Home Blog Page 2874

কটনত স্নাতক শাখাত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা বাতিল

কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’বলগীয়া কটন আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেন্স পৰীক্ষা (চি ইউ জি ই ই-২০২১) বাতিল কৰা হৈছে। শনিবাৰে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননীযোগে এই কথা সদৰী কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিতেই বিশ্ববিদ্যালয়খনত স্নাতক শাখাত শাখাত নামভৰ্তি হ’ব। নামভৰ্তি সন্দৰ্ভত বিস্তৃত নিৰ্দেশনা আৰু অনলাইন আবেদনৰ নতুন তাৰিখৰ বিষয়ে অতি শীঘ্ৰে জনাব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰে। প্ৰৱেশ পৰীক্ষা বাতিল কৰা জাননীখন cottonuniversity.ac.inত উপলব্ধ। উল্লেখ্য, পূৰ্বে বিশ্ববিদ্যালয়খনত স্নাতক শাখাত নামভৰ্তিৰ ক্ষেত্রত শিক্ষাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত লাভ কৰা নম্বৰৰ ৪০ শতাংশ যোগ কৰি মেধাৰ তালিকা প্ৰস্তুত কৰা হ’ব বুলি জনাইছিল।

ছ’চিয়েল মিডিয়াত তালিবান পন্থী পোষ্টৰ বাবে AIUDFৰ সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ (এআইইউডিএফ) সাধাৰণ সম্পাদক মৌলানা ফজুল কৰিমক শনিবাৰে অসম আৰক্ষীয়ে আফগানিস্তান দখল কৰা তালিবানক সমৰ্থন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰা সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰ কৰে।মৌলানা ফজুল কৰিম জমিয়ত উলেমা-ই-হিন্দৰ অসম ৰাজ্যিক গোটৰ সচিব, যাৰ ভিতৰত এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ৰাজ্যিক সভাপতি।অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে (এআইইউডিএফ) শনিবাৰে তেওঁলোকৰ সাধাৰণ সম্পাদকক নিলম্বন কৰিছে।শনিবাৰে দলৰ উপ-সভাপতি আৱাল মজিদে এই তথ্য প্ৰদান কৰে ।

অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত তালিবান পন্থী সমল পোষ্ট কৰাৰ বাবে ৰাজ্যজুৰি প্ৰায় ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ কৰা লোকসকলক দৰঙৰ মৌলানা ফজুল কৰিম (৪৯) বুলি চিনাক্ত কৰা হৈছে, কামৰূপ (গ্ৰাম্য)ৰ আবু বাক্কাৰ ছিদ্দিক (৫৫) আৰু ছাইদুল হক (২৯), কাছাৰৰ জাৱেদ মজুমদাৰ, মজিদুল ইছলাম (২৫), আৰু বৰপেটাৰ ফাৰুক হুছেইন খান (৩২), ধুবুৰীৰ চৈয়দ আহমেদ (২৭) আৰু ধুবুৰীৰ নাদিম আখটাৰ (২৫), দক্ষিণ ৰ পৰা হাইলাকান্দি আলমাৰা, আলমাৰা, আলমাৰাৰ পৰা আলমাৰাৰ পৰা আবু বাক্কাৰ ছিদ্দিক (২৩), দক্ষিণ ৰ পৰা আলমাৰা, আলমাৰাৰ পৰা আলডাকাৰ খানৰ পৰা আবু বাক্কাৰ ছিদ্দিক (৫৫) আৰু ছাইদুল হক (২৯), কাছাৰৰ জাৱেদ মজুমদাৰ, মজিদুল ইছলাম (২৫), আৰু ফাৰুক হুছেইন খান (৩২) বৰপেটাৰ পৰা, চৈয়দ আহমেদ (২৭) আৰু ধুবুৰীৰ পৰা অৰমান হুছেইন (২৫), দক্ষিণ ৰ হাইলাকন্দিৰ পৰা নাদিম আখটাৰ (২৩), দক্ষিণ ৰ পৰা আলডা গোৱালপাৰাৰ মৌলানা য়াছিন খান (২৬), হোজাইৰ মৌলানা বছিৰুদ্দিন লস্কৰ (৬৫) আৰু কৰিমগঞ্জৰ মৰ্তুজা হুছেইন খানৰ সৈতে মুজিব উদ্দিন।অভিযুক্তসকলৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইন, বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, 1967 আৰু চিআৰপিচিৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

