Home Blog Page 2875

ৰৌতাত আৰক্ষীৰ তৎপৰতাত ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা কেইবা লাখ টকাৰ টিনপাত উদ্ধাৰ

ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী আমিন পাৰাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ পৰা ১৯ আগষ্টৰ নিশা প্ৰায় ১০ -২০ বজাত ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে  ৯২ খন নতুন টিনপাত  উদ্ধাৰ কৰে । আনুমানিক ৩ লাখ টকা মূল্যৰ  এই টিনখিনি  ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদ্ধাৰ কৰি  লগে লগে থানাত আনি ৰাখি থৈছে ৰৌতা আৰক্ষী থানাৰ আৰক্ষীয়ে । অৱশ্যে এই  মূল্যৱান  নতুন টিনপাতখিনি কাৰ আছিল আৰু কেনেকৈ  ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পৰি থাকিল । সেই বিষয়ে আজিলৈকে আৰক্ষীয়ে  একো সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাৰ লগতে কোনো ব্যক্তিয়ে বিচাৰি পৰ্যন্ত অহা নাই বুলি জানিব পৰা গৈছে । 

গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰা

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শনিবাৰে পুৱা জন আশীৰ্বাদ যাত্ৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় । তাৎপৰ্যপূৰ্ণভাৱে, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আৰু লগতে আয়ুষ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত সৰ্বানন্দ সোণোৱালৰ এইটো প্ৰথম ভ্ৰমণ। তেওঁ ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰো সদস্য।বৰঝাৰৰ এলজিবিআই বিমানবন্দৰত সোণোৱালক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়। সোণোৱালৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ বাবে বিজেপিৰ অসম গোটে তিনিদিনীয়া ‘আশীৰ্বাদ যাত্ৰা’ সম্পন্ন কৰিব। ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ তেওঁৰ যাত্ৰাৰ সময়ত ৰাজ্যৰ ১৮ টা স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। যাত্ৰাটো দলটোৰ সংগঠন জিলা গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মাজেৰে আগবাঢ়িব। এই যাত্ৰাই ৩৭৫.৫ কিলোমিটাৰ আৱৰিব। Covid.-19 প্ৰটোকলক কঠোৰভাৱে অনুসৰণ কৰি যাত্ৰা অনুষ্ঠিত কৰা হ’ব।

যুৱ-ছাত্ৰ পৰিষদৰ সুন্দৰ পদক্ষেপঃ বিহু উদ্‌যাপনৰ বাবে সংগ্ৰহ কৰা ধনেৰে ৰাইজক এম্বুলেঞ্চ উপহাৰ

দৃষ্টান্তমূলক সুন্দৰ পদক্ষেপেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ পৰিষদৰ তৰফৰ পৰা গোগামুখবাসীক এখন সুন্দৰ এম্বুলেঞ্চ উপহাৰ আগবঢ়াইছে ৷ উল্লেখনীয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতি আৰু ষষ্ঠ বাৰ্ষিক বৃহত্তৰ গোগামুখ ব’হাগী উৎসৱৰ উদ্‌যাপন সমিতিয়ে বিগত বৰ্ষত ক’ভিড-১৯-ৰ বাবে তেওঁলোকে উদ্‌যাপন কৰিবলগা কেন্দ্ৰীয় ব’হাগী উৎসৱ বাতিল কৰিছিল ৷ কিন্তু সংগ্ৰহ কৰা ৰাইজৰ আৰ্থিক সাহায্য পূঁজি অথলে যাবলৈ নিদিলে ৷ বিহু উদ্‌যাপনৰ বাবে সংগ্ৰহ কৰা পূঁজি আৰু যুৱ-ছাত্ৰ পৰিষদৰ হৃদয়বান কৰ্মকৰ্তা সকলৰ প্ৰচেষ্টাত সাধাৰণ ৰোগীৰ সহায়ক হোৱাকৈ এখন এম্বুলেঞ্চ ক্ৰয় কৰি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ হাতত অৰ্পণ কৰে ৷ অঞ্চলটোৰ সাধাৰণ ৰাইজৰ ৰোগী সকলৰ সকাহ পোৱাকৈ এম্বুলেঞ্চ আজি মুকলি কৰে ৷ এম্বুলেঞ্চ সেৱা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৩ খন পঞ্চায়তৰ হাজাৰ হাজাৰ ৰাইজক উক্ত এম্বুলেঞ্চ সেৱাই সামৰি ল’ব ৷

