Home Blog Page 2817

সমস্যাৰে ভাৰাক্ৰান্ত দেৰগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰ; চিকিৎসকৰ অভাৱে দুৰ্ভোগ ভোগাইছে ৰোগীক

দেৰগাঁও ধেমাজিস্থিত ৩০ খন বিছনাযুক্ত সামুহিক স্বাস্থ্য কেন্দ্ৰটো ১৯৮৮ চনত তদানীন্তন অসম গণ পৰিষদৰ চৰকাৰৰ দিনতে গোলাঘাট জিলাৰ উত্তৰ অংশৰ লগতে যোৰহাট জিলা আৰু দক্ষিণ মাজুলীৰ বৃহত্তৰ অঞ্চলৰ লোকসকলৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ্থে স্থাপন কৰা হৈছিল। স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ সেৱাৰ বাবে মুকলি হোৱাৰ কিছুবছৰ পিছলৈকে বৃহত্তৰ এলেকাৰ ৰাইজে থিক মতেই সেৱা লাভ কৰিছিল। এটা সময়ত এই স্বাস্থ্য কেন্দ্ৰটোত থকা ৩০ বিছনাৰ প্ৰতিখনতে ৰোগী ৰখাৰ ব্যৱস্থা আছিল। কিন্তু যোৱা চাৰি বছৰ মানৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য সেৱা লাভৰ ক্ষেত্ৰত জনসাধাৰণ ভালকৈয়ে দুৰ্ভোগ ভুগিব লগাত পৰিছে। বৰ্তমান দুই চাৰি গৰাকী প্ৰসুতিক ৰখাৰ বাদে আন ৰোগী ৰখাৰ ব্যৱস্থা প্ৰায় নথকাৰ দৰেই হৈছে। এই স্বাস্থ্য কেন্দ্ৰত এগৰাকী উপ অধীক্ষকৰ পদবীৰ লগতে চিকিৎসৰ চাৰিটা পদবী আছিল যদিও বৰ্তমান উপ-অধীক্ষক গৰাকীৰ বাদে বাকী কেইটা পদ দীৰ্ঘদিন ধৰি খালি হৈ আছে। মাজে মাজে অস্থায়ী ভাৱে কহঁৰা চিকিৎসা কেন্দ্ৰৰ বা চুঙাজান চিকিৎসা কেন্দ্ৰৰ পৰা চিকিৎসক আনি জোৰা-টাপলি মাৰি স্বাস্থ্য কেন্দ্ৰটি চলাই থকা হৈছে। যত কমেও আঠজন চিকিৎসকৰ প্ৰয়োজন তাত মাত্ৰ এগৰাকী স্থায়ী চিকিৎসক থকা কাৰ্যই কণা হাঁহক পতান ধান দিয়াৰ দৰে বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক আভূৱা ভৰা কাৰ্যত ৰাইজ হৎভম্ব হৈ পৰিছে। আনহাতে স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ অতিকে দুৰ্বল হৈ পৰিছে। স্বাস্থ্য কেন্দ্ৰটোত থকা এক্স-ৰে মেচিনটো কেইবা বছৰ ধৰি বিকল হৈ পৰি থকাৰ পিছতো স্বাস্থ্য বিভাগৰ তৰফৰ পৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমান এই স্বাস্থ্য কেন্দ্ৰত এক্স-ৰে মেচিনো নাই, এক্স-ৰে অপাৰেটৰো নাই। স্বাস্থ্য কেন্দ্ৰৰ উপ-অধীক্ষক গৰাকীয়ে বাৰম্বাৰ জনোৱাৰ পাছতো আজি হ’ব কালি হ’ব বুলিয়েই দিন পাৰ হৈছে। স্বাস্থ্য কেন্দ্ৰটোত থকা আৱাস সমুহৰ অৱস্থা বৰ্তমান শোচনীয় হৈ পৰিছে। এনে আৱাসতেই থাকি চিকিৎসা কৰ্মীসকলে সেৱা আগবঢ়াবলৈ বাধ্য হ’ব লগাত পৰিছে। যোৱা ২৯ ছেপ্তেম্বৰত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত দেৰগাঁও সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কভিদ প্ৰতিষেধক প্ৰদান ব্যৱস্থাপনা আৰু চিকিৎসালয় আন্ত:গাঠনি সম্পৰ্কে বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক গোলাঘাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বিতংভাৱে সমস্যা সমুহ অৱগত কৰে। পৰিদৰ্শন কালত স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ চিৰঞ্জীৎ লোচন গগৈয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰি স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাথঁনিৰ উন্নয়ন, চিকিৎসক, নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰী নিযুক্তি, এটা আইচলেশ্বন ৱাৰ্ড স্থাপন আদিৰ বাবে অনুৰোধ জনায়। এই ক্ষেত্ৰত জ্যেষ্ঠ স্বাস্থ্য কৰ্মী কৰুনা ৰাজবংশীয়ে সহযোগীতা আগবঢ়ায়। মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ সমস্যা সমুহ অতি সোনকালেই সমাধান কৰা হ’ব বুলি অৱগত কৰে। কিন্তু মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শনে কিমান ফলধৰে সেয়া সময়েহে নিৰূপণ কৰিব।মোঃ ৯৮৫৯৮২৫৩৬৬