লাহৰিঘাট শান্তিপুৰত দেহ ব্যৱসায়ৰ ঘাটি উৎখাত

মৰিগাঁও জিলাৰ লাহৰীঘাটত নাৰী দেহ ব্যৱসায় উৎখাত কৰিলে স্হানীয় ৰাইজে। লাহৰীঘাটৰ শান্তিপুৰৰ পৰা ৰাইজৰ সহযোগত লাহৰীঘাট আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত দুজনকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,লাহৰীঘাটৰ শান্তিপুৰৰ ইক্ৰামুল হুছেইন নামৰ এজন ব্যক্তিয়ে নিজ গৃহত এই দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই আহিছিল বুলি স্থানীয় ৰাইজৰ অভিযোগ। যোৱা ২০ আগষ্টত স্থানীয় ৰাইজে ইক্ৰামুল হুছেইনৰ গৃহৰ পৰা দেহ ব্যৱসায়ীৰ লগত জড়িত এগৰাকী যুৱতীৰ লগতে ইনামুল হুছেইন নামৰ এজন ব্যক্তিক হাতে লুটে ধৰি লাহৰিঘাট আৰক্ষীক গতাই দিয়ে। 

ক্ষমতাৰ অপব্যৱহাৰ: একাংশ কৃষকক ৰামঠগন

প্ৰাক্তন বিজেপী বিধায়ক অশোক কুমাৰ সিংহীৰ ভাতৃৰ ঘৰত চৰকাৰী আঁচনিৰ কেইবাখনো পাৱাৰ টিলাৰ  । হতাশগ্ৰস্থ হৈ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন। হয় এই নাভূত-নাশ্ৰুত ঘটনা সংঘঠিত হৈছে ধুবুৰী জিলাৰ ২৭ নং বিলাসী পাৰা পূৱ সমষ্টিত। দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনসীল হোৱা অসম চৰকাৰৰ ফোপোলা স্বৰূপ উদঙাইছে ধুবুৰী জিলা কৃষম মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ২৭ নং বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিজেপী বিধায়ক অশোক কুমাৰ সিংহীৰ নিজ ভাতৃৰ ঘৰত পৰিতপ্ত অৱস্থাত পৰি আছে কৃষকৰ পাৱাৰ টিলাৰ। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উক্ত ঘটনাটোক তিব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে কৃষকৰ নামত অহা পাৱাৰ টিলাৰ বিলাক  অশোক কুমাৰ সিংহীৰ নিজ ভাতৃয়ে আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই ।  যি সময়ত এখন পাৱাৰ টিলাৰৰ বাবে কৃষকে হাবাথুৰি খাব লগা হৈছে তেনে সময়তে প্ৰাক্তন বিজেপী বিধায়কৰ ভাতৃয়ে কেইবাখনো পাৱাৰ টিলাৰ ঘৰত জমা কৰি ৰখা ঘটনাই সকলোৰে চকু কপালত তুলিছে। ইয়াৰ উপৰিও BGREI আঁচনিৰ পাৱাৰ টিলাৰ বুলিও সন্দেহ ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ   ঘটনা সন্দৰ্ভত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতিক ফোন যোগে অবগত কৰে বুলি জানিব দিয়া। সংগঠনটোৱে অসম চৰকাৰ তথা বিভাগীয় কতৃপক্ষক দাবী জনায় যে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰে যেন। যদি সংগঠনটোৰ অভিযোগ সঁচা হয় তেন্তে কাৰ চত্ৰছায়াত এনে দূৰ্নিতি কৰাৰ সাহস পাইছে? নে কোনো বিষয়াক মেনেজ কৰি চলাই গৈছে এই লুণ্ঠন ৰাজ এয়া হৈ পৰিছে এতিয়া লক্ষনীয় ঘটনা সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কতৃপক্ষই কি পদক্ষেপ হাতত লয় পৰবৰ্তী সময়ত সেয়া হব লক্ষনীয়