ধেমাজি জিলাৰ গোগামুখৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বহু প্ৰত্যাশিত এম্বুলেঞ্চ সেৱা মুকলি কৰে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বৰষা দুৱৰাই । যুৱ-ছাত্ৰ পৰিষদৰ ব’হাগী উৎসৱ উদ্‌যাপন সমিতিৰ সভাপতি তথা গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এম্বুলেঞ্চ সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাতুল বৰগোঁহাই, সাংস্কৃতিক সম্পাদক দেৱজিত দাস, ধেমাজি জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মা, ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ৰঞ্জিত কাকতি, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ মুখেশ্বৰ চুতীয়া, অৱসৰ প্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ বৰগোঁহাই, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলে, সমাজকৰ্মী কল্যাণ গগৈ, জিতু বৰা, অৱসৰপ্ৰাপ্ত চিকিৎসক ড° পদ্মেশ্বৰ পেগু, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, উপদেষ্টা ৰিতুপৰ্ণ কোঁচ, যুৱ-ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি অমৰজ্যোতি কলিতা, পাপলু দাস আদি ৷ অনুষ্ঠানটোৰ আঁত ধৰে যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা শৰৎ চুতীয়াই ৷

বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানগাৰ ভৱনৰ উদ্ধোধন

নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত কম্পিউটাৰ পৰীক্ষাগাৰ আৰু সংহত বিজ্ঞানাগাৰ ভৱনটি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত আন্তঃগাঁথনি পুঁজিৰে নিৰ্মিত উক্ত ভৱনটোৰ উদ্ধোধন কৰাৰ পিছতেই শিক্ষানুষ্ঠানখনত এখন সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক জিতু গোস্বামীয়ে কয়-বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন শ্বহীদৰ স্মৃতিত স্থাপন কৰা হৈছে।এই শিক্ষানুষ্ঠানখনৰ ইতিহাস আছে।এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি বিশ্বৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বহু ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠিত হৈছে।কিন্তু বৰ্তমান শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি অতিকৈ শোচনীয়।গতিকে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিধায়ক হিচাপে আমাৰ যথেষ্ট কৰণীয় আছে।বিদ্যালয়ৰখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নলিনী কুমাৰ বৰাই উদ্দেশ্য বাখ্যা কৰা আৰু শিক্ষক মন্টু মহন্তই আঁত ধৰা সভাখনত বিধায়ক গোস্বামীয়ে ভাষণত বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ আৰু চৌহদ উন্নয়নৰ বাবে বিধায়কৰ উন্নয়ন পুঁজিৰ পৰা ৬ লাখ টকাৰ অনুদান আগবঢ়োৱা হব বুলি ঘোষণা কৰাৰ লগতে পৰৱৰ্তী সময়ত ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানখন বিধায়কৰ মডেল স্কুল হিচাপে উন্নীতকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।সভাখনত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ নন্দিতা ভূঞাই বিগত কাৰ্যকালৰ শিক্ষানুষ্ঠানখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে নতুনকৈ নিৰ্মান কৰা কম্পিউটাৰ পৰীক্ষাগাৰ আৰু বিজ্ঞানাগাৰটোৰ পৰা ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণ কৰি যথেষ্ট উপকৃত হব বুলি মন্তব্য কৰাৰ লগতে বিদ্যালয়খনত থকা বিভিন্ন সমস্যাৰাজিৰ বিষয়ে বিধায়কৰ দৃষ্টিগোচৰ কৰে।সভাত বাৰগঞা সমাজৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক দয়াৰাম কলিতা,সাংবাদিক অপূৰ্ব হাজৰিকাই ভাষণ প্ৰদান কৰে।বিদ্যালয়খনৰ শিক্ষক প্ৰভাত বৰাই শলাগৰ শৰাই আগবঢ়োৱা  সভাখনত বিদ্যালয় পৰিচালনা আৰু  উন্নয়ন সমিতিৰ উপ সভাপতি মনোজ ভূঞা,বাৰগঞা সমাজৰ সম্পাদক তথা সমাজকৰ্মী ৰমেশ হাজৰিকা,বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণৱ,বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভাপতি কুশল বৰা প্ৰমুখ্যে বহু গৰাকী গণ্য মান্য বক্তি উপস্থিত আছিল।