শিমলীতোলাত বিদ্যালয়ৰ মজিয়াত পচি নষ্ট হল মধ্যাহ্ন ভোজনৰ চাউল

পূৱ গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষা খণ্ডৰ শিমলীতোলা অঞ্চলৰ ১ নং কানকটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে সংঘটিত কৰিছে নজিৰবিহীন কাণ্ড। জানিব পৰা মতে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ ছাত্ৰীক বিতৰণ নকৰাত বিদ্যালয়ৰ মজিয়াতেই বুজন পৰিমাণৰ চাউল পচি নষ্ট হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক সহৰ আলী হেনো আগৰটো লকডাউনৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰা নাই। ফলত বুজন সংখ্যক চাউল বিদ্যালয়ৰ মজিয়াত নষ্ট হয়। বৃহস্পতিবাৰে প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ৰীতা ৰাভাই অভিযোগৰ ভিত্তিত বিদ্যালয়ত উপস্থিত হৈ বিষয়াটো চৰজমিন তদন্ত কৰে আৰু তদন্তৰ পাছতেই ওলাই পৰে জোলোঙাৰ মেকুৰী। কোনোমতেই চাউলৰ অংক মিলাব নোৱাৰে প্ৰধান শিক্ষক গৰাকীয়ে সেয়ে শিক্ষা বিষয়া গৰাকীৰ উপস্থিততেই ৰাইজৰ একাংশই জৱাবদিহিও কৰে প্ৰধান শিক্ষক গৰাকীক। একাংশই প্ৰশ্ন উত্থাপন কৰিলে কিহৰ বাবে মধ্যাহ্ন ভোজনৰ চাউল মজুত কৰি ৰাখিলে বিদ্যালয়ৰ কোঠাত। সকলোৱে মাজত কৌতুহল সৃষ্টি হয়, ইফালে চাউল বিচাৰি শিক্ষাৰ্থীয়ে ঘেৰি ধৰে শিক্ষা বিষয়া গৰাকীক। উল্লেখ্য যে তদন্তৰ যোগেদি ১ নং কানকটা প্ৰাথমিক বিদ্যালয় চাউল কেন্দ্ৰিক বিতৰ্কৰ সকলোৱে অৱসান হোৱাটো বিচাৰিছে।

