Home Blog Page 2841

মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

২০ ছেপ্তেম্বৰত  ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি  বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি  ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDC ৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক  জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে  ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ  ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ ফলতেই প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বুকুত ভেটি-মাটি হেৰুৱাব লগা হয় হাজাৰ লোকে। বিষয়া অভিযন্তাই কামৰ সময়ত কাম নকৰাৰো গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰ সকলৰ লগত নিজৰ অংক নিমিলা পৰ্যন্ত কোনো এটা কাম নকৰে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগটোৱে।যাৰ বাবে  এতিয়া মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা ৰ ওপৰত  ক্ষুব্ধ হৈছে নৈ পৰীয়া ৰাইজ।উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মাক তথা বিভাগীয় মন্ত্ৰী পিষুজ হাজৰিকাক কাঠনি বাসী ৰাইজৰে খহনীয়াৰ স্হায়ী সমাধানৰ বাবে অনুৰোধ জনায়।।

দীৰ্ঘদিনৰ অন্তৰালত ছাত্ৰ-ছাত্ৰী সকলৰ মুখলৈ ঘূৰি আহিল হাঁহি

সোমবাৰে শিক্ষা বিভাগৰ আদৰ্শ মৰ্মে নিৰ্দিষ্ট SOP অনুযায়ী নগাঁও বেংগলী বালিকা বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ । অনলাইন পাঠদান হৈ আছিল যদিও আজিৰ পৰা যি অফলাইন পাঠদান আৰম্ভ হবলৈ লৈছে ছাত্ৰীসকলৰ লগতে শিক্ষকসকলো যথেষ্ট উৎফুল্লিত হোৱা দেখা গ’ল। বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ণ মজুমদাৰকে প্ৰমুখ্য কৰি সকলোকে উৎসাহিত কৰাৰ বাবে একোখনকৈ মাস্ক আৰু এটাকৈ চকলেট বিতৰণ কৰে।

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২২ছেপ্টেম্বৰত জ্বলিব গঁড়ৰ খৰ্গ

২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰা হ’ব বোকাখাতত।বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ।এই কাৰ্যসূচীৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি।দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছ চালিত চৌকা সংস্থাপন কৰা হৈছে।ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ পুনৰীক্ষণ কৰাৰ পিছত তাৰে দাহ কৰিব ২,৪৭৯ টা খৰ্গ।আনহাতে মুঠ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে।বুধবাৰে “বিশ্ব গঁড় দিৱস”ৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত দাহ কৰা হ’ব এই খৰ্গসমূহ।ইতিমধ্যে দিল্লীৰ পৰা অনা হৈছে বিশেষ ড্ৰোণ,য’ত থাকিব বিস্ফোৰক সামগ্ৰী।ড্ৰোণৰ দ্বাৰা লোৰ কেৰাহিত কৰা হ’ব অগ্নিসংযোগ।

ৰেলৱেৰ সম্পত্তি ব্যক্তিকৰণৰ বিৰুদ্ধে গুৱাহাটী ৰেল ষ্টেচনত এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ বিশাল প্ৰতিবাদী সমদল

ভাৰতীয় ৰেলৱেৰ শ্ৰমিক কৰ্মচাৰীৰ অধিকাৰৰ হকে মাত মাতি অহা অগ্ৰণী ট্ৰেড ইউনিয়ন “নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছ” চমুকৈ এন এফ আই আৰএ  ৰেলৱেকে ধৰি দেশৰ চৰকাৰী সম্পত্তি সমূহ ব্যক্তিগতকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । আনহাতে এন এফ আই আৰৰ আহ্বান মৰ্মে দেশৰ আন আন ৰেল মণ্ডলৰ লগতে উত্তৰ পূব সীমান্ত ৰেলৱেতো ১৫ ছেপ্টেম্বৰৰ  পৰা প্ৰতিবাদী সপ্তাহ  পালন কৰিছে এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নে । প্ৰতিবাদী সপ্তাহৰ লগত সংগতি ৰাখি ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ১৮ ছেপ্টেম্বৰৰ দিনা সন্ধিয়াৰ ভাগত গুৱাহাটী ৰেল ষ্টেচন পৰিসৰত এক বিশাল  প্ৰতিবাদী সমদল উলিওৱা হয় । সমদলত  ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ  প্ৰচাৰ গোটৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক   নয়ন কুমাৰ বৰ্মন , গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা , শাখা সম্পাদক অৰূপ  কলিতাকে ধৰি কেবাজনো নেতা – নেত্ৰী আৰু দুই শতাধিক কৰ্মচাৰীয়ে ভাগ লয় । আনহাতে কাৰ্যসূচীত ভাগ লোৱা সকলোৱে কেন্দ্ৰীয় চৰকাৰে ৰেলৱেকে   ধৰি ৰাজহুৱা আৰু চৰকাৰী সম্পত্তি ব্যক্তিগতকৰণৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি আকাশ বতাহ মুখৰিত কৰি তোলে । আনকি প্ৰতিবাদী কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায় , দেশৰ সম্পদ বিক্ৰী কৰাৰ সিদ্ধান্ত বাতিল কৰক , ৰেলৱেক ব্যক্তিগতকৰণ কৰা নচলিব ধ্বনি দিয়ে । আনহাতে প্ৰতিবাদী  কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু এন এফ আই আঁৰৰ সহকাৰী সম্পাদক মুনীন্দ্ৰ শইকীয়াই  গুৱাহাটী শাখাৰ সমূহ ৰেলকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছে।