আলফা স্বাধীনৰ প্ৰেছ বিজ্ঞপ্তিত চাবুৱাৰ এশ বছৰীয়া ঐতিহাসিক গ’ল্ফ ফিল্ডৰ প্ৰসংগ, চাহ ব্যৱসায়ীক সঁকীয়নি

সংযুক্ত মুক্তি বাহিনী , অসম তথা  আলফাই (স্বাধীন) আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত চাবুৱাৰ ঐতিহাসিক গ’ল্ফ ফিল্ডৰ প্ৰসংগ উত্থাপন কৰি চাহ কোম্পানীক সঁকীয়নি প্ৰদান কৰিছে। সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ স্বাক্ষৰিত বিবৃতিটোত চাবুৱাৰ সমীপৰ অৰ্থাৎ তিনিচুকীয়া জিলাৰ সমীপৰ পানীতোলাত অৱস্থিত এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন খান্দি চাহ পুলি ৰোপণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে সংগঠনটোৱে । উল্লেখ্য যে বিগত আঢ়ৈ বছৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি উক্ত গল্ফ ফিল্ডখনত সকলো ধৰণৰ কাৰ্যকলাপ চলোৱা নিষিদ্ধ কৰিছিল। কিয়নো খাৰজান চাহ বাগিচাখন মালিক গোষ্ঠী এ পি জে কোম্পানীয়ে চাহ বাগিচা পতাৰ নামত মাটি চহাই খেলপথাৰখন নষ্ট কৰিছিল।  এই মাটি চহোৱা কাৰ্যত বাগিচাৰ লোকসকলে সহমত প্ৰকাশ কৰি আহিলেও চাবুৱাৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছিল ।  বাগিচাৰ পতাৰ প্ৰস্তুতিৰ সময়ত চাহ বাগিচাৰ কৰ্তৃপক্ষই বহু সংখ্যক শত বৰ্ষ গৰকা বিশাল আকাৰৰ বৃক্ষৰ ছাল কাটি মৃত্যু ঘটাইছিল। এই কাৰ্যৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমীৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বাদ-বিবাদ আৰু আন্দোলনৰ দৰে কাৰ্যসুচী ৰূপায়িত হোৱাৰ লগতে তেতিয়াৰ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই হস্তক্ষেপ কৰি বিষয়টো প্ৰশাসনক নিষ্পত্তি কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰিছিল। এই বাতৰি অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে সবিস্তাৰে প্ৰকাশ কৰাৰ উপৰি ৰাষ্ট্ৰীয় সংবাদতো স্থান লাভ কৰিছিল । শেহতীয়াকৈ ৯ আগষ্ট তাৰিখে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপালা ঝাৰ সভাপতিত্বত অনুষ্ঠিত এক ত্ৰিপাক্ষিক বৈঠকত চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ বগডুং মৌজাৰ খাজিখোৱা আৰু বিশমাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত গল্ফ ফিল্ডখনত বৰ্তি থকা ফৌজিদাৰী কাৰ্যবিধি সম্পূৰ্ণভাৱে শিথিল কৰে। এই বৈঠকত উজনি অসম গল্ফ ফিল্ড এছচিয়েশ্যন, আটছা আৰু চাহ মজদুৰ সংঘ উপস্থিত আছিল। ২৪ হেক্টৰ উক্ত বিশাল এলেকাৰ বাবে সকলো বিবাদৰ অন্ত পেলাবলৈ আয়োজিত সভাৰ সিদ্ধান্তত চাবুৱাৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ১৯১১ চনত ব্ৰিটিছ চাহাব এ ইউ  ক্ৰ ৰ পৰিচালনাত প্ৰথম বাৰৰ বাবে আসাম ফ্ৰণ্টিয়াৰ চেলেঞ্জ কাপ গল্ফ টুৰ্নামেণ্টৰ আয়োজন কৰা হৈছিল। ১৯৩৬ চনত প্ৰথম মহিলা গল্ফ টুৰ্নামেণ্টৰ আয়োজন কৰা হৈছিল।  ১৯৫১,১৯৫৯, ১৯৬০, ১৯৬৫,১৯৭০, ১৯৭৬ আদি চনত বহু ইতিহাস বিজৰিত খেল তথা ক্ৰীড়া আয়োজন হৈছিল। লগতে বহু দেশী-বিদেশী খেলুৱৈ ভাগ লৈছিল চাবুৱাৰ বিশমাইল আৰু খাঁজিখোৱাৰ মাজত অৱস্থিত গল্ফ খনত । 

ধুবুৰীত জিলা উপায়ুক্তৰ সংবাদমেল, বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সভা

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এশ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি ধুবুৰীত জিলাখনৰ সাংবাদিক আৰু বিশিষ্ট নাগৰিকৰ সৈতে চৰকাৰখনৰ এশ দিনীয়া কাৰ্যকালৰ সফলতা আৰু পদক্ষেপসমূহ সন্দৰ্ভত বাৰ্তালাপ কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমতে ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে ৰাজ্য চৰকাৰখনে বিগত এশটা  দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈ এখন সাংবাদিক মেল সম্বোধন কৰে৷ ইয়াৰ পিছত অনুষ্ঠিত হয় এখন সভা৷  সভাত সভাপতিত্ব কৰে উপায়ুক্ত অন্বামুথন এম পিয়ে৷ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সমাজকৰ্মী তথা গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৰাজ্য চৰকাৰখনক বিগত এশটা দিনত হাতত লোৱা জনকল্যাণকামী আচনিবোৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ সক্ৰিয় সমাজকৰ্মী দেৱময় সন্যালে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত এশ দিনত গ্ৰহণ কৰা তৎপৰতাৰ পৰাই  নিশ্চিত হ’ব পাৰি যে এইখন চৰকাৰৰ কাৰ্যকালতে অসম দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি নিলীমা চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়বস্তু হিচাপে লৈ লিখা এটা কবিতা পাঠ কৰে৷ সভাত উপস্থিতসকলৰ মাজত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বিগত এশটা দিনৰ কামৰ খতিয়ান সন্নিবিষ্ট এখন পুস্তিকা বিতৰণ কৰা হয়৷   সভাত ধুবুৰী জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী বিমল অছৱাল প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

নগাঁওত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু গৰ্ভৱতী মহিলাৰ

প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে। সেইদৰে ৰাজ্য চৰকাৰেও জনজাতীয় লোক সকলৰ বাবে স্বায়ত্বশাসিত পৰিষদৰ গঠন কৰে। জনজাতীয় লোকসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়নৰ বাবে এই পৰিষদ সমূহ গঠন কৰিছে। কাৰ্বি জনজাতীয় লোকসকলৰ সামগ্ৰীক উন্নয়নৰ বাবে ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাৰ্বি আংলং জিলা পৰিষদ নামেৰে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পিছলৈ ১৯৫২ চনৰ ২৩ জুন তাৰিখে ইয়াৰ নাম কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ কৰা হৈছিল। কিন্তু কিমান উন্নয়ন হৈছে এই অঞ্চলসমূহত? প্ৰকৃততে এচাম কাৰ্বি জনপ্ৰতিনিধিয়ে সোঁৱে-বাওঁ উন্নয়নৰ ধন উদৰস্থ কৰাৰ ফল ভূগিছে সাধাৰণ জনতাই। এনে দুৰ্ভাগ‍্যজনক সঘনাই ঘটিবলৈ লৈছে নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বিভিন্ন অঞ্চলত।কলিয়াবৰৰ কুঠৰীৰ সীমান্তৰ কাৰ্বি-আংলং জিলাৰ চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ ৰঙাগড়া অঞ্চলৰ বাট-পথে দাঙি ধৰিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ।শেহতীয়াকৈ বিদ্ধস্ত পথৰ বাবেই চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু গৰ্ভৱতী মহিলাৰ। এখন বাহনত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৰংবং তিমুং গাঁৱৰ কাচে ইংতিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীৰ। বুধবাৰে চিকিৎসালয়ৈ নিয়াৰ পথতে মৃত্যু হয় এগৰাকী গৰ্ভৱতী মহিলাৰ। জৰুৰীকালীন সময়ত ৰোগীক বোকাময় পথেৰে চল্লিশ কিলোমিটাৰ দুৰত্বৰ নগাঁও জিলাৰ জখলাবন্ধা চিকিৎসালয়লৈ সময়মতে নিব নোৱাৰাৰ বাবে আদবাটতে অকাল মৃত্যুক সাৱটিলে ৰংবং তিমুং গাঁৱৰ কাচে ইংতিপি নামৰ গৰ্ভৱতী মহিলাগৰাকীয়ে।


