ৰাতিপূৱা প্ৰায় ১০ বজাত হটাৎ অহা এজাক বৰষুণৰ লগতে বজ্ৰপাতত গোসাইগাঁও মহকুমাৰ ১নং ভোমৰাবিল গাওঁত বিস্তৰ ক্ষতি সাধন হয়।প্ৰাপ্ত বাতৰি মতে এজাক বৰষুণৰ লগতে অহা ধুমুহা আৰু বিজলী ঢেৰকণিৰ মাজতে বজ্ৰপাত ঘটি বিদ্যুৎ তাঁৰ ছিঙি যায় আৰু গাওঁখনৰ ভালে সংখ্যক পৰিয়ালৰ মটৰ,ইনভেটৰ,মিটাৰ,চুইচ বৰ্ড,বিকল হৈ পৰে।ইয়াৰ ওপৰি গাওঁখনৰ বাসিন্দা মাণিক বৰ্মনৰ গৃহত বজ্ৰপাত ঘটি জুইৰ সুত্ৰপাত ঘটে যদিও ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয়।তথাপি মাণিক বৰ্মনৰ গৃহত ভালে সংখ্যক বয় বস্তৰ ক্ষতিসাধন হয়।বজ্ৰপাতৰ ফলত গাওঁখনৰে ছামিনা চুলতানা (১৪) নামৰ ছাত্ৰীগৰাকী আঘাত প্ৰাপ্ত হৈ গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰায়।তদুপৰি গাওঁখনৰে আনিচা বিবি,আৰু হালিমা বিবি বজ্ৰপাতৰ বিকট শব্দত মাটিত ঢলি পৰে।বৰষুণ ধুমুহা আৰু বজ্ৰপাতত গাওঁখনৰ বিদ্যুৎৰ তাৰ সমুহ ছিঙি ৰাস্তাত পৰি যোৱাত ৰাইজ আতংকগ্ৰস্থ হৈ পৰিছে।অতিশীঘ্ৰে বিকল হৈ পৰা বিদ্যুৎত পৰিবাহিত তাঁৰ সমুহ মেৰামতি কৰি বিদ্যুৎ যোগান দিয়াৰ বাবে গাওঁবাসীয়ে বিভাগীয় কতৃপক্ষক দাবি জনায়।
গোলাঘাটত অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ পৰ্যালোচনা বৈঠক
গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত আজি অসম ৰাজ্যিক শিশুৰ অধিকাৰ সুৰক্ষা আয়োগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত আয়োগৰ এটা প্ৰতিনিধি দলে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় লৈ পৰ্যালোচনা কৰে । সভাত আয়োগৰ অধ্যক্ষা ডঃ সুনীতা চাংকাকতিয়ে শিশুৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ বিষয়ে বিভাগীয় মুৰব্বীসকলৰ পৰা বুজ লয় । তেওঁ বাল্য বিবাহ আৰু শিশুৰ অবৈধ সৰবৰাহৰ দৰে ব্যাধি দূৰ কৰিবলৈ শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন চমুকৈ পক্স’ (POCSO) কঠোৰভাৱে বলৱৎ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । আনহাতে শিশু-কিশোৰৰ মাজত ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধি কৰিবলৈও তেওঁ পৰামৰ্শ আগবঢ়ায় । তেওঁ ভিক্ষা কৰা শিশু আৰু শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত আয়োগৰ সদস্য ডঃ পিলু হাজৰিকাই থানাসমূহত সজাগতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে যাতে কোনো আৰক্ষী বিষয়াই শিশু সম্পৰ্কীয় গোচৰ অৱহেলা নকৰে । এইক্ষেত্ৰত আৰক্ষীৰ মানৱ সৰবৰাহ বিৰোধী গোটক পুনৰ সক্ৰিয় কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ আয়োগৰ আন এগৰাকী সদস্য শ্ৰী অজয় কুমাৰ দত্তই জিলা পৰিবহন বিষয়াক বিদ্যালয়ৰ বাছসমূহৰ চালক-হেণ্ডিমেনৰ আৰক্ষীৰ দ্বাৰা সত্যাৰ্পন কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় । তেওঁ লগতে ৰাজহুৱা বাহনসমূহত সৰ্বশিক্ষা, শিশু শ্ৰমিক, পক্স’ আইন আদি সন্দৰ্ভত সজাগতামূলক পত্ৰিকা লগোৱাৰ ব্যৱস্থা কৰিবলৈ কয় । প্ৰতিনিধি দলটোৱে আজিৰ বৈঠকত আৰক্ষী, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা গোট, জিলা কাৰাগাৰ, জিলা পৰিবহন বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক, খাদ্য আৰু অসামৰিক যোগান, শ্ৰম, আবকাৰী আৰু সমাজ কল্যান বিভাগৰ জিলা মুৰব্বীৰ সৈতে শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ পৰ্যালোচনা কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী আৰু অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাও উপস্থিত আছিল ।
বৰপেটাত মহাত্মা গান্ধীক লৈ ৰচিত গীত উন্মোচন
মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জয়ন্তী উপলক্ষে আজি বৰপেটা জিলাতো জাতিৰ পিতাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। পুৱা ৮ বজাতে তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে গান্ধী ভজন পৰিবেশন কৰা হয়। ইয়াৰ পিছতে ১০ বজাত বৰপেটা পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মূখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত উপায়ুক্ত তেজ প্ৰসাদ ভূষালে মাল্যাৰ্পন কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আদিয়েও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সৰ্থেবাৰী উচ্চ আদৰ্শ বিদ্যাপীঠৰ শিক্ষক দীপংকৰ ডেকাই গান্ধীজীৰ সোঁৱৰণত ৰচনা কৰা এটি সমবেত কন্ঠৰ অনুপম গীতৰ অডিও-ভিডিও সফুৰা উপায়ুক্তই আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, মহাত্মা গান্ধীৰ আৰ্দশৰ প্ৰাসঙ্গিকতা সকলো সময়তে অটুট হৈ থাকে। ডেকাৰ ৰচিত গীতটিয়ে এখন সুন্দৰ সমাজৰ বাবে গান্ধীজীৰ মহান আদৰ্শৰ অপৰিহাৰ্যতাকে সবল ৰূপত প্ৰতিপন্ন কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ দীপংকৰ ডেকাৰ গীতত ইতিমধ্যে অসমৰ জুবিন গাৰ্গ, পুলক বেনাৰ্জী প্ৰমুখ্যে বহুতো আগশাৰীৰ শিল্পীয়ে কন্ঠদান কৰিছে। আজি মুকলি কৰা গীতটিত সুৰ দিছে বিশিষ্ট সুৰকাৰ ৰমেন দাসে। কন্ঠদান কৰিছে সৰ্থেবাৰী অঞ্চলৰে নয়ন দাস, দিগন্ত দাস, দিশা দাস আৰু থিমাম দাসে। অনুষ্ঠানত গীতিকাৰ আৰু শিল্পী সকলো উপস্থিত থাকে। এই অনুষ্ঠানৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিৰ সন্মূখত উপায়ুক্ত ভূষালে বন্তি প্ৰজ্বলন কৰে। ইফালে গান্ধী জন্মদিনৰ সৈতে সংগতি ৰাখি আজি বৰপেটা জিলাতো ব্যাপক কোভিড টীকাকৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে য’ত একেদিনাই ৫৩২০০ জনক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অভিলাষী লক্ষ্য আহৰণৰ বাবে জিলাখনত ২৫৭ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হয়। একেটা উপলক্ষতে বৰপেটা জিলাতো কোভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ নিকটতম আত্মীয়ক এককালিন অৰ্থ সাহাৰ্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰাৰ্থনা শীৰ্ষক আঁচনিৰো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়। ইফালে বৰপেটাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ৰংমন ফেন ক্লাৱৰ উদ্যোগত আজি গান্ধী জয়ন্তী উপলক্ষে ছাফাই অভিযান চলোৱা হয়। চাউলখোৱা শ্মশানৰ কাষত পৌৰ সভাৰ জাৱৰ পেলোৱা ঠাই সংগঠনটোৰ কৰ্মী সকলে পৰিস্কাৰ কৰে।
দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ড গঠন
দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ উদ্যোগত শুক্ৰবাৰে বকো সমষ্টিৰ অন্তৰ্গত ৰাঙ্গাপানী নাছিৰুদ্দিন দাৰুল ইয়াতামা মাদ্ৰাছা প্ৰাঙ্গণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে দক্ষিণ কামৰূপ জিলা জমিয়ত উলামাৰ সভাপতি মৌলানা আব্দুৰ ৰশ্বিদ, সভাত সৰ্বসন্মতি ক্ৰমে দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ এখন নতুন কমিটি গঠন হয়। মৌলানা ছায়েদুৰ ৰহমান কাছিমীক সভাপতি আৰু মৌলানা ছফিকুল ইছলামক সাধাৰন সম্পাদক হিচাপে ল’ই মুঠ ২১ জনীয়া কমিটি গঠন কৰে। উক্ত সভাত দক্ষিণ কামৰূপ জিলাৰ জমিয়ত উলামাৰ সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলাম, অতিৰিক্ত সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, ক্বাৰী আঃ ওৱাহাব, আঃ বাৰিক, মৌলানা ৰুহুল আমিন, আবুল কালাম আজাদ, মৌলবী ছুৰুত জামাল, মৌলানা আজিবৰ ৰহমান, হাফিজ ক্বাৰী জিয়াউৰ ৰহমান লগতে অঞ্চলটোৰ বয়োজেষ্ঠ মুৰব্বী সকলো উপস্থিত থাকে।সকলোৱে নৱ গঠিত দক্ষিণ কামৰূপ জিলা দ্বিনী তালিমী বোৰ্ডৰ বিষয়ববীয়াক সংগঠনটোৰ সংবিধানমতে কাম কাজ কৰি যাবলৈ আহ্বান জনায়।
আমনিৰ বুঢ়াদিয়া নৈৰ ওপৰৰ দলংঙেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা
পশ্চিম নলবাৰী অঞ্চলৰ ধর্মপুৰ সমষ্টিৰ অতি গুৰুত্ব পূর্ণ এখন দলংঙে যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। যিখন দলঙেৰে চামতাৰ পৰা টিহুলৈকে বাটচোৱা অতি চমু হয় । দলংখনেৰে নিতৌ অহাযোৱা কৰে হেজাৰ হেজাৰ পথাচাৰী,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।যেন ৰাইজৰ সংযোগৰ বাইক এক মাত্ৰ দলংখন। উক্ত দলং হল বুঢ়াদিয়া নৈৰ ওপৰৰ আমনি শংকৰ বাবাৰ থানৰ সন্মুখত থকা জৰাজীর্ন কাঠৰ দলং খন ৷ স্হানীয় ৰাইজে দৈনন্দিন বাৰ্তাৰ আগত অভিযোগ কৰা মতে যোৱা তিনিবছৰ আগতে বহুলক্ষ্য টকা খৰছ কৰি দলংখন নির্মান কৰা হৈছিল যদিও কিছুদিন পিছতে ২০১৮ চনত বানৰ ফলত ঢাহি-মুহি সম্পূর্ণ দলংখৰ মাজভাগটো বেকা কৰি লৈ যায়। ৷ কাম সম্পূৰ্ণ হোৱাৰ কিছুদিন পাছতে এনেদৰে বুঢ়াদিয়া নৈৰ পানীয়ে সম্পূর্ণ ৰূপে বেকা কৰাত ৰাইজৰ মনত সততে সন্দেহৰ প্ৰশ্ন উঠিছে বিভাগীয় দীৰ্ঘম্যাদী পৰিকল্পনাৰে ঠিকাদাৰে দলংখনৰ কাম সম্পূৰ্ণ কৰা হোৱা নাছিল নেকি? নিমনমানৰ কামেৰে ঠিকাদাৰে ৰাইজৰ লগত হেতালি খেলিলে নেকি ? অনেক প্ৰশ্ন। ইপিনে ৰাইজৰ অভিযোগৰ পিছত ভগ্ন কাঠৰ দলংখনৰ কাষতে এখন পকী দলংঙৰ কাম বিভাগীয় ভাবে আৰম্ভ কৰিছে যদিওঁ অকল খুটা দুটা পুতিয়ে সম্প্ৰতি কাম আধৰুৱা কৰি ৰাখিছে ৷ যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হৈছে। আজি অঞ্চলটোৰ সৰ্ব স্তৰৰ লোকৰ বহিঃ জগতৰ লগত যোগাযোগৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈছ। গতিকে ৰাইজে ধর্মপুৰৰ বিধায়ক তথা পৰিবহন,উদ্যোগ আৰু বাণিজ্যিক মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত আবেদন জনাইছে অতি সোনকালে পকী দলংখন সম্পূর্ণ কৰি ৰাইজক যাতায়াতৰ বাবে উপকৃত কৰে যেন।