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত চাৰিটাকৈ অৱৈধ কাঠফলা মিল উৎখাত

বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলত আজি জিলা বন বিভাগৰ ৫০ জনীয়া দলে এক অভিযান চলাই চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে,উত্তৰ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ছানিদেউল  চৌধুৰীৰ নেতৃত্বত বিভাগটোৰ কেবাজনো বন বিষয়াৰ সহযোগত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতি, খামখেয়ালী আৰু ভাতনাপাইতিচৰত  অভিযান চলাই মুঠ চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে কেবা লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।ডি এফ অ ছানিদেউ ইন্দ্ৰাদেউ চৌধুৰীৰ নেতৃত্বত ৫০ জনীয়া দলে গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযান কাৰাইখাইতিৰ পৰা দুটা, ভাতনাপাইতিচৰৰ পৰা আৰু খামখেয়ালী বজাৰ এলেকাৰ পৰা ভাগে ভাগে অভিযান চলাই চাৰিটাকৈ চোৰাং কাঠফলা মিল উৎক্ষাত কৰাৰ লগতে কেবা লক্ষ্যাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

অভিযান কালত এগৰাকী বন বিষয়াই ভৰিত বেয়াকৈ আঘাত পোৱাৰ ফলতে অভিযানকাৰীৰ দলটোৰ অভিযান এক প্ৰকাৰ স্থব্দ হৈ পৰে।চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে চলোৱা এই অভিযান কালত ৰেঞ্জাৰ গৌতম মহন্ত, তপন দাসকে ধৰি কেবাজনো বিষয়াই সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধূলি দি দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ একাংশ চোৰাং কাঠ বেপাৰীয়ে এনে অবৈধ ব্যৱসায় চলাই আহিছিল যদিও স্থানীয় আৰক্ষী প্ৰশাসনৰ লোকে ৰহস্যজনক ভাৱে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় বিৰুদ্ধে আজি বন বিভাগে চলোৱা এনে ধাৰাবাহিক অভিযানক প্ৰকৃতি প্ৰেমী ৰাইজে ভূয়সী প্ৰসংসা কৰিছে ।

ডিৰাক গেটত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ‘প্ৰতিকী চেকগেট’

বৃটিছ শাসনৰ কালছোৱাত ভাৰত চৰকাৰৰ “ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেচন এক্ট ১৮৭৩” পৱৰ্তন কৰি গাৰোপাহাৰ, খাছী আৰু জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, কামৰূপ, দৰং, শিৱসাগৰ, নগাওঁ, লখিমপুৰ আদি সামৰি আন্তঃৰাজ্যিক পাৰপত্ৰ পৱৰ্তন কৰিছিল । কিন্তু ভাৰত স্বাধীন হোৱাৰ লগে লগে এই আইন সংশোধন কৰি অসমৰ পৰা এই আইন প্ৰত্যাহাৰ কৰি বিদেশীৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰীত কৰিছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে দীৰ্ঘদীন ধৰি এই আইন অসমত পূনৰ প্ৰৱৰ্তন কৰি অসমৰ থলগিৰিসকললৈ অহা ভয়ঙ্কৰ পৰিস্থিতি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাই অহা সত্ত্বেও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে ডুমডুমা আৰু কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তণৰ দাবীত আজি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্ত ডিৰাক গেটত প্ৰতিকী চেকগেটত অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ প্ৰৱেশ কৰা প্ৰতিখন গাড়ীৰ নাম পঞ্জীয়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে চলিত মাহৰ ২৩ তাৰিখে অসম অৰুণাচল সীমা জাগুণত ২৫ তাৰিখে বৰডুমছাত ২৭ তাৰিখে শদিয়াত আৰু ৩০ তাৰিখে মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সুৰজিৎ মৰাণে জানিবলৈ দিছে ।

অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৰ ছাত্র সন্থাৰ বিক্ষোভ প্ৰতিবাদ

