Home Blog Page 2816

চলাপথাৰত পোষণ মাহ উদযাপন

লাকুৱা চলাপথাৰ অংকুৰ নাট্যমন্দিৰত যোৱা ২৭ ছেপ্তেম্বৰত ৰাষ্ট্ৰীয় পোষণ মাহ দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়৷ লাকুৱা সংহত শিশু প্ৰকল্পৰ সৌজন্যত আৰু চলাপথাৰ সমূহ অংগণবাড়ী কৰ্মীৰ সহযোগত উদযাপন কৰা পোষণ মাহৰ লগত সংগতি থলুৱা শাক- পাচলি সংগ্ৰহ কৰি সেই সমূহ প্ৰদৰ্শন কৰা হয়৷ পুৱাই মুখ্য সেৱীকা মিতালী বৰাই বৃক্ষ ৰোপন কৰাৰ পাছতে এক শোভাযাত্ৰা উলিওৱা হয়৷শোভাযাত্ৰাত থলুৱা খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে পোষণ মেলা আয়োজন কৰে৷ ইয়াৰ পিছতে পোষন অভিযানৰ লগত সংগতি ৰাখি চলা গাঁও পঞ্চায়তৰ সভাপতি অনিমা গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সজাগতা সভাত পৰিসংখ্যা সহায়ক বীৰেণ চেতিয়া ,খণ্ড সমন্বয়ক উৎপল ফুকন ,চিত্ৰাংগনা  সন্দিকৈ, সমাজসেৱিকা ৰেখা বৰগোহাঁই, সমাজকৰ্মী ত্ৰৈলক্য গগৈ, জিলা পৰিষদৰ সদস্যা মুনুুুুমনি ৰাজকুমাৰী, সমাজকৰ্মী কিৰিতি গগৈ উপস্থিত থাকে৷

লাকুৱা সেউজীপামত ‘বিশ্ব জেষ্ঠ নাগৰিক দিৱস’ উদযাপন

শিৱসাগৰ জিলাৰ লাকুৱা সেউজীপামত আজি বিশ্ব জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়৷অসম জেষ্ঠ নাগৰিক সন্মিলনৰ লাকুৱা শাখাৰ উদ্যোগত সেউজীপাম নামঘৰ প্ৰাংগনত দিনযোৰা কাৰ্যসুচীৰে উদযাপন কৰা দিৱসৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে নাগৰিক সন্মিলনৰ লাকুৱাৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰে৷ আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয় । লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি সিদ্ধেশ্বৰ ৰাজকোঁৱৰৰ  সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জেষ্ঠ নাগৰিক সমাজকৰ্মী প্ৰাক্তন শিক্ষক ৰবীন্দ্ৰনাথ দত্ত, নৰেন কোঁৱৰ,ৰবীন শইকীয়া,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমূল্য হাজৰিকা,সাংস্কৃতিক কৰ্মী সঞ্জীৱ বাইলুং   লগতে ভালেকেইজন  ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷লাকুৱা জেষ্ঠ নাগৰিক সন্মিলনীৰ সম্পাদক ৰোহিনী বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত  বয়োজেষ্ঠ নাগৰিক হীৰেণ শ্যাম আৰু ললিত চন্দ্ৰ দাসক সন্মিলনী তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। কাৰ্যসুচীৰ আৰম্ভণীতে বৃক্ষৰোপন কৰা হয়৷ বৃক্ষৰোপণ কাৰ্যসুচী ৰূপায়ন কৰে সমাজকৰ্মী ৰাজেন শইকীয়া,অশোক বৰুৱা,পৰমানন্দ দত্ত ,নিত্যা বৰা,ৰবীন শইকীয়াই৷অনুষ্ঠানত সেউজীপামৰ স্থানীয় মহিলা সকলে দিহানাম পৰিবেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

