Home Blog Page 2876

অসম চৰকাৰৰ ডিজেল-পৰিচালিত চিটি বাছসমূহ বৈদ্যুতিক আৰু চিএনজি বাছৰ সৈতে সলনি

অসম চৰকাৰে গুৱাহাটীত ডিজেল চালিত চিটি বাছৰ সলনি বিদ্যুৎ(Electric) আৰু চিএনজি (CNG)ত পৰিচালিত কৰাৰ পৰিকল্পনা কৰিছে।সংবাদ মাধ্যমক অৱগত কৰি শুকুৰবাৰে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড০ সিংহ বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। অসম কেবিনেটে শুকুৰবাৰে মুঠ ২০০ খন বৈদ্যুতিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়, যি অৱশেষত এএছটিচিৰ ডিজেল চালিত চিটি বাছৰ স্থান ল’ব।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম চৰকাৰে গুৱাহাটীৰ বৰ্তমানৰ চিটি বাছসমূহকেৱল বৈদ্যুতিক আৰু চিএনজি বাছৰ সৈতে সলনি কৰাৰ পৰিকল্পনা কৰিছে। ২০০ খন বৈদ্যুতিক বাছ আৰু ১০০ খন চিএনজি বাছ ক্ৰয় কৰাৰ পৰিকল্পনা আছে।”অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “এএছটিচি চিটি বাছসমূহে ডিজেল চালিত চিটি বাছ চলোৱা বন্ধ কৰিব। আমাৰ লক্ষ্য হৈছে এই চৰকাৰে এবছৰ সম্পূৰ্ণ কৰাৰ দিনলৈ গুৱাহাটীত ডিজেল চালিত বাছৰ সলনি বৈদ্যুতিক আৰু চিএনজি বাছ স্থাপন কৰা।”মুখ্যমন্ত্ৰী শৰ্মাই জনাইছিল যে প্ৰতিস্থাপন প্ৰক্ৰিয়াটো ছয় মাহৰ পৰা এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি অনুমোদন মিজোৰাম চৰকাৰৰ

মিজোৰাম চৰকাৰে টকিঅ’ অলিম্পিয়ান লালৰেমচিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াত অনুমোদন জনায়।বৃহস্পতিবাৰে সন্ধিয়া মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই এই কথা ঘোষণা কৰে হকী তাৰকা লালৰেমচিয়ামী মিজোৰামৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।মিজোৰাম ক্ৰীড়া আৰু যুৱ সেৱা বিভাগৰ অধীনত লালৰেমছিয়ামীক হকীৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে, যি হৈছে এ গোটৰ পদ।

টুইটাৰযোগে মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কয়, “মিজোৰাম চৰকাৰে ৰাষ্ট্ৰীয় হকী খেলুৱৈ শ্ৰীমতী লালৰেমছিয়ামী আৰু টকিঅ’ অলিম্পিক ২০২০ত #Mizoram একমাত্ৰ অলিম্পিয়ানক ক্ৰীড়া আৰু যুৱ সেৱা বিভাগৰ অধীনৰ মুখ্য প্ৰশিক্ষক (হকী) গ্ৰুপ-এ পদলৈ নিযুক্তি দিয়াত অনুমোদন জনাই গৌৰৱান্বিত হৈছে”।

ইয়াৰ পূৰ্বে, ৰাজ্য চৰকাৰে লালৰেমচিয়ামীক অলিম্পিকত অংশগ্ৰহণ আৰু প্ৰদৰ্শনৰ বাবে সন্মানিত কৰিবলৈ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল। ২৫ লাখ টকাৰ ভিতৰত, চৰকাৰে ২৪ জুনত তেওঁৰ মাতৃ লালজাৰমাৱীক ১০ লাখ টকা হস্তান্তৰ কৰিছিল।লালৰেমচিয়ামী ২৫ আগষ্টত ৰাজ্যখনত উপস্থিত হ’ব আৰু তেওঁৰ আগমনৰ পিছত তেওঁক ৰাজ্যিক আদৰণি জনোৱা হ’ব।