এনে ঘটনাই কাৰ্বি-আংলঙৰ বাট-পথ উন্নয়নৰ প্ৰকৃত ছবি। গড়কাপ্তানি বিভাগকে ধৰি পৰিষদীয় উন্নয়নক প্ৰত্যাহ্বান জনাই বোকাময় পথেৰে প্ৰতিদিনে যাতায়ত অব্যাহত ৰাখিছে চুচেং-ধেণ্টা পৰিষদীয় সমষ্টিৰ কুৰিখনৰো অধিক গাঁৱৰ বাসিন্দাই। বাট-পথৰ দুৰাৱস্থাই উন্মোচিত কৰিছে অঞ্চলটোৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। তাৰ বিপৰীতে এচাৰ জনপ্ৰতিনিধিয়ে সোঁৱে-বাওঁ উদৰস্থ কৰিছে জনতাৰ উন্নয়নৰ আঁচনিৰ ধন।
কলিয়াবৰৰ কুঠৰীৰ সীমান্তৰ কাৰ্বি-আংলং জিলাৰ চুচেঙ-ধেণ্টা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগড়া অঞ্চলত সংঘটিত এই মৰ্মান্তিক ঘটনাই পোহৰলৈ আনিছে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ। বাটপথৰ উন্নয়নৰ দিশত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ “চুচেঙ-ধেণ্টা” পৰিষদীয় সমষ্টিৰ। এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা ঘটনাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গৰিহণা দিছে কাৰ্বি ছাত্ৰ সন্থাই।
উল্লেখযোগ‍্য যে, কিছু দিনৰ পূৰ্বে একেটা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত কঢ়িয়াই জখলাবন্ধা চিকিৎসালয়লৈ অনাৰ বাতৰি প্ৰকাশ পাইছিল।

ধুবুৰী যোগান বিভাগৰ অবৈধ চোৰাং চাউলৰ বিৰুদ্ধে ব্যাপক অভিযান

ধুবুৰী খাদ্য আৰু যোগান বিভাগে জিলাখনৰ জমাদাৰহাট সমবায় সমিতিৰ পৰা এক অভিযোগ ৰ ভিত্তিত আজি এক অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ চাউল জব্দ কৰাৰ ঘটনাত তীব্র চাঞ্চল্য ৰ সৃষ্টি হৈছে। 
ঘটনাৰ সম্পর্কে ধুবুৰী খাদ্য আৰু যোগান বিভাগ ৰ উপ সঞ্চালক বিপিন চন্দ্র চক্ৰবৰ্তী জনায়, এক অভিযোগ ৰ ভিওিত জিলাৰ জমাদাৰহাট সমবায় সমিতিত অবৈধ জমা হৈ থকাৰ বিৰুদ্ধে তদন্ত কৰাৰ নিৰ্দেশ দিয়া হয়। নিৰ্দেশ মৰ্মে ধুবুৰী খাদ্য আৰু যোগান বিভাগ ৰ  পৰিদৰ্শক প্ৰদীপ প্ৰসাদ, বিপুল শৰ্মা, উপ পৰিদৰ্শক দেবাশীষ সাহা যোৱা কালি জমাদাৰহাট সমবায় সমিতির কাৰ্য্যালয়ত উপস্থিত হৈ সমিতিৰ নথীপএ, পৰীক্ষা কৰা ৰ লগতে গোডাউন ত জমা হৈ থকা চাউলৰ হিচাপে পৰীক্ষা কৰি ব্যাপক বিসংগতি ধৰা পৰে। আৰু গোডাউন ত ৭৭.৪৭ কুইন্টাল চাউল বেচি কৈ জমা পায়। সেয়ে তদন্তকাৰী বিষয়াৰ দল জমাদাৰহাট সমবায় সমিতি ৰ ভাৰপ্ৰাপ্ত সম্পাদক মোজাহারুল ইছলাম ৰ পৰা ৬৪৮.১২ কুইন্টাল চাউল(১৩১২ বেগ), নথীপএ জব্দ কৰি আজি এক প্ৰতিবেদন দাখিল কৰে। এই সম্পর্কে আইন গত ব্যা বস্তা গ্রহণ কৰাৰ লগতে নিলম্বিত হোৱাৰ সম্ভাবনা আছে বুলি উপ সঞ্চালকে জনায় । 