গান্ধী জয়ন্তী উপলক্ষে নাজিৰাত ‘আশ্ৰয়’ৰ চাফাই অভিযান

মহামানৱ মহাত্মা গান্ধী ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নাজিৰাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ” আশ্ৰয়” ৰ তৰফৰ পৰা এক স্বচ্ছ অভিযান চলোৱা হয় । উল্লেখযোগ্য যে নাজিৰা নগৰত অৱস্থিত এটিএম মেচিন সমুহ থকা গৃহ সমুহ অতিকৈ লেতেৰা হৈ থকাৰ পৰিপেক্ষিতত আজি এই এটিএম সমুহ আশ্ৰয়ৰ তৰফৰ চফা কৰাৰ ব্যৱস্থা কৰা হয় । বেংক কতৃপক্ষৰ অনুমতি সাপেক্ষে অনুষ্ঠিতহোৱা আজিৰ চফাই কাৰ্যসুচীৰ শুভাৰম্ভ কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে । নিজৰ চমু বক্তব্যত কাশ্যপে কয় যে জনসমাগম হোৱা অন্য এটি ঠাই এই এটিএম সমুহ । এই এটিএম সমুহ একাংশ উপভোক্তাই সঠিক ভাৱে ব্যৱহাৰ নকৰাৰ ফলতেই লেতেৰা হয় । বিভিন্ন সময়ত ইয়াত তামোলৰ পিক পৰি থকা দেখা যায় । মহোদয়ে ৰাইজক এই এটিএম সমুহ চফা কৰি ৰখাত নিজকে অংশীদাৰিত্ব হবলৈ আহ্বান জনায় আশ্ৰয়ৰ এই পদক্ষেপক শলাগ লয় আৰু অনাগত দিনত এনেধৰণে সমাজৰ উন্নতিৰবাবে কাম কৰিবলৈ আহ্বান জনায় । নাজিৰা নগৰৰ প্ৰায় ১০টা এটিএম আশ্ৰয়ৰ কৰ্মকৰ্তা সকলে চাফ-চিকুন কৰি দিয়াৰ লগতে ৰাইজক এই এটিএম সমুহ নিজৰ বুলি ভাবি চফা কৰি ৰাখিবলৈ আহ্বান জনায়  ।

নাজিৰাত জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

সমগ্ৰ বিশ্বৰ লগতে নাজিৰাতো জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত  বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস সফলতাৰে উদযাপন কৰা হয় । নাজিৰাৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত  নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ  প্ৰভাত বৰঠাকুৰৰ সভাপতিত্ব এখন সাধাৰণ সভা অনুষ্ঠিত হয় । সন্মিলনৰ উপদেষ্টা  ৰত্নেশ্বৰ গগৈ  সুন্দৰকৈ বৰগীত পৰিবেশন কৰি সভাৰ আৰম্ভণি কৰে । সহযোগী সম্পাদক  দিলীপ ফুকন ‌ সন্মিলনৰ শীৰ্ষ গীতটো পাঠ কৰে । সম্পাদক  বিজয় চন্দ্ৰ বৰা দেৱে সকলো জ্যেষ্ঠ সদস্য – সদস্যাক আদৰণি আৰু চিনাকি কৰাই দিয়ে লগতে সভা উদ্দেশ্য ব্যাখ্যা কৰে । সম্বৰ্দ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত বিশিষ্ট সমাজসেৱী বিদ্যা বৰুৱা  ” মা-ধৰ্ম বঁটা” সন্মান ২০২১ বৰ্ষ বটা প্ৰদান কৰা হয় ।গেলেকী জ্যেষ্ঠ নাগৰিক   সন্মিলনৰ সম্পাদক  ৰবীন বৰঠাকুৰ   গেলেকী শাখা জ্যেষ্ঠ সন্মিলনৰ হৈ  বিদ্যা বৰুৱা আৰু‌  জীবেশ্বৰ কুৰ্মী প‌্ৰতিষ্ঠাপক সদস্যক সম্বৰ্দ্ধনা জনায় । নাজিৰা শাখাই সভাপতি  প্ৰভাত  বৰঠাকুৰ , উপদেষ্টা  ৰত্নেশ্বৰ গগৈ ,প্ৰদেন সভাপতি  জিতেন্দ্ৰ নাথ ফুকন  বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় । সভাৰ কাৰ্যসূচীত কবি আয়েশা খাতুন,  অজিত খাটনিয়াৰ,গেলেৰী শাখা সম্পাদক  ৰবীন বৰঠাকুৰ  কবিতা আবৃত্তি কৰে । সভাত বৃদ্ধ পেঞ্চনৰ  মাহেকীয়া ৩০০০ টকালৈ বৃদ্ধি কৰা আদি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে । সভাপতি  মন্তব্যৰে সভাৰ সামৰণি কৰে ।