আজি মুখ্যমন্ত্রীয়ে উদ্বোধন কৰিব ৩খন পদসেতু

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব৷ এই এশ দিনীয়া কার্যকাল সম্পূর্ণ হোৱা উপলক্ষে চৰকাৰখনে কেইবাটাও কার্যসূচী গ্রহণ কৰিছে৷এই কার্যসূচীৰ অংশ হিচাপে মহানগৰীত নির্মাণ সম্পূর্ণ হোৱা তিনিখনকৈ পদসেতু আজি মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আদাবাৰী পদসেতু, বৰিপাৰা পদসেতু আৰু শুক্রেশ্বৰ মন্দিৰৰ সমীপৰ পদসেতুকেইখন আজি বিয়লি পাঁচ বজাত মুখ্যমন্ত্রীয়ে মুকলি কৰিব৷এই অনুষ্ঠানত মন্ত্রী অশোক সিংঘাল, সাংসদ কুইজ ওজা, বিধায়ক সিদ্ধার্থ ভট্টাচার্যৰ লগতে লোকনির্মাণ বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীসক উপস্থিত থাকিব৷উল্লেখ্য যে গুৱাহাটীৰ আধুনিকীকৰণৰ অংশ হিচাপে মহানগৰবাসীৰ সুবিধাৰ বাবে এই পদসেতুকেইখন নির্মাণ কৰা হৈছে৷

ছিকিমত আইএলপি (ILP)ৰ দাবী ভাইচুং ভূটিয়াৰ

হামৰো ছিকিম পাৰ্টিৰ (এইচএছপি) মুৰব্বী ভাইচুং ভূটিয়াই ৰাজ্যখনৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ (আইএলপি) দাবী জনায় । ৰাষ্ট্ৰীয় ফুটবল আইকন ভুটিয়াই কয় যে আন্তঃৰাষ্ট্ৰীয় সীমা থকা বেছিভাগ উত্তৰ-পূবৰ ৰাজ্যত আইএলপি আছে আৰু ছিকিমতো থাকিব লাগে।

তেওঁ বৃহস্পতিবাৰে কয়, “এইটো দুৰ্ভাগ্যজনক যে আমাৰ মুখ্যমন্ত্ৰীয়ে ছিকিমত ইনাৰ লাইন পাৰ্মিট (আইএলপি) প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰাৰ কথা ভবা নাছিল।”ইয়াৰ পৰিৱৰ্তে, মুখ্যমন্ত্ৰীয়ে ছিকিমবাসীৰ অধিকাৰ সুৰক্ষিত কৰা অনুচ্ছেদ ৩৭১এফৰ ব্যৱস্থাসমূহ অধিক হ্ৰাস কৰাৰ বাবে কেন্দ্ৰক সেউজ সংকেত প্ৰদান কৰে, ভূটিয়াই দাবী কৰে।

ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছকেএম) চৰকাৰে ইতিমধ্যে অনুচ্ছেদ ৩৭১এফ আৰু ৰাজহ আদেশ নম্বৰ ১ৰ “সমাধান”ৰ অনুমতি দিছে, তেওঁ ইয়াক ব্যাখ্যা নকৰাকৈ দাবী কৰে।ভুটিয়াই কৈছিল যে মুখ্যমন্ত্ৰীয়ে নতুন দিল্লী ভ্ৰমণৰ সময়ত কেন্দ্ৰক দাখিল কৰা সকলো স্মাৰকপত্ৰ আৰু দাবী ৰাজহুৱা কৰিব লাগে কিয়নো ছিকিমৰ জনসাধাৰণৰ বিৱৰণ জানিবলৈ সম্পূৰ্ণ অধিকাৰ আছে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলতি

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক গাফিলুটিৰ ফলত আজি চাঁ‌ৰি বছৰৰ পিছতো সম্পূৰ্ণ নহ’ল  পূৰণিভেৰগাঁ‌ৱৰ পৰা নিছলামাৰীলৈ যোৱা গ্ৰাম্য পথছোৱা।উল্লেখ্য যে ওদালগুৰি জিলাৰ ওদালগুৰি গ্ৰাম্য পথ গড়কাপ্তানী সংমণ্ডলৰ অধিনস্ত, পূৰণিভেৰগাঁ‌ৱৰ পৰা খুছিগাঁ‌ৱৰ মাজেদি নিছলামাৰীলৈ যোৱা (৮)কিঃমি দৈৰ্ঘ্যৰ গ্ৰাম্য পথছোৱা, প্ৰিয়াসী আসী ডেভলপাৰছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী উমেশ বেৰীয়াই ২০১৭ বৰ্ষতে ঠিকা লাভ কৰিছিল।কিন্তু আজি চাঁ‌ৰিটা বছৰে পথছোৱাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ কৰিছে যদিও পথছোৱাৰ কেইবাটাও ঠাইয়ে ঠাইয়ে আজিলৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল।।যাৰ ফলত খুছিগাঁ‌ৱ বাসী ৰাইজে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।তেওঁলোকে কয় যে পথছোৱাৰ কাম ঠিকাদাৰ উমেশ বেৰিয়াই ১০০ শতাংশ সম্পূৰ্ণ কৰিছে যদিও খুছিগাঁ‌ৱৰ মাজ ভাগত প্ৰায় দুটাকৈ স্থানত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহৌওতেই দায়িত্ব সামৰাত বৰ্তমান অৰ্ধ নিৰ্মিত পথছোৱাৰ চাইড,বাম, আৰু ঠাইয়ে মখলা-মখলী গাত হ’ব ধৰাত খুছিগাৱ বাসী ৰাইজে ঠিকাদাৰ তথা বিভাগীয় অভিযন্তাক দূষী আৰুপ কৰিছে।সেয়েহে অতিশীঘ্ৰেই পথছোৱাৰ মেৰামতিৰ কামক  দৃষ্টিগোচৰ কৰিবলৈ চৰকাৰলৈ  আহ্বান জনাইছেঁ‌ স্থানীয় ৰাইজে ।

টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিস্থানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতি বাৰে সমগ্ৰ দিনটোত যোৰহাটত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত সন্ধিয়া কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানৰ বিভিন্ন কাম কাজৰ খটিয়ান লোৱাৰ লগতে প্ৰতিষ্ঠানটোৱে বাঁহ আৰু অগৰ ওপৰত যি গৱেষণা চলাই আছে তাক অধিক ব্যৱসায়ী ভিত্তিত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰা ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱ কলাক্ষেত্ৰ,টীয়কত এখন পূৰ্ণাংগ ষ্টেডিয়াম অতি সোণকালে নিৰ্মাণ হ’ব বুলি  আশ্বাস দিয়ে।লগতে চাৰিলেনযুক্ত পথ সুন্দৰকৈ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কৰণীয় সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে।তাৎপৰ্যপূৰ্ণ এই যে কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত টীয়কৰ ৰিতু বৰা দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম পুলিচৰ এজন জোৱান আলফালৈ যোৱাৰ তথ্য পোৱা গৈছে বুলি সাংবাদিকক অৱগত কৰে।উক্ত কাৰ্য্যসূচী সমূহত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্ণ সহযোগীতা আগবঢ়ায়।

গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ অনুপম হাজৰিকা

অনুপম হাজৰিকা নামৰ ব্যক্তিজন যোৱা ১৫/০৮/২০২১ তাৰিখে কেৰেলাৰ পৰা অসমলৈ আহি থকাৰ অৱস্থাত গুৱাহাটী পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ।
নাম: অনুপম হাজৰিকা
ঠিকনা : শিৱসাগৰ দিমৌ নিতাই পুখুৰী ভাট গাছ গাওঁ
কোনোবা সদাশয় ব্যক্তিয়ে যদি সন্ধান পায়
9365567356 যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু ‘Rainbow Eco Camp’