পৰেশ কুমাৰ কাকতিৰ লিমাৰিক পুথি ‘পানীটেঙা’ উন্মোচন

দাইচা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা হাস্য-ব্যংগ লেগক হিচাপে খ্যাত পৰেশ কুমাৰ কাকতিৰ ছয় কুৰি লিমাৰিক সন্নিবিষ্ট ” পানীটেঙা ” নামৰ এখনি পুথি আজি উন্মোচন কৰা হয়। কাকতিৰ নিজা বাসগৃহত অতি অনুষ্ঠুপীয়াকৈ আয়োজিত অনুষ্ঠানত পুথিখনি উন্মোচন কৰে ৰূপাই বিজয় নগৰ নিবাসী তথা জ্যেষ্ঠা সচেতন মহিলা অনু সোণোৱালে। উন্মোচনী অনুষ্ঠানত ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি দেবেন ডেকা, শিক্ষা ৰত্ন তথা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, তিনিচুকীয়া জিলাৰ সমন্বয়ক তথা কবি, লেখক দিগন্ত কুমাৰ ভাজনী, সাংবাদিক প্ৰদীপ কুমাৰ মৰাণ ,নাট্য কৰ্মী,অভিনেতা তথাকবি জয়সূৰ্য বৰা, শিক্ষক তথা পক্ষীবিদ প্ৰহ্লাদ কাকতি, শিক্ষক ৰতন তাঁতী ,উদীয়মান লেখক ৰাজীৱ বৰা,ঘন মৰাণ প্ৰতৃতিয়ে অসমীয়া ভাষা-সাহিত্যৰ বৌদ্ধিক উত্তৰণ আৰু হাস্য-ব্যংগ তথা লিমাৰিক সাহিত্য প্ৰসংগত বহল ব্যাখ্যা আগবয়ায়। অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা নাট্যকৰ্মী সাৰংগ নাথ (সঞ্জু ),বিশিষ্ট সমাজকৰ্মী ধৰ্মেন্দ্ৰ সোণোৱাল, ভৱেশ সোণোৱাল প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয়  কণ কণ মইনা সকলে এটি সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত অজয় খাটনিয়াৰ আৰু বুলু ডেকাই একোটিকৈ ভূপেন্দ্ৰ সংগীত আৰু ৰাজশ্ৰী কাকতিয়ে এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰদীপ কুমাৰ মৰাণে পৰেশ কুমাৰ কাকতিৰ ব্যক্তিত্বৰ ওপৰত ৰচনা কৰা পাঁচটা লিমাৰিক পাঠ কৰে।

সীতা (SITA)ৰ নতুন সহ-উপাধ্যক্ষ ৰমেন ডেকা

মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ শ্ৰী ৰমেন ডেকাৰ দিছপুৰৰ জনতা ভৱনত আজি অসমত ৰূপান্তৰ আয়োগ (সীতা) আৰু ৰাজ্যিক উদ্ভাৱন কাৰ্যালয়ৰ সহ-উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ । অসম কেবিনেট মন্ত্ৰী পদবীত অসম চৰকাৰৰ অধিসূচনা 12 আগষ্ট, 2021 তাৰিখ অসম চৰকাৰে তেওঁক ৰাজ্যৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (সীতা)ৰ সহ-উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। যোগদান কৰাৰ পিছত কাৰ্যালয়ত, তেওঁ সীতাৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে অধিক অভিনৱ আৰু প্ৰযুক্তিগত পদ্ধতিত সীতাৰ ভূমিকা আৰু লগতে ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশবোৰৰ ওপৰত আলোকপাত কৰে।