শুভ জন্মদিন ৰাষ্ট্ৰৰ পিতা মহাত্মা গান্ধী

২০২১ চনত, স্বাভাৱিকতকৈ অধিক, অসন্তুষ্টিৰ পৰা মুক্তি লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। এইটোৱেই মহাত্মা গান্ধীৰ অহিংসা সম্ভৱ কৰি তুলিছিল।মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে ২ অক্টোবৰত গান্ধী জয়ন্তী উদযাপন কৰা হয়। ১৮৬৯ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীয়ে তেওঁ ‘ৰাষ্ট্ৰৰ পিতৃ’ হ’বলৈ গৈছিল আৰু তেওঁক মৰমেৰে বাপু বুলি সম্বোধন কৰা হৈছিল। এতিয়ালৈকে মানুহে তেওঁৰ সাহসিকতাৰ কথা মনত পেলাইছে, কিয়নো তেওঁ অহিংস ভাৱে ব্ৰিটিছসকলৰ ওচৰত থিয় দিছিল। গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। তেওঁ ১৯৩০ চনত দাণ্ডি চল্ট মাৰ্চৰ সৈতে ব্ৰিটিছৰ দ্বাৰা আৰোপ কৰা নিমখ কৰক প্ৰত্যাহ্বান জনোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

১৯৪২ চনত তেওঁ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। তেওঁ অস্পৃশ্যতাৰ বহু পুৰণি প্ৰথাটো বিলুপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শান্তি আৰু অহিংসাৰ ওপৰত গান্ধীৰ বিশ্বাসক সন্মান জনোৱাৰ বাবে, 2007 চনৰ 15 জুনত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে য’ত ঘোষণা কৰা হয় যে 2 অক্টোবৰ আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে পালন কৰা হ’ব।গান্ধীজীৰ কেইবাটাও উদ্ধৃতি আছিল যিবোৰ আজিও সমগ্ৰ বিশ্বৰ বহুতৰ বাবে অনুপ্ৰেৰণা হৈ আছে।ভাৰত ত্যাগ আন্দোলনৰ আগতে তেওঁৰ “কৰা বা মৰা” আহ্বান হওঁক বা “অহিংসা হৈছে সৰ্বোচ্চ কৰ্তব্য” – গান্ধী জয়ন্তী হৈছে তেওঁৰ দৰ্শনৰ ভিতৰলৈ চোৱাৰ আৰু আত্মস্থ কৰাৰ উপযুক্ত সুযোগ।

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ দৰ্শনৰ জৰিয়তে জীয়াই আছে। গান্ধী জয়ন্তীত, দেশখনে শান্তি আৰু সম্প্ৰীতিৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতি পুনৰ নৱীকৰণ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰাম কেৱল এক ৰাজনৈতিক আন্দোলন নহয়, সামাজিক আৰু সাংস্কৃতিক জাগৰণৰ আহ্বানো আছিল।যিহেতু ৰাষ্ট্ৰই মহাত্মা গান্ধীক তেওঁৰ 151 তম জন্ম জয়ন্তীত স্মৰণ কৰে, ইয়াত তেওঁৰ কেইটামান বিখ্যাত অনুপ্ৰেৰণামূলক উদ্ধৃতি দিয়া হৈছে:

  • আনন্দ অবিহনে প্ৰদান কৰা সেৱাই সেৱক বা সেৱা কৰাসকলক সহায় নকৰে।
  • নিজকে বিচাৰি উলিওৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল আনৰ সেৱাত নিজকে হেৰুৱাই পেলোৱা।
  • যদি মোৰ বিশ্বাস থাকে যে মই এইটো কৰিব পাৰো, মই নিশ্চিতভাৱে এইটো কৰাৰ ক্ষমতা আহৰণ কৰিম যদিও আৰম্ভণিতে মোৰ ওচৰত এইটো নাথাকিব পাৰে।
  • অহিংস কাৰ্যৰ প্ৰথম নীতি হৈছে অপমানজনক সকলো বস্তুৰ সৈতে অসহযোগ।
  • শক্তি শাৰীৰিক ক্ষমতাৰ পৰা নাহে। এইটো এটা অদম্য ইচ্ছাৰ পৰা আহিছে।
  • এজন কাপুৰুষ প্ৰেম প্ৰদৰ্শন কৰিবলৈ অক্ষম; এইটো সাহসীসকলৰ অধিকাৰ।
  • এটা কাৰ্য্যৰ দ্বাৰা এটা হৃদয়ক আনন্দ দিয়াটো প্ৰাৰ্থনাত নমস্কাৰ কৰা হাজাৰ টা মূৰতকৈ ভাল।
  • আপুনি পৃথিৱীত চাব বিচৰা পৰিৱৰ্তন হ’ব লাগিব।
  • চকুৰ বাবে চকুৱে গোটেই পৃথিৱীখনঅন্ধ কৰি তোলে।
  • এটা ৰাষ্ট্ৰৰ মাহাকাৰক ইয়াৰ জন্তুবোৰৰ সৈতে কৰা আচৰণৰ দ্বাৰা বিচাৰ কৰিব পাৰি।

গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণৰ সফল সামৰণি

প্ৰত্যেকগৰাকী মহিলাৰ অন্যতম প্ৰিয় কাম হৈছে ঘৰখনত  ফুলৰ বাগিচাখন সুন্দৰকৈ ৰখা। তেনেক্ষেত্ৰত বহু মহিলা ফুল খেতিৰে স্বাৱলম্বী হোৱাও দেখা যায়। মহিলা সকলৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ প্ৰতি লক্ষ্য ৰাখি  পাঞ্জাৱ নেচনেল বেংক গ্ৰাম্য আত্ম -সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ৰাঙলী আইদেউ টাই কালচাৰেল ষ্টাডী ডেফলেপমেন্ট চেন্টাৰৰ সহযোগত গোলাঘাটত বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়।  গোলাঘাট নগৰৰ এল.আই.চি . কাৰ্যালয়ৰ সমীপৰ আতইয়াতী প্ৰক্ষাগৃহত এই বাণিজ্যিক ফুলৰ খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ১০ দিনীয়াকৈ প্ৰদান কৰা এই বাণিজ্যিক ফুলৰ খেতিৰ  প্ৰশিক্ষণ শিবিৰ শুকুৰবাৰে  সামৰণি পৰে । গোলাঘাটৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৩৫ গৰাকী মহিলাই প্ৰশিক্ষণ শিবিৰটোত অংশগ্ৰহণ কৰে । এই প্ৰশিক্ষণৰ অন্তিমদিনা  আজি এখনি সামৰণি সভা অনুষ্ঠিত হয় । সভাতে ৩৫ গৰাকী প্ৰশিক্ষাৰ্থী মানপত্ৰ প্ৰদান কৰাৰ লগতে পঞ্জাৱ নেচনেল  বেংকৰ পৰা ঋণ প্ৰদান কৰা হব বুলি কৰ্তৃপক্ষই জানিব দিয়ে । আজিৰ এই সভাত  NRL ৰ BIO REFINERY CEO অনুপ কুমাৰ বৰুৱা , পাঞ্জাৱ নেচনেল বেংকৰ ছিনিয়ৰ মেনেজাৰ মুক্তি গগৈ , জিলা কৃষি বিষয়া নবীন চন্দ্ৰ বৰা উপস্থিত থাকে

ওদালগুৰি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন,পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ মন্ত্ৰী যোগেন মহনে ১অক্টোবৰত ওদালগুৰিত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টী যুৱ মৰ্চা,ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত আয়োজন কৰা ৰক্তদান শিবিৰ উদ্বোধন কৰে।ৰক্তদান শিবিৰ উদ্বোধন কৰি মন্ত্ৰী মহনে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে জিলা যুৱ মৰ্চাই আয়োজন কৰা ৰক্তদান শিবিৰ  এক মহান কাৰ্য।লগতে ৰক্তদান জীৱন দানৰ প্ৰতি সহাৰি জনাই যিসকলে ৰক্তদান কৰিবলৈ আহিছে  তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰে।কেক কাটি জন্মদিন পালন কৰাৰ সলনি ৰাইজৰ প্ৰতি সেৱাৰ মনোভাবেৰে কাম কৰিলেহে উপকৃত হব পাৰিব আৰু আমাৰ দলে এনেদৰেই প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰিছে  বুলি তেওঁ লগতে উল্লেখ কৰে।ৰক্তদান শিবিৰত ১০০ গৰাকীয়ে ৰক্তদান কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও আজি ১০ গৰাকীয়ে ৰক্তদান কৰে‌।অনুষ্ঠানত ওদালগুৰ জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীন,ওদালগুৰি জিলা বিজেপৰ সভাপতি সুনীল বসুমতাৰী,সাধাৰণ সম্পাদ বীৰদাও বসুমতাৰী,বিজেপি জিলা সমিতিৰ কাৰ্যকৰ্তা, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক,যুটীয়া স্বাস্থ্য সঞ্চালককে ধৰি সিকিৎসক,নাৰ্চসকল উপস্থিত আছিল।ইয়াৰ পিছতেই মন্ত্ৰী মহনে জিলা উপায়ুক্ত পি উদয় প্ৰবীন,ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক,ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ সহযোগত ওদালগুৰিৰ নিকটৱৰ্তী ভিচিডিৰ সাপখাইটি,ঝাৰাবাৰী আৰু খাংখালাবাৰী গাঁওলৈ গৈ চৰকাৰে দুখীয়াৰ বাবে গ্ৰহন কৰা বিভিন্ন চৰকাৰী আঁচনিৰ বুজ লয় আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি চৰকাৰী আঁচনি লাভ কৰিছেনে নাই মত বিনিময় কৰে।

গোৱালপাৰাৰ লক্ষীপুৰত ভুমি দালালৰ কবলত মহিলা

গোৱালপাৰাৰ লক্ষীপুৰত এগৰাকী মহিলাই ভূমি সংক্ৰান্তীয় কামৰ বাবে দালালৰ কবলত পৰি পচিশ হাজাৰ টকা দালালে সৰকাই নিয়া বুলি গুৰুতৰ অভিযোগ তুলিছে । মহিলা গৰাকীৰয়ে দালাল গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে জলেশ্বৰ আৰক্ষী চকীত এখনি এজাহাৰো দাখিল কৰিছে । লক্ষীপুৰ  এই ভূক্ত ভোগী  মহিলা গৰাকী লক্ষীপুৰৰ  গুমাইঝাৰ গাঁৱৰ জাহিদা বিবি  । অভিযোগ অনুসৰি  তিনি মাহ পূৰ্বে জাহিদাই 354/355 নম্বৰ দাগৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে লক্ষীপুৰ ৰাজহ চক্ৰ কাৰ্যালয়লৈ আহে । তাতেই লগ পায়  খাইৰুল ইছলাম নামৰ এই লোক জনক । যিজনক ইতিমধ্যে দালাল বুলি অভিহিত কৰিছে মহিলা গৰাকীৰয়ে । তেতিয়াই  ভূমি সংক্ৰান্তীয় কামৰ বাবে  খাইৰুলে জাহিদাৰ পৰা ২৫ হাজাৰ টকা লোৱা বুলি অভিযোগ কৰিছে জাহিদা বিবিয়ে । অভিযোগ অনুসৰি  কাম সম্পাদন সম্পর্কত ধুৰন্ধৰ  খাইৰুলে দিছিল এটাৰ পাছত আন এটা নিৰ্ধাৰিত সময়  । কিন্তু  , সকলো নিৰ্দ্দিষ্ট সময় উকলি  যোৱাৰ পাছত  জাহিদাৰ সন্দেহ ওপজে  । পৰৱৰ্ত্তী সময়ত খাইৰুলক দিয়া টকাখিনি জাহিদাই ওভতাই বিচাৰে  । কিন্তু  , ধুৰন্ধৰ খাইৰুলে সেই ধন ওভতাই দিয়াৰ পৰিৱৰ্তে নানান অজুহাত দেখুৱায় জাহিদাক ।  এই অভিযোগৰ ভিত্তিত  অৱশেষত জাহিদাই ন্যায় বিচাৰি খাইৰুলৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষী চকীত এটি গোচৰ তৰে । জানিব পৰা মতে এই বাতৰি যুগুতোৱা পৰলৈ পলাতক অৱস্থাত আছে  খাইৰুল । ভুক্তভোগী মহিলা গৰাকীৰয়ে ন্যায় পোৱাৰ বাবে দাবী জনাইছে চৰকাৰ তথা কৃতপক্ষৰ ওছৰত । 

ধুবুৰীৰ গোলকগঞ্জৰ উচিতা গাঁওৰ খিলঞ্জীয়া এটা পৰিয়ালৰ দুই ভাই ককাইৰ বৃহৎ ভূমি থকাৰ পাছতো আজি ভূমিহীন।