ইটাখোলাৰ দিকৰাই চাহ বাগিচাত ‘কৰম পৰৱ’ পালন

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাত চাহ জনগোষ্ঠীৰ অন্যতম লোক সংস্কৃতি ‘কৰম পৰৱ’ পালন কৰে। দিকৰাই চাহ বাগিচাৰ সমুহ ৰাইজৰ সৌজন্যত অনুষ্ঠিত কৰম পৰৱৰ মাংগলিক ৰিতী-নীতি অনুসৰি যোৱা ১২ চেপ্টেম্বৰৰ দিনটোত স্থানীয় চাহ জনগোষ্ঠীৰ সাত গৰাকীকৈ কুমাৰী ছোৱালীৰ দ্বাৰা ‘জাৱা উঠোৱা’ কাৰ্যসূচীৰে আৰম্ভ কৰি যোৱা কালি মুল জাগৰণ কাৰ্যসূচী সমাপন কৰে। চাহ জনগোষ্ঠী আদিবাসী লোকসকলে বৈদিক কালৰ পৰাই আনুষ্ঠানিক ভাবে পৰম্পৰাগত ভাবে পালন কৰি অহা উৎসৱটিৰ যোৱা কালি পুৱাৰ ভাগত সাত দিন ধৰি ব্ৰত পালনেৰে ‘জাৱা’ জগোৱা মুলতে সাত গৰাকীকৈ কুমাৰী ছোৱালীয়ে জাৱা জগোৱা কাৰ্যসূচী আৰু সন্দ্ধ্যা বেলাত এগৰাকী কুমাৰ ল’ৰাৰ দ্বাৰা ডাল কটা অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পিছত অনুষ্ঠানটি আয়োজন কৰা স্থানতে অস্থায়ীকৈ সাজি ৰখা থাপনাত কাটি অনা ডাল আৰু সাতটাকৈ জাৱা স্থাপন কৰে। লগে লগে স্থানীয় সাংস্কৃতি কৰ্মী বিচেম্বৰ কৰ্মকাৰৰ দ্বাৰা কৰম পৰৱৰ কাহিনী(সাধু) কোৱা পৰ্ব সম্পন্ন হয়। ইয়াৰ অন্তত কৰম পৰৱৰ মূল মাংগলিক পূজা অৰ্চনাৰ কৰে আৰু এই কৰম পৰৱ উৎসৱ ভাগক কেন্দ্ৰ কৰি বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ সঞ্চালনাত এটি সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠি কৰে।

উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি তথা যুৱ নেতা লক্ষীকান্ত বৰা সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিনোদ তচা, সদৌ আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সভাপতি অনন্ত কুজুৰ, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়ত সভানেত্ৰী দীপা তাঁ‌তী,অসম চৰকাৰৰ শিল্পী বঁ‌টা প্ৰাপক তথা জনপ্ৰিয় কন্ঠ শিল্পী সুজিৎ তচা,নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তী আমন্ত্ৰিত অতিথি উপ-সভাপতি লক্ষীনাথ ভূঞা,সহকাৰী সম্পাদক যতীন তচা,সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী,প্ৰাক্তন আটছা নেতা তথা শিক্ষক বিজেন তাঁ‌তীসহ বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অঞ্চলটিৰ উল্লেখনীয় সন্তোষ ঝুমুইৰ দলৰ ৰূহীত তচাৰ পৰিচালনাত আয়োজন কৰা চাহ জনগোষ্ঠীৰ জাতীয় সাজ পাৰ পৰিধানৰ অনলাইন ফ’ট প্ৰতিযোগিতাৰ ফলফল ক্ৰমে প্ৰথম স্থান আমিনা তচা,দ্বিতীয় স্থান জয়ন্তী মল্লিক আৰু তৃতীয় স্থান প্ৰীতি তচাক গামোচা,প্ৰসংশা পত্ৰ আৰু একোটা ট্ৰফীৰে পূৰস্কৃত কৰে। সম্বৰ্দ্ধনা অনুষ্ঠানৰ অন্তত নদুৱাৰ আটছাৰ অন্যতম বিষয়ববীয়া তথা শিক্ষক আনন্দ তচাৰ দ্বাৰা মুকলি কৰা কৰম পৰৱটিৰ অন্যতম মূখ্য অনুষ্ঠান মুকলি আকড়া অনুষ্ঠান আৰম্ভ হয়। মুকলি আখড়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনাই অনা জনপ্ৰিয় কন্ঠশিল্পী বিক্কি মল্লিক,পায়েল ওৰাঙ আৰু মাৰিউচ কুলদ্বীপৰ গীতৰ অনুষ্ঠানে কৰম পৰৱটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে বুলি মন্তব্য কৰে অয়োজক কমিটিৰ সভাপতি কৰণ তচা আৰু সম্পাদক দুৰ্য্যণ তচাই।

নগৰবেৰাৰ টুপামাৰীত কদৰ্যময় পথে জ্বলাকলা খুৱাইছে ৰাইজক, কানসাৰ নাই জনপ্ৰতিনিধিৰ

 বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত আজিও সুগম হৈ নুঠিল যাতায়ত ব্যৱস্থা, বিধস্ত পথে আমুৱাইছে ৰাইজক। বৃহত্তৰ টুপামাৰী অঞ্চলৰ ব্যৱসায় বাণিজ্যৰ এক মাত্ৰ প্ৰতিষ্ঠানটো হল টুপামাৰী বজাৰ আৰু টুপামাৰী বজাৰৰ পৰা ৰঙ্গেশ্বৰী পামলৈ যোৱা পথটি অতিকৈ বিধস্ত, মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ পথটিৰে বোকাৰে লুতুৰি পুতুৰি যাব লাগে টুপামাৰী বজাৰলৈ। বছৰটোৰ সৰহভাগ কাল বোকাময় হৈ থাকে পথচোৱা। পথটিৰে নিতৌ স্কুল-কলেজীয়া ছাত্ৰ ছাত্ৰী ৰোগীকে আদি কৰি যান-বাহন চলাচলত যথেষ্ট অসুবিধা হৈছে।পথটিৰে নিতৌ প্ৰায় দহ খন গাওঁৰ মানুহে আহযাহ কৰিবলগীয়া হয়,  সদাব্যস্ত ৰাজপথটো মাহৰ পিছত মাহ কদৰ্যময় হৈ থকাত ৰাইজে যাতায়তৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণাত। পঞ্চায়ত প্ৰতিনিধিক বাৰাম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো কানসাৰ কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। শীঘ্ৰে স্থানীয় দোকানী-ব্যৱসায়ীৰ লগতে ৰাইজে পথচোৱা যাতায়ৰ বাবে সুগম কৰি তুলিবলৈ পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়িকা নন্দিতা দাস লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আলিচিঙা টেঙাণী প্ৰত্নতাত্বিক স্থান পৰিদৰ্শন

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে  অসমৰ জনজাতীয় তথা খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ প্ৰায় হেৰাই যাবলৈ উপক্ৰম হোৱা ঐতিহাসিক সমল সমূহৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰেই অংশ হিচাপে আজি  ক্ষেত্ৰ সমুহ পৰিদৰ্শন কৰাৰ উদ্দেশ্যৰে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ   আলিছিগা টেঙাণীত উপস্থিত হয়হি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ এক জনজাতীয় প্ৰতিনিধিৰ দল।