ভাৰত ভূটান সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ বগামাটি পৰ্যটনস্থলিৰ নিলগত, বাক্সা আৰু ওদালগুৰি জিলাৰ ডাটীকাষৰীয়া অঞ্চলত নতুন কৈ গঢ় লৈ উঠা সেউজলেণ্ড উৰফে গ্ৰাছলেণ্ড এতিয়া পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ বিন্দু।।ৰাজ্যত ক’ভিড-19 এছ’অপি সীমিত হোৱাৰ লগে লগে বগামাটিৰ নিলগত থকা সেউজলেণ্ডত নিতৌ পৰ্যটকৰ ভিৰ দেখা গৈছে।।তেনেহেন সময়ছোৱাত পিছপৰি ৰৈ থকা নাই ওদালগুৰি জিলাৰ ভেৰগাঁ‌ৱৰ কেইজনমান উদ্যোমী যুৱকেসেউজলেণ্ডৰ মনোমুহা প্ৰাকৃতিক সুন্দৰ্য্যৰ মাজতে সাজি উলিয়ালে এটা আকৰ্ষণীয় কেম্প ,যাৰ নাম ‘ৰেইনম্বো ইকো কেম্প’ । ইয়াত পৰ্যটক সকলৰ ৰাতি থকাৰ সুব্যৱস্থা থকাৰ লগতে  সুলভ মূল্যৰে নিতৌ পৰ্যটকৰ বাবে ব্ৰেকফাৰ্ষ্ট, লাঞ্চ, দিনাৰৰ ব্যৱস্থা কৰি আহিছে।যাৰ ফলস্বৰূপে সমান্তৰালকৈ সেউজলেণ্ডৰ ভূমিত থকা ইকো কেম্ব অধিক আকৰ্ষণীয় হয় পৰিছে।।উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত কৰ্মহীন হৈ পৰা যুৱকে সকলে ঘৰতে বহি নাথাকি সেউজলেণ্ডৰ মাটিত এটি কেম্প সাজি বৰ্তমান স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।।তেওঁলোকে কয় যে বৰ্তমান সেউজলেণ্ড লৈ অহাঁ‌-যোৱা কৰা পথ অতি দুৰ্গম হোৱাৰ পিছতো পৰ্যটকৰ ভিৰ কমা নাই সেয়েহে চৰকাৰক সেউজলেণ্ডৰ সুন্দৰ্য্যক আৰু অধিক আকৰ্ষণীয় পৰ্যটনস্থলি ৰূপান্তৰ কৰিবলৈপথ সমূহ শীঘ্ৰেই নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাই।

বাক্সাত জিলা প্ৰশাসনৰ উদ্যোগত ১৯৭ টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপন

অংগনৱাড়ী কেন্দ্ৰ হৈছে এক মাতৃ আৰু শিশু সকলৰ যত্ন কেন্দ্ৰ যি শিশুৰ লগতে মাতৃসকলক পৰামৰ্শ, প্ৰাক-বিদ্যালয় শিক্ষা, টিকাকৰণ, চিকিৎসা, স্বাস্থ্য আৰু পুষ্টিগত সম্পদৰ যোগানৰ জৰিয়তে পুষ্টি আৰু স্বাস্থ্যসেৱাৰ বিকল্প প্ৰদান কৰাৰ প্ৰত্যাহ্বান পূৰণ কৰে। শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ অংগনৱাড়ী কেন্দ্ৰ সমূহ অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপনৰ পৰিকল্পনা কৰিছে ৷ বাক্সা জিলাতো জিলা প্ৰশাসনে গ্ৰামোন্নয়ণ অভিকৰণৰ সহযোগত জিলাখনৰ ৮ টা উন্নয়ণ খণ্ডৰ ১০২ টা ভিচিডিচিৰ অন্তৰ্গত এলেকাত মুঠ ১৯৭ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ উদ্যোগত এমজিএনৰেগা আঁচনিৰ অধীনত জিলাখনত ১৬৬ টা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উল্লেখ্য যে সকলো অংগনৱাড়ী কেন্দ্ৰ শিক্ষণ সহায়ক ৰূপে নিৰ্মাণ কৰা হ’ব আৰু পিৰামল স্বাস্থ্যই জ্ঞানৰ অংশীদাৰ হিচাপে কাম কৰিব যি নিশ্চিতভাৱে সামূহিক পৰ্যায়ত সংহতভাৱে শিশু উন্নয়ণ সেৱা প্ৰদান কৰাত সহায় কৰিব।