নাম ফাজে শেখ আৰু ফতো শেখ। তেতিয়াৰ গৌৰীপুৰৰ ৰজাই দুই ককাইক বিগত ১৯৫৮ চনত মুঠ ৮১ বিঘা মাটি দিছিল প্ৰজা হিচাপে। দুই ভাই ককাই পৃথক হোৱাৰ পিছত হল দুটা পৰিয়াল। ফাজে শেখ আৰু ফটো শেখৰ পৰিয়াল। এইসকল হৈছে প্ৰয়াত ফাজে শেখৰ পুত্ৰ প্ৰয়াত মহম্মদ শেখৰ পৰিয়াল। ৰজাদিনীয়া পৈত্রিক সম্পত্তি থকাৰ পিছতো এইসকল খিলঞ্জীয়া আজি ভূমিহীন। মাটিৰ এশ এবুৰি নথি – পত্ৰ আছে কিন্তু প্ৰকৃততে নাই মাটি। জীয়াই থাকিবলৈ নাই এডোখৰ ভূমি। আনৰ মাটিত অস্থায়ী ভাবে থাকি কোনো মতে জীয়াই থকাৰ প্ৰয়াস কৰিছে এই পৰিয়ালটো।এই সমূহ নথি – পত্ৰ লৈ ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ধুবুৰী আদালতৰ দুৱাৰত তাতবাটি ফুৰিবলগীয়া হৈছে সুদীৰ্ঘ বছৰে। অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ বিষয়া আৰু দালালৰ বাবেই আজি ভূমিহীন এই খিলঞ্জীয়া পৰিয়ালটো। কার্যলায়টোৰ চাইফুল আলম নামৰ এজন প্ৰতিষ্ঠিত দালাল আৰু মণ্ডলৰ চক্ৰান্তৰ বাবেই আজি ভূমিহীন হৈ পৰিছে প্ৰয়াত মহম্মদ শেখৰ সন্তান ক্ৰমে আহমেদ আলী, অহেদ আলী, কাশেম আলী, মৰজিনা বিবি, মাহমুদা বিবি, ছামিদা বিবিৰ পৰিয়াল। আটাইখিনি ভূমি আজি বেদখলৰ কৱলত। আজি এই কেইটা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশান্ত। মূৰ গুঁজিবলৈ নাই এডোখৰ ভূমি। নিৰক্ষৰ পৰিয়াল কেইটা নিজৰ ভূমিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ মহম্মদ শেখৰ নাতিয়েক মমৰ আলীয়ে বহু কষ্ট কৰি উলিয়াই লৈছে মাটিৰ সকলো নথি পত্ৰ। আজি এই অসহায় পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মুখ্যমন্ত্ৰীলৈ আহ্বান এই পৰিয়ালটোৰ। বেদখলকাৰীৰ কবলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিবলৈ।

ধুবুৰী আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বিতীয় খণ্ড গাঁৱত জল জীৱন মিচন আচঁনি শুভ উদ্ধোধন

 বিধায়ক নজৰুলৰ হ’কৰ তৎপৰতাত জল জীৱন মিচনৰ আচঁনিৰ অধীনত ৭৫ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি আদাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰোৱা দ্বীতৃয় খণ্ড গাঁৱত জল জীৱন মিচন খোৱা পানীৰ যোগান আচঁনি শুভ উদ্ধোধন কৰে বিধায়কৰ সহায়ক হানিফ আলী। ভীষন প্ৰসংগত তেও কয়-এমুঠি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছিল সাধাৰণ ৰাইজৰ অৱশ্যে আজিৰে পৰা মুকলি কৰা হ’ল বিশুদ্ধ খোৱা পানীৰ যোগান আচঁনি।আজিৰ এই উদ্ধোধনি সভাত উপস্থিত থাকে এআই ইউ ডি এফ দলৰ ৰাজ্যিক সম্পাদক জাকিৰ হুচেইন খন্ডুকাৰ, আব্দুল হাই, জন স্বাস্হ্য কাৰিগৰী বিভাগৰ জুনিয়ৰ ইঞ্জিনিয়াৰ,ময় হুচইনবিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়তৰ মুৰব্বী সকলৰ লগতে  এ,আই,ইউ,ডি,এফ, দলৰ কৰ্মী সকল উক্ত আচনীৰ আৰম্ভ হোৱাত ৰাইজৰ মাজত আনন্দৰ সৃষ্টি হৈছে।