বস্তু তুলি লোৱা উচিত নহয় জানো আহক।(Astro Tips)

আপুনি নিশ্চয় দেখিছে যে মানুহে নিজৰ জীৱনৰ পৰা নেতিবাচকতা আঁতৰাবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। য’ত ক’লা যাদু, ক’লা শক্তিক আহ্বান কৰা আদি বহুতো অশুভ ৰীতি-নীতিও কৰা হয়। কেতিয়াবা ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁতে আমি কিছুমান মূল্যৱান বস্তুও দেখা পাওঁ। বহু সময়ত মানুহে ৰাস্তাত পৰি থকা বস্তুবোৰ তুলি পকেটত ৰাখে। কিন্তু ৰাস্তাত পৰি থকা কোনবোৰ বস্তু ভুলতেও স্পৰ্শ কৰিব নালাগে জানেনে?

সেন্দুৰঃ সেন্দুৰৰ ৰং ৰঙা, বিশেষকৈ বিবাহিত মহিলাসকলে ব্যৱহাৰ কৰে। কিন্তু, সেন্দুৰৰ দৰে বস্তু ক’লা যাদুৰ দৰে অশুভ কামৰ বাবেও ব্যৱহাৰ কৰা হয়। যদি আপুনি ৰাস্তাত সেন্দুৰ দেখে, তেন্তে নুচুব।

জ্বল নাৰিকলঃ প্ৰায়ে পূজা বা কোনো বিশেষ অনুষ্ঠানত নাৰিকল ব্যৱহাৰ কৰা হয়। কিন্তু, যদি নাৰিকল জ্বলাই দিয়া হয় তেন্তে ইয়াক অতি অশুভ বুলি গণ্য কৰা হয়। ৰাস্তাৰ বাওঁফালে বা ঘৰৰ বাহিৰত যদি জ্বলা তামোল পোৱা যায়, তেন্তে সেয়াও পৰিহাৰ কৰিব লাগে।

চুলি

ক’লা যাদুৰ দৰে অশুভ অনুষ্ঠানত চুলি ব্যৱহাৰ কৰা হয়। এনে অৱস্থাত যদি ৰাস্তাত চুলিৰ থোপা পায়, তেতিয়া চুলি সেই নোচোৱাকৈ আঁতৰি যাব।

নিমখ আৰু সুমথিৰা পাত

নিমখ আৰু সুমথিৰা পাত পূজাৰ দৰে শুভ ৰীতি-নীতিত ব্যৱহাৰ কৰা হয় আৰু ভগৱানক অৰ্পণ কৰা হয়। কিন্তু, এইবোৰ বস্তু ক’লা যাদুতো ব্যৱহাৰ কৰা হয়। এনে অৱস্থাত যদি আপুনি ৰাস্তাত দেখিলে ভুলতেও নুচুব।

পুতলা

কিছুমান পুতলা আছে যাৰ পৰা আঁতৰি থকাটো ভাল। প্ৰাচীন কালত ক’লা যাদুৰ দৰে আচাৰ-ব্যৱহাৰত পুতলা ব্যৱহাৰ কৰা হৈছিল। এনে পৰিস্থিতিত যদি আপুনি ৰাস্তাত পৰি থকা কোনো অদ্ভুত পুতলা দেখা পায় বা তাত বেজী আবদ্ধ হৈ থকা দেখা পায়, তেন্তে তাৰ পৰা আঁতৰি থাকক।

মমবাতি

আপুনি হয়তো প্ৰায়ে পথৰ দাঁতিত বা পথৰ মাজত চাকি জ্বলি থকা দেখিছে, তাৰ পৰা আপুনি সদায় আঁতৰি থাকিব লাগে। মমবাতি ক’লা যাদুৰ বাবে বা অন্ধকাৰ শক্তিক আহ্বান কৰিবলৈও ব্যৱহাৰ কৰা হয়।

Udhampur: উধমপুৰত বন্দুকৰ যুঁজঃ নিহত ভাৰতীয় জোৱানজনৰ নাম জান্টু আলী শ্বেখ

Udhampur: উধমপুৰত বন্দুকৰ যুঁজঃ নিহত ভাৰতীয় জোৱানজনৰ নাম জান্টু আলী শ্বেখ
Udhampur: উধমপুৰত বন্দুকৰ যুঁজঃ নিহত ভাৰতীয় জোৱানজনৰ নাম জান্টু আলী শ্বেখ

পহলগাম কাণ্ডৰ পিছত তালাচী অভিযানৰ মাজতে জম্মুৰ উধমপুৰত উগ্ৰপন্থীৰ সৈতে হোৱা বন্দুকৰ যুঁজত এজন ভাৰতীয় জোৱান নিহত হয়।(udhampur)

সেনা বাহিনীৰ হোৱাইট নাইট কৰ্পছে জনোৱা মতে, গোপন সূত্ৰৰ পোৱাৰ পিছতে আৰক্ষী আৰু সেনাৰ যৌথ বাহিনী উধমপুৰৰ বসন্তগড়ত অভিযান চলায়। উগ্ৰপন্থীয়ে বসন্তগড়ত আশ্ৰয় লোৱাৰ খবৰ নিশ্চিত হোৱাৰ পিছতে যুটীয়া বাহিনীয়ে এই অভিযান আৰম্ভ কৰে।

পহলগাম কাণ্ডৰ পিছত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে। জম্মুৰ উধামপুৰত আশ্ৰয় লোৱা উগ্ৰপন্থীৰ তথ্য লাভ কৰি বৃহস্পতিবাৰে পুৱা সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান চলায়। উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান চলাই থকাৰ সময়তে উগ্ৰপন্থীয়ে বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাইও গুলী চলায়। দুয়োপক্ষৰ মাজত হোৱা গুলীৰ আদান-প্ৰদানত আহত এজন জোৱান। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। মৃত জোৱানজনৰ নাম জান্টু আলী শ্বেখ। তেওঁ ৬ পেৰা এছ এফত কাম কৰি আছিল।

২২ এপ্ৰিলত পহলগামত উগ্ৰপন্থীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাইছিল। সেই আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হয়। পহলগাম আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ জম্মু-কাশ্মীৰত সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে।

Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট

Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট
Salim Merchant: মুছলমান হিচাপে আজি মই লজ্জিত, ইছলামে হিংসাক সহ্য নকৰে; এয়া ইছলামৰ শিক্ষা নহয়ঃ চেলিম মাৰ্চেণ্ট

পহলগামত হিন্দু পৰ্যটকক বাচি বাচি গুলী চলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, “মই মুছলমান হিচাপে লাজ পাওঁ।”(Salim Merchant)

ৰক্তাক্ত পহলগাম। যোৱা মঙলবাৰে বিয়লি সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজতে বিস্ফোৰণ ঘটিছিল বন্দুকৰ গুলী। নিৰীহ পৰ্যটকৰ তেজেৰে ৰঙা হৈ পৰিল বৈষৰণ উপত্যকা। কিন্তু দূৰৰ পৰা গুলী চলোৱা নহয়। পুৰুষ পৰ্যটকক তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰি, হিচাপ-নিকাচ কৰি হত্যা কৰা হয়।

এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে। কোনো কোনোৱে প্ৰতিশোধ বিচাৰিছে। বলীউডৰ তাৰকাও এই প্ৰতিবাদত যোগদান কৰিছে। হিন্দু পৰ্যটকৰ বাছনিমূলক হত্যাকাণ্ডত ক্ষুব্ধ হৈ পৰিছে প্ৰখ্যাত সংগীত শিল্পী চেলিম মাৰ্চেণ্ট। তেওঁৰ স্পষ্ট কথা, “মই মুছলমান হিচাপে লাজ পাওঁ।”

এই ঘটনাৰ পিছৰে পৰা বহুতে বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিছে। কিছুমানে ‘ধৰ্মনিৰপেক্ষতা’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় ধৰ্মনিৰপেক্ষতাৰ সপক্ষে মাত মাতি আহিছে। এই কাণ্ডৰ পিছত ক্ষুব্ধ সংগীতজ্ঞজনে কোৰআনৰ চুৰা আল-বাকাৰাহৰ উদ্ধৃতি দি কয় যে ইছলামে হিংসাক সহ্য নকৰে। এয়া ইছলামৰ শিক্ষা নহয়। মোৰ হিন্দু ভাইসকলক তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ ভিত্তিত হত্যা কৰা দেখিলোঁ, আৰু মুছলমান হ’বলৈ লাজ লাগে। এই হিংসা কেতিয়া বন্ধ হ’ব? কাশ্মীৰ সঁচাকৈয়ে নৰকত পৰিণত হৈছে। মোৰ ভিতৰৰ খংটো কেনেকৈ ধৰি ৰাখিব নাজানো!” চেলিমে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Seema Haider: সীমা হাইদৰ উভতি যাব নে পাকিস্তানলৈ? পহলগাম আক্ৰমণৰ পিছত ভাৰত চৰকাৰৰ সিদ্ধান্তৰ মাজতে চৰ্চালৈ আহিছে সীমা হাইদৰ !

Seema Haider: সীমা হাইদৰ উভতি যাব নে পাকিস্তানলৈ?
Seema Haider: সীমা হাইদৰ উভতি যাব নে পাকিস্তানলৈ?

পাকিস্তানৰ পৰা ভাৰতলৈ অহা সীমা হাইদৰ উভতি যাব নেকি পাকিস্তানলৈ! কেৱল ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব সকলো পাকিস্তানীয়ে। বাতিল কৰা হৈছে পাকিস্তানী নাগৰিকৰ সকলো ভিছা। সামাজিক মাধ্যমত চৰ্চালৈ আহিছে সীমা হাইদৰ।(Seema Haider)

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে সীমা হাইদৰে। পাকিস্তানৰ সীমা হাইদৰে ২০২৩ চনৰ মে’ মাহত নেপাল হৈ অবৈধভাৱে ভাৰতলৈ আহিছিল।মানুহে তেওঁক পাকিস্তানলৈ পঠিয়াবলৈ দাবী জনাইছে।

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যুৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে এটা ডাঙৰ আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি সাৰ্কৰ ভিছা ৰেহাই নীতিৰ অধীনত পাকিস্তানী নাগৰিকক দিয়া সুবিধাৰ অন্ত পেলাইছে। এই সিদ্ধান্ত অনুসৰি এতিয়া এই ৰেহাইৰ অধীনত পাকিস্তানী নাগৰিকে ভাৰতলৈ আহিব নোৱাৰিব। আনহাতে, যিসকল পাকিস্তানী নাগৰিক যিসকল ইতিমধ্যে এই সুবিধাৰ অধীনত ভাৰতত উপস্থিত আছে। এসপ্তাহৰ ভিতৰতে তেওঁলোকক দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। এই সিদ্ধান্তৰ পিছত পুনৰবাৰ বাতৰিৰ মাজলৈ আহিছে সীমা হাইদৰ।

ইয়াৰ পূৰ্বেও ছ’চিয়েল মিডিয়াৰ পৰা নিউজ চেনেললৈকে সীমা হাইদৰৰ এই কাহিনীয়ে শিৰোনাম দখল কৰিছিল। অনলাইন গেম PUBG ৰ জৰিয়তে গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাৰ সৈতে সংযোগ স্থাপন কৰিছিল আৰু দুয়োৰে প্ৰেমত পৰিছিল। ইয়াৰ পিছত সীমা চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ আহিছিল। এতিয়া তাই নয়ডাত শচীনৰ লগত থাকে আৰু শেহতীয়াকৈ দুয়োৰে এটা সন্তানো হৈছে।

চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পিছতে এই প্রশ্ন উত্থাপন হৈছে যে সীমা হাইদৰৰ ওপৰত ইয়াৰ প্রভাৱ পৰিবনে? অৱশ্যে আৰক্ষী বিশেষজ্ঞৰ মতে প্ৰত্যক্ষ প্ৰভাৱ নপৰে। কাৰণ সীমা ভিছাৰ জৰিয়তে ভাৰতলৈ অহা নাছিল, বৰঞ্চ সীমান্ত পাৰ হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। তেওঁৰ বিৰুদ্ধে গোচৰ আদালতত বিচাৰাধীন হৈ আছে আৰু আদালতে সিদ্ধান্ত নিদিয়ালৈকে তেওঁক দেশৰ পৰা বিতাড়িত কৰিব নোৱাৰিব। এই সন্দৰ্ভত জেৱাৰ কোতৱালি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰাও আইনী মতামত বিচৰা হৈছে।

পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ ছবছৰৰ পাছত আকৌ এবাৰ নিৰীহ লোকৰ সৈতে তেজৰ খেলিলে ভূ-স্বৰ্গত।
সোমবাৰলৈকে সেউজীয়া হৈ থকা ঠাখনত মঙলবাৰে বিয়লি তেজেৰে ৰঙা হৈ পৰে। সকলোতে নিৰীহ লোকৰ মৃতদেহ পৰি আছিল আৰু কান্দি কান্দি কাষতে ৰৈছিল পৰিয়ালৰ সদস্যসকল।

Pahalgam attack: ভাৰতত নিষিদ্ধ পাকিস্তানী এক্স হেণ্ডেল

Pahalgam attack: ভাৰতত নিষিদ্ধ পাকিস্তানী এক্স হেণ্ডেল
Pahalgam attack: ভাৰতত নিষিদ্ধ পাকিস্তানী এক্স হেণ্ডেল

পহলগাঁও কাণ্ডৰ বাবে বন্ধ পাক চৰকাৰৰ এক্স একাউণ্ট। বুধবাৰে সন্ধিয়া দিল্লীত পহলগাঁও কাণ্ডৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক। ইয়াৰ পিছত ধাৰাবাহিক পদক্ষেপ আৰম্ভ হ’ল।(Pahalgam attack)

জম্মু-কাশ্মীৰৰ পহলগাঁৱত পৰ্যটকক হত্যা কৰাৰ পাছত বুধবাৰে নিশা নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে পাঁচ দফা পৰিকল্পনা ঘোষণা কৰে। বৃহস্পতিবাৰে পুৱা ভাৰতত পাকিস্তানৰ চৰকাৰী এক্স একাউণ্ট বন্ধ হৈ পৰে।

পহলগামৰ ঘটনাৰ পাছতে আৰম্ভ হৈছে এক্সন, ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ ‘X’ একাউন্ট।

বুধবাৰে সন্ধিয়া দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত পহলগাঁও কাণ্ডৰ পৰ্যালোচনাৰ বাবে কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক। প্ৰায় ডেৰ ঘণ্টা ধৰি চলি থকা বৈঠকৰ অন্তত নিশা প্ৰায় ৯ বজাত সাংবাদিকৰ মুখামুখি হয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। পাকিস্তানৰ বিৰুদ্ধে পাঁচটা পদক্ষেপৰ কথা ঘোষণা কৰে। তেওঁ কয় যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে সমৰ্থন প্ৰত্যাহাৰ নকৰালৈকে নতুন দিল্লীয়ে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল, আটাৰি চেকগেট বন্ধ ঘোষণা, পাকিস্তানী নাগৰিকৰ ভিছা বাতিল, ভাৰতত বন্ধ পাকিস্তানী দূতাবাস, পাকিস্তানীক ভাৰত এৰাৰ নির্দেশ।

তদুপৰি আটাৰী-ৱাগাহ সীমান্তত চলাচল বন্ধ কৰা হৈছে, আৰু যিসকলে উপযুক্ত নথি-পত্ৰ লৈ এই সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক ১ মে’ৰ ভিতৰত পাকিস্তানলৈ উভতি যাবলৈ সময় দিয়া হৈছে।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগাঁৱৰ বৈছাৰন উপত্যকাত উগ্ৰপন্থীৰ আক্ৰমণত কমেও ২৬জন পৰ্যটক নিহত হয়। সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।


কৰ্ণাটকৰ এটি পৰিয়াল ছুটীৰ বাবে জম্মু-কাশ্মীৰলৈ গৈছিল। মঙলবাৰে পহলগাঁৱৰ বৈছাৰণ উপত্যকাত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে মঞ্জুনাথ ৰাওক। তেওঁৰ পত্নী পল্লৱী আৰু তেওঁলোকৰ পুত্ৰ সংকীৰ্ণভাৱে পলায়ন কৰে। কৰ্ণাটকৰ শিৱমোগ্গাৰ বাসিন্দা পল্লৱীয়ে দাবী কৰিছে যে তিনিৰ পৰা চাৰিজন লোকে হঠাতে তেওঁলোকক আক্ৰমণ কৰিছিল। স্বামীক হত্যা কৰাৰ পিছত চাৰিজন মানুহৰ ভিতৰত এজনে ক’লে, “তোমাক হত্যা নকৰো।” “মোডীক কোৱা।”

Udhampur: জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ বীৰ জোৱান

Udhampur: জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ বীৰ জোৱান
Udhampur: জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ বীৰ জোৱান

কাশ্মীৰত পুনৰ শ্বহীদ বীৰ জোৱান।(Udhampur)

উধমপুৰৰ দুদু বসন্তগড়ত সন্ত্রাসবাদীৰে তুমুল সংঘর্ষ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছৰ এজন জোৱান শ্বহীদ।

CRPFৰ দলটোৰ নেতৃত্বত আছিল ছহিদ জোৱানজন।(Jammu and Kashmir)

বসন্তগড়ৰ অতব্য অৰণ্যত লুকাই আছিল সন্ত্ৰাসবাদী কেইটা।

ভাৰতীয় সেনাৰ অভিযানত কঁপিছে পাকিস্তান।

কিছু সময় পিছতেই চলিব চাৰ্জিকেল ষ্ট্ৰাইক।

Pahalgam Attack: পহলগামৰ আক্ৰমণক গৰিহণা তিনি পাকিস্তানী শিল্পীৰ !

Pahalgam Attack: পহলগামৰ আক্ৰমণক গৰিহণা তিনি পাকিস্তানী শিল্পীৰ !
Pahalgam Attack: পহলগামৰ আক্ৰমণক গৰিহণা তিনি পাকিস্তানী শিল্পীৰ !

২০১৬ চনত উৰি আক্ৰমণৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানী শিল্পীক হিন্দী চিনেমাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৮ বছৰৰ পিছত এই নিষেধাজ্ঞা(Pahalgam Attack) উঠাই লোৱা হৈছিল। কিন্তু, এতিয়া পুনৰবাৰ পহলগাম আক্ৰমণ তেওঁলোকৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। ইফালে, পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘আবিৰ গুলাল’ৰ বাবে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰা পাকিস্তানী অভিনেতা ফাৱাদ খানৰ ছবি বৰ্জনৰ দাবী।

ছবিখনত তেওঁৰ সৈতে দেখা যাব ভানী কাপুৰক। ইফালে ফাৱাদ খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পহলগাম আক্ৰমণৰ বিষয়ে পোষ্ট কৰিছিল, য’ত তেওঁ এই আক্ৰমণক গৰিহণা দিয়া দেখা গৈছে। তেওঁৰ এই পোষ্টটো দ্ৰুতগতিত ভাইৰেল হৈ আছে। তেওঁ লিখিছে, ‘পহলগামত এই অমানৱীয় আক্ৰমণৰ কথা শুনি মোৰ হৃদয় ভাঙি গৈছে। আমাৰ প্ৰাৰ্থনা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ। এই কঠিন সময়ত আমি তেওঁলোকৰ লগত আছো। এই আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱালে।

কেৱল ফাৱাদ খানে নহয়, পহলগামৰ ঘটনাক নিন্দা অভিনেত্ৰী হানিয়া আমিৰ আৰু মাউৰা হোছেনৰ।

Pahalgam attack: স্বগৃহত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ

Pahalgam attack: স্বগৃহত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ
Pahalgam attack: স্বগৃহত পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ

স্বগৃহত অৰুণাচলৰ টাগে হালিয়াঙৰ নশ্বৰদেহ।(Pahalgam attack)

গুৱাহাটীত টাগে হালিয়াঙলৈ শেষ শ্রদ্ধাঞ্জলি অসম চৰকাৰৰ ।(Arunachal Pradesh)

চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ।(Tage Hailyang)

বৰঝাৰৰ বায়ুসেনা ছাউনীত হালিয়াঙলৈ আৰক্ষী, প্ৰশাসনৰ শীৰ্ষ বিষয়াই জনালে শ্রদ্ধাঞ্জলি।

মঙলবাৰে পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছিল টাগেৰ।

বায়ুসেনাত কৰ্মৰত আছিল টাগে হালিয়াং।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ১০টা মূল আপডেট:Pahalgam Terror Attack: 

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ১০টা মূল আপডেট:Pahalgam Terror Attack: 
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত ১০টা মূল আপডেট:Pahalgam Terror Attack: 

Pahalgam Terror Attack: 

  1. অমিত শ্বাহৰ আগমন: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বুধবাৰে পাহলগামৰ বেছাৰণ মীদ’ৱৰ সন্ত্রাসী আক্ৰমণৰ ঘটনাস্থলীত উপস্থিত হয়। তেখেতে আক্ৰমণত নিহত ২৮ জনৰ প্ৰাণ হেৰুৱোৱা ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
  2. নিহতসকলক শ্ৰদ্ধাঞ্জলি: অমিত শ্বাহে আক্ৰমণত নিহত পৰ্যটক আৰু নাগৰিকৰ পৰিয়ালৰ সৈতে সহানুভূতি প্ৰকাশ কৰে, যিটো কাশ্মীৰৰ সাম্প্ৰতিক বছৰৰ ভিতৰত এক ভয়ংকৰ সন্ত্রাসী আক্ৰমণ আছিল।
  3. উচ্চ-স্তৰীয় তদন্ত: আক্ৰমণৰ পাছত, জাতীয় তদন্ত এজেঞ্চি (NIA) আৰু ভাৰতীয় সেনাৰ দলে ঘটনা তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে।
  4. মৃত্যুৰ সংখ্যা: সন্ত্রাসী আক্ৰমণত ২৮ জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত প্ৰধানত পৰ্যটকসকল, দুজন বিদেশী নাগৰিক আৰু এক আইবী কৰ্মচাৰীও অন্তর্ভুক্ত।
  5. NIAৰ ভূমিকা: NIA এই সন্ত্রাসী আক্ৰমণৰ তদন্তৰ দায়িত্ব লৈছে, আৰু তাৰ দলটো স্থানীয় প্ৰতিষ্ঠানৰ সৈতে একত্ৰিত হৈ দায়ী ব্যক্তিসকলক চিহ্নিত কৰিবলৈ কাম কৰিব।
  6. সেনাৰ অংশগ্ৰহণ: ভাৰতীয় সেনাই অঞ্চলখন সুৰক্ষিত কৰি আৰু তদন্তত সহায় কৰি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। সুৰক্ষা বাহিনী অধিক সতৰ্কতা বৃদ্ধি কৰিছে যাতে আন সন্ত্রাসী আক্ৰমণ ৰোধ কৰিব পৰা যায়।
  7. আক্রমণৰ নিন্দা: সন্ত্রাসী আক্ৰমণটিৰ প্ৰতি ৰাজনৈতিক নেতাসকল আৰু চৰকাৰী কৰ্মচাৰীসকলৰ পৰা ব্যাপক নিন্দা প্ৰকাশ কৰা হৈছে। তেখেতেৱে আক্ৰমণৰ কাৰীসকলক বিচাৰ দাঙি ধৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে।
  8. শ্ৰদ্ধাঞ্জলি: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱোৱা লোকসকলৰ পৰিয়ালৰ সৈতে সহানুভূতি প্ৰকাশ কৰিছে আৰু অঞ্চলখনৰ পৰা সন্ত্রাসীসকলক নিৰ্মূল কৰাৰ বাবে চৰকাৰৰ সংকল্প পুনৰ কবুলি কৰিছে।
  9. সন্ত্রাসীসকলৰ উদ্দেশ্য: প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে, সন্ত্রাসীসকলে নাগৰিকসকল, বিশেষকৈ পৰ্যটকসকলক লক্ষ্য কৰি আতংক সৃষ্টি কৰাৰ উদ্দেশ্যৰে এই আক্ৰমণ কৰে।
  10. সুৰক্ষা ব্যৱস্থা: পাহলগাম আৰু চাৰিওকাষৰ অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। চেকপইণ্ট আৰু বৃদ্ধি কৰা পৰ্যবেক্ষণ ব্যৱস্থাৰ জৰিয়তে আন সন্ত্রাসী আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে।