Breaking

বাক্সাত জিলা প্ৰশাসনৰ উদ্যোগত ১৯৭ টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপন

0 1,544

অংগনৱাড়ী কেন্দ্ৰ হৈছে এক মাতৃ আৰু শিশু সকলৰ যত্ন কেন্দ্ৰ যি শিশুৰ লগতে মাতৃসকলক পৰামৰ্শ, প্ৰাক-বিদ্যালয় শিক্ষা, টিকাকৰণ, চিকিৎসা, স্বাস্থ্য আৰু পুষ্টিগত সম্পদৰ যোগানৰ জৰিয়তে পুষ্টি আৰু স্বাস্থ্যসেৱাৰ বিকল্প প্ৰদান কৰাৰ প্ৰত্যাহ্বান পূৰণ কৰে। শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ অংগনৱাড়ী কেন্দ্ৰ সমূহ অধিক গতিশীল আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপনৰ পৰিকল্পনা কৰিছে ৷ বাক্সা জিলাতো জিলা প্ৰশাসনে গ্ৰামোন্নয়ণ অভিকৰণৰ সহযোগত জিলাখনৰ ৮ টা উন্নয়ণ খণ্ডৰ ১০২ টা ভিচিডিচিৰ অন্তৰ্গত এলেকাত মুঠ ১৯৭ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ উদ্যোগত এমজিএনৰেগা আঁচনিৰ অধীনত জিলাখনত ১৬৬ টা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উল্লেখ্য যে সকলো অংগনৱাড়ী কেন্দ্ৰ শিক্ষণ সহায়ক ৰূপে নিৰ্মাণ কৰা হ’ব আৰু পিৰামল স্বাস্থ্যই জ্ঞানৰ অংশীদাৰ হিচাপে কাম কৰিব যি নিশ্চিতভাৱে সামূহিক পৰ্যায়ত সংহতভাৱে শিশু উন্নয়ণ সেৱা প্ৰদান কৰাত সহায় কৰিব।

Leave A Reply