Home Blog Page 2818

সাজু হৈছে উদয়ন থিয়েটাৰ

কৰোনাতাংকই স্তব্ধ কৰা সংস্কৃতিৰ পথাৰখন সজীব কৰাৰ প্ৰয়াসেৰে ভ্ৰাম্যমাণ নাট্যজগতত নৰূপেৰে পাঠশালাৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে জ্যোতিপদ তালুকদাৰৰ প্ৰযোজিত উদয়ন থিয়েটাৰ। ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে আখৰাত ব্যস্ত থকা উদয়ন থিয়েটাৰে চলিত নাট্যবৰ্ষত নিবেদন কৰিব অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ “সীতাৰ অগ্নিপৰীক্ষা” , নাট্যকাৰ ৰাজদ্বীপৰ “বুকুৰ মাজত তুমি” আৰু  নাট্যকাৰ, পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ “মৰমৰ দালাল”। বাতৰি সংগ্রহ কৰা সময়লৈ সীতাৰ অগ্নিপৰীক্ষা আৰু বুকুৰ মাজত তুমি নাটকদুখনৰ আখৰা প্ৰায় সম্পূর্ণ হৈছে বৰ্তমানে মৰমৰ দালাল নাটকখনৰ মঞ্চআখৰাত ব্যস্ত আছে শিল্পী কলাকুশলী সকল। আনহাতে চলিত নাট্যবৰ্ষত উদয়নৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিছে যত দেখিবলৈ পোৱা গৈছে বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, অঞ্জন জ্যোতি বেজ, হেমেন শৰ্মা, দীপু তালুকদাৰ, চন্দন ডেকা, দেব ৰয়, অভিনেত্রী অৰ্চনা বৰা, ভায়োলিনা বৰুৱা, প্ৰনীতা নাথৰ লগতে বোলছবি জগতৰ সুদৰ্শন অভিনেতা অৰুপ বৰা আৰু সৰুপৰ্দাৰ মোহময়ী অভিনেত্রী দেবাশ্ৰী গগৈক। আনহাতে নাটকৰ সংগীত পৰিচালনা কৰিছে অহিৰ ভৈৰৱ আৰু দীপক বৰুৱাই। উদয়ন থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছে কিশোৰ মালাকৰ। নাট্যদলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক শশী শক্তি ডেকা আৰু মূখ্য পৃষ্ঠপোষক পুতুলী ডেকা। আনহাতে নাটকৰ নাম প্ৰকাশৰ দিনৰে পৰা বিশেষ চৰ্চা লাভ কৰা উদয়ন থিয়েটাৰৰ চলিত নাট্যবৰ্ষকলৈ যথেষ্ট আশাবাদী প্ৰযোজক পৰিচালক তথা শিল্পী কলাকুশলী সকল। তাৰোপৰি প্ৰযোজকে জানিব দিয়া মতে অহা ৫ অক্টোবৰত পাঠশালাৰ পৰা উদয়ন থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰিব। 

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ২ নং নাম্বাৰপাৰা এম ই এম স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ভোজন বিতৰণ।

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ ২ নং নাম্বাৰপাৰা এম ই এম স্কুলত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে কমিটিৰ মানুহক লগত লৈ প্ৰধান শিক্ষকে ৯৫ জন ছাত্ৰ ছাত্ৰীৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। কোনো ধৰণৰ বেমেজালি নকৰি ছাত্ৰ ছাত্ৰীক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ স্থানীয় ৰাইজে প্ৰত্যেক কৰি ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগতে স্হানীয় ৰাইজে সন্তষ্টি প্ৰকাশ কৰে।জানিব পৰা মতে আন আন স্কুলত বহুত ধৰণৰ দূৰ্নীতিৰ অভিযোগ আছে কিন্তু ২ নং নাম্বাৰপাৰা এম ই এম স্কুলত কোনো ধৰণৰ দূৰ্নীতিৰ নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰধান শিক্ষকে। চৰকাৰী নীতি নিয়ম মানি চৰকাৰী নিদেৰ্শ মৰ্মে ছাত্ৰ ছাত্ৰীৰ মাজত ভোজন বিতাড়ন কৰে।শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে যি নতুন নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম মানি আজিৰ পৰা বিদ্যালয়, মহাবিদ্যালয় পাঠ ধান আৰম্ভ কৰিব বুলি জানিব দিয়ে প্ৰধান শিক্ষকে।

আমনিৰ বুঢ়াদিয়া নৈৰ ওপৰৰ দলংঙেৰে ৰাইজৰ বিপদ সংকুল যাত্ৰা

পশ্চিম নলবাৰী অঞ্চলৰ  ধর্মপুৰ  সমষ্টিৰ অতি গুৰুত্ব পূর্ণ এখন দলংঙে যাতায়াতৰ ক্ষেত্ৰত  ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। যিখন দলঙেৰে  চামতাৰ পৰা টিহুলৈকে  বাটচোৱা  অতি চমু হয় ।  দলংখনেৰে  নিতৌ অহাযোৱা কৰে হেজাৰ হেজাৰ পথাচাৰী,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।যেন ৰাইজৰ  সংযোগৰ বাইক এক মাত্ৰ  দলংখন। উক্ত   দলং হল বুঢ়াদিয়া নৈৰ ওপৰৰ  আমনি শংকৰ বাবাৰ থানৰ সন্মুখত থকা জৰাজীর্ন কাঠৰ দলং খন ৷  স্হানীয় ৰাইজে দৈনন্দিন বাৰ্তাৰ আগত অভিযোগ কৰা মতে   যোৱা তিনিবছৰ  আগতে বহুলক্ষ্য  টকা খৰছ কৰি দলংখন  নির্মান কৰা হৈছিল  যদিও  কিছুদিন পিছতে ২০১৮ চনত   বানৰ ফলত  ঢাহি-মুহি  সম্পূর্ণ দলংখৰ মাজভাগটো বেকা কৰি লৈ যায়।  ৷  কাম সম্পূৰ্ণ হোৱাৰ  কিছুদিন পাছতে এনেদৰে বুঢ়াদিয়া নৈৰ পানীয়ে সম্পূর্ণ ৰূপে বেকা কৰাত ৰাইজৰ মনত    সততে  সন্দেহৰ প্ৰশ্ন উঠিছে বিভাগীয়  দীৰ্ঘম্যাদী পৰিকল্পনাৰে ঠিকাদাৰে  দলংখনৰ কাম সম্পূৰ্ণ কৰা হোৱা নাছিল নেকি? নিমনমানৰ কামেৰে ঠিকাদাৰে   ৰাইজৰ লগত হেতালি খেলিলে নেকি ? অনেক প্ৰশ্ন। ইপিনে  ৰাইজৰ অভিযোগৰ পিছত ভগ্ন   কাঠৰ দলংখনৰ  কাষতে এখন পকী দলংঙৰ  কাম বিভাগীয় ভাবে  আৰম্ভ কৰিছে যদিওঁ অকল খুটা দুটা  পুতিয়ে সম্প্ৰতি কাম আধৰুৱা কৰি  ৰাখিছে ৷ যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হৈছে। আজি অঞ্চলটোৰ সৰ্ব স্তৰৰ লোকৰ বহিঃ জগতৰ লগত  যোগাযোগৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈছ। গতিকে  ৰাইজে ধর্মপুৰৰ বিধায়ক তথা পৰিবহন,উদ্যোগ আৰু বাণিজ্যিক মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত আবেদন জনাইছে  অতি সোনকালে পকী দলংখন সম্পূর্ণ কৰি ৰাইজক যাতায়াতৰ বাবে  উপকৃত কৰে যেন। 

মৰিগাঁৱত অসমৰ হস্ততাঁত বস্ত্ৰ শিল্প,ৰেচম ,ভূমি সংৰক্ষণ মন্ত্রী উৰ্খাও গৌৰ ব্ৰহ্ম

 অসমৰ হস্ততাত বস্ত্ৰশিল্প, ৰেচম, ভূমি সংৰক্ষন আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ  মন্ত্ৰী শ্ৰীযুত উৰ্খাও গৌৰ ব্ৰহ্ম আজি দিনৰ 11.30 বজাত মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হয় | আৱৰ্ত ভৱনতে মাননীয় মন্ত্ৰী গৰাকীয়ে অৰুণোদয়, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, কভিদৰ বলি হোৱা ব্যক্তি, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, অটল অমৃত অভিযান আদি বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হোৱা একোজনকৈ হিতাধিকাৰীৰ লগত মত বিনিময় কৰে |

গড়কাপ্তানী বিভাগৰ ৰঙাফিটাৰ মেৰপেছত ধিঙৰ এটি পথ‌ ।

নগাঁও জিলাৰ ধিঙৰ এটি গুৰুত্ব পূৰ্ণ পথ । আজিৰ পৰা প্ৰায় পাঁচ মাহ পূৰ্বে পথৰ কাম আৰম্ভ কৰা বুলি বিভাগীয় ফলকত উল্লেখ কৰা হৈছে যদিও বাস্তৱক্ষেত্ৰত তাৰ বিপৰীত ছৱিখনহে দেখিবলৈ পোৱা গৈছে । ধিঙৰ নামডুমীয়াৰ পৰা মধ্য লেঙেৰীবৰীলৈ মুঠ ৮ কি: মি: পথ ৪,৫৯,৪২,৩০০’০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও সেইয়া পথৰ নাম ফলকতে সীমাবদ্ধ থাকিল । বিভাগৰ ৰঙাফিটাৰ মেৰপেছত সোমাই ঠিকাদাৰে আজিলৈকে পথৰ কাম আৰম্ভ কৰিব পৰা নাই । যাৰ ফলস্বৰূপে দুৰ্ভোগ ভুগিব লগাত পৰিছে অঞ্চল টোৰ সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে । পথটোৰ দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে । পথটোৰ নিৰ্মাণৰ প্ৰাককলন প্ৰস্তত কৰোতেই বিভাগীয় কৰ্তৃপক্ষই ভূল কৰা বাবে আজিও পথটিৰ কামত হাত দিব পৰা নাই কামৰ ঠিকাদাৰে । এফালে চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ৰঙাফিটাৰ মেৰপেছ আৰু আনফালে সৰ্বসাধাৰণ ৰাইজৰ দুৰ্ভোগ । তাৰ মাজতেই ৰাইজৰ আহ্বান অনতিপলমে পথৰ কাম আৰম্ভ কৰক বিভাগীয় কৰ্তৃপক্ষই ।

গৰুখুতিৰ উচ্ছেদ কাণ্ডক ধৰ্মীয় মেৰুকৰন কৰাৰ চেষ্টা

গৰুখুতিৰ উচ্ছেদ কাণ্ডক ধৰ্মীয় মেৰুকৰন কৰাৰ চেষ্টা কৰিছে একাংশ ৰাজনৈতিক নেতা পালি নেতাই কিন্তু ইয়াৰ বিপৰীতে অসম আন্দোলনৰ প্ৰাক মূহুৰ্তত গৰুখুতিৰ সমীপবৰ্তী চৰ চাপৰি অঞ্চলৰ বেদশলকৃত ভূমি বেদশলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছিল একাংশ থলুৱা মুছলমানে আনকি ২০১২ চনত প্ৰয়াত কুবাত আলী নামৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ সনোৱা গাঁৱৰ এজন লোকে ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ দাবীৰে আদালতত গোচৰ তৰিছিল এনে পৰিপ্ৰেক্ষিতত ৮৫৫ জন শ্বাহিদ ক অপমান সূচক মন্তব্য কৰা কায্যক ধিক্কাৰ প্ৰদান কৰি উচ্ছেদ সম্পৰ্কত ধৰ্মীয় ৰহণ সানিবলৈ বাধা আৰোপ কৰিছে একাংশ থলুৱা মুচলমান সম্প্ৰদায়ৰ লোকে।আনহাতে শেৰমান আলীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বাহিদ পৰিয়ালে। চৰকাৰী ভূমিৰ অবৈধ উচ্ছেদৰ বাবে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সাহসী পদক্ষেপক আদৰণি জনাইছে গৰুখুটিৰ শ্বহীদ পৰিয়ালে । খিলঞ্জীয়াৰ ভূমিমুক্ত কৰি কৃষি প্ৰকল্প ৰূপায়ণ কৰাত সন্তুষ্টি ব্যক্ত কৰে ৰাজাপুখুৰী গাঁৱৰ শ্বহীদ পৰেশ বৰাৰ পৰিয়ালবৰ্গই।সমান্তৰাল ভাৱে ছিপাঝাৰৰ দেৱানন্দ গাঁৱৰ মুজাৰাম বৰাৰ পৰিয়ালেও মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এনে পদক্ষেপৰ প্ৰতি আদৰণি জনাইছে। ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত অবৈধ দখলকাৰীয়ে হানি খুচি হত্যা কৰা পৰেশ বৰা আৰু মুজাৰাম বৰাৰ অসম আন্দোলনৰ বৰ্ণনা দাঙি ধৰে।

অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্য

বাংগালোৰৰ আই এফ এইচ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ “অনীহা”ৰ ৯ টা শিতানত মনোনয়ন লাভ । অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্যদক্ষিণ যোৰহাট, ০১ অক্টোবৰ : বাংগালোৰত আয়োজিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন জে প্ৰডাকচনৰ নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই মুঠ ২৩টা শিতানৰ ভিতৰত নটা শিতানত মনোনয়ন লাভ কৰিছে। শিতান সমূহ হৈছে শ্ৰেষ্ঠ সমাজ সজাগতা ছবি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ আই এফ এইচ ছবি (সামাজিক শাখা), শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ সহ: মহিলা চৰিত্ৰ, শ্ৰেষ্ঠ চিনেমা। প্ৰযোজক নয়ন জ্যোতি শৰ্মাই জনোৱা মতে অহা ৬,৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া মহোৎসৱৰ ৭ নৱেম্বৰত চৌদিয়াহ মেম’ৰিয়েল হলত  ৰেড কাৰ্পেটৰ মূল এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব। অংশগ্ৰহণৰ বাবে প্ৰযোজকে ইতিমধ্যে বিশেষ  নিমন্ত্ৰণ লাভ কৰিছে আৰু ৰাওনাৰ প্ৰস্তুতি চলাইছে।। মুঠ ২৩খন ৰাজ্যৰ ১০টা ভাষাৰ ১০০০ খন চুটি ছবিৰ পৰা শ্ৰেষ্ঠ ২৫০ খন ছবি বিচাৰকসকলে নিৰ্বাচিত কৰিছে।  “অনীহা”ই ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে। পৰিবেশ দিৱসত মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু সংস্কৃতি অনুৰাগী মৃগাংক মাইনা। চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। নামত থাকি কামত বাগৰ মৰা বৰ্তমানৰ এক মানসিকতা আৰু পৰিৱেশ সজাগতাৰ বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। উল্লেখ্য যে, অভিনয়ত জড়িত শিল্পীসকল যোৰহাটৰ অপেছাদাৰী নাট্যগোষ্ঠী সূৰুয ড্ৰামা প্ৰডাকচন ৱৰ্কচৰ সদস্য। অন্যহাতে সকলো কলা-কুশলীয়েই এই দিশত নৱাগত। এনে সুপ্ত প্ৰতিভা বিকশিতই ছবি জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

ধুবুৰীৰ নিউ পানবাৰীত লোমহৰ্ষক হত্যাকাণ্ড।

এগৰাকী প্ৰধান শিক্ষকক হত্যা কৰি ঘাইপথৰ দাতিত পেলাই থৈ গল নৰপিচাসে । অপৰাধীক গ্ৰেপ্তাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । শেহতীয়াকৈ বিটিআৰৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ এগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰি নি হত্যা।উল্লেখ্যযে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত পূৱা উদ্ধাৰ হয় শিক্ষক গৰাকীৰ মৃত দেহ। বিটিআৰৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ তৃতীয় খণ্ড গাৱৰ বাসিন্দা তথা আলমগঞ্জ তৃতীয় খণ্ড এলপি স্কুলৰ শিক্ষক আছিল ছফিয়ৰ ৰহমান তালুকদাৰ(৪৬) ।উল্লেখ্য যে, যোৱা কালি বিয়লি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল ছফিয়ৰ তালুকদাৰ।শিক্ষক ৰহমানক পৰিকল্পিত ভাবে হত্যা কৰি কোনো দুৰ্বৃৰ্তৰ দলে ৰাষ্ট্ৰীয় পথৰ এই ঠাইডোখৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু ৰাইজে।আজি পূৱা ৬বজাত ঘটনা স্থলীত সহস্ৰাধিক লোক উপস্থিত হৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।ঘটনাস্থলীত আমছু,এবিএমছু ৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে ছফিয়ৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীতপ্ৰায় দুই ঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ইয়াৰ পাছত ঘটনা স্থলীত উপস্থিত ধুবুৰী চক্ৰ বিষয়া তথা জিলা দণ্ডাধীশ অভিজিত গগৈ, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিয়াৰ পাছতহে ঘাইপথ মুকলি কৰি দিয়ে উত্তেজিত জনতাই।ইয়াৰ পাছত ছফিয়ৰৰ মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত ধুবুৰী আৰু পৰ্বতঝোৰা আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয় বিষয়।

মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এটা চাইবাৰ অপৰাধী । ঝাৰখাণ্ডৰ জামতাৰাৰ পৰা আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটোৰ নাম গৌৰ দাস (৩৪) । ধৃত প্ৰবঞ্চকটোবে   ভূৰাগাঁৱৰ  দেবজিৎ ভড়ালি নামৰ এজন শিক্ষকৰ নামত থকা মৰিগাঁও এছ বি আই ৰ একাউণ্ট হেকিং কৰি ৬৪০০০ টকা লুট  কৰিছিল । ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষক জনে ভূৰাগাঁও থানাত এটা গোচৰ ৰুজু কৰিছিল । আৰক্ষীয়ে ধৃত চাইবাৰ  অপৰাধীটোৰ পৰা ৫ টা ম’বাইল , ৭ খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড উদ্ধাৰ কৰিছে ।

এটিএম, পেঞ্চন আৰু চিলিণ্ডাৰৰ পৰা চেকবুকলৈ, এই ৯টা ডাঙৰ নিয়ম আজিৰ পৰা সলনি হৈছে।

ক্ৰেডিট আৰু ডেবিট কাৰ্ড পৰিশোধ সম্পৰ্কীয় নিয়মসমূহ ১ অক্টোবৰৰ পৰা সলনি হ’ব। নতুন অটো ডেবিট নিয়মটো আপোনাৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ অধীনত, বেঙ্কবোৰে গ্ৰাহকৰ অজ্ঞাতে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিব নোৱাৰিব। বেঙ্কে ইয়াৰ বাবে আপোনাক আগতীয়া তথ্য প্ৰদান কৰিব আৰু আপোনাৰ সন্মতিৰ পিছত একাউণ্টৰ পৰা পৰিশোধ কৰ্তন কৰা হ’ব।অৰিয়েণ্টেল বেংক অফ কমাৰ্চ অৰ্থাৎ অ’বিচি বেংক, ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু এলাহাবাদ বেংকৰ পুৰণি চেক বহীবৈধ নহ’ব। এই বেংকবোৰ আন বেংকৰ সৈতে একত্ৰিত হৈছে। ইয়াৰ পিছত, একাউণ্ট ধাৰকৰ একাউণ্ট নম্বৰ, চেক বহী,আইএফএছচি কোড সলনি কৰা হৈছে। ১ অক্টোবৰৰ আগতে পুৰণি চেকবুক ব্যৱহাৰ কৰিব নোৱাৰি। ডিজিটেল জীৱনৰ প্ৰমাণপত্ৰসম্পৰ্কীয় নিয়মসমূহো ১ অক্টোবৰৰ পৰা সলনি হ’ব।এতিয়া ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ পেঞ্চনাৰসকলে দেশৰ সকলো মুখ্য ডাকঘৰত তেওঁলোকৰ জীৱনপ্ৰমাণপত্ৰত ডিজিটেল জীৱনপ্ৰমাণপত্ৰ দাখিল কৰিব পাৰে। ছেবিয়ে মিউচুৱেল ফাণ্ড বিনিয়োগৰ নিয়মো সলনি কৰিছে।মিউচুৱেল ফাণ্ড হাউচত কাম কৰা কনিষ্ঠ কৰ্মচাৰীসকলৰ বাবে নতুন নিয়ম অনুসৰি আণ্ডাৰ-প্ৰপাৰ্টি মেনেজমেণ্ট প্ৰযোজ্য হ’ব। এমএছচি কোম্পানীৰ কনিষ্ঠ কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ১০ শতাংশ মিউচুৱেল ফাণ্ড ইউনিটত বিনিয়োগ কৰিব লাগিব।এলপিজি গেছ চিলিণ্ডাৰ নিয়মআজি১ অক্টোবৰৰ পৰা এলপিজি চিলিণ্ডাৰৰ মূল্যও সলনি হ’ব। ঘৰুৱা এলপিজি আৰু বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য প্ৰতি মাহৰ 1 তাৰিখে ঘোষণাকৰা হয়। যোৱা মাহত গেছ চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছিল। অক্টোবৰ মাহত গেছ চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি হ’ব পাৰে।

.

.

.