গোসাইগাঁৱৰ সাপকাটাত মহিলা নিৰুদ্দেশ

 গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ অন্তৰ্গত ১নং মাটিয়াপাৰা গাঁৱৰ এগৰাকী মহিলা যোৱা ২৮ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷প্ৰাপ্ত বাতৰি মতে ,যোৱা ২৮ ছেপ্তেম্বৰ তাৰিখে ১ নং মাটিয়াপাৰা গাঁৱৰ প্ৰায়ত ৰূপচাঁন আলী খানৰ বিবাহিত কন্যা  ৰুকিয়া বেগম (২০) নিজৰ পিতৃ গৃহৰ পৰা ৰাতিপূৱা সাত মানবজাত ওলাই আহে ৷কিন্ত ঘৰলৈ ঘূৰি নযোৱাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে ৷ পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও মহিলা গৰাকীৰ কোনো শুংসূত্ৰ ওলাবলৈ সক্ষম হোৱা নাই ৷নিৰুদ্দেশ সম্পৰ্কত নিৰুদ্দিষ্ট মহিলা গৰাকীৰ মাতৃ মমেলা বেওয়াই সাপকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷নিৰুদ্দিষ্ট মহিলা গৰাকীৰ কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান লাভ কৰে ৷তেন্তে ৮৭৩৬০০১৪০৩ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ আদৰণি সভা

 কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অলপতে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ৰাজহুৱা পেক্ষাগৃহত এখনি সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হৈ যায় ৷ অধ্যয়ন কেন্দ্ৰৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ আহ্বায়ক ক্ৰমে দীপক শইকীয়া,জিতু কুমাৰ নাথ,পংকুমনি হাজৰিকা,সুদীপ্ত দেৱ,জিতু শইকীয়া,স্নিগ্ধা দেৱীৰ আহ্বান মৰ্মে অনুষ্ঠিত সভাখনি সঞ্চাঁলনা কৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অৰূণ শৰ্মাই ৷ আহ্বায়ক দীপক শইকীয়া আৰু জিতু কুমাৰ নাথে আতধৰা সভাখনিত অসমীয়া বিভাগৰ বৰ্ত্তমানৰ মূৰব্বী অধ্যাপক তথা কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ৰ অধিনৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ দীৰ্ঘদিন সমন্বয়কৰ কাৰ্য্যকাল সম্পন্ন কৰা ড°খঞ্জন কুমাৰ দাসক তেওঁৰ সফল পৰিচালনাৰ বাৱে বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে সদ্য নিযুক্ত সমন্বয়ক ড°দিব্যজ্যোতি ভূঞাঁকো উষ্ম আদৰণি জনোৱা হয় ৷ সভাত উপস্থিত কেইবাগৰাকী  শিক্ষক,ছাত্ৰ,ছাত্ৰীয়ে ড°খঞ্জন দাসৰ কাৰ্য্যকালত লাভ কৰা বিভিন্ন ধৰণৰ সহায় সহযোগীতাৰ কথা স্মৰণ কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে  ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক ড°দিনেশ দাস,পবিত্ৰ ভূঞাঁ,ৰিংকুমনি ভূঞাঁ,যোগিন্দ্ৰ বানু,বিজুলি ডেকা,পাপৰি শইকীয়া,সঞ্জীৱ দাস আৰু নিপু নাথ।সভাৰ আৰম্ভণীতে বৰগীত পৰিবেশন কৰে ৰিংকুমনি মহন্তই।

কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ৰাজহ সংগ্ৰহৰ অভিলেখ

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে  চলিত  , ২০২১ – ২২  বিত্তীয় বর্ষৰ প্ৰথম ছয়টা মাহ অৰ্থাৎ পহিলা  এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ  ১০২,৩৫,৪৯,৬৬৪.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।  ক’ভিডে  জুৰুলা কৰা ৰাজ্যখনৰ পৰিবহন খণ্ডটোৰ বাবে এক ইতিবাচক দিশ বুলি বিবেচিত হৈছে । কিয়নো ক’ভিডৰ বাবে ২০২০ – ২১ বর্ষৰ দৰে চলিত ২০২১ -২২ বৰ্ষটোতো  পৰিবহন খণ্ডটোৰ পৰিকাঠামটো প্ৰায় ভাঙি পৰিছে  ।  মে’ৰ  পৰা আগস্টলৈকে মাহলৈ প্ৰায় চাৰি  মাহ ধৰি আন্তঃ জিলা যাতায়ত বন্ধ হৈ থকাৰ  পাছত পহিলা ছেপ্টেম্বৰৰ পৰাহে ৰাজ্যত  আন্তঃ জিলা যাত্ৰীবাহী যানবাহনৰ চলাচল আৰম্ভ হৈছে ।  কামৰূপ মহানগৰ  জিলাৰ  ( পঞ্জীয়ন আৰু অনুজ্ঞা ) জিলা পৰিবহন বিষয়া গৌতম দাসে সদৰি কৰা অনুসৰি  ক’ভিডৰ ভয়াবহতা স্বত্তেও কাৰ্যালয়ৰ  যান বাহন পৰিদর্শক  , প্ৰৱৰ্তক পৰিদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ সমূহীয়া প্ৰষ্টেটাত কভিডৰ প্ৰত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত ছয়টা  মাহত ১০২   কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে । বিগত বৰ্ষত একে সময়ছোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ টকা । তেনেদৰে বিগত ২০২০ -২১ বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২০৫,১৪,৯৯,৬৭৮.০০ টকা ।  ইফালে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক  সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন  পাটোৱাৰীয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ  বিষয়াক  ভি ডি অ কনফাৰেনসিং যোগে  ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ  নিৰ্দেশ দিছিল । পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই  যোৱা জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক সকলে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত আৰু কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী , ট্ৰেন্সপোৰ্ট এ। জেন্সি , স্পেনিছ গাৰ্ডেন , গেমছ ভিলেজকে ধৰি বহু বিলাসী এপাৰ্টমেণ্ট আদিত  গৈ বছৰ বছৰ  যাবতীয় বা বকেয়া  কৰ  আদায় নিদিয়াকৈ থকা বাহন সমূহক  ৩০ ছেপ্টেম্বৰৰ ভিতৰত  কৰ  আদায় দিয়াৰ বাবে  আহ্বান জনায় সজাগতা অভিযান চলোৱা হৈছিল  ।  কৰ আদায় নিদিয়া বাহনৰ পৰা পহিলা অক্টোবৰৰ  পাছত  জৰিমনা বিহা হব বুলিও অভিযানকাৰী দলে সতৰ্ক কৰি দিছিল । আনকি বছৰ বছৰ ধৰি   কৰ আদায়  নিদিয়াকৈ থকা বহু বাহনৰ গৰাকীক  হাতে হাতে আৰু  আন বহুতকৈ ডাকযোগে কৰ আদায় দিয়াৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছিল ।   অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু  কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক , প্ৰৱৰ্তক পৰিদর্শক , সহ পৰিদর্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলেও  ভাগ লৈছিল  । ফলত তেনে বহুজাতিক কোম্পানী বা ট্ৰেন্সপোৰ্ট এজেন্সিয়ে  ৰাজহ আদায় দিবলৈ আগবাঢ়ি অহাত কেৱল  ছেপ্টেম্বৰ  মাহতে অভিলেখ পৰিমাণৰ  ২৪,৬২,৯৪,০০২.০০ কৌটি টকাৰ  ৰাজহ সংগ্ৰহ হয় । আনকি কেৱল  ৩০ ছেপ্টেম্বৰৰ  দিনটোতে   সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ২,৬৩,০৫,৩৮০.০০ টকা  ।  বিগত  ২০২০ -২১ বৰ্ষৰ প্ৰথম ছয়টা মাহত  সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫.০০ কৌটি টকা  । উল্লেখযোগ্য যে ৰাজহ সংগ্ৰহ অভিযানৰ সমান্তৰালভাৱে কাৰ্যালয়ৰ ফালৰ পৰা বিভিন্ন এন জি অৰ সহযোগত গুৱাহাটীৰ কেবাটাও ৰাজপথত চলাচল কৰা চিটিবাছ আদিৰ  চালক , পৰিচালক , হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে ক’ভিড প্ৰতিৰোধী  ভেকচিন প্ৰদান শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰি কৰিছে । একেদৰে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ  আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি এইবেলি উচ্চতৰ মাধ্যমিক  বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত  উত্তীৰ্ণ শিক্ষাৰ্থী , চিকিৎসক , স্বাস্থ্যকর্মী , সেনা বাহিনীৰ লোক ,  সংবাদ মাধ্যমৰ লগত জড়িত , সাংবাদিক , সংবাদকর্মী সকলক থিতাতে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি থকা হৈছে । একেদৰে ৰাজহ আদায় দিয়াৰ আহ্বানৰ  সমান্তৰালভাৱে পথ সুৰক্ষা সজাগতাৰ বাবে এফ এম ৰেডিও  আৰু মাইক যোগে  বিশেষ  অভিযানো আৰম্ভ কৰা হৈছে । সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত  অসম গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সমিতিৰ সদস্য সচিবৰ দায়িত্বত থকা গৌতম দাসে জানিবলৈ দিছে । শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ৰ নিৰ্দেশনা অনুসৰি যিসকল বাহনৰ গৰাকীয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ বাহন নবিকৰণ কৰিব নোৱাৰিলে বা যাবতীয় কৰ আদায় দিব নোৱাৰিলে তেওঁলোকৰ সুবিধাৰ  বাবে পুনৰ ৩০ অক্টোবৰলৈকে বকেয়া  কৰ আদাই দিয়াৰ সময় সীমা বৃদ্ধি কৰা হৈছে ।