পশ্চিম নলবাৰী শিক্ষাখণ্ডত ক’ভিড বিধি সন্দৰ্ভত শিক্ষক প্ৰশিক্ষণ সম্পন্ন
ৰাজ্যৰ শিক্ষা বিভাগে অহা ১৯ অক্টোবৰৰপৰা ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰি নতুন এচ্.অ’.পি. জাৰি কৰাৰ পাছত বিদ্যালয়ত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে কালি পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্য ইংৰাজী বিদ্যালয় আৰু মজলীয়া বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত দিনৰ ১২ বজাৰপৰা অনুষ্ঠিত হোৱা উক্ত শিক্ষক প্ৰশিক্ষণ শিবিৰটো সঞ্চালনা কৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই ৷ শিক্ষা বিষয়াগৰাকীয়ে প্ৰশিক্ষণ শিবিৰটোত আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পাছতে উদ্দেশ্য ব্যাখ্যা কৰে ভাৰপ্ৰাপ্ত বি.আৰ.পি. অমল ডেকাই ৷ ইয়াৰ পাছতে ক’ভিড কালত ছাত্ৰ-ছাত্ৰীসকলে সন্মূখীন হোৱা বৃহৎ শিকন ঘাটি পূৰণৰ প্ৰণালীবদ্ধ ব্যৱস্থাপনা সন্দৰ্ভত ভাষণ প্ৰদান কৰে সমল ব্যক্তি জিতুমণি আহমেদ আৰু অখিল তালুকদাৰে ৷ ক’ভিড কালীন পৰিবেশত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে পালন কৰিবলগীয়া স্বাস্থ্যবিধি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই সমল ব্যক্তি তথা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক লাচিত লোচন শৰ্মাই ৷ ইয়াৰ পাছতে পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক তথা সমল ব্যক্তি জোন কুমাৰ হালৈয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াভাবে জাৰি কৰা এচ্.অ’.পি. সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই অহা ১৯ অক্টোবৰৰপৰা খুলিবলৈ লোৱা প্ৰাথমিক বিদ্যালয়সমূহত পালন কৰিবলগা ক’ভিড বিধি সম্পৰ্কে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণ শিবিৰৰ শেষত শলাগৰ শৰাই আগবঢ়াই পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক জয়ন্ত ডেকাই ৷ উক্ত প্ৰশিক্ষণ শিবিৰটোত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিক নৃপেন দাস, হেমন্ত বৰ্মন, মনোজ ডেকা, এম.আই.এচ্. আমিনুল হ’ক আৰু একাংশ মণ্ডল সমল কেন্দ্ৰ সমন্বয়কে সহযোগ আগবঢ়ায় ৷
গান্ধী জয়ন্তী উপলক্ষ্যে বৰপথাৰত সমূহীয়া পৰিৱেশ নিকাকৰণ অভিযান

অহিংস নীতিৰে সমগ্ৰ বিশ্বতে সুকীয়া আদৰ্শ দাঙি ধৰা মহামানৱ মহাত্মা গান্ধীৰ 152 সংখ্যক জন্ম জয়ন্তী সমগ্ৰ দেশতে ভিন ভিন কাৰ্যসূচীৰে উদযাপন কৰা হয় । গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰতো আজি পালন কৰা হয় জাতিৰ পিতাজনাৰ জন্ম জয়ন্তী। মহামানৱ জনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বৰপথাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত আৰু বৰপথাৰ পৌৰসভাৰ সহযোগত পৰিবেশ নিকাকৰণৰ বাবে চাফাই অভিযান চলোৱা হয়। আজি পুৱা 6 বাজি 30 মিনিটত বৰপথাৰ নগৰৰ মাজমজিয়াত সকলো একেলগ হৈ হাতে হাতে ঝাড়ু লৈ সমগ্ৰ নগৰখন পৰিস্কাৰ পৰিচ্ছন্ন কৰি তুলে ।

এই কাৰ্যসূচীত বৰপথাৰ পৌৰসভাৰ সকলো বিষয়া-কৰ্মচাৰী আৰু বৰপথাৰ ব্যৱসায়ী সন্থাৰ সকলো সদস্য উপস্থিত থাকে। উল্লেখ্য যে বৰপথাৰ ব্যৱসায়ী সন্থাই নগৰখনৰ স্বাৰ্থত বিভিন্ন ধৰণৰ কাৰ্যসূচী বিগত সমছোৱাত গ্ৰহণ কৰি আহিছে। লগতে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে বৰপথাৰ পৌৰসভা আৰু ব্যৱসায়ী সন্থাই নগৰখন সদায়ে স্বচ্ছভাৱে আৰু প্লাষ্টিক মুক্ত কৰি ৰাখিবলৈ সকলো ব্যৱসায়ী তথা জনসাধাৰণক আহ্বান জনায়। আনহাতে বৰপথাৰ পৌৰসভাৰ উদ্যোগতো পালন কৰা হয় গান্ধী জয়ন্তী ।

পুৱা 8 বাজি 30 মিনিটত নগৰখনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পন আৰু বৃক্ষ ৰোপণেৰে মহামানৱ জনাক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশ, বৰপথাৰ পৌৰসভাৰ কায্যবাহী বিষয়া প্ৰাঞ্জিল গগৈ, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সম্পাদক বিবেকানন্দ দত্ত লগতে বৰপথাৰ পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, বৰপথাৰ ব্যৱসায়ী সন্থাৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জাতিৰ পিতাৰ জন্ম জয়ন্তীৰ লগতে সংগতি ৰাখি স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা স্বচ্ছ বৰপথাৰ গঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা চৈধ্য টাকৈ মহিলা গোটক সন্মান জনোৱা হয় লগতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত মহিলা গোটৰ সদস্য সকলক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় । উল্লেখ্য যে আৰাধনা নামৰ মহিলা গোটে স্বচ্ছ ভাৰত অভিযানৰ তৰফৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰে । ইপিনে এই অনুষ্ঠানতে বৰপথাৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলক এজোৰকৈ পোচাক, টুপী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় ।

লামডিঙত মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে বিধায়ক শিবু মিশ্ৰৰ সাফাই অভিযান
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ ৰেল নগৰী লামডিঙত মহাত্মা গান্ধীৰ জন্মদিন ঊপলক্ষে সাফাই অভিযান লামডিংৰ বিভিন্ন প্ৰান্তত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ঊপলক্ষে সাফাইঅভিযান। গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি লামডিং টাউন মণ্ডলৰ ফালৰ পৰা লামডিং টাউনৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় লামডিং বিজেপিৰ কাৰ্য্যকৰতা সকলে লামডিংৰ গাওঁ অঞ্চলৰ বিভিন্ন স্থানত স্বচ্ছ অভিযান চলায় । লামডিংৰ বিজেপি বিধায়ক জনে চাফাই কৰ্মত অংশগ্ৰহন কৰি কয় যে, পৰিবেশ পৰিস্কাৰ থাকিলেহে মানুহৰ মনবোৰ পৰিস্কাৰ থাকিব৷উল্লেখ্য যে, লামডিংৰ বিভিন্ন কাৰ্যসুচীৰে পালন কৰা হৈছে গান্ধীজয়ন্তী ৷ লামডিং টাউনৰ প্ৰত্যক ওয়ার্ডৰ কার্যকৰতা লামডিং কালী বাড়ি পুখুৰী পাৰত আৰু লোক কলোনি, নিউ কলোনি , সাউথ হিল কলোনি , ক্রসিং গেট, সকলো কার্যকৰতা লামডিংৰ বিভিন্ন স্থানত সাফাই অভিযান চলায়৷