বৰপেটাৰ ভেল্লাত বৃহত্তৰ ‘ভেল্লা প্ৰেছ ক্লাৱ’ গঠন

বৰপেটাৰ ভেল্লাত আজি বৃহস্পতিবাৰে গঠন হল বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ।আজিজুল হকক সভাপতি, মৌচম নাজিমক সাধাৰণ সম্পাদক আৰু চাইজুৰ ৰহমানক সম্পাদক হিচাপে মনোনীত কৰি প্ৰায় ২১ জনীয়া সদস্যৰে গঠন হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ। বৰপেটাৰ ভেল্লা অঞ্চলৰ সাংবাদিক, লেখক, প্ৰৱন্ধকাৰ, সমাজকৰ্মীক লৈ গঠন হয় এই প্ৰেছ ক্লাৱটো । ভেল্লাৰ ৫১৭ নং দ্বৰ্গাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত গঠন হয় এই প্ৰেছ ক্লাৱ। সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া তথা ভেল্লা আঞ্চলিক ইংলিছ স্কুলৰ অধ্যক্ষ আনোৱাৰ হুছেইনে । সমিতিত সেখ ৰহমত উল্লাহ আৰু গীতাঞ্জলি শৰ্মাক উপ সভাপতি, মুকুট আলীক কাৰ্যালয় সম্পাদক, নেকিবুৰ ৰহমানক কোষাধ্যক্ষ, ছফিক আহমেদ , মফিদুল হক, ৰিদুল আলী, অংশুমান শৰ্মাৰ লগতে কেইবাগৰাকী ব্যক্তিক সদস্য হিচাপে লৈ গঠন কৰা হয় বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ। উল্লেখযোগ্য যে, সমাজৰ যিকোনো বিপৰ্য্যয়, অভাৱ, অসুবিধা, সমস্যা, অভিযোগ, ব্যক্তি সুচিন্তা, সুকৰ্ম, প্ৰতিভা, সাফল্য আদি ক্ষেত্ৰৰ বাতৰি পৰিবেশন কৰি চৰকাৰ, প্ৰশাসন আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাত ভেল্লা অঞ্চলৰ সাংবাদিকৰ ভূমিকা লেখতলবলগীয়া। এনে ক্ষেত্ৰত আজি গঠিত প্ৰেছ ক্লাৱে বৃহত্তৰ ভেল্লা অঞ্চলৰ সাংবাদিকসকলৰ দীৰ্ঘদিনীয়া এটি অভাৱ পূৰণ কৰিলে বুলি সমিতিয়ে মতপোষণ কৰে। ভেল্লা অঞ্চলৰ শৈক্ষিক, বৌদ্ধিক, সাহিত্য, সাংস্কৃতিক আদি ক্ষেত্ৰৰ উত্তৰোত্তৰৰ বাবে সামাজিকভাৱে দ্বায়িত্বশীল জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে ভেল্লাৰ সাংবাদিক সকলে নিৰন্তৰ আৰু যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৱ বুলি বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হকে কয় । প্ৰেছ ক্লাৱ পৰিচালনাৰ এই সমিতিখনত আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক আলিয়াছ আহমেদক মূখ্য উপদেষ্টা, ধনী  আলীক আইন উপদেষ্টা হিচাপে মনোনীত কৰা হয় । সভাত বৰপেটা জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ জিলা সভাপতি সেখ ৰহমত উল্লাহ, লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক মজিবৰ ৰহমান, প্ৰৱন্ধকাৰ দীপক কুমাৰ দাস, ড০ বাণীকান্ত কাকতি সাহিত্য সভাৰ সভাপতি ইউচুফ আলী আহমেদ, উদীয়মান সমাজকৰ্মী নেকিবুৰ ৰহমান, ভেল্লা বজাৰ পৰিচালনা সমিতিৰ অজিত বসাক, বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মা, ভেল্লা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰিদুল আলী, পূৱ বৰপেটা মটৰ চালক শ্ৰমিক সন্থাৰ সভাপতি বাবুল আলী, ভেল্লা মদ, জুৱা নিবাৰণী সমিতিৰ খায়ৰত আলী, প্ৰাক্তন আছু নেতা বাহাদুৰ হুছেইন, খন্দকাৰপাৰা সমাজ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক চান মহম্মদৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।