আলিছিগা টেঙাণীস্হিত  সপ্তম-অষ্টম শতিকাৰ কছাৰী ৰজাদিনীয়া ৰাজহাউলি, পুখুৰী, মন্দিৰ আদিকে প্ৰমুখ্য কৰি অঞ্চলটোৰ বিভিন্ন প্ৰত্ন-তাত্বিক স্থান তথা সমল সমুহ উক্ত জনজাতীয় প্ৰতিনিধিৰ দলটোৱে পৰিদৰ্শন কৰে।এই জনজাতীয় প্ৰতিনিধিৰ দলটোত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপৰিও অসম বিধান সভাৰ উপাধ্যক্ষ ড° নুমল মৌমিন, বিধায়ক ভূপেন বড়ো  আৰু বিধায়িকা নন্দিতা গাৰ্লোচা উপস্থিত আছিল। পৰিদৰ্শন কালৰ শেষত সাংবাদিকক বিধান সভাৰ অধ্যক্ষজনে জনায় যে,অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ” জনজাতীয় বিশ্বাস আৰু সংস্কৃতি ” শীৰ্ষক এক নতুন বিভাগ খুলিছে আৰু এই বিভাগৰ বাবে বৰ্তমান ১০০ কোটি টকা ধাৰ্য কৰা হৈছে। যাৰ জৰিয়তে অসমত থকা বিভিন্ন ঐতিহাসিক স্থান সমুহ বিধান সভাৰ অধ্যক্ষ,উপাধ্যক্ষ,বিধায়ক সকলে পৰিদৰ্শন কৰিব।শেষত তেঁও জনায় যে,পৰিদৰ্শন কালৰ মুলতে হ’ল অসমৰ খীলঞ্জীয়াৰ ভাষা,সাহিত্য,কৃষ্টি-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা। অধ্যক্ষ গৰাকীয়ে আলিচিঙা টেঙাণীৰ প্ৰত্নতাত্বিক স্থান দখৰ সংৰক্ষণ আৰু সংবৰ্ধনেৰে দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব বুলি প্ৰকাশ কৰে । উল্লেখযোগ্য যে বিশ্বজিৎ দৈমাৰী সহ দলটোক পৰম্পৰাগত সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়

লাহৰিঘাটত লুইতৰ তীব্ৰ খহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কাঠনিত পুনৰ বৰলুইতে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।প্ৰতি দিনেই খহিছে লুইতৰ পাৰ।আংত বিৰাজ কৰিছে নৈপৰীয়া কাঠনি বাসী ৰাইজৰ মাজত। কিন্তু কোনো কাণ সাৰ নাই মৰিগাঁও জিলাৰ বিয়াগোম জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ। বিভাগটোৰ বৰমুৰীয়া সকলৰ গাফিলতিৰ ফলতেই প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বুকুত ভেটি-মাটি হেৰুৱাব লগা হয় হাজাৰ লোকে। বিষয়া অভিযন্তাই কামৰ সময়ত কাম নকৰাৰো গুৰুতৰ অভিযোগ আছে। ঠিকাদাৰ সকলৰ লগত নিজৰ অংক নিমিলা পৰ্যন্ত কোনো এটা কাম নকৰে মৰিগাঁও জিলাৰ জলসম্পদ বিভাগটোৱে।যাৰ বাবে  এতিয়া মৰিগাঁও জিলা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা ৰ ওপৰত  ক্ষুব্ধ হৈছে নৈ পৰীয়া ৰাইজ।উল্লেখ্য যে অসমৰ মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাক তথা বিভাগীয় মন্ত্ৰী পিষুজ হাজৰিকাক কাঠনি বাসী ৰাইজৰে খহনীয়াৰ স্হায়ী সমাধানৰ বাবে অনুৰোধ জনায়।।

ৰজাগাধোৱা নবজ্যোতি টেট প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰজাগাধোৱা নবজ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ২০২১ বৰ্ষৰ বাবে টেট পৰীক্ষাৰ্থী সকলৰ বাবে টেট কচিং চেন্টাৰৰ শুভ উদ্বোধন কৰা হয়। এই টেট কচিং চেন্টাৰৰ শুভ উদ্বোধন কৰে কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবুল হাসেম  আল আমান  ডাঙৰীয়াই। দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে এই টেট কচিং চেন্টাৰৰ অন লাইন যোগে পাঠ গ্ৰহণৰ বাবে  নাম পঞ্জীযন কৰে বুলি পৰিচালনা সমিতিৰ সম্পাদকে জনাইছে। উল্লেখ্য যে এই কচিং চেন্টাৰত  মুঠ ১১জন   অভিজ্ঞ প্ৰৱক্তা সকলে পাঠদান সেৱা আগবঢ়াব বুলিও জানিব পৰা গৈছে। এই উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে  অভীক্ষ শিক্ষাবিদ মূখলেছুৰ ৰহমান ফাৰুকী, বিদ্যাসাগৰ বিদ্যাপীঠৰ অধ্যক্ষ ড0 আনোৱাৰ হুছেইন মহম্মদ ৱাহিদ, লাহৰীঘাট মহাবিদ্যালয়ৰ প্ৰৱক্তা আবুল ফজল, টেঙাগুৰি আদৰ্শ মাৰ্কাজ একাডেমিৰ অধ্যক্ষ মাইনুল ইছলাম, উপাধ্যক্ষ ওমৰ ফাৰুক, শিক্ষাবিদ ছাদিকুল ইছলাম, নব জ্যোতি চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সম্পাদক চাইফুল ইছলামৰ লগতে আৰু বহু গন্যমান্য ব্যক্তি সকল উপস্থিত আছিল।