মডাৰ্ণ ইংলিছ স্কুলত সফলতাৰে সম্পন্ন চতুৰ্থ সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ

গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে নিজ বিদ্যালয় চৌহদত ১০ অক্টোবৰ শনিবাৰ আৰু ১১ অক্টোবৰ দেওবাৰে চতুৰ্থ সদৌ অসম আন্তঃবিদ্যালয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৬ সফলতাৰে আয়োজন কৰে।

মডাৰ্ণ স্কুল অৱ লেংগুৱেজ, স্প’ৰ্টছ এণ্ড পাৰফৰ্মিং আৰ্টছৰ তত্বাৱধানত আয়োজিত এই দুদিনীয়া প্ৰতিযোগিতাখন ৫ৰ পৰা ১৭ বছৰ বয়সৰ যুৱ খেলুৱৈসকলৰ বাবে আয়োজন কৰা হৈছিল, য’ত প্ৰতিযোগীসকলে বিভিন্ন বয়সৰ শাখাত অংশগ্ৰহণ কৰে।

এই চেম্পিয়নশ্বিপত লখিমপুৰ, বিজনী, চিৰাং, নলবাৰী, নগাঁও, ৰঙিয়া, শোণিতপুৰ, কামৰূপ (মেট্ৰ’), কামৰূপ, ধেমাজি আৰু মাজুলীকে ধৰি বিভিন্ন জিলা আৰু অঞ্চলৰ প্ৰায় ৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। দুদিনীয়া এই প্ৰতিযোগীতাত অংশগ্ৰহণকাৰীসকলে কৌশল, অনুশাসন আৰু ক্ৰীড়াবিদ্যা প্ৰদৰ্শন কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমৰকলাৰ স্বকীয়তাক প্ৰতিস্ফুত কৰি তুলিবলৈ সক্ষম হয়।

বঁটা বিজয়ীসকল-

  • শ্ৰেষ্ঠ দল: জালুকবাৰী টাইকোৱাণ্ডো একাডেমী
  • দ্বিতীয় শ্ৰেষ্ঠ দল: স্প’ৰ্টছ অথৰিটী অৱ আছাম
  • উদীয়মান দল: ঢকুৱাখনা টাইকোৱাণ্ডো একাডেমী
  • শ্ৰেষ্ঠ মহিলা যুঁজাৰু : কাদম্বৰী দাস, নৱম শ্ৰেণী (মডাৰ্ণ ইংলিছ স্কুল, গুৱাহাটী)
  • শ্ৰেষ্ঠ পুৰুষ যুঁজাৰু: ছাইফ্ৰিন ৰহমান (ৰেইজিং টাইকোৱাণ্ডো একাডেমী)
  • শ্ৰেষ্ঠ প্ৰশিক্ষক : জয় প্ৰকাশ শৰ্মা
  • শ্ৰেষ্ঠ ৰেফাৰী: আশুতোষ মেধি

এই চেম্পিয়নশ্বিপৰ আয়োজন কৰি মডাৰ্ণ ইংলিছ স্কুলে শিক্ষাৰ্থীসকলৰ সু-শিক্ষণৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যৰ যুৱ খেলুৱৈসকলক প্ৰতিযোগিতা, শিক্ষণ আৰু বিকাশৰ সুযোগ প্ৰদান কৰিছে। সুসংগঠিত অনুষ্ঠানটোৱে বিদ্যালয়খনে বিশ্বাস কৰা ক্ৰীড়া ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ এক অপৰিহাৰ্য অংশ বাক্যশাৰীকো সত্য প্ৰতিপন্ন কৰে। বিদ্যালয়খনে সমগ্ৰ চেম্পিয়নশ্বিপটো সফল কৰাত সহায় কৰা সমূহ বিজয়ী আৰু অংশগ্ৰহণকাৰীক অভিনন্দন জনোৱাৰ লগতে প্ৰশিক্ষক, ৰেফাৰী, বিষয়া আৰু অভিভাৱকসকলক ধন্যবাদ জনায়।

Related Articles