ৰাজ্য জুৰি অব্যাহত  আছে ক’ৰণাৰ  ঢৌৰ জুৰুলাময় পৰিবেশ। এই পৰিবেশে ইতিমধ্যে জুৰুলা কৰিছে দেশ আৰু ৰাজ্যৰ অৰ্থনীতি।ইয়াৰ মাজতে হুৰাহুৰে বৃদ্ধি পাব ধৰিছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য । আৰু এই মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত আজি মৰিগাঁও সদৰ ছাত্র সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত মৰিগাঁও জিলাত এক মানৱ শৃংখল প্ৰতিবাদ সাব্যস্ত কৰে। 

ইটাখোলাৰ বালিজুৰিত নেপালী ভাষাৰ মান্যতা দিৱস উদযাপন

বিশ্বনাথ জিলাৰ অসম অৰুনাচল সীমান্তৰ বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত যোৱা কালি দিনজোৰা কাৰ্যসূচীৰে ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে। অনুষ্ঠানটিত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মান্যতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট নাগৰিক গনেশ আমগায়ে। শুভাৰম্ভৰ পিছত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা সমৱেত সংগীতে উপস্থিত সকলোকে মন্ত্ৰমুগ্দ্ধ কৰে। সমৱেত সংগীতৰ পিছত নেপালী ভাষা মান্যতা দিৱসৰ লগত সংহতি ৰাখি অনুষ্ঠিত সভাৰ পৰিচালনা কৰে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ শৰ্মাই। অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকল ডাঃ ডনডিৰাজ উপ্যাধ্যায়,গোৰ্খা উন্নয়ন পৰিষদৰ অন্যতম মতি নেৱাৰ,কিশোৰ উপাধ্যায়,যুৱ নেতা লক্ষীকান্ত কৰাকে ধৰি বিভিন্ন নাগৰিকে নেপালী ভাষা মান্যতা দিৱস উদযাপনৰ তাৎপৰ্যৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে উত্তৰ নাগশংকৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটিয়ে নেপালী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল বালিজুৰিত জনগোষ্ঠীটোৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোনৰ এনাজৰি ডাল অধিক কটকটীয়া কৰিতুলিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

বাঘবৰৰ আলোপতিৰ নেমুটেঙা খেতিয়কৰ হাহাকাৰ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ থানাৰ অন্তৰ্গত আলোপতিত চৰকাৰী চাকৰিৰ আশা এৰি স্বাৱলম্বী হোৱাৰ সপোন ল’ই আবুশ্বামা আলী নামৰ এজন শিক্ষিত যুৱকে ছাৰি বিঘাকৈ মাটিত কৰিছিল নেমু টেঙাৰ খেতি। যুৱকজনে খেতি কৰা চাৰি বিঘা মাটিৰ দুই বিঘা মাটি নিজা আৰু দুই বিঘা মাটি লোকৰ পৰা বিঘাই প্ৰতি দহ হাজাৰ টকাকৈ লীজত লৈছিল। সকলো ঠিকেই আছিল যদিও কভিড’ৰ বাবে বজাৰ-সমাৰ বন্ধৰ উপৰিও আন্তঃজিলা যাতায়ত বন্ধ হোৱাত উৎপাদন অনুসৰি নেমু টেঙাবোৰ বিক্ৰী কৰাৰ বাবে বজাৰত বেপাৰী নাপায়। ফলত গছৰ ফল গছতেই পকি গেলি পচি এমূৰৰ পৰা নষ্ট হৈ যাবলৈ ধৰিছে। গছবোৰ তলে তলে উভৈনদী হৈ পৰিল পচি সৰি যোৱা পকা পকা নেমু টেঙাবোৰ। যুৱকজনৰ হাতত পৰ্যন্ত মূলধন নথকাত লোকৰ পৰা ঋণ লৈ নেমু বেচি ঋণ পৰিশোধৰ চৰ্তত কৰিছিল নেমু খেতি। পিছে যুৱকজনৰ আশাত চেঁচাপানী পৰিল। এতিয়া ঋণ পৰিশোধৰ চিন্তাত শিক্ষিত যুৱকজনৰ সম্প্ৰতি দিন নাযায় ৰাতি নুপুৱায় অৱস্থা হৈ পৰিছে। সেয়ে উপায়বিহীন হৈ চৰকাৰৰ কৃষি বিভাগৰ পৰা অৰ্থ সাহাৰ্য্য বিচাৰিছে উদ্যমী শিক্ষিত যুৱ কৃষক গৰাকীয়ে। এতিয়া প্ৰশ্ন হয় যুৱ কৃষক গৰাকীৰ এই বিপৰ্যয়ৰ কথা বিবেচনা কৰিবনে চৰকাৰৰ কৃষি বিভাগটোৱে ? নে এইদৰে মৰহি যাব কৃষি কৰ্মৰে স্বাৱলম্বী হব বিচৰা আবুশ্বামা আলীৰ দৰে যুৱ কৃষকৰ সপোন-আশাবোৰ।

লণ্ডনৰ ‘The Lift-Off’লৈ মনোনীত চুটিছবি ‘এন্ধাৰ আঁতৰিব যিদিনা’

সাংস্কৃতিক জগতৰ এক ইতিবাচক তথা আশাব্যঞ্জক খবৰে  আনন্দৰ জোৱাৰআনিছে নলবাৰী জিলাৰ সৰ্বস্তৰৰ লোকৰ মাজত। উল্লেখ্য যে পশ্চিম নলবাৰী অঞ্চলৰ  চামতাৰ ‘আকাশ’- এক কলাত্মক অনুষ্ঠানৰ প্ৰযোজনাত নিৰ্মাণ হোৱা চুটিছবি “এন্ধাৰ আঁতৰিব যিদিনা” লণ্ডনৰ ‘দ্য লিফ্ট অ’ৱ’ ( The Lift-Off )ৰ দ্বাৰা আয়োজিত ফিল্ম ফেষ্ট- ছিজন -২০২১ত প্ৰদৰ্শনৰ বাবে  মনোনীত হৈছে । উল্লেখ্য, এই সু-খবৰে ৰাজ্যৰ সাংস্কৃতিক মহলক আনন্দিত কৰাৰ লগতে অসমীয়া চুটিছবি নিৰ্মাতা সকলক বেচ উৎসাহিত কৰি তুলিছে । ছবিখনৰ প্ৰযোজক তথা অন্যতম অভিনেতা চন্দন প্ৰয়াসে দৈনন্দিন বাৰ্তাক  জনোৱা মতে, এই চুটিছবিখনৰ কাহিনী, সংলাপ আৰু পৰিচালনা নিজৰ । ছবিখনত অভিনয় আগবঢ়াইছে হীৰেণ মিশ্ৰ, ৰাজেন বৈশ্য, চন্দন প্ৰয়াস, গণেশ বৰ্মন, মীনাক্ষী বৰ্মন, লক্ষী দাস, বৰ্ণালী বৈশ্য, প্ৰীতিমণি বৈশ্য, সীমান্ত বৰ্মন, নীলোৎপল বৰ্মন, নৃপেন বৰ্মন, হেমন্ত বৈশ্য, সাগৰিকা বৰ্মন, কমলা দাস, মঞ্জু বৰ্মন, প্ৰজ্ঞা বৰ্মন, বৰ্ণালী বৰ্মন, শিশুশিল্পী হেমেন দাস আৰু সাগৰিকা বৰ্মনে । দৃশ্যগ্ৰহণ কৰিছে পংকজ কুমাৰ নাথ আৰু চম্পক ডেকাই । ছবিখনৰ সম্পাদনা মুন বি মুনৰ আৰু সম্পাদনা সহযোগী কংকন বৰ্মনৰ ।     এন্ধাৰ যিমানেই গভীৰ নহওক কিয়, পোহৰ নিশ্চয়কৈ এদিন ওলাবই – এনে এক মূল বিষয়বস্তুক লৈ অতি কম বাজেটেৰে পৰিচালকে ছবিখন নিৰ্মান কৰিছে সম্পূৰ্ণ গ্ৰাম্য পটভূমিত।  গ্ৰাম্য জীৱনৰ হাঁহি- কান্দোন, সুখ-দুখ ,আবেগ-অনুভূতিৰে পৰিপূৰ্ণ ছবিখন ছবিখনত দৰ্শকে অভিনয়ৰ এক নতুনসোৱাদ লাভ কৰিব।