প্ৰবীন অভিনেতা টংক দত্তৰ ওপজা দিন উদযাপন
দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, প্ৰবীণ অভিনেতা টংক দত্তৰ ৯২ বছৰীয়া ওপজা দিন পালন কৰে দেৰগাঁও আঞ্চলিক নামকীৰ্তণ আৰু শংকৰী কলা কৃষ্টি বিকাশ সমিতিয়ে৷ ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰি সমাজসেৱী জনক জন্মদিনৰ ওলগ জনায়। সমাজকৰ্মী গৰাকীৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানৰ আঁতধৰে সমিতিৰ সম্পাদক বুবুল চন্দ্ৰ বৰাই। সমিতিৰ সভাপতি সমুদ্ৰ দুৱৰা প্ৰমুখ্যে বিষয়ববীয়া তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল বৰা, প্ৰদীপ বৰা, শিল্পী বিৰেন্দ্ৰ কুমাৰ বৰা, বিজয় কুমাৰ দত্ত, প্ৰফুল্ল হাজৰিকা, দেৰগাঁও সাংবাদিক সংস্থাৰ সভাপতি বিচিত্ৰ ভূষণ কলিতা আদিয়ে অনুষ্ঠানত ভাগলৈ সমাজকৰ্মী গৰাকীৰ কৰ্মজীৱনৰ বিভিন্ন দিশ, আৰু সমাজলৈ অৱদান বাখ্যা কৰি ব্যক্তিগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।দেৰগাঁও সাংবাদিক সংস্থাৰ তৰফৰ পৰাও আনুষ্ঠানিক ভাৱে টংক দত্তক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত আঞ্চলিক নামকীৰ্তণ সমিতিয়ে গামোচা, উপহাৰৰ টোপোলা, অভিনন্দন পত্ৰৰে জন্মদিনৰ ওলগ জ্ঞাপন কৰাৰ লগতে পৰিয়াল আৰু বহুকেইজন ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।
টংলাত শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ
বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে সংবাদ মাধ্যমৰ আগত অসম আন্দোলনৰ জাতীয় শ্বহীদক অপমান কৰি নিকৃষ্ট মন্তব্য আগবঢ়োৱা পিছত সমগ্ৰ অসম জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ টংলা আঞ্চলিক ছাত্র সন্থাই টংলা চহৰৰ মাজ মজিয়াত শ্বেৰমান আলী আহমেদৰ অসম আন্দোলনৰ জাতীয় শ্বহীদৰ ওপৰত কৰা নিকৃষ্ট মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে শ্বেৰমান আলিৰ পুত্তলিকা দাহ কৰে। শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই দাবী জনায় লগতে সমগ্ৰ অসমৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়। ডেকাই আৰু কয় বাংলাদেশী উচ্ছেদ কৰাৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী কিন্তু কোনো ধৰ্মৰ নামত বাংলাদেশী চিনাক্ত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই দাবী কৰা নাই। আনফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা প্ৰতিবাদী সকলে হাতে হাতে প্লেকাৰ্ড লৈ শ্বেৰমান আলী আহমেদ হুচীয়াৰ, অবৈধ্য বাংলাদেশী হুচীয়াৰ, খিলঞ্জীয়া বিৰোধী নীতি সহ্যকৰা নহব বুলি প্ৰতিবাদ সাব্যস্ত কৰে।