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত তিনিদিনীয়া মাছৰ প্ৰশিক্ষণ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত যোৱা  ২৯ চেপ্তেম্বৰ, ২০২১ ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজিত সামগ্ৰী উৎপাদনৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কেৰেলাস্থিত কেন্দ্ৰীয় মীন প্ৰযুক্তি সংস্থানৰ (ICAR- CIFT) সহযোগত অনুসূচিত জনজাতিৰ মাছমৰীয়া সকলৰ বাবে এই প্ৰশিক্ষণ অনুস্থিত হয়। প্ৰশিক্ষণৰ উদ্বোধনী অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতা আৰু পশু চিকিৎসা বিজ্ঞানৰ বিষয়বস্তু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকা উপস্থিত থাকে। কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ শ্ৰী পৰাগ শইকীয়া আৰু সামূহিক বিজ্ঞান বিভাগৰ বিশেষজ্ঞা শ্ৰীমতী মধুস্মিতা ডেকাৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণ অনুস্থানত কামৰূপ জিলাৰ ২১ গৰাকী উদীয়মান পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। সমল ব্যক্তি হিচাপে ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰী ইনামআখ্টাৰ হুচেইন, পৰাগ শইকীয়া আৰু মধুস্মিতা ডেকাই মাছৰ স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ আৰু বিভিন্ন মূল্য সংযোজিয সামগ্ৰীৰ উৎপাদনৰ বিভিন্ন দিশৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। ইয়াৰ উপৰিও ব্যৱহাৰিকভাৱে প্ৰশিক্ষাৰ্থী সকলক মাছৰ পৰা আচাৰ, কাটলেট আৰু ফিছ বল আদি সামগ্ৰী হাতে কামে প্ৰস্তুত কৰোৱা হয়, যি বোৰ বহুদিনলৈ সংৰক্ষণ কৰি বজাৰত বিক্ৰী কৰিব পাৰি। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

ছাত্ৰ ছাত্ৰীক মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ আহ্বান মাজবাট আছু ,আছাৰ ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মহাবিদ্যালয়ত নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱা ছাত্ৰ ছাত্ৰী সকলক মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ আহ্বান জনাইছে আছু আৰু  আছাই ।৩০ছেপ্তেম্বৰত  সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক যুটীয়া বিবৃতিত মাজবাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু কলিতা আৰু মাজবাট আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক গোলাপ গোডে উল্লেখ কৰা মতে  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা   বৃহৎ মাজবাট এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ পৰা বঞ্চিত হব লগীয়া হৈছে ।  ছাত্ৰ নেতা দুগৰাকীয়ে বিবৃতিটোত আৰু উল্লেখ কৰিছে যে মাজবাট মহাবিদ্যালয় কৰ্তৃপক্ষই  ছাত্ৰ ছাত্ৰী সকলৰ প্ৰথম পৰ্যায়ত নাম ভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পাছত আসন সীমিত হোবাৰ বাবে বহু ছাত্ৰ ছাত্ৰী নাম ভৰ্তিৰ পৰা বাদ পৰিব লগীয়া হ’ল । কিন্তু  মহাবিদ্যালয় কৰ্তৃপক্ষই বঞ্চিত ছাত্ৰ ছাত্ৰী সকলক   দ্বিতীয় পৰ্যায়ত মাজবাট মহাবিদ্যালয়ত নাম ভৰ্তিৰ  বাবে পুনৰ অনলাইন যোগে আবেদন কৰিবলৈ জাননী জাৰি কৰিছিল বুলি বিবৃতিটোত উল্লেখ কৰাৰ লগতে সৰহ সংখ্যক  ছাত্ৰ ছাত্ৰীয়ে কাৰিকৰী অসুবিধাৰ বাবে দ্বিতীয় পৰ্যায়ত নাম ভৰ্তিৰ বাবে  অনলাইন কৰিবলৈ সক্ষম নহল । ফলত মহাবিদ্যালয় খনত বৰ্তমান ১৫০ খন আসন খালি হৈ থকা বুলি ছাত্ৰ সংগঠন দুটাই বিবৃতিটোত উল্লেখ কৰি মাজবাট এলেকাৰ দুখীয়া নিচলা পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলক মাজবাট মহাবিদ্যালয়ত  নাম ভৰ্তি কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষইক অনুৰোধ জনাইছে মাজবাট আঞ্চলিক আছু আৰু  আছাই ।

ধুবুৰীত আৰক্ষীৰ অভিযানত চোৰাং সাৰসহ তিনিজন লোকক গ্ৰেপ্তাৰ।

কৃষকৰ বাবে যোগান ধৰা ইউৰীয়া সাৰ চোৰাং বজাৰত বিক্ৰী। ধুবুৰীৰ নিউঘাটত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে চোৰাং সাৰ। WB 69-A/5762 নম্বৰৰ এখন মিনি ট্ৰাকত ৪০ বস্তা ইউৰীয়া সাৰ যোৱাকালি নিউঘাটলৈ নিয়াৰ সময়ত ধুবুৰী এ,এম,কো ৰোড  আৰক্ষীয়ে গোপন খবৰৰ ভিক্তিত আটক কৰিছে তিনিজনকৈ যুবকক। লোক কেইজন ক্ৰমে – বিকাশ লাকৰা (২5) আলিপুৰ দোৱাৰ, অনিমেষ দাস (২৬) আলিপুৰ দোৱাৰ আৰু মহম্মদ ৰাহিবুল ইছলাম (২০) ।

পূর্ণ গতিত থিয়েটাৰ বীণাপাণিৰ আখৰা

 ভ্ৰাম্যমাণ থিয়েটাৰৰ শিবিৰে শিবিৰে আৰম্ভ হৈছে নাটকৰ যুদ্ধকালীন প্ৰস্তুতি। ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ দুঃসাহসেৰে সাজু হোৱা প্ৰনৱ বৰ্মনৰ  প্ৰযোজিত থিয়েটাৰ বীণাপাণিৰ ইতিমধ্যে প্ৰস্তুতি তুংগত । নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি চলিত ২১-২২ নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পোৱা যাব চাৰিজন নাট্যকাৰৰ চাৰিখন ভিন্ন ৰসৰ নাটক। নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ “কলংকিনী ৰাধা”, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ “বলিদান”, সতীশ দাসৰ “মহা মিলন” আৰু ৰমা বৰ্মনৰ “বদনামী ছোৱালী” । ইতিমধ্যে মাটি আখৰা সম্পূর্ণ কৰি মঞ্চ আখৰাত ব্যস্ত হৈছে শিল্পী সকল আনহাতে চলিত নাট্যবৰ্ষত বীণাপাণিৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা কৃষ্ণমনি নাথ, বিশাল বৰা, ৰাজীৱ শৰ্মা, পল্লৱ দিক্ষীত, সঞ্জীৱ বৈশ্য, প্ৰিয় বৰ্মন, কংকন দেৱনাথ, আলু খ্যাত গৌৰাংগ, অভিনেত্রী হেলেনা আখটাৰ, লীজা ববৰা আৰু বৰ্নালী পাঠকে। তাৰোপৰি নাটকৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট সংগীত পৰিচালক অমিত সিনহাই। থিয়েটাৰ বীণাপাণিৰ  সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কৰেন বৰ্মন। প্ৰযোজক প্ৰনৱ বৰ্মনে জানিব দিয়া মতে ৭ অক্টোবৰত বনিয়াকুছিত বীণাপাণি থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু আশীর্বাদ বিচাৰিছে থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলী সকলে।

সাজু হৈছে উদয়ন থিয়েটাৰ

কৰোনাতাংকই স্তব্ধ কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰ। ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে আখৰাত ব্যস্ত থকা উদয়ন থিয়েটাৰে চলিত নাট্যবৰ্ষত নিবেদন কৰিব অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ “সীতাৰ অগ্নিপৰীক্ষা” , নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” আৰু  নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল”। বাতৰি সংগ্রহ কৰা সময়লৈ সীতাৰ অগ্নিপৰীক্ষা আৰু বুকুৰ মাজত তুমি নাটকদুখনৰ আখৰা প্ৰায় সম্পূর্ণ হৈছে বৰ্তমানে মৰমৰ দালাল নাটকখনৰ মঞ্চআখৰাত ব্যস্ত আছে শিল্পী কলাকুশলী সকল। আনহাতে চলিত নাট্যবৰ্ষত উদয়নৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিছে যত দেখিবলৈ পোৱা গৈছে বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, অঞ্জন জ্যোতি বেজ, হেমেন শৰ্মা, দীপু তালুকদাৰ, চন্দন ডেকা, দেব ৰয়, অভিনেত্রী অৰ্চনা বৰা, ভায়োলিনা বৰুৱা, প্ৰনীতা নাথৰ লগতে বোলছবি জগতৰ সুদৰ্শন অভিনেতা অৰুপ বৰা আৰু সৰুপৰ্দাৰ মোহময়ী অভিনেত্রী দেবাশ্ৰী গগৈক। আনহাতে নাটকৰ সংগীত পৰিচালনা কৰিছে অহিৰ ভৈৰৱ আৰু দীপক বৰুৱাই। উদয়ন থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছে কিশোৰ মালাকৰ। নাট্যদলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক শশী শক্তি ডেকা আৰু মূখ্য পৃষ্ঠপোষক পুতুলী ডেকা। আনহাতে নাটকৰ নাম প্ৰকাশৰ দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰা উদয়ন থিয়েটাৰৰ চলিত নাট্যবৰ্ষকলৈ যথেষ্ট আশাবাদী প্ৰযোজক পৰিচালক তথা শিল্পী কলাকুশলী সকল। তাৰোপৰি প্ৰযোজকে জানিব দিয়া মতে অহা ৫ অক্টোবৰত পাঠশালাৰ পৰা উদয়ন থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব।